< যেরেমিয়া 42 >
1 ১ তেতিয়া কাৰেহৰ পুতেক যোহানন, হোচয়াৰ পুতেক যাজনিয়া আদি ফৌজৰ সকলো সেনাপতি আৰু সৰুৰ পৰা বৰলৈকে সকলো প্ৰজাই যিৰিমিয়া ভাববাদীৰ ওচৰলৈ চাপি আহিল।
Atsogoleri onse a ankhondo pamodzi ndi Yohanani mwana wa Kareya ndi Azariya mwana wa Hosayia, ndiponso anthu onse, ana ndi akuluakulu omwe, anapita
2 ২ তেওঁলোকে তেওঁক ক’লে, “তোমাৰ আগত আমাৰ নিবেদন গ্ৰাহ্য হওঁক আৰু তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ আগত আমাৰ বাবে, এই সকলো অৱশিষ্ট লোকৰ বাবেই প্ৰাৰ্থনা কৰা, কিয়নো তুমি নিজ চকুৰে দেখিছা যে অধিক লোকৰ পৰা আমি অলপ মাথোন অৱশিষ্ট আছোঁ।
kwa mneneri Yeremiya ndipo anamuwuza kuti, “Chonde imvani dandawulo lathu ndipo mutipempherere anthu otsalafe kwa Yehova Mulungu wanu. Pakuti monga tsopano mukuona, ngakhale kuti kale tinalipo ambiri, koma tsopano ochepa okha ndiye amene atsala.
3 ৩ আমি কোন বাটেদি যোৱা উচিত আৰু কি কাৰ্য কৰা উচিত ইয়াকে দেখুৱাবৰ অৰ্থে তোমাৰ ঈশ্বৰ যিহোৱাক নিবেদন কৰা।”
Mupemphere kuti Yehova Mulungu wanu atiwuze kumene tiyenera kupita ndi chimene tiyenera kuchita.”
4 ৪ তেতিয়া যিৰিমিয়া ভাববাদীয়ে তেওঁলোকক ক’লে, “মই তোমালোকৰ কথা শুনিলোঁ; চোৱা তোমালোকৰ বাক্য অনুসাৰে মই তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিম আৰু যিহোৱাই তোমালোকলৈ যি যি উত্তৰ দিব, তাৰ সকলো কথা তোমালোকক জনাম, তাৰ একোকে তোমালোকৰ পৰা গুপুতে নাৰাখিম।”
Mneneri Yeremiya anawayankha kuti, “Ndamva zimene mwanenazi. Ndithu ndidzapemphera kwa Yehova Mulungu wanu monga momwe mwandipemphera. Ndidzakuwuzani chilichonse chimene Yehova anene ndipo sindidzakubisirani kanthu kalikonse.”
5 ৫ তেতিয়া তেওঁলোকে যিৰিমিয়াক ক’লে, “তোমাৰ ঈশ্বৰ যিহোৱাই তোমাৰ দ্বাৰাই যি যি বাক্য আমালৈ কৈ পঠিয়াব, সেই সকলো বাক্য অনুসাৰে আমি যদি কাৰ্য নকৰোঁ, তেন্তে যিহোৱা আমাৰ বিৰুদ্ধে সত্য আৰু বিশ্বাসী সাক্ষী হওঁক।
Ndipo iwo anawuza Yeremiya kuti, “Yehova akhale mboni yoona ndi yokhulupirika yodzatitsutsa ife ngati sitichita mogwirizana ndi chilichonse chimene Yehova Mulungu adzakutumani kuti mutiwuze.
6 ৬ আমাৰ ঈশ্বৰ যিহোৱাৰ বাক্য আমি পালন কৰিলে আমাৰ মঙ্গল কাৰণে, আমি যিজনৰ ওচৰলৈ তোমাক পঠিয়ালোঁ, আমাৰ ঈশ্বৰ সেই যিহোৱাৰ বাক্য ভাল বা বেয়া হওঁক, আমি তাক পালন কৰিম।”
Kaya ndi zotikomera kapena zosatikomera, ife tidzamvera Yehova Mulungu wathu, amene takutumaniko. Tidzamvera Yehova Mulungu wathu kuti zinthu zidzatiyendere bwino.”
7 ৭ পাছত দহ দিনৰ মুৰত যিহোৱাৰ বাক্য যিৰিমিয়াৰ ওচৰলৈ আহিল।
Patapita masiku khumi, Yehova anayankhula ndi Yeremiya.
