< যেরেমিয়া 37 >
1 ১ বাবিলৰ ৰজা নবূখদনেচৰে যিহূদা দেশৰ ওপৰত পতা ৰজা যোচিয়াৰ পুত্ৰ চিদিকিয়া যিহোয়াকীমৰ পুত্ৰ কনিয়াৰ সলনি ৰজা হ’ল।
၁ဗာဗုလုန်ရှင်ဘုရင်နေဗုခဒ်နေဇာသည် ယုဒ ရှင်ဘုရင်အရာ၌ ခန့်ထားသော ယောယကိမ်သားခေါနိ အရာ၌၊ ယောရှိမင်းကြီး၏ သားဇေဒကိမင်းကြီးသည် နန်းထိုင်လေ၏။
2 ২ কিন্তু তেওঁ, তেওঁৰ মন্ত্ৰীসকল আৰু দেশীয় লোকসকলে যিৰিমিয়া ভাববাদীৰ দ্বাৰাই কোৱা যিহোৱাৰ বাক্যলৈ কাণ নিদিলে।
၂ထာဝရဘုရားသည် ယေရမိအားဖြင့် မိန့်တော် မူသော စကားတော်တို့ကို၊ ထိုမင်းကြီးအစရှိသော ကျွန်များ၊ ပြည်သူပြည်သားများတို့သည် နားမထောင်ဘဲ နေကြ၏။
3 ৩ গতিকে চিদিকিয়া ৰজাই চেলেমিয়াৰ পুত্ৰ যিহূখলক আৰু মাচেয়াৰ পুত্ৰ চফনিয়া পুৰোহিতক যিৰিমিয়া ভাববাদীৰ ওচৰলৈ পঠিয়াই দি ক’লে, “তুমি অনুগ্ৰহ কৰি আমাৰ ঈশ্বৰ যিহোৱাৰ আগত আমাৰ বাবে প্ৰাৰ্থনা কৰা।”
၃တရံရောအခါ ဇေဒကိမင်းကြီးသည်၊ ရှေလမိ သားယေဟုကလနှင့်ယဇ်ပုရောဟိတ် မာသေယသား ဇေဖနိတို့ကို ပရောဖက်ယေရမိထံသို့ စေလွှတ်၍၊ ငါတို့ အဘို့ငါတို့ဘုရားသခင်ထာဝရ ဘုရားအားဆုတောင်း ပါလော့ဟု မှာလိုက်၏။
4 ৪ সেই সময়ত যিৰিমিয়াই তেওঁলোকৰ মাজত অহা-যোৱা কৰিছিল, কিয়নো সেই সময়ত তেওঁক বন্দীশালত থোৱা হোৱা নাছিল।
၄ထိုအခါ ယေရမိသည် ထောင်ထဲသို့ မရောက် သေး။ လူများ တို့နှင့်ပေါင်းဘော်လျက် နေသေး၏။
5 ৫ পাছত ফৰৌণৰ সৈন্য-সামন্ত মিচৰৰ পৰা ওলাল আৰু যিৰূচালেম-অৱৰোধকাৰী কলদীয়াসকলে তাৰ বাৰ্ত্তা শুনি যিৰূচালেমৰ পৰা ছাউনি ভাঙি গুচি গ’ল।
၅ယေရုရှလင်မြို့ကို ပိုင်းသော ခါလဒဲလူတို့သည်၊ အဲဂုတ္တုပြည်မှ ဖာရောဘုရင်၏ ဗိုလ်ခြေများစစ်ချီ၍ လာကြောင်းကို ကြားလျှင်၊ ထိုမြို့မှ ထွက်သွားကြပြီ။
6 ৬ তেতিয়া যিৰিমিয়া ভাববাদীৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল, বোলে,
၆ထိုအခါ ထာဝရဘုရား၏နှုတ်ကပတ်တော်သည် ပရောဖက်ယေရမိသို့ ရောက်၍၊
7 ৭ “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: যিহূদাৰ যি ৰজাই মোৰ গুৰিত সুধিবলৈ তোমালোকক পঠিয়াইছে, তেওঁক এই কথা ক’বা, ‘চোৱা, ফৰৌণৰ যি সৈন্য-সামন্তই তোমালোকক সহায় কৰিবলৈ ওলাই আহিছে, তেওঁলোক নিজ দেশ মিচৰলৈ উলটি যাব।
