< যেরেমিয়া 4 >
1 ১ যিহোৱাই কৈছে: হে ইস্ৰায়েল লোকসকল, এই আন আন দেৱ-দেৱীবোৰক এৰা আৰু মোলৈ উলটি আহাঁ! তুমি যদি এই জঘন্য দেৱ-দেৱীবোৰৰ পৰা আঁতৰি আহিব খোজা, তেন্তে তোমাক অগ্রাহ্য কৰা নহ’ব।
१यहोवा की यह वाणी है, “हे इस्राएल, यदि तू लौट आए, तो मेरे पास लौट आ। यदि तू घिनौनी वस्तुओं को मेरे सामने से दूर करे, तो तुझे आवारा फिरना न पड़ेगा,
2 ২ আৰু যদি তুমি ঘোষণা কৰা, যে ‘নিশ্চয়কৈ যিহোৱা জীৱিত, তেওঁ যিটো কয়, সেয়ে সত্য, ন্যায় আৰু ধাৰ্মিকতাৰ জীৱনৰ কথা কয়’, যিহোৱাৰ জীৱনৰ শপত কৰিবা আৰু জাতিবোৰে তেওঁতেই নিজক আশীৰ্ব্বাদপ্ৰাপ্ত বুলি জ্ঞাত কৰিব, আৰু তেওঁতেই তেওঁলোকে গৌৰৱ কৰিব।
२और यदि तू सच्चाई और न्याय और धार्मिकता से यहोवा के जीवन की शपथ खाए, तो जाति-जाति उसके कारण अपने आपको धन्य कहेंगी, और उसी पर घमण्ड करेंगी।”
3 ৩ সেই বাবেই যিহোৱাই যিহূদা আৰু যিৰূচালেমৰ লোকসকলক এই কথা কৈছে, “খেতিয়কে নিজৰ কঠিন মাটি চহাই গুটি ৰুবলৈ প্রস্তুত কৰাৰ দৰে মোৰ বাক্য তোমালোকৰ গুপ্ত স্থানত গ্রহণ কৰিবলৈ যুগুত থাকিবা। কিন্তু যিহেতু খেতিয়কে কাঁইটীয়া বন থকা মাটিত নষ্ট হ’বলৈ ভাল গুটি নিসিঁচে, তেনেকৈ তোমালোকৰ কঠিন মনত সেই বাক্য দি, নষ্ট কৰিবলৈ মই নোখোজো।
३क्योंकि यहूदा और यरूशलेम के लोगों से यहोवा ने यह कहा है, “अपनी पड़ती भूमि को जोतो, और कटीले झाड़ों में बीज मत बोओ।
4 ৪ হে যিহূদাৰ লোক, হে যিৰূচালেম নিবাসীসকল, তোমালোকে যিহোৱাৰ উদ্দেশ্যে চুন্নৎ হোৱা, নিজ নিজ হৃদয়ৰ অগ্ৰচৰ্ম্ম গুচাই পেলোৱা, নতুবা তোমালোকৰ কাৰ্যৰ দুষ্টতাৰ বাবে মোৰ ক্ৰোধাগ্নি জ্বলি উঠি কোনেও নুমাব নোৱাৰাকৈ দগ্ধ কৰিব।
४हे यहूदा के लोगों और यरूशलेम के निवासियों, यहोवा के लिये अपना खतना करो; हाँ, अपने मन का खतना करो; नहीं तो तुम्हारे बुरे कामों के कारण मेरा क्रोध आग के समान भड़केगा, और ऐसा होगा की कोई उसे बुझा न सकेगा।”
5 ৫ যিহূদাত বাকি ঠাইবোৰত প্ৰচাৰ কৰা আৰু যিৰূচালেমৰ সকলো লোকসকলৰ আগত ঘোষণা কৰা। আৰু চোৱা, “দেশত তোমালোকে শিঙা বজোৱা;” আৰু ৰিঙিয়াই কোৱা, “গোট খোৱা, আহাঁ, আমি গড়েৰে আবৃত হোৱা নগৰবোৰত সোমাওঁগৈ।”
५यहूदा में प्रचार करो और यरूशलेम में यह सुनाओ: “पूरे देश में नरसिंगा फूँको; गला खोलकर ललकारो और कहो, ‘आओ, हम इकट्ठे हों और गढ़वाले नगरों में जाएँ!’
