< যেরেমিয়া 38 >
1 ১ তাৰ পাছত মত্তনৰ পুত্ৰ চফটিয়া আৰু পচহুৰৰ পুত্ৰ গদলিয়া আৰু মল্কীয়াৰ পুত্ৰ পচ্হুৰে, আটাই লোকৰ আগত যিৰিমিয়াই কোৱা এই বাক্য শুনিলে, বোলে,
Mutta Sefatja, Mattanin poika, ja Gedalja, Pashurin poika, ja Juukal, Selemjan poika, ja Pashur, Malkian poika, kuulivat ne sanat, jotka Jeremia puhui kaikelle kansalle sanoen:
2 ২ “যিহোৱাই এই কথা কৈছে: যি কোনো লোক এই নগৰত থাকিব, তেওঁ তৰোৱালত, আকালত, আৰু মহামাৰীত মৰিব; কিন্তু যি জনে কলদীয়াসকলৰ ওচৰলৈ ওলাই যাব, তেওঁ জীয়াই থকিব, আৰু লুটদ্ৰব্যৰ নিচিনাকৈ নিজ প্ৰাণ লাভ কৰি জীয়াই থকিব।
"Näin sanoo Herra: Joka jää tähän kaupunkiin, se kuolee miekkaan, nälkään ja ruttoon; mutta joka menee kaldealaisten luo, se saa elää, pitää henkensä saaliinansa ja jää eloon.
3 ৩ যিহোৱাই এই কথা কৈছে: যে, এই নগৰ অৱশ্যে বাবিলৰ ৰজাৰ সৈন্য-সামন্তৰ হাতত সমৰ্পণ কৰা হ’ব আৰু তেওঁ তাক হাত কৰি ল’ব।”
Näin sanoo Herra: Tämä kaupunki annetaan Baabelin kuninkaan sotajoukon käsiin, ja hän valloittaa sen."
4 ৪ তাতে প্ৰধান লোকসকলে ৰজাক ক’লে, “আমি মিনতি কৰোঁ, এই মানুহৰ প্ৰাণ দণ্ড কৰিবলৈ আজ্ঞা দিয়ক; কিয়নো তেওঁ লোকসকলক এনেকুৱা কথা কৈ, এই নগৰৰ অৱশিষ্ট যুদ্ধাৰুসকলৰ আৰু আটাই প্ৰজাসকলৰ হাত দুৰ্ব্বল কৰিছে, কাৰণ এই মানুহে এই জাতিৰ মঙ্গললৈ চেষ্টা নকৰি, কেৱল অমঙ্গললৈ চেষ্টা কৰে।”
Silloin päämiehet sanoivat kuninkaalle: "Tämä mies on kuolemalla rangaistava, sillä hän herpaisee niiden sotamiesten kädet, jotka ovat jäljellä tässä kaupungissa, ja kaiken kansan kädet, kun hän heille puhuu tällaisia sanoja. Sillä ei tämä mies etsi tämän kansan menestystä, vaan onnettomuutta."
5 ৫ তেতিয়া চিদিকিয়া ৰজাই ক’লে, “চোৱা, তেওঁ তোমালোকৰ হাততে আছে; কাৰণ তোমালোকৰ অহিতে কৰিবলৈ ৰজাৰ একো সাধ্য নাই।
Kuningas Sidkia vastasi: "Katso, hän on teidän käsissänne. Sillä eihän kuningas voi mitään teitä vastaan."
6 ৬ তাতে তেওঁলোকে যিৰিমিয়াক ধৰি প্ৰহৰীৰ চোতালত থকা মল্কিয়া, ৰাজকোঁৱৰৰ কূপত পেলালে। ৰছীৰে যিৰিমিয়াক নমাই দিলে। সেই কূপত পানী নাছিল, কেৱল বোকা আছিল; তাতে যিৰিমিয়া বোকাত প্ৰায় পোত গৈছিল।
Silloin he ottivat Jeremian ja heittivät hänet Malkian, kuninkaan pojan, kaivoon, joka oli vankilan pihassa; he laskivat Jeremian köysillä alas. Mutta kaivossa ei ollut vettä, vaan liejua, ja Jeremia vajosi liejuun.
7 ৭ এনেতে যিৰিমিয়াক কূপত পেলোৱা কথা ৰাজগৃহত থকা এবদ-মেলক নামেৰে এজন কুচদেশীয় নপুংসকে শুনিলে। তেতিয়া ৰজা বিন্যামীনৰ দুৱাৰত বহি আছিল।
Mutta etiopialainen Ebed-Melek, hoviherra, joka oli kuninkaan linnassa, kuuli, että he olivat panneet Jeremian kaivoon; mutta kuningas istui Benjaminin portissa.
