< যেরেমিয়া 37 >

1 বাবিলৰ ৰজা নবূখদনেচৰে যিহূদা দেশৰ ওপৰত পতা ৰজা যোচিয়াৰ পুত্ৰ চিদিকিয়া যিহোয়াকীমৰ পুত্ৰ কনিয়াৰ সলনি ৰজা হ’ল।
Nebukadnezzar sarkin Babilon ya naɗa Zedekiya ɗan Yosiya sarkin Yahuda; ya yi mulki a madadin Yehohiyacin ɗan Yehohiyakim.
2 কিন্তু তেওঁ, তেওঁৰ মন্ত্ৰীসকল আৰু দেশীয় লোকসকলে যিৰিমিয়া ভাববাদীৰ দ্বাৰাই কোৱা যিহোৱাৰ বাক্যলৈ কাণ নিদিলে।
Shi da masu yin masa hidima da mutanen ƙasar ba su kula da maganar da Ubangiji ya yi ta wurin Irmiya annabi ba.
3 গতিকে চিদিকিয়া ৰজাই চেলেমিয়াৰ পুত্ৰ যিহূখলক আৰু মাচেয়াৰ পুত্ৰ চফনিয়া পুৰোহিতক যিৰিমিয়া ভাববাদীৰ ওচৰলৈ পঠিয়াই দি ক’লে, “তুমি অনুগ্ৰহ কৰি আমাৰ ঈশ্বৰ যিহোৱাৰ আগত আমাৰ বাবে প্ৰাৰ্থনা কৰা।”
Sai sarki Zedekiya ya aiki Yehukal ɗan Shelemiya tare da firist nan Zefaniya ɗan Ma’asehiya da wannan saƙo cewa, “Ina roƙonka ka yi addu’a ga Ubangiji Allahnmu saboda mu.”
4 সেই সময়ত যিৰিমিয়াই তেওঁলোকৰ মাজত অহা-যোৱা কৰিছিল, কিয়নো সেই সময়ত তেওঁক বন্দীশালত থোৱা হোৱা নাছিল।
To, fa, Irmiya ya sami’yancin kai da kawowa a cikin mutane, gama ba a riga an sa shi a kurkuku ba.
5 পাছত ফৰৌণৰ সৈন্য-সামন্ত মিচৰৰ পৰা ওলাল আৰু যিৰূচালেম-অৱৰোধকাৰী কলদীয়াসকলে তাৰ বাৰ্ত্তা শুনি যিৰূচালেমৰ পৰা ছাউনি ভাঙি গুচি গ’ল।
Sojojin Fir’auna suka fita daga Masar, sa’ad da Babiloniyawa waɗanda suke ƙawanya wa Urushalima suka ji labari game da su, sai suka janye daga Urushalima.
6 তেতিয়া যিৰিমিয়া ভাববাদীৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল, বোলে,
Sai maganar Ubangiji ta zo wa Irmiya annabi cewa,
7 “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: যিহূদাৰ যি ৰজাই মোৰ গুৰিত সুধিবলৈ তোমালোকক পঠিয়াইছে, তেওঁক এই কথা ক’বা, ‘চোৱা, ফৰৌণৰ যি সৈন্য-সামন্তই তোমালোকক সহায় কৰিবলৈ ওলাই আহিছে, তেওঁলোক নিজ দেশ মিচৰলৈ উলটি যাব।
“Ga abin da Ubangiji, Allah na Isra’ila, yana cewa ka faɗa wa sarkin Yahuda, wanda ya aika a neme ni cewa, ‘Sojojin Fir’aunan da suka fito su taimake ka, za su koma ƙasarsu, Masar.
8 আৰু কলদীয়াসকলে পুনৰায় আহিব আৰু এই নগৰৰ অহিতে যুদ্ধ কৰি ইয়াক হাত কৰি লৈ জুইৰে পুৰি পেলাব।
Sa’an nan Babiloniyawa za su koma su yaƙi wannan birni su ci ta su kuma ƙone shi.’
