< যেরেমিয়া 41 >
1 ১ পাছে সপ্তম মাহত, ৰজাৰ প্ৰধান বিষয়াসকলৰ মাজত গণিত হোৱা ৰাজবংশীয় ইলীচামাৰ নাতিয়েক নথনিয়াৰ পুতেক ইশ্মায়েলে দহজন লোকক লগত লৈ, মিস্পালৈ অহীকামৰ পুত্ৰ গদলিয়াৰ ওচৰলৈ আহিল আৰু তেওঁলোকে মিস্পাত একেলগে ভোজন কৰিলে।
Əmdi yǝttinqi ayda xundaⱪ boldiki, xaⱨzadǝ, xundaⱪla padixaⱨning bax ǝmǝldarliridin biri bolƣan Əlixamaning nǝwrisi, Nǝtaniyaning oƣli Ixmail on adǝm elip Mizpaⱨƣa, Aⱨikamning oƣli Gǝdaliyaning yeniƣa kǝldi; ular xu yǝrdǝ, yǝni Mizpaⱨda nan oxtup ƣizalanƣanda,
2 ২ পাছত নথনিয়াৰ পুতেক ইশ্মায়েল আৰু তেওঁৰ লগত থকা সেই দহজন লোকে উঠি, বাবিলৰ ৰজাই দেশৰ শাসনকৰ্ত্তা নিযুক্ত কৰা চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ সেই গদলিয়াক তৰোৱালেৰে বধ কৰিলে।
Nǝtaniyaning oƣli Ixmail ⱨǝm u epkǝlgǝn on adǝm ornidin turup, Aⱨikamning oƣli Gǝdaliyaƣa ⱪiliq qapti; ularning xundaⱪ ⱪilixi Babil padixaⱨi Yǝⱨuda zemini üstigǝ ⱨɵkümranliⱪⱪa bǝlgiligǝnni ɵltürüxtin ibarǝt idi.
3 ৩ আৰু মিস্পাত গদলিয়াৰ লগত থকা সকলো যিহুদীক আৰু তাত পোৱা যুদ্ধাৰু কলদীয়াসকলকো ইশ্মায়েলে বধ কৰিলে।
Ixmail Mizpaⱨda Gǝdaliyaƣa ⱨǝmraⱨ bolƣan barliⱪ Yǝⱨudiylar wǝ xu yǝrdǝ turuwatⱪan barliⱪ Kaldiy jǝnggiwar lǝxkǝrlǝrni ɵltürüwǝtti.
4 ৪ তেতিয়া গদলিয়াক বধ কৰাৰ পিছৰ দিন আছিল, তেতিয়া সেই কথা কোনো মানুহে জনা নাছিল।
Xundaⱪ boldiki, Gǝdaliyani ɵltürüwǝtkǝndin keyin, ikkinqi künigiqǝ ⱨeqkim tehi uningdin hǝwǝr tapmiƣanidi,
5 ৫ চিখিম, চীলো আৰু চমৰিয়াৰ পৰা অহা সম্পূর্ণ ডাঢ়ি খুৰুউৱা, পিন্ধা কাপোৰ ছিৰা আৰু নিজ নিজ গা কাটকুট কৰা আশী জন মানুহ যিহোৱাৰ গৃহত উৎসৰ্গ কৰিবলৈ হাতত নৈবেদ্য আৰু ধূপ লৈ আহিছিল।
mana Xǝⱪǝm, Xiloⱨ ⱨǝm Samariyǝdin sǝksǝn adǝm yetip kǝldi. Ular saⱪilini qüxürgǝn, kiyimlirini yirtⱪan, ǝtlirini tilƣan, Pǝrwǝrdigarning ɵyigǝ sunuxⱪa ⱪolida ⱨǝdiyǝlǝrni ⱨǝm huxbuyni tutⱪan ⱨalda kǝlgǝnidi.
6 ৬ পাছত নথনিয়াৰ পুতেক ইশ্মায়েলে তেওঁলোকৰ লগত সাক্ষাত কৰিবলৈ মিস্পাৰ পৰা কান্দি কান্দি ওলাই গ’ল; আৰু তেওঁলোকৰ সাক্ষাত হৈ তেওঁলোকক ক’লে, “অহীকামৰ পুত্ৰ গদলিয়াৰ ওচৰলৈ আহাঁ!”
Nǝtaniyaning oƣli Ixmail ularni ⱪarxi elixⱪa mangƣiniqǝ yiƣliƣanƣa selip Mizpaⱨdin qiⱪti; ularƣa: «Mǝrⱨǝmǝt, Aⱨikamning oƣli Gǝdaliya bilǝn kɵrüxüxkǝ apirimǝn» — dedi.