6 ৬ যিৰূচালেমৰ লোকসকলক চিঞঁৰি কোৱা, ‘ৰক্ষা পাবলৈ পলোৱা! পলম নকৰিবা, কিয়নো মই উত্তৰ দিশৰ পৰা তোমালোকৰ ওপৰত ভয়ানক অমঙ্গল আৰু মহাসংহাৰ আনি আছোঁ।’
६सिय्योन के मार्ग में झण्डा खड़ा करो, खड़े मत रहो, क्योंकि मैं उत्तर की दिशा से विपत्ति और सत्यानाश ला रहा हूँ।
7 ৭ এটা সিংহই নিজ গাতৰ পৰা ওলাই আন আন জন্তুবোৰক সংহাৰ কৰাৰ দৰে বহু জাতিক সংহাৰ কৰা সৈন্যই তোমালোকক আক্রমণ কৰিব। সৈন্যসকলে ইতিমধ্যে তোমালোকৰ দেশৰ অভিমুখে কুচকাৱাজ কৰি খোজ কাঢ়িবলৈ ধৰিছে। তেওঁলোকে তোমালোকৰ নগৰবোৰ ধ্বংশ কৰিব আৰু তাত থকা সকলোকে উচ্ছন্ন কৰি মানুহশূন্য কৰি এৰি থৈ যাব।
७एक सिंह अपनी झाड़ी से निकला, जाति-जाति का नाश करनेवाला चढ़ाई करके आ रहा है; वह कूच करके अपने स्थान से इसलिए निकला है कि तुम्हारे देश को उजाड़ दे और तुम्हारे नगरों को ऐसा सुनसान कर दे कि उनमें कोई बसनेवाला न रहने पाए।
8 ৮ এই হেতুকে তোমালোকে কঁকালত চট বান্ধা, বুকুত ভুকুৱাই হাহাঁকাৰ কৰি ক্রন্দন কৰা আৰু দেখুউৱা যে তোমালোকে যি যি কৰিলা তাৰ বাবে তোমালোক অতি দুখিত কিয়নো যিহোৱাৰ জলন্ত ক্ৰোধ আমাৰ পৰা এতিয়াও ঘূৰি যোৱা নাই।
८इसलिए कमर में टाट बाँधो, विलाप और हाय-हाय करो; क्योंकि यहोवा का भड़का हुआ कोप हम पर से टला नहीं है।”
9 ৯ যিহোৱাই ঘোষণা কৰিছে যে, যেতিয়া তেওঁ শাস্তি দিয়ে, সেই কালত ৰজাৰ মন আৰু অধ্যক্ষসকলৰ মন ব্যাকুল হব, পুৰোহিতসকলে বিস্ময় মানিব, আৰু ভাববাদীসকল আতংকিত হ’ব।
९“उस समय राजा और हाकिमों का कलेजा काँप उठेगा; याजक चकित होंगे और नबी अचम्भित हो जाएँगे,” यहोवा की यह वाणी है।
10 ১০ তেতিয়া মই উত্তৰ দি ক’লোঁ, “হায় হায়, হে মোৰ প্ৰভু যিহোৱা, স্বৰূপেই তুমি এই জাতিক আৰু যিৰূচালেমক অত্যন্ত প্ৰবঞ্চনা কৰিলা, কাৰণ তুমি কৈছিলা, ‘তোমালোকৰ শান্তি হব’ অথচ তৰোৱালে মৰ্ম ভেদিছে!”
