< যেরেমিয়া 41 >

1 পাছে সপ্তম মাহত, ৰজাৰ প্ৰধান বিষয়াসকলৰ মাজত গণিত হোৱা ৰাজবংশীয় ইলীচামাৰ নাতিয়েক নথনিয়াৰ পুতেক ইশ্মায়েলে দহজন লোকক লগত লৈ, মিস্পালৈ অহীকামৰ পুত্ৰ গদলিয়াৰ ওচৰলৈ আহিল আৰু তেওঁলোকে মিস্পাত একেলগে ভোজন কৰিলে।
Et factum est in mense septimo, venit Ismahel filius Nathaniæ filii Elisama, de semine regali, et optimates regis, et decem viri cum eo, ad Godoliam filium Ahicam, in Masphath, et comederunt ibi panes simul in Masphath.
2 পাছত নথনিয়াৰ পুতেক ইশ্মায়েল আৰু তেওঁৰ লগত থকা সেই দহজন লোকে উঠি, বাবিলৰ ৰজাই দেশৰ শাসনকৰ্ত্তা নিযুক্ত কৰা চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ সেই গদলিয়াক তৰোৱালেৰে বধ কৰিলে।
Surrexit autem Ismahel filius Nathaniæ, et decem viri qui cum eo erant, et percusserunt Godoliam filium Ahicam filii Saphan gladio, et interfecerunt eum quem præfecerat rex Babylonis terræ.
3 আৰু মিস্পাত গদলিয়াৰ লগত থকা সকলো যিহুদীক আৰু তাত পোৱা যুদ্ধাৰু কলদীয়াসকলকো ইশ্মায়েলে বধ কৰিলে।
Omnes quoque Judæos qui erant cum Godolia in Masphath, et Chaldæos qui reperti sunt ibi, et viros bellatores, percussit Ismahel.
4 তেতিয়া গদলিয়াক বধ কৰাৰ পিছৰ দিন আছিল, তেতিয়া সেই কথা কোনো মানুহে জনা নাছিল।
Secundo autem die postquam occiderat Godoliam, nullo adhuc sciente,
5 চিখিম, চীলো আৰু চমৰিয়াৰ পৰা অহা সম্পূর্ণ ডাঢ়ি খুৰুউৱা, পিন্ধা কাপোৰ ছিৰা আৰু নিজ নিজ গা কাটকুট কৰা আশী জন মানুহ যিহোৱাৰ গৃহত উৎসৰ্গ কৰিবলৈ হাতত নৈবেদ্য আৰু ধূপ লৈ আহিছিল।
venerunt viri de Sichem, et de Silo, et de Samaria, octoginta viri, rasi barba, et scissis vestibus, et squallentes: et munera et thus habebant in manu, ut offerrent in domo Domini.
6 পাছত নথনিয়াৰ পুতেক ইশ্মায়েলে তেওঁলোকৰ লগত সাক্ষাত কৰিবলৈ মিস্পাৰ পৰা কান্দি কান্দি ওলাই গ’ল; আৰু তেওঁলোকৰ সাক্ষাত হৈ তেওঁলোকক ক’লে, “অহীকামৰ পুত্ৰ গদলিয়াৰ ওচৰলৈ আহাঁ!”
Egressus ergo Ismahel filius Nathaniæ in occursum eorum de Masphath, incedens et plorans ibat: cum autem occurrisset eis, dixit ad eos: Venite ad Godoliam filium Ahicam.
7 তেতিয়া, তেওঁলোক নগৰৰ মাজ ঠাইলৈ আহি পাওঁতে, নথনিয়াৰ পুতেক ইশ্মায়েলে আৰু তেওঁৰ লগত সেই লোক কেইজনে তেওঁলোকক বধ কৰি গাতটোৰ ভিতৰলৈ পেলাই দিলে।
Qui cum venissent ad medium civitatis, interfecit eos Ismahel filius Nathaniæ circa medium laci, ipse et viri qui erant cum eo.
8 কিন্তু তেওঁবিলাকৰ মাজত এনে দহ জন মানুহ পোৱা গৈছিল, যে, তেওঁলোকে ইশ্মায়েলক ক’লে, “আমাক বধ নকৰিবা, কিয়নো পথাৰত পুতি থোৱা আমাৰ ঘেঁহু, যৱ, তেল আৰু মৌৰ ভঁৰাল আছে।” এই বুলি কোৱাত ইশ্মায়েলে ক্ষান্ত হৈ তেওঁলোকৰ ভায়েকসকলৰ মাজত তেওঁলোকক বধ নকৰিলে।
Decem autem viri reperti sunt inter eos, qui dixerunt ad Ismahel: Noli occidere nos, quia habemus thesauros in agro, frumenti, et hordei, et olei, et mellis: et cessavit, et non interfecit eos cum fratribus suis.
9 যি গাতত ইশ্মায়েলে নিজে বধ কৰা সকলো মানুহৰ মৰা শৱ গদলিয়াৰ শৱৰ কাষত পেলাই দিছিল, সেই গাত ইস্ৰায়েলৰ বাচা ৰজাৰ ভয়ত আচা ৰজাই খনোৱা গাত আছিল; নথনিয়াৰ পুতেক ইশ্মায়েলে ইয়াক বধ কৰা লোকৰ শৱেৰে পূৰ কৰিলে।
Lacus autem in quem projecerat Ismahel omnia cadavera virorum quos percussit propter Godoliam, ipse est quem fecit rex Asa propter Baasa regem Israël: ipsum replevit Ismahel filius Nathaniæ occisis.