၇ဣသရေလအမျိုး၏ ဘုရားသခင် ထာဝရဘုရား မိန့်တော်မူသည်ကား၊ ငါ့ကိုမေးလျှောက်စေခြင်းငှါ၊ သင့်ကိုမှာလိုက်သော ယုဒရှင်ဘုရင်အား ဤသို့ပြန်ပြော လော့။ သင်တို့ကိုစစ်ကူခြင်းငှါလာသော ဖာရောဘုရင်၏ ဗိုလ်ခြေတို့သည်သူတို့နေရင်း အဲဂုတ္တုပြည်သို့ ပြန်သွားကြ လိမ့်မည်။
8 ৮ আৰু কলদীয়াসকলে পুনৰায় আহিব আৰু এই নগৰৰ অহিতে যুদ্ধ কৰি ইয়াক হাত কৰি লৈ জুইৰে পুৰি পেলাব।
၈ခါလဒဲလူတို့သည် လာပြန်၍၊ ဤမြို့ကို တိုက်ယူ ပြီးလျှင် မီးရှို့ကြလိမ့်မည်။
9 ৯ যিহোৱাই এইদৰে কৈছে: “কলদীয়াসকল আমাৰ ওচৰৰ পৰা একেবাৰে গুচি যাব বুলি কৈ তোমালোকে নিজক নুভুলাবা,” কিয়নো তেওঁলোক একেবাৰ গুচি নাযাব।
၉ထာဝရဘုရားမိန့်တော်မူသည်ကား၊ အကယ်စင် စစ်ခါလဒဲလူတို့သည် ငါတို့ထံမှ ထွက်သွားကြလိမ့်မည်ဟု ဆို၍ ကိုယ်ကိုကိုယ်မလှည့်စားကြနှင့်။ သူတို့သည် ထွက်၍ မသွားရကြ။
10 ১০ কাৰণ তোমালোকৰ অহিতে যুদ্ধ কৰা কলদীয়াসকলৰ গোটেই সৈন্য-সামন্ত যদিও তোমালোকে একেবাৰে প্ৰহাৰ কৰা আৰু তেওঁলোকৰ মাজৰ খুন হোৱা লোক মাথোন অৱশিষ্ট থাকে, তথাপি তেওঁলোকে প্ৰতিজনে নিজ নিজ তম্বুত উঠিব আৰু এই নগৰ জুই দি পুৰি পেলাব’।”
၁၀ထိုမျှမက၊ သင်တို့ကိုစစ်တိုက်သော ခါလဒဲ စစ်သူရဲအပေါင်းတို့ကို သင်တို့သည်လုပ်ကြံသဖြင့်၊ သူတို့ တွင် ဒဏ်ချက်ထိသော သူသက်သက် ကျန်ကြွင်းသော် လည်း၊ သူတို့သည် အသီးအသီးမိမိတို့ထဲ၌ထ၍၊ ဤမြို့သို့ မီးရှို့ရကြလိမ့်မည်ဟု မိန့်တော်မူ၏။
11 ১১ কলদীয়াসকলৰ সৈন্য-সামন্তই যি সময়ত ফৰৌণৰ সৈন্য-সামন্তৰ ভয়ত যিৰূচালেমৰ পৰা ছাউনি ভাঙি উলটি গৈছিল,
၁၁ခါလဒဲစစ်သူရဲတို့သည် ဖာရောဘုရင်၏ဗိုလ်ခြေ တို့ကို ကြောက်ရွံ့၍၊ ယေရုရှလင်မြို့မှ ဆုတ်သွားကြသော အခါ၊
12 ১২ সেই সময়ত যিৰিমিয়াই বিন্যামীন প্ৰদেশত লোকসকলৰ মাজত থকা তেওঁৰ ভাগ লবৰ মনেৰে তালৈ যাবলৈ যিৰূচালেমৰ পৰা ওলাইছিল।
၁၂ယေရမိသည်မိမိအမျိုး၌ မိမိအမွေဥစ္စာကို ခံအံ့ သောငှါ၊ ဗင်္ယာမိန်ပြည်သို့သွားမည်ဟု အကြံရှိ၍ ယေရု ရှလင်မြို့မှ ထွက်သွားလေ၏။
