< যেরেমিয়া 39 >
1 ১ পাছত যিৰূচালেম শত্রুৰ হাতত পৰা সময়ত, যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ নৱম বছৰৰ দশম মাহত বাবিলৰ ৰজা নবূখদনেচৰ আৰু তেওঁৰ সকলো সৈন্য-সামন্তই যিৰূচালেমৰ বিৰুদ্ধে আহি তাক অৱৰোধ কৰিলে।
Roku dziewiątego Sedekijasza, króla Judzkiego, miesiąca dziesiątego, przyciągnął Nabuchodonozor, król Babiloński, ze wszystkiem wojskiem swojem do Jeruzalemu, i oblegli je.
2 ২ পাছত চিদিকিয়াৰ ৰাজত্বৰ একাদশ বছৰৰ চতুৰ্থ মাহৰ নৱম দিনা নগৰৰ গড় ভাঙি বাট কৰা হ’ল।
A jedenastego roku Sedekijasza, miesiąca czwartego, dziewiątego dnia tegoż miesiąca, dobyto miasta.
3 ৩ বাবিলৰ ৰজাৰ আটাই প্ৰধান লোকসকল, অৰ্থাৎ নেৰ্গল-চৰেচৰ, চমগৰ-নবো, প্ৰধান নপুংসক চৰ্চখীম আৰু প্ৰধান গণক নেৰ্গল-চৰেচৰ আদি বাবিলৰ ৰজাৰ আটাই প্ৰধান লোকসকল সোমাই মধ্যম দুৱাৰত বহিল।
I wpadli do niego wszyscy książęta króla Babilońskiego, i usiedli w bramie średniej: Nergalscharezer, Samgarnebu, Sarsechym, Rabsarys, Nergalscharezer, Rabmag, i wszyscy inni książęta króla Babilońskiego.
4 ৪ পাছত যেতিয়া যিহূদাৰ ৰজা চিদিকিয়া আৰু সকলো যুদ্ধাৰু লোকে তেওঁলোকক সোমোৱা গম পালে, তেতিয়া তেওঁলোক পলাই ৰজাৰ উদ্যানৰ বাটেদি, দুই গড়ৰ মাজত থকা দুৱাৰেদি নগৰৰ বাহিৰলৈ ৰাতিয়েই ওলাই গ’ল; আৰু ৰজাই অৰাবাৰ বাটেদি ওলাই গ’ল।
A gdy ich ujrzał Sedekijasz, król Judzki, i że wszyscy mężowie waleczni uciekli, i wyszli w nocy z miasta drogą ogrodu królewskiego, bramą między dwoma murami, uszedł też i król drogą ku puszczy.
5 ৫ কিন্তু কলদীয়াসকলৰ সৈন্য-সামন্তই তেওঁলোকৰ পাছত খেদি গৈ যিৰীহোৰ সমথলত চিদিকিয়াক লগ পাই, তেওঁক ধৰি হমাৎ দেশৰ ৰিব্লালৈ বাবিলৰ ৰজাৰ নবূখদনেচৰৰ গুৰিলৈ নিলে; আৰু তেওঁ তেওঁলৈ দণ্ডাজ্ঞা কৰিলে।
A wojsko Chaldejczyków goniło ich, i doścignęli Sedekijasza na równinach Jerycha, i wzięli go, i przywiedli go do Nabuchodonozora, króla Babilońskiegp, do Reble, do ziemi Emat, gdzie wydał przeciwko niemu dekret.
6 ৬ পাছে বাবিলৰ ৰজাই ৰিব্লাত চিদিকিয়াৰ পুতেকসকলক তেওঁৰ চকুৰ আগতে বধ কৰিলে আৰু বাবিলৰ ৰজাই যিহূদাৰ সকলো মুখ্য লোককো বধ কৰিলে।
Bo pomordował król Babiloński synów Sedekijaszowych w Rebli przed oczyma jego, i wszystkich najprzedniejszych z Judy pomordował król Babiloński.
7 ৭ তাৰ বাহিৰে, তেওঁ চিদিকিয়াৰ চকু কাঢ়ি, তেওঁক বাবিললৈ লৈ যাবৰ কাৰণে শিকলিৰে বান্ধিলে।
Ale oczy Sedekijaszowi wyłupił, a związawszy go łańcuchami miedzianemi prowadził go do Babilonu.
8 ৮ পাছত কলদীয়াসকলে ৰাজগৃহ আৰু প্ৰজাসকলৰ ঘৰবোৰ জুই দি পুৰিলে আৰু যিৰূচালেমৰ গড়বোৰ ভাঙি পেলালে।
Dom także królewski i dom onego ludu spalili Chaldejczycy ogniem, i mury Jeruzalemskie rozwalili.