8 ৮ এবদ-মেলকে ৰাজগৃহৰ পৰা ওলাই গৈ ৰজাক ক’লে,
Niin Ebed-Melek meni kuninkaan linnasta ja puhutteli kuningasta sanoen:
9 ৯ “হে মোৰ প্ৰভু মহাৰাজ, সেই লোকসকলে যিৰিমিয়া ভাববাদীক কূপত পেলাই দি তেওঁলৈ নিতান্ত মন্দ ব্যৱহাৰ কৰিছে; তেওঁ যি ঠাইত আছে, সেই ঠাইত তেওঁ ভোকত মৰিব লগীয়া হৈছে, কিয়নো নগৰত আৰু ৰুটী নাই।”
"Herrani, kuningas! Nuo miehet ovat pahoin tehneet kaikessa, mitä ovat tehneet profeetta Jeremialle: he ovat heittäneet hänet kaivoon, kuolemaan nälkään siihen paikkaansa." Sillä kaupungissa ei ollut enää leipää.
10 ১০ তেতিয়া ৰজাই কুচীয়া এবদ-মেলকক আজ্ঞা কৰিলে, বোলে, “তুমি এই ঠাইৰ পৰা ত্ৰিশ জন মানুহ লগত লৈ গৈ যিৰিমিয়া ভাববাদী নৌ মৰোঁতেই তেওঁক কূপৰ পৰা তোলা।”
Silloin kuningas käski etiopialaista Ebed-Melekiä sanoen: "Ota mukaasi täältä kolmekymmentä miestä ja nosta profeetta Jeremia kaivosta, ennenkuin hän kuolee".
11 ১১ তেতিয়া এবদ-মেলকে সেই ত্ৰিশ জন মানুহক লগত লৈ ৰাজগৃহৰ ভঁৰালৰ তলৰ ঠাইলৈ গৈ তাৰ পৰা পেলনীয়া পুৰণি কাপোৰ আৰু পুৰণি পচা ফতাকানি উলিয়াই, যিৰিমিয়াৰ ওচৰলৈ কূপলৈ ৰছীৰে সেইবোৰ নমাই দিলে।
Ja Ebed-Melek otti miehet mukaansa ja meni kuninkaan linnaan, aarrekammion alla olevaan paikkaan, ja otti sieltä rikkinäisiä ja kuluneita vaateriepuja ja laski ne köysillä Jeremialle kaivoon.
12 ১২ আৰু কুচীয়া এবদ-মেলকে যিৰিমিয়াক ক’লে, “এই পুৰণি পেলনীয়া কাপোৰ আৰু পচা ফতাকানি তোমাৰ কাষলতিত ৰছীৰ তলত দিয়া।” তাতে তেওঁ তাকে কৰিলে।
Sitten etiopialainen Ebed-Melek sanoi Jeremialle: "Pane nämä rikkinäiset ja kuluneet vaaterievut kainaloihisi köytten alle", ja Jeremia teki niin.
13 ১৩ তেওঁলোকে সেই ৰছীত ধৰি টানি কূপৰ পৰা যিৰিমিয়াক তুলিলে। তেতিয়াৰে পৰা যিৰিমিয়া প্ৰহৰীৰ চোতালত থাকিল।
Sitten he vetivät Jeremian köysillä ylös ja nostivat hänet kaivosta. Ja Jeremia jäi vankilan pihaan.
14 ১৪ পাছে চিদিকিয়া ৰজাই মানুহ পঠিয়াই যিৰিমিয়া ভাববাদীক যিহোৱাৰ গৃহৰ তৃতীয় প্ৰৱেশস্থানলৈ নিজৰ ওচৰলৈ অনোৱালে। আৰু ৰজাই যিৰিমিয়াক ক’লে, “মই তোমাক এটি কথা সোধোঁ, তুমি মোৰ পৰা কোনো কথা গুপুতে নাৰাখিবা।”
Mutta kuningas Sidkia lähetti hakemaan profeetta Jeremian tykönsä Herran temppelin kolmanteen sisäänkäytävään. Ja kuningas sanoi Jeremialle: "Minä kysyn sinulta jotakin; älä salaa minulta mitään".
15 ১৫ তেতিয়া যিৰিমিয়াই চিদিকিয়াক ক’লে, “মই যদি আপোনাক জনাওঁ, তেন্তে আপুনি মোক অৱশ্যে বধ নকৰিব নে? আৰু যদি আপোনাক পৰামৰ্শ দিওঁ, তেন্তে আপুনি মোৰ কথা নুশুনিব।”
Mutta Jeremia vastasi Sidkialle: "Jos minä sinulle jotakin ilmoitan, niin sinähän surmautat minut. Ja jos minä sinua neuvon, et sinä minua kuule."
