< যেরেমিয়া 40 >
1 ১ বাবিললৈ বন্দী কৰি লৈ যোৱা যিৰূচালেমৰ আৰু যিহূদাৰ লোকসকলৰ মাজত যিৰিমিয়াক নবুজৰদান ৰক্ষক-সেনাপতিয়ে শিকলিৰে বন্ধা পাই তেওঁক ৰামাৰ পৰা পঠাই দিয়াৰ পাছত যিহোৱাৰ পৰা যি বাক্য আহিছিল, সেই বাক্য।
वह कलाम जो ख़ुदावन्द की तरफ़ से यरमियाह पर नाज़िल हुआ, इसके बाद के जिलौदारों के सरदार नबूज़रादान ने उसको रामा से रवाना कर दिया, जब उसने उसे हथकड़ियों से जकड़ा हुआ उन सब ग़ुलामों के बीच पाया जो येरूशलेम और यहूदाह के थे, जिनको ग़ुलाम करके बाबुल को ले जा रहे थे
2 ২ ৰক্ষক-সেনাপতিয়ে যিৰিমিয়াক গ্ৰহণ কৰি ক’লে, “তোমাৰ ঈশ্বৰ যিহোৱাই এই ঠাইৰ বিষয়ে এই অমঙ্গলৰ কথা কৈছিল,
और जिलौदारों के सरदार ने यरमियाह को लेकर उससे कहा, कि “ख़ुदावन्द तेरे ख़ुदा ने इस बला की, जो इस जगह पर आई ख़बर दी थी।
3 ৩ আৰু যিহোৱাই তাক ঘটালে। আৰু নিজ বাক্য অনুসাৰে কাৰ্য কৰিলে; তোমালোকে যিহোৱাৰ অহিতে পাপ কৰিলা আৰু তেওঁৰ বাক্য পালন নকৰিলা, এই কাৰণে তোমালোকলৈ এই ঘটনা ঘটিল।
इसलिए ख़ुदावन्द ने उसे नाज़िल किया, और उसने अपने क़ौल के मुताबिक़ किया; क्यूँकि तुम लोगों ने ख़ुदावन्द का गुनाह किया और उसकी नहीं सुनी, इसलिए तुम्हारा ये हाल हुआ।
4 ৪ এতিয়া চোৱা! আজি মই তোমাক, তোমাৰ হাতত থকা শিকলিৰ পৰা মুক্ত কৰিলোঁ; তুমি যদি মোৰ লগত বাবিললৈ যাবলৈ ভাল দেখা, তেন্তে আহাঁ, মই তোমালৈ দৃষ্টি ৰাখিম; আৰু যদি মোৰ লগত বাবিললৈ যাবলৈ বেয়া দেখা, তেন্তে নালাগে। চোৱা, গোটেই দেশ তোমাৰ আগত আছে, যি ঠাইলৈ যোৱা তোমাৰ পক্ষে ভাল আৰু সুবিধাজনক, তালৈকে যোৱা।”
और देख, आज मैं तुझे इन हथकड़ियों से जो तेरे हाथों में हैं रिहाई देता हूँ। अगर मेरे साथ बाबुल चलना तेरी नज़र में बेहतर हो, तो चल, और मैं तुझ पर ख़ूब निगाह रखूँगा; और अगर मेरे साथ बाबुल चलना तेरी नज़र में बुरा लगे, तो यहीं रह; तमाम मुल्क तेरे सामने है जहाँ तेरा जी चाहे और तू मुनासिब जाने वहीं चला जा।”
5 ৫ যিৰিমিয়াই উত্তৰ নিদিয়া দেখি তেওঁ আকৌ ক’লে, “তেন্তে যি জনক বাবিলৰ ৰজাই যিহূদাৰ নগৰবোৰৰ ওপৰত শাসনকৰ্ত্তা নিযুক্ত কৰিলে, চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ সেই গদলিয়াৰ ওচৰলৈ উলটি যোৱা আৰু লোকসকলৰ মাজত তেওঁৰ লগত বাস কৰাগৈ, বা যি ঠাইলৈ যোৱা তোমাৰ পক্ষে সুবিধাজনক তালৈকে যোৱা; এই বুলি ৰক্ষক-সেনাপতিয়ে তেওঁৰ বাটৰ সমল আৰু উপহাৰ দি বিদায় কৰিলে।
वह वहीं था कि उसने फिर कहा, तू जिदलियाह बिन अख़ीक़ाम बिन साफ़न के पास जिसे शाह — ए — बाबुल ने यहूदाह के शहरों का हाकिम किया है, चला जा और लोगों के बीच उसके साथ रह; वर्ना जहाँ तेरी नज़र में बेहतर हो वहीं चला जा। और जिलौदारों के सरदार ने उसे ख़ुराक और इन'आम देकर रुख़्सत किया।