9 ৯ এই সময়ত নবুজৰদান ৰক্ষক-সেনাপতিয়ে নগৰৰ বাকী থকা লোকসকলক, তেওঁৰ ফলীয়া হবলৈ পলাই যোৱাসকলক আৰু আন আন অৱশিষ্ট লোকসকলক বন্দী কৰি বাবিললৈ লৈ গ’ল।
Ale ostatek ludu, który był został w mieście, i zbiegi, którzy byli pouciekali do niego, i inny lud pozostały zawiódł Nabuzardan, hetman żołnierski, do Babilonu.
10 ১০ কিন্তু নবুজৰদান ৰক্ষক-সেনাপতিয়ে কেতবোৰ একো নথকা দৰিদ্ৰ লোকক যিহূদা দেশত অৱশিষ্ট ৰাখিলে, আৰু সেই কালত তেওঁলোকক দ্ৰাক্ষাবাৰী আৰু মাটি দান কৰিলে।
Tylko najpodlejszych z ludu, którzy nic nie mieli, zastawił Nabuzardan, hetman żołnierski, w ziemi Judzkiej, którym rozdał winnice i role dnia onego.
11 ১১ বাবিলৰ ৰজা নবূখদনেচৰে যিৰিমিয়াৰ বিষয়ে নবুজৰদান ৰক্ষক-সেনাপতিক এই আজ্ঞা দিলে, বোলে,
A o Jeremijaszu przykazał Nabuchodonozor, król Babiloński, Nabuzardanowi, hetmanowi żołnierskiemu, mówiąc:
12 ১২ “তুমি তেওঁক গ্ৰহণ কৰি তেওঁলৈ কৃপা দৃষ্টি কৰিবা, তেওঁৰ কোনো অপকাৰ নকৰিবা; কিন্তু তেওঁ তোমাক যেনেকৈ ক’ব, তেওঁলৈ তেনেকৈ কৰিবা।”
Weźmij go, a pilnie go doglądaj, a nie czyń mu nic złego, ale jakoć rzekę, tak z nim postąp.
13 ১৩ এই হেতুকে নবুজৰদান ৰক্ষক-সেনাপতি, প্ৰধান নপুংসক নবুচৰ্জবান আৰু প্ৰধান গণক নেৰ্গল-চৰেচৰ আদি বাবিলৰ ৰজাৰ আটাই প্ৰধান বিষয়াসকলে মানুহ পঠিয়াই প্ৰহৰীৰ চোতালৰ পৰা যিৰিমিয়াক আনিলে।
Przetoż posławszy Nabuzardan, hetman żołnierski, i Nebusasban, Rabsarys i Nergalscharezer, Rabmag, i wszyscy hetmani króla Babilońskiego;
14 ১৪ আৰু তেওঁক ঘৰলৈ লৈ যাবৰ কাৰণে চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াৰ হাতত গটাই দিলে; আৰু তেওঁ লোকসকলৰ মাজত বাস কৰিলে।
Posławszy, mówię, wzięli Jeremijasza z sieni straży, i poruczyli go Godolijaszowi, synowi Ahikama, syna Safanowego, aby go dowiódł do domu. A tak mieszkał w pośród ludu.
15 ১৫ যিৰিমিয়া প্ৰহৰীৰ চোতালত বন্ধ থকা সময়ত তেওঁৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিছিল, বোলে,
I stało się do Jeremijasza słowo Pańskie, gdy jeszcze był zamknięty w sieni straży, mówiąc:
16 ১৬ “তুমি গৈ কুচীয়া এবদ-মেলকক কোৱা, ‘ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: চোৱা, মঙ্গলৰ কাৰণে নহয়, অমঙ্গলৰ কাৰণেহে মই এই নগৰলৈ মোৰ বাক্য ফলিওৱাম। সেই দিনা তোমাৰ আগত সেইবোৰ ফলিয়াব।
Idź, a powiedz Ebedmelechowi Murzynowi, mówiąc: Tak mówi Pan zastępów, Bóg Izraelski: Oto Ja przywiodę słowa moje na to miasto ku złemu a nie ku dobremu, i wypełnią się przed obliczem twojem dnia onego;
17 ১৭ কিন্তু যিহোৱাই কৈছে, “সেই দিনা মই তোমাক উদ্ধাৰ কৰিম; আৰু তুমি ভয় কৰা লোকসকলৰ হাতত তোমাক সমৰ্পণ কৰা নহ’ব।
Ale ciebie wybawię onegoż dnia, mówi Pan, i nie będziesz podany w rękę mężów, których się ty oblicza boisz.
18 ১৮ কিয়নো মই তোমাক অৱশ্যে উদ্ধাৰ কৰিম। তুমি তৰোৱালত পতিত নহবা। কিন্তু তুমি তোমাৰ নিজ প্ৰাণ লুটদ্ৰব্যৰ নিচিনাকৈ লাভ কৰিবা; কাৰণ, যিহোৱাই কৈছে: তুমি মোক বিশ্বাস কৰিলা।”
Albowiem cię pewnie wyrwę, abyś od miecza nie upadł; ale będziesz miał duszę twoję za korzyść, przeto, żeś położył nadzieję we mnie, mówi Pan.