7 ৭ তেতিয়া, তেওঁলোক নগৰৰ মাজ ঠাইলৈ আহি পাওঁতে, নথনিয়াৰ পুতেক ইশ্মায়েলে আৰু তেওঁৰ লগত সেই লোক কেইজনে তেওঁলোকক বধ কৰি গাতটোৰ ভিতৰলৈ পেলাই দিলে।
Xundaⱪ boldiki, ular xǝⱨǝr otturisiƣa yǝtkǝndǝ, Nǝtaniyaning oƣli Ixmail wǝ uning bilǝn billǝ bolƣan adǝmlǝr ularni ɵltürüp jǝsǝtlirini su azgiliƣa taxliwǝtti.
8 ৮ কিন্তু তেওঁবিলাকৰ মাজত এনে দহ জন মানুহ পোৱা গৈছিল, যে, তেওঁলোকে ইশ্মায়েলক ক’লে, “আমাক বধ নকৰিবা, কিয়নো পথাৰত পুতি থোৱা আমাৰ ঘেঁহু, যৱ, তেল আৰু মৌৰ ভঁৰাল আছে।” এই বুলি কোৱাত ইশ্মায়েলে ক্ষান্ত হৈ তেওঁলোকৰ ভায়েকসকলৰ মাজত তেওঁলোকক বধ নকৰিলে।
Ⱨalbuki, ular arisidin on adǝm Ixmailƣa: «Bizni ɵltürüwǝtmǝ, qünki dalada bizning yoxurup ⱪoyƣan buƣday, arpa, zǝytun meyi wǝ ⱨǝsǝl ⱪatarliⱪ ozuⱪ-tülükimiz bar» — dedi. Xunga u ⱪolini yiƣip, buradǝrliri arisidin ularni ɵltürmidi.
9 ৯ যি গাতত ইশ্মায়েলে নিজে বধ কৰা সকলো মানুহৰ মৰা শৱ গদলিয়াৰ শৱৰ কাষত পেলাই দিছিল, সেই গাত ইস্ৰায়েলৰ বাচা ৰজাৰ ভয়ত আচা ৰজাই খনোৱা গাত আছিল; নথনিয়াৰ পুতেক ইশ্মায়েলে ইয়াক বধ কৰা লোকৰ শৱেৰে পূৰ কৰিলে।
Ixmail ɵltürgǝn adǝmlǝrning jǝsǝtlirini taxliwǝtkǝn bu azgal bolsa, intayin qong idi; uni ǝsli padixaⱨ Asa Israil padixaⱨi Baaxadin ⱪorⱪup kolap yasiƣanidi. Nǝtaniyaning oƣli Ixmail bu azgalni jǝsǝtlǝr bilǝn toldurdi.
10 ১০ পাছত ইশ্মায়েলে মিস্পাত অৱশিষ্ট থকা সকলো লোকক, নবুজৰদান ৰক্ষক-সেনাপতিয়ে অহীকামৰ পুত্ৰ গদলিয়াৰ হাতত গতাই দিয়া ৰাজবংশীয় জীয়াৰীসকল আদি কৰি মিস্পাত অৱশিষ্ট থকা সকলো লোকক বন্দী কৰি নিলে; নথনিয়াৰ পুতেক ইশ্মায়েলে তেওঁলোকক বন্দী কৰি লৈ অম্মোনৰ সন্তান সকলৰ ওচৰলৈ যাবলৈ প্ৰস্থান কৰিলে।
Ixmail Mizpaⱨta turƣan hǝlⱪning ⱪaldisining ⱨǝmmisini, jümlidin ⱪarawul begi Nebuzar-Adan Aⱨikamning oƣli Gǝdaliyaƣa tapxurƣan padixaⱨning ⱪizliri wǝ Mizpaⱨda ⱪalƣan barliⱪ kixilǝrni ǝsirgǝ elip kǝtti; Nǝtaniyaning oƣli Ixmail ularni ǝsirgǝ elip Ammoniylarning ⱪexiƣa ɵtüxkǝ yol aldi.
11 ১১ কিন্তু কাৰেহৰ পুতেক যোহাননে আৰু তেওঁৰ লগত থকা ফৌজৰ সকলো সেনাপতিয়ে, নথনিয়াৰ পুতেক ইশ্মায়েলে কৰা আটাই কুকৰ্মৰ কথা শুনিবলৈ পালে।
Kareaⱨning oƣli Yoⱨanan wǝ uning ⱪexidiki ⱨǝmmǝ lǝxkǝr baxliⱪliri Nǝtaniyaning oƣli Ixmail sadir ⱪilƣan barliⱪ rǝzilliktin hǝwǝr tapti;
12 ১২ তেতিয়া তেওঁলোকে সকলো মানুহক লগত লৈ নথনিয়াৰ পুতেক ইশ্মায়েলে সৈতে যুদ্ধ কৰিবলৈ গ’ল আৰু গিবিয়োনৰ থকা বৰ পুখুৰীৰ ওচৰত তেওঁক দেখা পালে।
xuning bilǝn ular barliⱪ adǝmlirini elip Nǝtaniyaning oƣli Ixmailƣa jǝng ⱪilixⱪa qiⱪti; ular Gibeondiki qong kɵl boyida uning bilǝn uqraxti.