6 ৬ পাছত যিৰিমিয়াই মিস্পালৈ অহীকামৰ পুত্ৰ গদলিয়াৰ ওচৰলৈ আহিল আৰু দেশত অৱশিষ্ট থকা লোকসকলৰ মাজত তেওঁৰে সৈতে বাস কৰিলে।
तब यरमियाह जिदलियाह — बिन — अख़ीक़ाम के पास मिस्फ़ाह में गया, और उसके साथ उन लोगों के बीच, जो उस मुल्क में बाक़ी रह गए थे रहने लगा।
7 ৭ পাছত, বাবিলৰ ৰজাই অহীকামৰ পুত্ৰ গদলিয়াক দেশৰ শাসনকৰ্ত্তা পতা কথা, আৰু পুৰুষ, মহিলা, লৰা, ছোৱালী আদি বাবিললৈ বন্দী কৰি লৈ নোযোৱা দেশৰ কেতবোৰ দুখীয়া মানুহক তেওঁৰ হাতত গতাই দিয়া কথা যেতিয়া নগৰৰ বাহিৰত থকা ফৌজৰ সেনাপতিসকলে আৰু তেওঁলোকৰ লোকসকলে শুনিবলৈ পালে,
जब लश्करों के सब सरदारों ने और उनके आदमियों ने जो मैदान में रह गए थे, सुना के शाह — ए — बाबुल ने जिदलियाह — बिन — अख़ीक़ाम को मुल्क का हाकिम मुक़र्रर किया है; और मर्दों और 'औरतों और बच्चों को, और ममलुकत के ग़रीबों को जो ग़ुलाम होकर बाबुल को न गए थे, उसके सुपुर्द किया है;
8 ৮ তেতিয়া তেওঁলোকে, অৰ্থাৎ নথনিয়াৰ পুতেক ইশ্মায়েল, কাৰেহৰ দুজন পুতেক যোহানন আৰু যোনাথন, তনহূমতৰ পুতেক চৰায়া, নটোফাতীয়া এফয়ৰ পুতেক কেইজন আৰু মাখাথীয়াৰ পুতেক যাজনিয়া নিজ নিজ লোকসকলে সৈতে মিস্পালৈ গদলিয়াৰ ওচৰলৈ আহিল।
तो इस्माईल — बिन — नतनियाह और यूहनान और यूनतन बनी क़रिह और सिरायाह — बिन — तनहुमत और बनी 'ईफ़ी नतुफ़ाती और यज़नियाह — बिन — मा'काती अपने आदमियों के साथ जिदलियाह के पास मिस्फ़ाह में आए।
9 ৯ তেতিয়া চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াই তেওঁলোকৰ আৰু তেওঁলোকৰ লোকসকলৰ আগত শপত খাই ক’লে, “তোমালোকে কলদীয়াসকলৰ অধীন হ’বলৈ ভয় নকৰিবা; দেশত বাস কৰি বাবিলৰ ৰজাৰ অধীন হোৱা, তেতিয়া তোমালোকৰ মঙ্গল হ’ব।”
और जिद्लियाह — बिन — अख़ीक़ाम — बिन — साफ़न ने उन से और उन के आदमियों से क़सम खाकर कहा, तुम कसदियों की ख़िदमत गुज़ारी से न डरो। अपने मुल्क में बसो, और शाह — ए — बाबुल की ख़िदमत करो तो तुम्हारा भला होगा।
10 ১০ আৰু চোৱা, মই হ’লে যি কলদীয়াসকল আমাৰ ওচৰলৈ আহিব, তেওঁলোকৰ আগত থিয় হ’বলৈ মিস্পাত বাস কৰিম; কিন্তু তোমালোকে দ্ৰাক্ষাৰস, ফল আৰু তেল গোটাই নিজ নিজ পাত্ৰত ৰাখা আৰু তোমালোকে লোৱা নিজ নিজ নগৰত বাস কৰা।”
देखो, मैं तो इसलिए मिस्फ़ाह में रहता हूँ कि जो कसदी हमारे पास आएँ, उनकी ख़िदमत में हाज़िर रहूँ पर तुम मय और ताबिस्तानी मेवे, और तेल जमा' करके अपने बर्तनों में रख्खो, और अपने शहरो में जिन पर तुम ने क़ब्ज़ा किया है बसो।