9 যিহোৱাই এইদৰে কৈছে: “কলদীয়াসকল আমাৰ ওচৰৰ পৰা একেবাৰে গুচি যাব বুলি কৈ তোমালোকে নিজক নুভুলাবা,” কিয়নো তেওঁলোক একেবাৰ গুচি নাযাব।
“Ga abin da Ubangiji yana cewa, kada ku ruɗe kanku, kuna tsammani, ‘Tabbatacce Babiloniyawa sun bar mu.’ Ba za su bari ba!
10 ১০ কাৰণ তোমালোকৰ অহিতে যুদ্ধ কৰা কলদীয়াসকলৰ গোটেই সৈন্য-সামন্ত যদিও তোমালোকে একেবাৰে প্ৰহাৰ কৰা আৰু তেওঁলোকৰ মাজৰ খুন হোৱা লোক মাথোন অৱশিষ্ট থাকে, তথাপি তেওঁলোকে প্ৰতিজনে নিজ নিজ তম্বুত উঠিব আৰু এই নগৰ জুই দি পুৰি পেলাব’।”
Ko da a ce za ku ci dukan sojojin Babiloniyawan da suke yaƙi da ku har raunana ne kawai aka bari a tentunansu, za su fito su ƙone wannan birni.”
11 ১১ কলদীয়াসকলৰ সৈন্য-সামন্তই যি সময়ত ফৰৌণৰ সৈন্য-সামন্তৰ ভয়ত যিৰূচালেমৰ পৰা ছাউনি ভাঙি উলটি গৈছিল,
Bayan sojojin Babiloniyawa suka janye daga Urushalima saboda sojojin Fir’auna,
12 ১২ সেই সময়ত যিৰিমিয়াই বিন্যামীন প্ৰদেশত লোকসকলৰ মাজত থকা তেওঁৰ ভাগ লবৰ মনেৰে তালৈ যাবলৈ যিৰূচালেমৰ পৰা ওলাইছিল।
sai Irmiya ya bar birnin don yă je yankin Benyamin ya sami rabon mallaka a cikin mutane a can.
13 ১৩ পাছত যেতিয়া তেওঁ বিন্যামীন নামেৰে বৰ দুৱাৰ পালেগৈ, তেতিয়া সেই ঠাইত হননিয়াৰ নাতিয়েক চেলেমিয়াৰ পুতেক যিৰিয়া নামেৰে দুৱৰীৰ এজন অধ্যক্ষ আছিল। তেওঁ যিৰিমিয়া ভাববাদীক ধৰি ক’লে, “তুমি কলদীয়াসকলৰ ফলিয়া হ’বলৈ গৈছা।
Amma sa’ad da ya kai Ƙofar Benyamin, sai hafsa mai tsaro, wanda ake kira Iriya ɗan Shelemiya, ɗan Hananiya, ya kama shi ya kuma ce, “Kana gudu daga Babiloniyawa ne!”
14 ১৪ তেতিয়া যিৰিমিয়াই ক’লে, “এয়ে মিছা কথা, মই কলদীয়াসকলৰ ফলিয়া হ’বলৈ নাযাও।” তথাপি যিৰিয়াই তেওঁৰ কথা নুশুনি, তেওঁক ধৰি প্ৰধান লোকসকলৰ গুৰিলৈ লৈ গ’ল।
Sai Irmiya ya ce, “Ba gaskiya ba ce, ba na gudu daga Babiloniyawa.” Amma Iriya bai saurare shi ba; a maimako, ya kama Irmiya ya kawo shi wurin fadawa.
15 ১৫ সেই প্ৰধান লোকসকলে যিৰিমিয়ালৈ ক্ৰোধ হৈ তেওঁক কোবাই যোনাথন লিখকৰ ঘৰত থকা বন্দীশালত পেলাই হ’ল; কিয়নো তেওঁলোকে তাকেই বন্দীশাল কৰিছিল।
Suka yi fushi da Irmiya suka sa aka yi masa dūka aka kuma jefa shi cikin kurkuku a gidan Yonatan magatakarda, gama an mai da gidansa ya zama kurkuku.