१०तब मैंने कहा, “हाय, प्रभु यहोवा, तूने तो यह कहकर कि तुम को शान्ति मिलेगी निश्चय अपनी इस प्रजा को और यरूशलेम को भी बड़ा धोखा दिया है; क्योंकि तलवार प्राणों को मिटाने पर है।”
11 ১১ সেই কালত এই জাতিক আৰু যিৰূচালেমক এই কথা কোৱা যাব, “ঘেহুঁৰ পৰা তুঁহ আঁতৰোৱা কোমল বতাহৰ দৰে নহয়, কিন্তু অৰণ্যত থকা গছ-শূন্য পৰ্ব্বতবোৰৰ পৰা গৰম বতাহৰ দৰে এক বৃহৎ সৈন্যৰ দলে তোমালোকক আক্রমণ কৰিব।
११उस समय तेरी इस प्रजा से और यरूशलेम से भी कहा जाएगा, “जंगल के मुँण्ड़े टीलों पर से प्रजा के लोगों की ओर लू बह रही है, वह ऐसी वायु नहीं जिससे ओसाना या फरछाना हो,
12 ১২ সেয়ে এক প্ৰবল বা-মাৰলি মোৰ আজ্ঞাত আহিব। গতিকে এতিয়া মইও তেওঁলোকৰ বিৰুদ্ধে দণ্ডাজ্ঞা প্ৰচাৰ কৰিম।”
१२परन्तु मेरी ओर से ऐसे कामों के लिये अधिक प्रचण्ड वायु बहेगी। अब मैं उनको दण्ड की आज्ञा दूँगा।”
13 ১৩ চোৱা, আমাৰ শত্রুবোৰ আমালৈ বেগেৰে আহি আছে; সি মেঘবোৰৰ দৰে উঠি আহিব; তাৰ ৰথবোৰ বা-মাৰলী বতাহস্বৰূপ; তাৰ ঘোঁৰাবোৰ কুৰৰ পক্ষীতকৈয়ো বেগী। হায় হায়, আমাৰ সৰ্ব্বনাশ! কিয়নো আমি নষ্ট হলোঁ।
१३देखो, वह बादलों के समान चढ़ाई करके आ रहा है, उसके रथ बवण्डर के समान और उसके घोड़े उकाबों से भी अधिक वेग से चलते हैं। हम पर हाय, हम नाश हुए!
14 ১৪ হে যিৰূচালেমৰ লোকসকল, যিহোৱাই ৰক্ষা কৰিবলৈ, তোমালোকৰ হৃদয় ধুই দুষ্টতা দূৰ কৰা। তোমালোকৰ অন্তৰত কু-ভাবনা আৰু কিমান দিন ৰাখিবা?
१४हे यरूशलेम, अपना हृदय बुराई से धो, कि तुम्हारा उद्धार हो जाए। तुम कब तक व्यर्थ कल्पनाएँ करते रहोगे?
15 ১৫ কিয়নো দানৰ নগৰৰ পৰা ইফ্ৰয়িম পৰ্ব্বতৰ উত্তৰ ফালে অতি দুৰৈত কোনো প্ৰচাৰ কৰোঁতাৰ দ্বাৰাই অমঙ্গলৰ বাৰ্ত্তা শব্দ শুনা গৈছে।
१५क्योंकि दान से शब्द सुन पड़ रहा है और एप्रैम के पहाड़ी देश से विपत्ति का समाचार आ रहा है।
16 ১৬ ইয়াক তোমালোকে আন আন জাতিবোৰৰ আগত কোৱাগৈ আৰু যিৰূচালেমতো ঘোষণা কৰা: যিহোৱাই কৈছে, চোৱা, অৱৰোধকাৰীবোৰ যে দূৰ দেশৰ পৰা আহিব লাগিছে, আৰু যিহূদাৰ নগৰবোৰৰ বিৰুদ্ধে যে তেওঁলোকে ৰণ-ধ্বনি কৰিব।
१६जाति-जाति में सुना दो, यरूशलेम के विरुद्ध भी इसका समाचार दो, “आक्रमणकारी दूर देश से आकर यहूदा के नगरों के विरुद्ध ललकार रहे हैं।
17 ১৭ খেতিৰ সময়ত খেতি-ৰখীয়াবোৰৰ দৰে তেওঁলোকে যিৰূচালেমৰ চাৰিওফালে অস্থায়ীভাৱে ছাউনি পাতি থাকিব। যিহোৱাই কৈছে, এইদৰেই ঘটিব, কিয়নো তেওঁলোকে মোৰ অহিতে বিদ্ৰোহ-আচৰণ কৰিলে।
१७वे खेत के रखवालों के समान उसको चारों ओर से घेर रहे हैं, क्योंकि उसने मुझसे बलवा किया है, यहोवा की यही वाणी है।
18 ১৮ তোমালোকলৈ সেই শাস্তি অতি কঠোৰ হ’ব; তোমালোকৰ কলিজাবোৰত তৰোৱালে খোচ মাৰি আঘাত কৰাৰ দৰে হ’ব। তোমালোকৰ নিজ আচৰণ আৰু কাৰ্যবোৰেই তোমালোকলৈ ইয়াক ঘটাইছে; সেয়ে তোমালোকৰ দুষ্টতাৰ ফল।
१८यह तेरी चाल और तेरे कामों ही का फल हैं। यह तेरी दुष्टता है और अति दुःखदाई है; इससे तेरा हृदय छिद जाता है।”
19 ১৯ হায় হায় মোৰ নাড়ী! মোৰ নাড়ী! মই অতিশয় শোক-পীড়িত হৈছোঁ; মোৰ অন্তৰত মই অতি বেদনা পাইছোঁ। মোৰ কলিজাৰ ধপধপনি অধিক হৈছে! কিন্তু মই নিৰৱে থাকিব নোৱাৰোঁ, কিয়নো যিহূদাৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ যে হ’ব, শত্রুৰ শিঙাৰ শব্দ আৰু যুদ্ধৰ ধ্বনি মই শুনিলো!