10 ১০ পাছত ইশ্মায়েলে মিস্পাত অৱশিষ্ট থকা সকলো লোকক, নবুজৰদান ৰক্ষক-সেনাপতিয়ে অহীকামৰ পুত্ৰ গদলিয়াৰ হাতত গতাই দিয়া ৰাজবংশীয় জীয়াৰীসকল আদি কৰি মিস্পাত অৱশিষ্ট থকা সকলো লোকক বন্দী কৰি নিলে; নথনিয়াৰ পুতেক ইশ্মায়েলে তেওঁলোকক বন্দী কৰি লৈ অম্মোনৰ সন্তান সকলৰ ওচৰলৈ যাবলৈ প্ৰস্থান কৰিলে।
Et captivas duxit Ismahel omnes reliquias populi qui erant in Masphath, filias regis, et universum populum qui remanserat in Masphath, quos commendaverat Nabuzardan princeps militiæ, Godoliæ filio Ahicam: et cepit eos Ismahel filius Nathaniæ, et abiit ut transiret ad filios Ammon.
11 ১১ কিন্তু কাৰেহৰ পুতেক যোহাননে আৰু তেওঁৰ লগত থকা ফৌজৰ সকলো সেনাপতিয়ে, নথনিয়াৰ পুতেক ইশ্মায়েলে কৰা আটাই কুকৰ্মৰ কথা শুনিবলৈ পালে।
Audivit autem Johanan filius Caree, et omnes principes bellatorum qui erant cum eo, omne malum quod fecerat Ismahel filius Nathaniæ,
12 ১২ তেতিয়া তেওঁলোকে সকলো মানুহক লগত লৈ নথনিয়াৰ পুতেক ইশ্মায়েলে সৈতে যুদ্ধ কৰিবলৈ গ’ল আৰু গিবিয়োনৰ থকা বৰ পুখুৰীৰ ওচৰত তেওঁক দেখা পালে।
et assumptis universis viris, profecti sunt ut bellarent adversum Ismahel filium Nathaniæ: et invenerunt eum ad aquas multas quæ sunt in Gabaon.
13 ১৩ পাছত যেতিয়া ইশ্মায়েলৰ লগত থকা সকলো লোকসকলে, কাৰেহৰ পুতেক যোহাননক আৰু তেওঁৰ লগৰ ফৌজৰ সেনাপতিসকলক দেখিবলৈ পালে, তেতিয়া তেওঁলোক আনন্দিত হ’ল।
Cumque vidisset omnis populus qui erat cum Ismahel Johanan filium Caree, et universos principes bellatorum qui erant cum eo, lætati sunt:
14 ১৪ আৰু ইশ্মায়েলে মিস্পাৰ পৰা বন্দী কৰি নিয়া সকলো লোকে মুখ ঘূৰাই কাৰেহৰ পুতেক যোহাননৰ গুৰিলৈ উলটি আহিল।
et reversus est omnis populus quem ceperat Ismahel, in Masphath, reversusque abiit ad Johanan filium Caree.
15 ১৫ কিন্তু নথনিয়াৰ পুতেক ইশ্মায়েল আঠোটা মানুহে সৈতে যোহাননৰ আগৰ পৰা পলাই অম্মোনৰ সন্তান সকলৰ ওচৰলৈ গ’ল।
Ismahel autem filius Nathaniæ fugit cum octo viris a facie Johanan, et abiit ad filios Ammon.
16 ১৬ নথনিয়াৰ পুতেক ইশ্মায়েলে অহীকামৰ পুত্ৰ গদলিয়াক বধ কৰাৰ পাছত, তাৰ হাতৰ পৰা কাৰেহৰ পুতেক যোহাননে আৰু তেওঁৰ লগৰ সেনাপতিসকলে যিসকল অৱশিষ্ট লোক মিস্পাৰ পৰা এৰুৱাই ওভটাই আনিছিল, তেওঁলোকক অৰ্থাৎ যুদ্ধ কৰিব পৰা পুৰুষসকলক আৰু গিবিয়োনৰ পৰা অনা মহিলা, ল’ৰা আৰু নপুংসকসকলক তেওঁলোকে লগত ল’লে।
Tulit ergo Johanan filius Caree, et omnes principes bellatorum qui erant cum eo, universas reliquias vulgi quas reduxerat ab Ismahel filio Nathaniæ de Masphath, postquam percussit Godoliam filium Ahicam: fortes viros ad prælium, et mulieres, et pueros, et eunuchos, quos reduxerat de Gabaon.
17 ১৭ আৰু তেতিয়া তেওঁলোকে গৈ, কল্দীয়াসকলৰ ভয়ত মিচৰলৈ যাবৰ মনেৰে বৈৎলেহেমৰ কাষত থকা গেৰূৎ-কিমহমত বাস কৰিলে।
Et abierunt, et sederunt peregrinantes in Chamaam, quæ est juxta Bethlehem, ut pergerent, et introirent Ægyptum,
18 ১৮ কিয়নো তেওঁলোকে তেওঁলোকলৈ ভয় কৰিছিল; কাৰণ নথনিয়াৰ পুতেক ইশ্মায়েলে বাবিলৰ ৰজাই দেশৰ ওপৰত শাসনকৰ্ত্তা নিযুক্ত কৰা অহীকামৰ পুত্ৰ গদলিয়াক বধ কৰিছিল।
a facie Chaldæorum: timebant enim eos, quia percusserat Ismahel filius Nathaniæ Godoliam filium Ahicam, quem præposuerat rex Babylonis in terra Juda.

< যেরেমিয়া 41 >