16 ১৬ যিৰিমিয়াই কাৰাকূপত, আৰু সৰু সৰু কোঁঠালিবোৰত সোমাই সেই ঠাইত ভালেমান দিন কটালে।
Aka sa Irmiya a can cikin kurkuku, inda ya kasance kwanaki masu yawa.
17 ১৭ চিদিকিয়া ৰজাই মানুহ পঠিয়াই তেওঁক অনোৱালে আৰু ৰজাই নিজৰ ঘৰত গুপুতে সুধিলে, বোলে, “যিহোৱাৰ পৰা অহা কোনো বাক্য আছে নে?” তাতে যিৰিমিয়াই ক’লে, “আছে,” তেওঁ আৰু ক’লে, “আপোনাক বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হ’ব।”
Sa’an nan Sarki Zedekiya ya aika a kawo shi aka kuma kawo shi fada, inda ya tambaye shi a kaɗaice ya ce, “Akwai wata magana daga Ubangiji?” Irmiya ya amsa ya ce, “I, za a ba da kai ga sarkin Babilon.”
18 ১৮ যিৰিমিয়াই চিদিকিয়া ৰজাক আৰু ক’লে, “আপোনাৰ বা আপোনাৰ পাত্ৰ-মন্ত্ৰীসকলৰ বা এই লোকসকলৰ বিৰুদ্ধে মই কি অপৰাধ কৰিছোঁ, যে, আপোনালোকে মোক বন্দীশালত পেলাই দিছে?
Sai Irmiya ya ce wa Sarki Zedekiya, “Wane laifi na yi maka ko fadawanka ko kuwa wannan mutane, da ka sa aka jefa ni cikin kurkuku?
19 ১৯ আৰু বাবিলৰ ৰজা আপোনালোকৰ বা এই দেশৰ বিৰুদ্ধে নাহিব, এই বুলি কৈ আপোনালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা আপোনালোকৰ ভাববাদীসকল ক’ত?
Ina annabawanka waɗanda suka yi maka annabci suna cewa, ‘Sarkin Babilon ba zai yaƙe ka ko wannan ƙasa ba’?
20 ২০ এতিয়া হে মোৰ প্ৰভু মহাৰাজ! অনুগ্ৰহ কৰি শুনক, মই যোনাথন লিখকৰ ঘৰত যেন নমৰোঁ, এই কাৰণে আপুনি সেই ঠাইলৈ মোক আৰু পঠিয়াই নিদিব! বিনয় কৰোঁ, মোৰ এই মিনতি আপোনাৰ আগত গ্ৰহণ হওঁক।”
Amma yanzu, ranka yă daɗe, sarkina, ka saurara. Bari in kawo kukata a gabanka. Kada ka mai da ni gidan Yonatan magatakarda, in ba haka zan mutu a can.”
21 ২১ তেতিয়া, চিদিকিয়া ৰজাই আজ্ঞা দিয়াত লোকসকলে যিৰিমিয়াক প্ৰহৰীৰ চোতালত ৰাখিলে। আৰু যেতিয়ালৈকে নগৰৰ সকলো ৰুটী নুঢুকাল, তেতিয়ালৈকে প্ৰতি দিনেই ৰুটীৱালা-পটিৰ পৰা এটা এটা ৰুটী আনি তেওঁক দিয়া হ’ল। এইদৰে যিৰিমিয়া প্ৰহৰীৰ চোতালত থাকিল।
Sarki Zedekiya ya yi umarni a ajiye Irmiya a sansanin matsara a kuma ba shi burodi daga titin masu gashin burodi kowace rana sai duka burodi a birnin ya ƙare. Saboda haka Irmiya ya zauna a sansanin matsara.

< যেরেমিয়া 37 >