< যেরেমিয়া 38 >

1 তাৰ পাছত মত্তনৰ পুত্ৰ চফটিয়া আৰু পচহুৰৰ পুত্ৰ গদলিয়া আৰু মল্কীয়াৰ পুত্ৰ পচ্হুৰে, আটাই লোকৰ আগত যিৰিমিয়াই কোৱা এই বাক্য শুনিলে, বোলে,
Sefatías hijo de Matán, Gedalías hijo de Pasur, Jucal hijo de Selemías, y Pasur hijo de Malquías oyeron lo que Jeremías decía a todos:
2 “যিহোৱাই এই কথা কৈছে: যি কোনো লোক এই নগৰত থাকিব, তেওঁ তৰোৱালত, আকালত, আৰু মহামাৰীত মৰিব; কিন্তু যি জনে কলদীয়াসকলৰ ওচৰলৈ ওলাই যাব, তেওঁ জীয়াই থকিব, আৰু লুটদ্ৰব্যৰ নিচিনাকৈ নিজ প্ৰাণ লাভ কৰি জীয়াই থকিব।
Esto es lo que dice el Señor: El que se quede en esta ciudad morirá de guerra, de hambre y de enfermedad, pero el que se pase a los babilonios vivirá. Su recompensa será salvar su vida.
3 যিহোৱাই এই কথা কৈছে: যে, এই নগৰ অৱশ্যে বাবিলৰ ৰজাৰ সৈন্য-সামন্তৰ হাতত সমৰ্পণ কৰা হ’ব আৰু তেওঁ তাক হাত কৰি ল’ব।”
Esto es lo que dice el Señor: Estén seguros de esto: Jerusalén será entregada al ejército del rey de Babilonia. Él va a capturarla.
4 তাতে প্ৰধান লোকসকলে ৰজাক ক’লে, “আমি মিনতি কৰোঁ, এই মানুহৰ প্ৰাণ দণ্ড কৰিবলৈ আজ্ঞা দিয়ক; কিয়নো তেওঁ লোকসকলক এনেকুৱা কথা কৈ, এই নগৰৰ অৱশিষ্ট যুদ্ধাৰুসকলৰ আৰু আটাই প্ৰজাসকলৰ হাত দুৰ্ব্বল কৰিছে, কাৰণ এই মানুহে এই জাতিৰ মঙ্গললৈ চেষ্টা নকৰি, কেৱল অমঙ্গললৈ চেষ্টা কৰে।”
Los oficiales le dijeron al rey: “Este hombre merece morir porque está desmoralizando a los defensores que quedan en la ciudad, y también a todo el pueblo, al decirles esto. Este hombre no trata de ayudar a esta gente, sólo va a destruirla”.
5 তেতিয়া চিদিকিয়া ৰজাই ক’লে, “চোৱা, তেওঁ তোমালোকৰ হাততে আছে; কাৰণ তোমালোকৰ অহিতে কৰিবলৈ ৰজাৰ একো সাধ্য নাই।
“Bueno, puedes hacer lo que quieras con él”, respondió el rey Sedequías. “No puedo detenerte”.
6 তাতে তেওঁলোকে যিৰিমিয়াক ধৰি প্ৰহৰীৰ চোতালত থকা মল্কিয়া, ৰাজকোঁৱৰৰ কূপত পেলালে। ৰছীৰে যিৰিমিয়াক নমাই দিলে। সেই কূপত পানী নাছিল, কেৱল বোকা আছিল; তাতে যিৰিমিয়া বোকাত প্ৰায় পোত গৈছিল।
Así que tomaron a Jeremías y lo pusieron en la cisterna que pertenecía a Malquías, el hijo del rey, que estaba en el patio de la guardia. Bajaron a Jeremías con cuerdas a la cisterna. No tenía agua, sólo barro, y Jeremías se hundió en el barro.