13 ১৩ পাছত যেতিয়া তেওঁ বিন্যামীন নামেৰে বৰ দুৱাৰ পালেগৈ, তেতিয়া সেই ঠাইত হননিয়াৰ নাতিয়েক চেলেমিয়াৰ পুতেক যিৰিয়া নামেৰে দুৱৰীৰ এজন অধ্যক্ষ আছিল। তেওঁ যিৰিমিয়া ভাববাদীক ধৰি ক’লে, “তুমি কলদীয়াসকলৰ ফলিয়া হ’বলৈ গৈছা।
၁၃ဗင်္ယာမိန်တံခါးဝသို့ ရောက်သောအခါ၊ ဟာနနိ သားဖြစ်သော ရှေလမိ၏ သားကင်းမှူးဣရိယက၊ သင်သည်ခါလဒဲ လူတို့ဘက်သို့ ကူးသွားပါသည် တကား ဟုဆိုလျက်၊ ပရောဖက်ယေရမိကိုဘမ်းဆီးလေ၏။
14 ১৪ তেতিয়া যিৰিমিয়াই ক’লে, “এয়ে মিছা কথা, মই কলদীয়াসকলৰ ফলিয়া হ’বলৈ নাযাও।” তথাপি যিৰিয়াই তেওঁৰ কথা নুশুনি, তেওঁক ধৰি প্ৰধান লোকসকলৰ গুৰিলৈ লৈ গ’ল।
၁၄ယေရမိ ကလည်း၊ မဟုတ်ပါ။ ခါလဒဲလူတို့ ဘက်သို့ ငါမကူးမသွားပါဟုဆိုသော်လည်း၊ ဣရိယသည် နားမထောင်ဘဲ၊ ယေရမိကို ယူ၍ မင်းများထံသို့ ပို့ဆောင် လေ၏။
15 ১৫ সেই প্ৰধান লোকসকলে যিৰিমিয়ালৈ ক্ৰোধ হৈ তেওঁক কোবাই যোনাথন লিখকৰ ঘৰত থকা বন্দীশালত পেলাই হ’ল; কিয়নো তেওঁলোকে তাকেই বন্দীশাল কৰিছিল।
၁၅မင်းများတို့သည် အမျက်ထွက်၍ ယေရမိကို ရိုက်ပြီးမှ၊ စာရေးတော်ယောနသန်၏အိမ်၌ လှောင်ထား ကြ၏။ ထိုအိမ်ကို လှောင်အိမ်လုပ်နှင့်သတည်း။
16 ১৬ যিৰিমিয়াই কাৰাকূপত, আৰু সৰু সৰু কোঁঠালিবোৰত সোমাই সেই ঠাইত ভালেমান দিন কটালে।
၁၆ယေရမိသည် အိမ်အောက်မြေတွင်း၊ လှောင် အိမ်ထဲသို့ရောက်၍၊ နေ့ရက်များစွာ နေရသောနောက်၊
17 ১৭ চিদিকিয়া ৰজাই মানুহ পঠিয়াই তেওঁক অনোৱালে আৰু ৰজাই নিজৰ ঘৰত গুপুতে সুধিলে, বোলে, “যিহোৱাৰ পৰা অহা কোনো বাক্য আছে নে?” তাতে যিৰিমিয়াই ক’লে, “আছে,” তেওঁ আৰু ক’লে, “আপোনাক বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হ’ব।”
၁၇ဇေဒကိမင်းကြီးသည် လူကိုစေလွှတ်၍ ယေရမိ ကိုနှုတ်ပြီးမှ၊ ထာဝရဘုရား၏ နှုတ်ကပတ်တော်ရှိသလော ဟု နန်းတော်၌ တိတ်ဆိတ်စွာ မေးမြန်းလျှင်၊ ယေရမိက၊ နှုတ်ကပတ်တော်ရှိပါ၏။ ကိုယ်တော်သည် ဗာဗုလုန် ရှင်ဘုရင်လက်သို့ရောက်ပါလိမ့်မည်ဟု ပြန်လျှောက်၏။
18 ১৮ যিৰিমিয়াই চিদিকিয়া ৰজাক আৰু ক’লে, “আপোনাৰ বা আপোনাৰ পাত্ৰ-মন্ত্ৰীসকলৰ বা এই লোকসকলৰ বিৰুদ্ধে মই কি অপৰাধ কৰিছোঁ, যে, আপোনালোকে মোক বন্দীশালত পেলাই দিছে?