13 ১৩ পাছত যেতিয়া ইশ্মায়েলৰ লগত থকা সকলো লোকসকলে, কাৰেহৰ পুতেক যোহাননক আৰু তেওঁৰ লগৰ ফৌজৰ সেনাপতিসকলক দেখিবলৈ পালে, তেতিয়া তেওঁলোক আনন্দিত হ’ল।
Ixmailning ⱪolida turƣan barliⱪ hǝlⱪ Kareaⱨning oƣli Yoⱨanan ⱨǝm uning ⱨǝmraⱨliri bolƣan barliⱪ lǝxkǝr baxliⱪlirini kɵrgǝndǝ huxal boldi.
14 ১৪ আৰু ইশ্মায়েলে মিস্পাৰ পৰা বন্দী কৰি নিয়া সকলো লোকে মুখ ঘূৰাই কাৰেহৰ পুতেক যোহাননৰ গুৰিলৈ উলটি আহিল।
Ixmail Mizpaⱨdin elip kǝtkǝn barliⱪ hǝlⱪ yoldin yenip, Kareaⱨning oƣli Yoⱨananning yeniƣa kǝldi.
15 ১৫ কিন্তু নথনিয়াৰ পুতেক ইশ্মায়েল আঠোটা মানুহে সৈতে যোহাননৰ আগৰ পৰা পলাই অম্মোনৰ সন্তান সকলৰ ওচৰলৈ গ’ল।
Lekin Nǝtaniyaning oƣli Ixmail sǝkkiz adimi bilǝn Yoⱨanandin ⱪeqip, Ammoniylar tǝripigǝ ɵtüp kǝtti.
16 ১৬ নথনিয়াৰ পুতেক ইশ্মায়েলে অহীকামৰ পুত্ৰ গদলিয়াক বধ কৰাৰ পাছত, তাৰ হাতৰ পৰা কাৰেহৰ পুতেক যোহাননে আৰু তেওঁৰ লগৰ সেনাপতিসকলে যিসকল অৱশিষ্ট লোক মিস্পাৰ পৰা এৰুৱাই ওভটাই আনিছিল, তেওঁলোকক অৰ্থাৎ যুদ্ধ কৰিব পৰা পুৰুষসকলক আৰু গিবিয়োনৰ পৰা অনা মহিলা, ল’ৰা আৰু নপুংসকসকলক তেওঁলোকে লগত ল’লে।
Andin Kareaⱨning oƣli Yoⱨanan ⱨǝm uning ⱨǝmraⱨliri bolƣan barliⱪ lǝxkǝr baxliⱪliri Nǝtaniyaning oƣli Ixmail Aⱨikamning oƣli Gǝdaliyani ɵltürgǝndin keyin Mizpaⱨdin elip kǝtkǝn hǝlⱪning ⱪaldisining ⱨǝmmisini ɵz ⱪexiƣa aldi; u ularni, yǝni jǝnggiwar lǝxkǝrlǝr, ⱪiz-ayallar, balilar wǝ orda ǝmǝldarlirini Gibeondin elip kǝtti.
17 ১৭ আৰু তেতিয়া তেওঁলোকে গৈ, কল্দীয়াসকলৰ ভয়ত মিচৰলৈ যাবৰ মনেৰে বৈৎলেহেমৰ কাষত থকা গেৰূৎ-কিমহমত বাস কৰিলে।
Ular Kaldiyilǝrdin ɵzlirini ⱪaqurux üqün Misirƣa ⱪarap yol elip Bǝyt-Lǝⱨǝmgǝ yeⱪin bolƣan Gerut-Ⱪimhamda tohtap turdi.
18 ১৮ কিয়নো তেওঁলোকে তেওঁলোকলৈ ভয় কৰিছিল; কাৰণ নথনিয়াৰ পুতেক ইশ্মায়েলে বাবিলৰ ৰজাই দেশৰ ওপৰত শাসনকৰ্ত্তা নিযুক্ত কৰা অহীকামৰ পুত্ৰ গদলিয়াক বধ কৰিছিল।
Sǝwǝbi bolsa, ular Kaldiylǝrdin ⱪorⱪatti; qünki Babil padixaⱨi zemin üstigǝ ⱨɵkümranliⱪⱪa bǝlgiligǝn Aⱨikamning oƣli Gǝdaliyani Nǝtaniyaning oƣli Ixmail ɵltürüwǝtkǝnidi.