7 এনেতে যিৰিমিয়াক কূপত পেলোৱা কথা ৰাজগৃহত থকা এবদ-মেলক নামেৰে এজন কুচদেশীয় নপুংসকে শুনিলে। তেতিয়া ৰজা বিন্যামীনৰ দুৱাৰত বহি আছিল।
Ebed-melec el cusita, un funcionario real del palacio del rey, descubrió que habían metido a Jeremías en la cisterna. El rey estaba sentado en la puerta de Benjamín,
8 এবদ-মেলকে ৰাজগৃহৰ পৰা ওলাই গৈ ৰজাক ক’লে,
Entonces Ebed-melec salió del palacio y fue a hablar con el rey
9 “হে মোৰ প্ৰভু মহাৰাজ, সেই লোকসকলে যিৰিমিয়া ভাববাদীক কূপত পেলাই দি তেওঁলৈ নিতান্ত মন্দ ব্যৱহাৰ কৰিছে; তেওঁ যি ঠাইত আছে, সেই ঠাইত তেওঁ ভোকত মৰিব লগীয়া হৈছে, কিয়নো নগৰত আৰু ৰুটী নাই।”
“Mi señor el rey, todas estas cosas terribles que estos hombres le han hecho al profeta Jeremías son malas. Lo han metido en la cisterna, y allí morirá de hambre porque ya no queda pan en la ciudad”.
10 ১০ তেতিয়া ৰজাই কুচীয়া এবদ-মেলকক আজ্ঞা কৰিলে, বোলে, “তুমি এই ঠাইৰ পৰা ত্ৰিশ জন মানুহ লগত লৈ গৈ যিৰিমিয়া ভাববাদী নৌ মৰোঁতেই তেওঁক কূপৰ পৰা তোলা।”
Entonces el rey dio la orden a Ebed-melec el cusita: “Toma treinta hombres contigo y ve a sacar al profeta Jeremías de la cisterna antes de que muera”.
11 ১১ তেতিয়া এবদ-মেলকে সেই ত্ৰিশ জন মানুহক লগত লৈ ৰাজগৃহৰ ভঁৰালৰ তলৰ ঠাইলৈ গৈ তাৰ পৰা পেলনীয়া পুৰণি কাপোৰ আৰু পুৰণি পচা ফতাকানি উলিয়াই, যিৰিমিয়াৰ ওচৰলৈ কূপলৈ ৰছীৰে সেইবোৰ নমাই দিলে।
Ebed-melec tomó a los hombres y se dirigió al almacén bajo el palacio. Tomó de allí algunos trapos y ropas viejas y se dirigió a la cisterna donde los bajó con cuerdas a Jeremías.
12 ১২ আৰু কুচীয়া এবদ-মেলকে যিৰিমিয়াক ক’লে, “এই পুৰণি পেলনীয়া কাপোৰ আৰু পচা ফতাকানি তোমাৰ কাষলতিত ৰছীৰ তলত দিয়া।” তাতে তেওঁ তাকে কৰিলে।
Ebed-melec, el cusita, llamó a Jeremías: “Ponte estos trapos y ropas viejas bajo los brazos para protegerte de las cuerdas”. Jeremías así lo hizo,
13 ১৩ তেওঁলোকে সেই ৰছীত ধৰি টানি কূপৰ পৰা যিৰিমিয়াক তুলিলে। তেতিয়াৰে পৰা যিৰিমিয়া প্ৰহৰীৰ চোতালত থাকিল।
y con las cuerdas lo levantaron y lo sacaron de la cisterna. Jeremías se quedó allí en el patio de la guardia.
14 ১৪ পাছে চিদিকিয়া ৰজাই মানুহ পঠিয়াই যিৰিমিয়া ভাববাদীক যিহোৱাৰ গৃহৰ তৃতীয় প্ৰৱেশস্থানলৈ নিজৰ ওচৰলৈ অনোৱালে। আৰু ৰজাই যিৰিমিয়াক ক’লে, “মই তোমাক এটি কথা সোধোঁ, তুমি মোৰ পৰা কোনো কথা গুপুতে নাৰাখিবা।”
Entonces el rey Sedequías mandó llamar al profeta Jeremías y se reunió con él en la tercera entrada del Templo. “Necesito pedirte algo”, le dijo el rey a Jeremías. “No debes ocultarme nada”.
15 ১৫ তেতিয়া যিৰিমিয়াই চিদিকিয়াক ক’লে, “মই যদি আপোনাক জনাওঁ, তেন্তে আপুনি মোক অৱশ্যে বধ নকৰিব নে? আৰু যদি আপোনাক পৰামৰ্শ দিওঁ, তেন্তে আপুনি মোৰ কথা নুশুনিব।”
“Si te lo digo, seguro que haces que me maten”, respondió Jeremías. “Aunque te diera un consejo, de todos modos no me escucharías”.