16 ১৬ তাতে চিদিকিয়া ৰজাই গুপুতে যিৰিমিয়াৰ আগত শপত খাই ক’লে, “আমাৰ এই জীৱান্মাৰ সৃষ্টিকৰ্ত্তা যিহোৱাৰ জীৱনৰ শপত, মই তোমাক বধ নকৰোঁ, আৰু তোমাৰ প্ৰাণ লবলৈ বিচাৰি ফুৰা এই লোকসকলৰ হাততো তোমাক সমৰ্পণ নকৰোঁ।”
Silloin kuningas Sidkia vannoi salaa Jeremialle sanoen: "Niin totta kuin Herra elää, joka on luonut tämän meidän elämämme: minä en sinua surmauta enkä jätä sinua näiden miesten käsiin, jotka etsivät sinun henkeäsi".
17 ১৭ তেতিয়া যিৰিমিয়াই চিদিকিয়াক ক’লে, “বাহিনীসকলৰ ঈশ্বৰ, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: যে, তুমি যদি বাহিৰ ওলাই বাবিলৰ ৰজাৰ প্ৰধান লোকসকলৰ ওচৰলৈ যোৱা, তেন্তে তোমাৰ প্ৰাণ থাকিব, আৰু এই নগৰ জুইৰে পোৰা নহ’ব আৰু তুমি সপৰিবাৰে জীয়াই থাকিবা।
Silloin Jeremia sanoi Sidkialle: "Näin sanoo Herra, Jumala Sebaot, Israelin Jumala: Jos sinä menet Baabelin kuninkaan päämiesten tykö, niin sinun henkesi säilyy, eikä tätä kaupunkia tulella polteta, ja sinä ja sinun huoneesi saatte elää.
18 ১৮ কিন্তু যদি বাবিলৰ ৰজাৰ প্ৰধান লোকসকলৰ গুৰিলৈ নোযোৱা, তেন্তে এই নগৰ কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হ’ব আৰু তেওঁলোকে ইয়াক জুইৰে পুৰি পেলাব আৰু তুমিও তেওঁলোকৰ হাতৰ পৰা উদ্ধাৰ নাপাবা।
Mutta jos sinä et mene Baabelin kuninkaan päämiesten tykö, niin tämä kaupunki annetaan kaldealaisten käsiin, ja he polttavat sen tulella, etkä sinäkään pelastu heidän käsistänsä."
19 ১৯ তেতিয়া চিদিকিয়া ৰজাই যিৰিমিয়াক ক’লে, “যি যিহুদী লোকসকল কলদীয়াসকলৰ ফলিয়া হৈ গ’ল, তেওঁলোকলৈ মই ভয় ক’ৰোঁ, যে, কিজানি তেওঁলোকে মোক তেওঁলোকৰ হাতত সমৰ্পণ কৰিব, তাতে তেওঁলোকে মোক বিদ্ৰূপ কৰিব।”
Silloin kuningas Sidkia sanoi Jeremialle: "Minä pelkään niitä juutalaisia, jotka ovat menneet kaldealaisten puolelle, pelkään, että minut jätetään heidän käsiinsä ja he pitävät minua pilkkanansa".
20 ২০ কিন্তু যিৰিমিয়াই ক’লে, “তেওঁলোকে আপোনাক সমৰ্পণ নকৰিব। বিনয় কৰোঁ, যি বিষয়ে মই আপোনাক কৈছোঁ, সেই বিষয়ে আপুনি যিহোৱাৰ বাক্যলৈ কাণ দিয়ক; তাতে আপোনাৰ মঙ্গল হ’ব, আৰু আপোনাৰ প্ৰাণ বাচিব।
Mutta Jeremia sanoi: "Ei jätetä. Kuule vain Herran ääntä, kuule, mitä minä sinulle puhun, niin sinun käy hyvin, ja sinun henkesi säilyy.