8 ৮ তেতিয়া তেওঁ কাৰেহৰ পুতেক যোহাননক আৰু তেওঁৰ লগত থকা সকলো সেনাপতিক আৰু সৰুৰ পৰা বৰলৈকে সকলো প্ৰজাক মাতি আনিলে।
Choncho Yeremiya anayitana Yohanani mwana wa Kareya pamodzi ndi atsogoleri onse a ankhondo amene anali naye ndiponso anthu onse, ana ndi akulu omwe.
9 ৯ আৰু তেওঁ তেওঁলোকক ক’লে, “তোমালোকৰ নিবেদন জনাবলৈ যিজনৰওচৰলৈ মোক পঠিয়াইছিলা, সেই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে,
Yehova, Mulungu wa Israeli amene munanditumako kuti ndikapereke madandawulo mʼdzina lanu akuti,
10 ১০ ‘তোমালোকে যদি এতিয়াও এই দেশত বাস কৰা, তেন্তে মই তোমালোকক পাতিম, নাভাঙিম, তোমালোকক ৰুম, নুঘালিম; কিয়নো তোমালোকৰ যি অমঙ্গল কৰিছোঁ, সেই বিষয়ে মই ক্ষান্ত হ’লো।
“Ngati mukhala mʼdziko muno, ndiye kuti ndidzakukhazikitsani, osakuchotsani. Inde ndidzakudzalani osakuchotsani pakuti ndi kumva chisoni kwambiri chifukwa cha mavuto amene ndabweretsa pa inu.
11 ১১ যিজনৰ পৰা তোমালোকে ভয়ত আছা, সেই বাবিলৰ ৰজালৈ ভয় নকৰিবা; যিহোৱাই কৈছে, ‘তেওঁলৈ ভয় নকৰিবা; কিয়নো তোমালোকক নিস্তাৰ কৰিবলৈ আৰু তেওঁৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিবলৈ মই তোমালোকৰ লগত আছোঁ।
Musayiope mfumu ya ku Babuloni, imene mukuyiopa tsopano. Musachite nayo mantha, akutero Yehova, pakuti Ine ndili nanu ndipo ndidzakupulumutsani ndi kukulanditsani mʼmanja mwake.
12 ১২ আৰু মই তোমালোকক কৰুণা দান কৰিম; আৰু তোমালোকক দয়া কৰি তোমালোকৰ দেশলৈ তোমালোকক উভটাই আনিম।
Ndidzakuchitirani chifundo, ndipo mfumuyonso idzakuchitirani chifundo ndi kukulolani kuti mukhale mʼdziko mwanumwanu.
13 ১৩ “কিন্তু, আমি এই দেশত বাস নকৰোঁ,” এই বুলি কৈ যদি তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য নুশুনা,
“Koma mwina simudzamvera Yehova Mulungu wanu nʼkumanena kuti, ‘Ayi ife sitidzakhala mʼdziko muno,
14 ১৪ আৰু যদি তোমালোকে কোৱা, যে, “সেয়ে নহ’ব! আমি য’ত ৰণ নেদেখিম, শিঙাৰ শব্দ নুশুনিম, আৰু আহাৰৰ অভাৱত ক্ষুধাতুৰ নহ’ম, সেই মিচৰ দেশত আমি সোমামগৈ, আৰু আমি তাত বাস কৰিম।”
ndipo ngati mukunena kuti, ‘Ayi, koma tidzapita ku Igupto kumene sitidzaonako nkhondo kapena kumva kulira kwa lipenga kapenanso kusowa chakudya.’
15 ১৫ তেতিয়া হে যিহূদাৰ অৱশিষ্ট ভাগ, তোমালোকে যিহোৱাৰ বাক্য শুনা। ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে যদি মিচৰত সোমাবলৈ একেবাৰে সেইফালে মুখ কৰা আৰু তাত বাস কৰিবলৈ যোৱা,
Tsono, inu otsala a ku Yuda, imvani mawu a Yehova. Iye akuti, ngati mutsimikiza zopita ku Igupto, nʼkupitadi kukakhala kumeneko,
16 ১৬ তেতিয়া তোমালোকে যি তৰোৱাললৈ ভয় কৰিছা সেই তৰোৱালে মিচৰ দেশতেই তোমালোকক লগ পাব আৰু যি দুৰ্ভিক্ষলৈ তোমালোকে ত্ৰাস পাইছা, সেই দুৰ্ভিক্ষই মিচৰ দেশতেই তোমালোকক ঢুকি পাব, আৰু তোমালোক তাতে মৰিবা।
ndiye nkhondo imene mukuyiopayo idzakugonjetsani ku Igupto komweko. Njala imene mukuyiopayo idzakupezani ku Igupto komweko ndipo mudzafera kumeneko.