16 ১৬ তাতে চিদিকিয়া ৰজাই গুপুতে যিৰিমিয়াৰ আগত শপত খাই ক’লে, “আমাৰ এই জীৱান্মাৰ সৃষ্টিকৰ্ত্তা যিহোৱাৰ জীৱনৰ শপত, মই তোমাক বধ নকৰোঁ, আৰু তোমাৰ প্ৰাণ লবলৈ বিচাৰি ফুৰা এই লোকসকলৰ হাততো তোমাক সমৰ্পণ নকৰোঁ।”
El rey Sedequías le prometió solemnemente a Jeremías en privado: “Vive el Señor, que nos dio esta vida, que no te haré matar, ni te entregaré a los que quieren matarte”.
17 ১৭ তেতিয়া যিৰিমিয়াই চিদিকিয়াক ক’লে, “বাহিনীসকলৰ ঈশ্বৰ, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: যে, তুমি যদি বাহিৰ ওলাই বাবিলৰ ৰজাৰ প্ৰধান লোকসকলৰ ওচৰলৈ যোৱা, তেন্তে তোমাৰ প্ৰাণ থাকিব, আৰু এই নগৰ জুইৰে পোৰা নহ’ব আৰু তুমি সপৰিবাৰে জীয়াই থাকিবা।
Entonces Jeremías le dijo a Sedequías: “Esto es lo que dice el Señor Dios Todopoderoso, el Dios de Israel: ‘Si te entregas a los oficiales del rey de Babilonia, entonces vivirás. Jerusalén no será incendiada, y tú y tu familia sobrevivirán.
18 ১৮ কিন্তু যদি বাবিলৰ ৰজাৰ প্ৰধান লোকসকলৰ গুৰিলৈ নোযোৱা, তেন্তে এই নগৰ কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হ’ব আৰু তেওঁলোকে ইয়াক জুইৰে পুৰি পেলাব আৰু তুমিও তেওঁলোকৰ হাতৰ পৰা উদ্ধাৰ নাপাবা।
Pero si no te entregas a los oficiales del rey de Babilonia, esta ciudad será entregada a los babilonios. Ellos la incendiarán, y tú mismo no escaparás de ser capturado’”.
19 ১৯ তেতিয়া চিদিকিয়া ৰজাই যিৰিমিয়াক ক’লে, “যি যিহুদী লোকসকল কলদীয়াসকলৰ ফলিয়া হৈ গ’ল, তেওঁলোকলৈ মই ভয় ক’ৰোঁ, যে, কিজানি তেওঁলোকে মোক তেওঁলোকৰ হাতত সমৰ্পণ কৰিব, তাতে তেওঁলোকে মোক বিদ্ৰূপ কৰিব।”
Pero el rey Sedequías le dijo a Jeremías: “Tengo miedo de la gente de Judá que se ha pasado a los babilonios, porque los babilonios podrían entregarme a ellos para que abusen de mí”.
20 ২০ কিন্তু যিৰিমিয়াই ক’লে, “তেওঁলোকে আপোনাক সমৰ্পণ নকৰিব। বিনয় কৰোঁ, যি বিষয়ে মই আপোনাক কৈছোঁ, সেই বিষয়ে আপুনি যিহোৱাৰ বাক্যলৈ কাণ দিয়ক; তাতে আপোনাৰ মঙ্গল হ’ব, আৰু আপোনাৰ প্ৰাণ বাচিব।
“No te entregarán”, respondió Jeremías. “Si obedeces lo que dice el Señor haciendo lo que te digo, las cosas te irán bien y vivirás.