၁၈တဖန်ယေရမိက၊ အကျွန်ုပ်သည် ကိုယ်တော်ကို ပြစ်မှားသလော။ ကိုယ်တော်၏ကျွန်တို့ကို ပြစ်မှား သလော။ ဤလူမျိုးကို ပြစ်မှားသလော။ အဘယ်မည် သောအပြစ်ကြောင့် အကျွန်ုပ်ကို လှောင်ထားကြသနည်း။
19 ১৯ আৰু বাবিলৰ ৰজা আপোনালোকৰ বা এই দেশৰ বিৰুদ্ধে নাহিব, এই বুলি কৈ আপোনালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা আপোনালোকৰ ভাববাদীসকল ক’ত?
၁၉ဗာဗုလုန်ရှင်ဘုရင်သည် သင်တို့နှင့် ဤပြည်ကို မတိုက်မလာရဟု ဟောပြောသောသင်တို့၏ ပရောဖက် တို့သည် ယခုအဘယ်မှာ ရှိကြသနည်း။
20 ২০ এতিয়া হে মোৰ প্ৰভু মহাৰাজ! অনুগ্ৰহ কৰি শুনক, মই যোনাথন লিখকৰ ঘৰত যেন নমৰোঁ, এই কাৰণে আপুনি সেই ঠাইলৈ মোক আৰু পঠিয়াই নিদিব! বিনয় কৰোঁ, মোৰ এই মিনতি আপোনাৰ আগত গ্ৰহণ হওঁক।”
၂၀သို့ဖြစ်၍၊ အကျွန်ုပ်သခင်အရှင်မင်းကြီး၊ နားထောင်တော်မူပါ၊ အကျွန်ုပ်တောင်းပန်သောစကားကို နားခံတော်မူပါ။ အကျွန်ုပ်ကို သေစေခြင်းငှါ၊ စာရေး တော်ယောနသန်အိမ်သို့ ပြန်စေတော်မမူပါနှင့်ဟု ဇေဒကိမင်းကြီးကို လျှောက်ဆို၏။
21 ২১ তেতিয়া, চিদিকিয়া ৰজাই আজ্ঞা দিয়াত লোকসকলে যিৰিমিয়াক প্ৰহৰীৰ চোতালত ৰাখিলে। আৰু যেতিয়ালৈকে নগৰৰ সকলো ৰুটী নুঢুকাল, তেতিয়ালৈকে প্ৰতি দিনেই ৰুটীৱালা-পটিৰ পৰা এটা এটা ৰুটী আনি তেওঁক দিয়া হ’ল। এইদৰে যিৰিমিয়া প্ৰহৰীৰ চোতালত থাকিল।
၂၁ထိုအခါ ဇောဒကိမင်းကြီးအမိန့်တော်ရှိ၍၊ ယေရမိကို ထောင်ဝင်း၌ ထားကြ၏။ မြို့တွင် မုန့်မကုန်မှီ တိုင်အောင်၊ မုန့်သည် တန်းမှမုန့်တလုံးကို နေ့တိုင်း အစဉ်ပေးရ၏။ ထိုသို့ယေရမိသည် ထောင်ဝင်းထဲမှာ နေလေ၏။