17 ১৭ যিসকল লোকে প্ৰবাস কৰিবৰ অৰ্থে মিচৰত সোমাবলৈ মুখ কৰিব, তেওঁলোক সকলোৰে সেই দশা হ’ব; তেওঁলোক তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই মৰা পৰিব; আৰু মই তেওঁলোকলৈ যি অমঙ্গল ঘটাম, তাৰ পৰা তেওঁলোকৰ কোনেও উদ্ধাৰ কি ৰক্ষা নাপাব।
Kunena zoona, onse amene atsimikiza zopita ku Igupto kuti akakhale kumeneko adzafa ndi nkhondo njala ndi mliri. Palibe ndi mmodzi yemwe amene adzapulumuke kapena kuthawa mavuto amene ndidzawagwetsera.’
18 ১৮ কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: যিৰূচালেম-নিবাসীসকলৰ ওপৰত যেনেকৈ মোৰ ক্ৰোধ আৰু কাপ ঢালি দিয়া হৈছিল, তেনেকৈ তোমালোকে মিচৰ দেশত সোমোৱা সময়ত তোমালোকৰ ওপৰতো মোৰ ক্ৰোধ ঢালি দিয়া হ’ব; আৰু তোমালোক শাও, বিস্ময়, অভিশাপ আৰু নিন্দাৰ বিষয় হ’বা; তোমালোকে এই ঠাই আৰু দেখিবলৈ নাপাবা।’
Yehova Wamphamvuzonse, Mulungu wa Israeli akuti, ‘Momwe ndinawakwiyira mwaukali anthu okhala mu Yerusalemu, koteronso ndidzakukwiyirani mukapita ku Igupto. Mudzasanduka chinthu chotembereredwa ndi chochititsa mantha, choseketsa ndi chonyozeka. Malo ano simudzawaonanso.’
19 ১৯ হে যিহূদাৰ অৱশিষ্টভাগ, তোমালোকক যিহোৱাই ক’লে; তোমালোক মিচৰত নোসোমাবা! মই আজি তোমালোকক সতৰ্ক কৰিলোঁ, ইয়াক নিশ্চয়ে জানিবা।
“Inu otsala a ku Yuda, Yehova wakuwuzani kuti, ‘Musapite ku Igupto.’ Dziwani chinthu ichi: Ine lero ndikukuchenjezani
20 ২০ কিয়নো তোমালোকে তোমালোকৰ বিৰুদ্ধে তোমালোকক ভ্ৰান্ত কৰিলা; কাৰণ তোমালোকে মোক নিজৰ ঈশ্বৰ যিহোৱাৰ গুৰিলৈ পঠিয়াই কৈছিলা, যে, ‘তুমি আমাৰ বাবে আমাৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা; তেতিয়া আমাৰ ঈশ্বৰ যিহোৱাই যি যি ক’ব, সেইদৰে তুমি আমাক জনাবা, আমি তাক কৰিম।’
kuti munalakwitsa kwambiri. Inu munandituma kwa Yehova Mulungu wanu nʼkumati ‘Mukatipempherere kwa Yehova Mulungu wathu, nʼkudzatiwuza chimene afuna kuti tichite, ndipo ife tidzachita.’
21 ২১ পাছে আজি মই তোমালোকক তাক জনালোঁ; কিন্তু যি বিষয়ে তোমালোকৰ ঈশ্বৰ যিহোৱাই মোক তোমালোকৰ ওচৰলৈ পঠিয়াইছিল, সেই বিষয়ৰ কোনো কথাত, তেওঁৰ বাক্যলৈ তোমালোকে কাণ দিয়া নাই।
Ine lero ndakuwuzani, koma inu simukumverabe zonse zimene Yehova Mulungu anandituma kuti ndikuwuzeni.
22 ২২ এতেকে এতিয়া নিশ্চয়ে জানিবা, যে, তোমালোকে প্ৰবাস কৰিবলৈ যি ঠাইলৈ যাব খুজিছা, সেই ঠাইত তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই মৃত্যুৰ মুখত পৰিবা।”
Tsono dziwani ichi: mudzafadi ndi nkhondo, njala ndi mliri kumalo kumene mukufuna mukakhaleko.”