< যেরেমিয়া 43 >
1 ১ সকলো লোকৰ আগত ক’বলৈ তেওঁলোকৰ ঈশ্বৰ যিহোৱাই যিৰিমিয়াৰ দ্বাৰাই যি যি বাক্য তেওঁলোকলৈ কৈ পঠিয়াইছিল, যিৰিমিয়াই তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ সেই সকলো বাক্য তেওঁলোক সকলোৰে আগত কৈ এঁটালে।
Gdy Jeremiasz przestał mówić do całego ludu te wszystkie słowa PANA, ich Boga, z którymi posłał go do nich PAN, ich Bóg, wszystkie te słowa;
2 ২ হোচয়াৰ পুতেক অজৰিয়া আৰু কাৰেহৰ পুতেক যোহানন আদি সকলো গৰ্ব্বী লোকে যিৰিমিয়াক ক’লে, “তুমি মিছাকৈ কৈছা। প্ৰবাস কৰিবৰ অৰ্থে তোমালোকে মিচৰত নোসোমাবা, এই বুলি ক’বলৈ আমাৰ ঈশ্বৰ যিহোৱাই তোমাক পঠিওৱা নাই।’
Azariasz, syn Hoszajasza, i Jochanan, syn Kareacha, oraz wszyscy pyszni mężczyźni powiedzieli do Jeremiasza: Kłamstwo mówisz! Nie posłał cię PAN, nasz Bóg, byś mówił: Nie idźcie do Egiptu, aby tam przebywać;
3 ৩ কিন্তু আমাক বধ কৰিবলৈ আৰু বাবিললৈ আমাক বন্দী কৰি লৈ যাবলৈ কলদীয়াসকলৰ হাতত শোধাই দিবৰ মনেৰে নেৰিয়াৰ পুতেক বাৰুকে আমাৰ অহিতে তোমাক বুদ্ধি দিছে।
Ale Baruch, syn Neriasza, podburza cię przeciwko nam, aby nas wydać w ręce Chaldejczyków, żeby nas pobili albo uprowadzili do niewoli do Babilonu.
4 ৪ এই হেতুকে কাৰেহৰ পুতেক যোহানন আদি ফৌজৰ কোনো সেনাপতিয়ে আৰু প্ৰজাসকলৰ কোনেও যিহূদা দেশত বাস কৰিবলৈ যিহোৱাৰ বাক্যলৈ কাণ নিদিলে।
Dlatego Jochanan, syn Kareacha, oraz wszyscy dowódcy wojsk, a także cały lud nie słuchali głosu PANA, aby pozostać w ziemi Judy.
5 ৫ কিন্তু যি যি জাতিৰ মাজলৈ যিহূদাৰ লোকসকলক খেদাই দিয়া হৈছিল, যিহূদা দেশত প্ৰবাস কৰিবলৈ, সেই সেই জাতিৰ পৰা উলটি অহা যিহূদাৰ আটাই অৱশিষ্ট ভাগক লৈ গৈছিল।
Lecz Jochanan, syn Kareacha, i wszyscy dowódcy wojsk zabrali całą resztkę Judy, która powróciła ze wszystkich narodów, do których została wygnana, by zamieszkać w ziemi Judy:
6 ৬ অৰ্থাৎ পুৰুষ, মহিলা, ল’ৰা, ছোৱালী আৰু ৰাজকুমাৰী আদি চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াৰ হাতত নবুজৰদান ৰক্ষক-সেনাপতিয়ে গতাই দিয়া সকলো লোকক, যিৰিমিয়া ভাববাদীক আৰু নেৰিয়াৰ পুত্ৰ বাৰুকক কাৰেহৰ পুতেক যোহানন আৰু ফৌজৰ আন সকলো সেনাপতিয়ে লগত লৈ গ’ল; আৰু তেওঁলোক মিচৰ দেশত সোমাল।
Mężczyzn, kobiety, dzieci, córki króla oraz każdą duszę, którą pozostawił Nebuzaradan, dowódca gwardii, z Gedaliaszem, synem Achikama, syna Szafana, z prorokiem Jeremiaszem i z Baruchem, synem Neriasza;
7 ৭ কিয়নো তেওঁলোকে যিহোৱাৰ বাক্যলৈ কাণ নিদিলে; আৰু তেওঁলোক তহ্পন্হেচলৈকে গ’ল।
I poszli do ziemi Egiptu, bo nie usłuchali głosu PANA. I przybyli do Tachpanches.