21 ২১ কিন্তু যদি আপুনি তেওঁলোকৰ ওচৰলৈ যাবলৈ অসন্মত হয়, তেন্তে শুনক, যিহোৱাই মোক জনোৱা কথাতো এই:
Mutta jos sinä et tahdo mennä, niin tämä on se sana, jonka Herra on minulle näyttänyt:
22 ২২ চোৱা, যিহূদাৰ ৰাজগৃহত অৱশিষ্ট থকা সকলো মহিলাক বাবিলৰ ৰজাৰ প্ৰধান লোকসকলৰ গুৰিলৈ নিয়া হ’ব; আৰু চোৱা!, সেই মহিলাসকলে ক’ব, ‘তোমাৰ প্ৰণয়ৰ বন্ধুসকলে তোমাক ভুলাই তোমাৰ প্ৰবৃত্তি জন্মালে। এতিয়া তোমাৰ ভৰি বোকাত পোত যোৱা দেখি তোমাৰ পৰা বিমুখ হৈছে।
Katso, kaikki naiset, jotka ovat jäljellä Juudan kuninkaan linnassa, viedään Baabelin kuninkaan päämiesten luokse, ja katso, he sanovat: 'Sinun ystäväsi ovat sinut viekoitelleet ja saaneet sinut valtaansa; sinun jalkasi vajosivat liejuun-he vetäytyivät pois'.
23 ২৩ আৰু আপোনাৰ আটাই মহিলাৰ, আৰু আপোনাৰ সন্তান সকলক উলিয়াই কলদীয়াসকলৰ গুৰিলৈ নিয়া হ’ব; আপুনি তেওঁলোকৰ হাতৰ পৰা সাৰিব নোৱাৰিব, কিন্তু বাবিলৰ ৰজাৰ হাতত ধৰা পৰিব, আৰু আপুনি এই নগৰক জুইৰে পুৰি পেলাব।”
Ja kaikki sinun vaimosi ja lapsesi viedään kaldealaisten luokse, etkä sinä pelastu näiden käsistä, vaan Baabelin kuninkaan käsi tarttuu sinuun, ja sinä saatat tämän kaupungin tulella poltettavaksi."
24 ২৪ পাছে চিদিকিয়াই যিৰিমিয়াক ক’লে, “এইবোৰ কথা কোনেও বুজ নাপাওঁক; তাতে তুমি নমৰিবা।
Silloin Sidkia sanoi Jeremialle: "Älköön kukaan saako tietää tästä puhelusta, muutoin sinä kuolet.
25 ২৫ কিন্তু যদি প্ৰধান লোকসকলে মই তোমাৰে সৈতে কথা হোৱা বাৰ্ত্তা পাই তোমাৰ গুৰিলৈ আহি কয়, যে, ‘তুমি ৰজাক কি ক’লা, তাক আমাক কোৱা। আমাৰ পৰা তাক গুপুতে নাৰাখিবা, তেতিয়া আমি তোমাক বধ নকৰিম, আৰু ৰজাই তোমাক কি কলে, তাকো কোৱা;
Mutta jos päämiehet kuulevat, että minä olen puhunut sinun kanssasi, ja tulevat sinun luoksesi ja sanovat sinulle: 'Ilmoita meille, mitä olet puhunut kuninkaalle ja mitä kuningas on puhunut sinulle-älä salaa sitä meiltä, muutoin me surmaamme sinut' -
26 ২৬ তেতিয়া তুমি তেওঁলোকক এই কথা ক’বা, ‘যোনাথনৰ ঘৰত মৰিবৰ কাৰণে মোক আকৌ তালৈ নপঠাবলৈ মই ৰজাৰ আগত মিনতি জনাইছিলোঁ’।”
niin sano heille: 'Minä annoin rukoukseni langeta kuninkaan eteen, ettei hän lähettäisi minua takaisin Joonatanin taloon, kuolemaan sinne'."
27 ২৭ তেতিয়া সকলো প্ৰধান লোকে যিৰিমিয়াৰ ওচৰলৈ আহি তেওঁক সুধিলে; আৰু তেওঁ, ৰজাই আজ্ঞা দিয়া সেই সকলো কথা অনুসাৰে তেওঁলোকক ক’লে। এই হেতুকে তেওঁলোকে তেওঁৰ লগত কথা হ’বলৈ এৰিলে; কিয়নো তেওঁলোকে সেই কথাটো বুজ নাপালে।
Ja kaikki ruhtinaat tulivat Jeremian tykö ja kysyivät häneltä, ja hän ilmoitti heille kaiken, mitä kuningas oli käskenyt hänen ilmoittaa. Niin he jättivät hänet rauhaan, sillä asiasta ei oltu mitään kuultu.
28 ২৮ তেতিয়াৰে পৰা যিৰূচালেম শত্রুৰ হাতত পৰা দিন নোহোৱালৈকে যিৰিমিয়া সেই প্ৰহৰীৰ চোতালত থকিল।
Ja Jeremia jäi olemaan vankilan pihassa siihen päivään asti, jona Jerusalem valloitettiin.