१९हाय! हाय! मेरा हृदय भीतर ही भीतर तड़पता है! और मेरा मन घबराता है! मैं चुप नहीं रह सकता; क्योंकि हे मेरे प्राण, नरसिंगे का शब्द और युद्ध की ललकार तुझ तक पहुँची है।
20 ২০ গোটেই দেশ উচ্ছন্ন নোহোৱালৈকে বিনাশৰ উপৰি বিনাশ হ’ব। অকস্মাতে আমাৰ তম্বুবোৰ, মুহূৰ্ত্ততে ধ্বংশ হ’ব; আনকি মোৰ তম্বুৰ কাপোৰবোৰ ফালি চিৰাচিৰ হ’ব।
२०नाश पर नाश का समाचार आ रहा है, सारा देश नाश हो गया है। मेरे डेरे अचानक और मेरे तम्बू एकाएक लूटे गए हैं।
21 ২১ কিমান কাল এই যুদ্ধ চলিব? কিমান কালনো শত্রুৰ এই যুদ্ধৰ নিচান দেখিম আৰু তেওঁলোকৰ ৰণশিঙাৰ শব্দ শুনিম?
२१और कितने दिन तक मुझे उनका झण्डा देखना और नरसिंगे का शब्द सुनना पड़ेगा?
22 ২২ যিহোৱাই কৈছে: কিয়নো মোৰ প্ৰজাসকল অজ্ঞানী! মোৰ সৈতে তেওঁলোকৰ কোনো সম্পর্ক নাই। তেওঁলোক মূৰ্খ, অজলা লৰা-ছোৱালিৰ দৰে কোনো বিষয় বুজি নাপায়। তেওঁলোক কদাচাৰত পটু, কিন্তু সদাচৰণত অজ্ঞান।
२२“क्योंकि मेरी प्रजा मूर्ख है, वे मुझे नहीं जानते; वे ऐसे मूर्ख बच्चें हैं जिनमें कुछ भी समझ नहीं। बुराई करने को तो वे बुद्धिमान हैं, परन्तु भलाई करना वे नहीं जानते।”
23 ২৩ ঈশ্বৰে মোক এক দৰ্শন দিলে য’ত মই পৃথীৱীলৈ চাই দেখিলোঁ, চোৱা, সেয়ে ধ্বংস হ’ল আৰু উদং; আৰু আকাশ-মণ্ডললৈ চালোঁ, তাত কোনো দীপ্তি নাছিল।
२३मैंने पृथ्वी पर देखा, वह सूनी और सुनसान पड़ी थी; और आकाश को, और उसमें कोई ज्योति नहीं थी।
24 ২৪ মই পৰ্ব্বতবোৰলৈ দৃষ্টি কৰিলোঁ, চোৱা, সেইবোৰ এফালৰ পৰা আনফাললৈ কঁপিছে, আৰু আটাই গিৰিবোৰ লৰিছে।
२४मैंने पहाड़ों को देखा, वे हिल रहे थे, और सब पहाड़ियों को कि वे डोल रही थीं।
25 ২৫ মই চাই দেখিলোঁ, কোনো মানুহ যেন নাই আৰু আকাশৰ পক্ষীবোৰো পলাই গ’ল।
२५फिर मैंने क्या देखा कि कोई मनुष्य भी न था और सब पक्षी भी उड़ गए थे।
26 ২৬ মই চাই দেখিলোঁ, ফলৱতী পথাৰবোৰ মৰুভূমি হৈ পৰিল যিবোৰ আগতে ফলৱতী বাৰী আছিল। আটাই নগৰ ভগ্ন হ’ল; সেই সকলো যিহোৱাৰ সাক্ষাতে আৰু তেওঁৰ অতি জ্বলন্ত ক্ৰোধৰ প্ৰভাৱত ধ্বংশ কৰা হ’ল।
२६फिर मैं क्या देखता हूँ कि यहोवा के प्रताप और उस भड़के हुए प्रकोप के कारण उपजाऊ देश जंगल, और उसके सारे नगर खण्डहर हो गए थे।
27 ২৭ কিয়নো যিহোৱাই এই কথাই কৈছে: গোটেই যিহূদাৰ দেশ ধ্বংসৰ ঠাই হ’ব, তথাপি মই নিঃশেষে সংহাৰ নকৰিম।