21 ২১ কিন্তু যদি আপুনি তেওঁলোকৰ ওচৰলৈ যাবলৈ অসন্মত হয়, তেন্তে শুনক, যিহোৱাই মোক জনোৱা কথাতো এই:
Pero si te niegas a entregarte, esto es lo que me ha dicho el Señor:
22 ২২ চোৱা, যিহূদাৰ ৰাজগৃহত অৱশিষ্ট থকা সকলো মহিলাক বাবিলৰ ৰজাৰ প্ৰধান লোকসকলৰ গুৰিলৈ নিয়া হ’ব; আৰু চোৱা!, সেই মহিলাসকলে ক’ব, ‘তোমাৰ প্ৰণয়ৰ বন্ধুসকলে তোমাক ভুলাই তোমাৰ প্ৰবৃত্তি জন্মালে। এতিয়া তোমাৰ ভৰি বোকাত পোত যোৱা দেখি তোমাৰ পৰা বিমুখ হৈছে।
Todas las mujeres que queden en el palacio del rey de Judá serán sacadas y entregadas a los funcionarios del rey de Babilonia Esas mujeres dirán: ‘¡Esos buenos amigos tuyos! Te han acogido y te han conquistado. Tus pies se atascaron en el medio, por lo que te abandonaron’.
23 ২৩ আৰু আপোনাৰ আটাই মহিলাৰ, আৰু আপোনাৰ সন্তান সকলক উলিয়াই কলদীয়াসকলৰ গুৰিলৈ নিয়া হ’ব; আপুনি তেওঁলোকৰ হাতৰ পৰা সাৰিব নোৱাৰিব, কিন্তু বাবিলৰ ৰজাৰ হাতত ধৰা পৰিব, আৰু আপুনি এই নগৰক জুইৰে পুৰি পেলাব।”
Todas tus esposas e hijos serán entregados a los caldeos. Y tú mismo no escaparás, pues serás capturado por el rey de Babilonia, y Jerusalén será incendiada”.
24 ২৪ পাছে চিদিকিয়াই যিৰিমিয়াক ক’লে, “এইবোৰ কথা কোনেও বুজ নাপাওঁক; তাতে তুমি নমৰিবা।
Sedequías advirtió a Jeremías: “Nadie puede enterarse de esta conversación, pues de lo contrario morirás.
25 ২৫ কিন্তু যদি প্ৰধান লোকসকলে মই তোমাৰে সৈতে কথা হোৱা বাৰ্ত্তা পাই তোমাৰ গুৰিলৈ আহি কয়, যে, ‘তুমি ৰজাক কি ক’লা, তাক আমাক কোৱা। আমাৰ পৰা তাক গুপুতে নাৰাখিবা, তেতিয়া আমি তোমাক বধ নকৰিম, আৰু ৰজাই তোমাক কি কলে, তাকো কোৱা;
Si los oficiales se enteran de que he hablado contigo, y vienen a preguntarte: ‘¡Dinos de qué hablaron tú y el rey! No nos ocultes nada, o te mataremos;’
26 ২৬ তেতিয়া তুমি তেওঁলোকক এই কথা ক’বা, ‘যোনাথনৰ ঘৰত মৰিবৰ কাৰণে মোক আকৌ তালৈ নপঠাবলৈ মই ৰজাৰ আগত মিনতি জনাইছিলোঁ’।”
entonces les dirás: ‘Le estaba pidiendo al rey que me concediera mi petición de no devolverme a la casa de Jonatán para morir allí’”.
27 ২৭ তেতিয়া সকলো প্ৰধান লোকে যিৰিমিয়াৰ ওচৰলৈ আহি তেওঁক সুধিলে; আৰু তেওঁ, ৰজাই আজ্ঞা দিয়া সেই সকলো কথা অনুসাৰে তেওঁলোকক ক’লে। এই হেতুকে তেওঁলোকে তেওঁৰ লগত কথা হ’বলৈ এৰিলে; কিয়নো তেওঁলোকে সেই কথাটো বুজ নাপালে।
Cuando todos los oficiales vinieron a Jeremías queriendo saber, él les repitió exactamente lo que el rey le había dicho que dijera. Entonces no le preguntaron nada más, porque nadie había oído lo que se había dicho.
28 ২৮ তেতিয়াৰে পৰা যিৰূচালেম শত্রুৰ হাতত পৰা দিন নোহোৱালৈকে যিৰিমিয়া সেই প্ৰহৰীৰ চোতালত থকিল।
Jeremías permaneció allí, en el patio de la guardia, hasta el día en que Jerusalén fue capturada.

< যেরেমিয়া 38 >