8 ৮ তেতিয়া তহ্পন্হেচত যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে,
I w Tachpanches doszło do Jeremiasza słowo PANA mówiące:
9 ৯ “তুমি তোমাৰ হাতত গোটাদিয়েক ডাঙৰ শিল লৈ তহ্পন্হেচত ফৰৌণৰ ৰাজগৃহলৈ সোমোৱা ঠাইত যি ইটাৰ গাঁঠনি আছে, তাৰ চুৰ্কীৰ মাজত যিহুদী লোকৰ সাক্ষাতে সেই শিলবোৰ পুতি থ’বা।
Weź do rąk wielkie kamienie i ukryj je w glinie w piecu do wypalania cegieł, który jest przy wejściu do domu faraona w Tachpanches, na oczach mężczyzn Judy;
10 ১০ তেওঁলোকক ক’বা, “ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই দূত পঠিয়াই মোৰ দাস বাবিলৰ ৰজা নবূখদনেচৰক অনোৱাম আৰু মই পুতি থোৱা এই শিলবোৰৰ ওপৰত তেওঁৰ সিংহাসন স্থাপন কৰিম; আৰু তেওঁ তাৰ ওপৰত নিজৰ ৰাজকীয় চন্দ্ৰতাপ তৰিব।
I powiedz im: Tak mówi PAN zastępów, Bóg Izraela: Oto poślę po Nabuchodonozora, króla Babilonu, mego sługę, i sprowadzę [go], i ustawię jego tron na tych kamieniach, które ukryłem; i rozciągnie swój baldachim na nich.
11 ১১ তেওঁ আহি মিচৰক আঘাত কৰিব; আৰু মৃত্যুৰ বাবে নিৰূপিত লোক মৃত্যুলৈ, বন্দীৰ বাবে নিৰূপিত লোক বন্দী অৱস্থালৈ আৰু তৰোৱাললৈ নিৰূপিত লোক তৰোৱাললৈ সমৰ্পিত হ’ব।
Gdy przyjdzie, pobije ziemię Egiptu, a [oddani] na śmierć na śmierć [pójdą], oddani do niewoli do niewoli pójdą, i oddani pod miecz pod miecz pójdą.
12 ১২ আৰু তেতিয়া মই মিচৰৰ দেৱতাবোৰৰ ঘৰত জুই লগাম; তেওঁ সেইবোৰৰ কেতবোৰ দগ্ধ কৰি লৈ যাব; আৰু মেৰৰখীয়াই নিজৰ গাত কাপোৰ লোৱাদি তেওঁ এই মিচৰ দেশেৰে নিজকে সজ্জিত কৰিব; পাছে তেওঁ এই ঠাইৰ পৰা শান্তিৰে ওলাই যাব।
Podłożę ogień w domach bogów Egiptu i on je spali, i uprowadzi. Przyozdobi się ziemią Egiptu, jak pasterz zakłada swoją szatę, i wyjdzie stamtąd w pokoju.
13 ১৩ তেওঁ মিচৰ দেশত থকা বৈৎ-চেমচৰ স্তম্ভবোৰ ভাঙিব আৰু মিচৰৰ দেৱতাবোৰৰ ঘৰবোৰ জুই দি পুৰি পেলাব।
Rozbije posągi w Betszemesz, które [jest] w ziemi Egiptu, oraz ogniem spali domy bogów egipskich.