२७क्योंकि यहोवा ने यह बताया, “सारा देश उजाड़ हो जाएगा; तो भी मैं उसका अन्त न करूँगा।
28 ২৮ এই হেতুকে মই যি ক’লো, মোৰ লোকসকললৈ এইদৰেই কৰিম, আৰু মোৰ মন মই সলনি নকৰিম। গতিকে যেতিয়া এইবোৰ ঘটিব, পৃথিৱীয়ে শোক কৰা যেন হ’ব আৰু ওপৰত থকা আকাশ-মণ্ডল অন্ধকাৰময় যেন হ’ব।”
२८इस कारण पृथ्वी विलाप करेगी, और आकाश शोक का काला वस्त्र पहनेगा; क्योंकि मैंने ऐसा ही करने को ठाना और कहा भी है; मैं इससे नहीं पछताऊँगा और न अपने प्राण को छोड़ूँगा।”
29 ২৯ অশ্বাৰোহী আৰু ধনুৰ্দ্ধসকলৰ শব্দত নগৰখনেই পলাব। কোনো কোনোৱে ডাঠ হাবিত সোমাব, আৰু কোনো কোনোৱে শত্রুৰ হাতত নিহত হোৱাৰ পৰা ৰক্ষা পাবলৈ শিলত উঠিব। যিহূদাৰ গোটেই নগৰ ত্যাগ কৰা হ’ব; তাৰ মাজত বাস কৰোঁতা মানুহ কোনো নাথাকিব।
२९नगर के सारे लोग सवारों और धनुर्धारियों का कोलाहल सुनकर भागे जाते हैं; वे झाड़ियों में घुसते और चट्टानों पर चढ़े जाते हैं; सब नगर निर्जन हो गए, और उनमें कोई बाकी न रहा।
30 ৩০ এতেকে তোমালোক নিশ্চয়ে ধ্বংশ হ’বা, হে বিনষ্টা, তেতিয়া তোমালোকে কি কৰিবা? যদিও তুমি কাপোৰ পিন্ধা, সোণৰ অলঙ্কাৰেৰে নিজকে ভুষিত কৰা আৰু কাজলেৰে চকু দুটা ডাঙৰ কৰা, তথাপিও তুমি নিজকে সুন্দৰী কৰা বৃথা; উপপতিবোৰে তোমাক ঘৃণাব, তেওঁলোকে তোমাৰ প্ৰাণ নষ্ট কৰিবলৈ বিচাৰিব।
३०और तू जब उजड़ेंगी तब क्या करेगी? चाहे तू लाल रंग के वस्त्र पहने और सोने के आभूषण धारण करे और अपनी आँखों में अंजन लगाए, परन्तु व्यर्थ ही तू अपना श्रृंगार करेगी। क्योंकि तेरे प्रेमी तुझे निकम्मी जानते हैं; वे तेरे प्राण के खोजी हैं।
31 ৩১ কিয়নো মই ইতিমধ্যেই যিৰূচালেমৰ লোকসকলৰ মাত শুনিবলৈ পালোঁ যেন এগৰাকি প্ৰসৱকাৰিণী স্ত্রীৰ কান্দোন, প্ৰথম লৰা ওপজোৱা জনীৰ বেদনাৰ শব্দ যেন শুনিছোঁ; কোনোজনৰ পৰা সহায় পাবলৈ কান্দি কান্দি কাতৰোক্তি কৰি কোৱাৰ দৰেহে যেন কৈছে, “মোৰ সৰ্ব্বনাশ! কিয়নো বধকাৰীবোৰৰ আগত মোৰ প্ৰাণ অচেতন হৈছে,” এই বুলি কৈ দীঘল নিশ্বাস পেলোৱা; হাত বিস্তাৰ কৰা চিয়োন জীয়াৰীৰ শব্দ শুনিছোঁ!”
३१क्योंकि मैंने जच्चा का शब्द, पहलौठा जनती हुई स्त्री की सी चिल्लाहट सुनी है, यह सिय्योन की बेटी का शब्द है, जो हाँफती और हाथ फैलाए हुए यह कहती है, “हाय मुझ पर, मैं हत्यारों के हाथ पड़कर मूर्छित हो चली हूँ।”