11 ১১ তেতিয়া বাবিলৰ ৰজাই যিহূদাৰ এটি অৱশিষ্ট ভাগ এৰি যোৱা কথা আৰু তেওঁলোকৰ ওপৰত চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াক শাসনকৰ্ত্তা পতা কথা যেতিয়া মোৱাবত, অম্মোনৰ সন্তান সকলৰ মাজত আৰু ইদোম আদি সকলো দেশত থকা আটাই যিহূদীসকলে শুনিবলৈ পালে,
और इसी तरह जब उन सब यहूदियों ने जो मोआब और बनी 'अम्मोन और अदोम' और तमाम मुमालिक में थे, सुना कि शाह — ए — बाबुल ने यहूदाह के चन्द लोगों को रहने दिया है, और जिदलियाह — बिन — अख़ीक़ाम — बिन — साफ़न को उन पर हाकिम मुक़र्रर किया है;
12 ১২ তেতিয়া, যি যি ঠাইলৈ সেই যিহূদীসকলক খেদাই দিয়া হৈছিল, সেই সকলো ঠাইৰ পৰা তেওঁলোক সকলোৱেই যিহূদা দেশৰ মিস্পালৈ গদলিয়াৰ ওচৰলৈ উলটি আহিল আৰু অধিক পৰিমাণে দ্ৰাক্ষাৰস আৰু ফল গোটালে।
तो सब यहूदी हर जगह से, जहाँ वह तितर — बितर किए गए थे, लौटे और यहूदाह के मुल्क में मिस्फ़ाह में जिदलियाह के पास आए, और मय और ताबिस्तानी मेवे कसरत से जमा' किए।
13 ১৩ পাছে কাৰেহৰ পুতেক যোহানন আদি নগৰৰ বাহিৰত থকা ফৌজন সকলোৱে সেনাপতিয়ে মিস্পালৈ গদলিয়াৰ ওচৰলৈ আহি তেওঁক ক’লে,
और यूहनान — बिन — क़रीह और लश्करों के सब सरदार जो मैदानों में थे, मिस्फ़ाह में जिदलियाह के पास आए
14 ১৪ “অম্মোনৰ সন্তান সকলৰ ৰজা বালীচে তোমাৰ প্ৰাণ লবলৈ নথনিয়াৰ পুতেক ইশ্মায়েলক পঠিয়াইছে, তুমি তাক জানা নে?” কিন্তু অহীকামৰ পুত্ৰ গদলিয়াই তেওঁলোকৰ কথা বিশ্বাস নকৰিলে।
और उससे कहने लगे, क्या तू जानता है कि बनी 'अम्मोन के बादशाह बा'लीस ने इस्माईल — बिन — नतनियाह को इसलिए भेजा है कि तुझे क़त्ल करे? लेकिन जिदलियाह — बिन — अख़ीक़ाम ने उनका यक़ीन न किया।
15 ১৫ পাছে কাৰেহৰ পুতেক যোহাননে মিস্পাত গদলিয়াক গুপুতে ক’লে, “মই মিনতি কৰোঁ, মোক যাবলৈ দিয়া, কোনো মানুহে নজনাকৈ মই নথনিয়াৰ পুতেক ইশ্মায়েলক বধ কৰোঁগৈ; তেওঁ কিয় তোমাৰ প্ৰাণ ল’ব আৰু তোমাৰ ওচৰত গোট খোৱা সকলো যিহূদী লোক ছিন্ন-ভিন্ন হ’ব আৰু যিহূদাৰ অৱশিষ্ট ভাগ নষ্ট হ’ব?
और यूहनान — बिन — क़रीह ने मिस्फ़ाह में जिदलियाह से तन्हाई में कहा, इजाज़त हो तो मैं इस्माईल — बिन — नतनियाह को क़त्ल करूँ, और इसको कोई न जानेगा; वह क्यूँ तुझे क़त्ल करे, और सब यहूदी जो तेरे पास जमा' हुए हैं, तितर — बितर किए जाएँ, और यहूदाह के बाक़ी मान्दा लोग हलाक हों?
16 ১৬ কিন্তু অহীকামৰ পুত্ৰ গদলিয়াই কাৰেহৰ পুতেক যোহাননক ক’লে, “তুমি এনে কাম নকৰিবা; কিয়নো তুমি ইশ্মায়েলৰ বিষয়ে মিছা কথা কৈছা।”
लेकिन जिदलियाह — बिन — अख़ीक़ाम ने यूहनान — बिन — क़रीह से कहा, तू ऐसा काम हरगिज़ न करना, क्यूँकि तू इस्माईल के बारे में झूट कहता है।