< যেরেমিয়া 36 >

1 যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ চতুৰ্থ বছৰত যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল, বোলে,
Ní ọdún kẹrin Jehoiakimu ọmọ Josiah ọba Juda, ọ̀rọ̀ yìí tọ Jeremiah wá láti ọ̀dọ̀ Olúwa wí pé:
2 “তুমি এখন নুৰিওৱা পুথি লোৱা; আৰু মই তোমাক প্ৰথমে কোৱা দিনৰে পৰা, যোচিয়াৰ ৰাজত্বৰ কালৰে পৰা আজিলৈকে, ইস্ৰায়েলৰ, যিহূদাৰ, আৰু সকলো জাতিৰ বিৰুদ্ধে যি যি কথা মই তোমাৰ আগত কৈ আছোঁ, সেই সকলো কথা সেই পুথিত লিখা।
“Mú ìwé kíká fún ará rẹ, kí o sì kọ sínú rẹ̀ gbogbo ọ̀rọ̀ tí mo ti sọ nípa Israẹli àti ti Juda, àti sí gbogbo orílẹ̀-èdè láti ìgbà tí mo ti sọ fún ọ láti ọjọ́ Josiah títí di òní.
3 যিহূদা বংশলৈ মই যি অমঙ্গল ঘটাবলৈ কল্পনা কৰিছোঁ, কিজানি নিজ নিজ কুপথৰ পৰা ঘূৰিবলৈ তেওঁলোকে সেই সকলো অমঙ্গলৰ কথা শুনিব; তেতিয়া মই তেওঁলোকৰ অপৰাধ আৰু পাপ ক্ষমা কৰিম।”
Ó lè jẹ́ wí pé ilé Juda yóò gbọ́ gbogbo ibi tí mo ti pinnu láti ṣe fún wọn; kí wọn kí ó sì yípadà, olúkúlùkù wọn kúrò ní ọ̀nà búburú rẹ̀. Kí èmi kí ó lè dárí àìṣedéédéé àti ẹ̀ṣẹ̀ wọn jì wọ́n.”
4 তেতিয়া যিৰিমিয়াই নেৰিয়াৰ পুত্ৰ বাৰুকক মাতি আনিলত, যিৰিমিয়াক কোৱা যিহোৱাৰ সকলো বাক্য বাৰূকে তেওঁৰ মুখৰ পৰা সেই নুৰিওৱা পুথিখনত লিখিলে।
Nígbà náà ni Jeremiah pe Baruku ọmọ Neriah, ó sì sọ gbogbo ọ̀rọ̀ tí Ọlọ́run bá a sọ fún, Baruku sì kọ láti ẹnu Jeremiah, gbogbo ọ̀rọ̀ Olúwa tí ó ti sọ fún un sórí ìwé kíká náà.
5 পাছে যিৰিমিয়াই বাৰুকক আজ্ঞা দি কলে, মই বন্ধ আছোঁ, যিহোৱাৰ গৃহলৈ যাব নোৱাৰোঁ।
Nígbà náà ni Jeremiah wí fún Baruku pé, “A sé mi mọ́! Èmi kò lè lọ sí ilé Olúwa.
6 এই হেতুকে তুমি গৈ যিহোৱাৰ গৃহত উপবাসৰ দিনা, মোৰ মুখৰ পৰা পুথিখনত লিখা যিহোৱাৰ বাক্যবোৰ তেওঁৰ গৃহত থকা লোকসকলে আৰু বিভিন্ন নগৰৰ পৰা অহা যিহূদাৰ সকলো লোকে শুনাকৈ পাঠ কৰা।
Nítorí náà, ìwọ lọ sí ilé Olúwa ní ọjọ́ àwẹ̀, kí o sì kà nínú ìwé kíká náà ọ̀rọ̀ Olúwa tí ìwọ ti ẹnu mi kọ; ìwọ ó sì kà á ní etí gbogbo Juda, tí wọ́n jáde wá láti ìlú wọn.
7 কিজানি তেওঁলোকে নিজ নিজ নিবেদন যিহোৱাৰ আগত জনাব। আৰু তেওঁলোক প্ৰতিজনে নিজ নিজ কুপথৰ পৰা ঘূৰিব; কিয়নো এই জাতিৰ বিৰুদ্ধে প্ৰকাশ কৰা যিহোৱাৰ ক্ৰোধ আৰু কোপ অতি প্ৰবল।
Ó lè jẹ́ pé, ẹ̀bẹ̀ wọn yóò wá sí iwájú Olúwa, wọ́n ó sì yípadà kúrò ní ọ̀nà búburú wọn; nítorí pé títóbi ni ìbínú àti ìrunú tí Olúwa ti sọ sí àwọn ènìyàn yìí.”
8 পাছে পুথিখনত লিখা যিহোৱাৰ বাক্যবোৰ নেৰিয়াৰ পুত্ৰ বাৰুকে যিহোৱাৰ গৃহত পাঠ কৰি যিৰিমিয়া ভাববাদীৰ আজ্ঞা পালন কৰিলে।
Baruku ọmọ Neriah sì ṣe gẹ́gẹ́ bí gbogbo èyí tí wòlíì Jeremiah sọ fún, láti ka ọ̀rọ̀ Olúwa láti inú ìwé ní ilé Olúwa.
9 যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্ব কালৰ পঞ্চম বছৰৰ নৱম মাহত যিৰূচালেমত থকা লোকসকলে, আৰু যিহূদাৰ নগৰবোৰৰ পৰা যিৰূচালেমলৈ অহা প্ৰজাসকলে যিহোৱাৰ উদ্দেশ্যে উপবাস ঘোষণা কৰিলে।
Ní oṣù kẹsànán ọdún karùn-ún Jehoiakimu ọmọ Josiah ọba Juda ni wọ́n kéde àwẹ̀ níwájú Olúwa fún gbogbo ènìyàn Jerusalẹmu àti fún gbogbo àwọn ènìyàn tí ó wá láti ìlú Juda.
10 ১০ তেতিয়া বাৰুকে যিহোৱাৰ গৃহত, চাফনৰ পুত্ৰ গমৰিয়া লিখকৰ কোঁঠালিত, যিহোৱাৰ গৃহৰ নতুন দুৱাৰৰ সোমোৱা ঠাইত, ওপৰ চোতালত, সেই পুথিখনত লিখা যিৰিমিয়াৰ বাক্যবোৰ সকলো লোকে শুনাকৈ পাঠ কৰিলে।
Láti inú yàrá Gemariah ọmọ Ṣafani akọ̀wé, ní àgbàlá òkè níbi ìlẹ̀kùn ẹnu-ọ̀nà ilé Olúwa tuntun. Baruku sì ka ọ̀rọ̀ Jeremiah láti inú ìwé ní ilé Olúwa sí etí gbogbo ènìyàn.
11 ১১ আৰু চাফনৰ নাতিয়েক গমৰিয়াৰ পুত্ৰ মীখায়াই সেই পুথিখনৰ পৰা যিহোৱাৰ সকলো বাক্য শুনিলে।
Nígbà tí Mikaiah ọmọ Gemariah ọmọ Ṣafani gbọ́ gbogbo àkọsílẹ̀ ọ̀rọ̀ Olúwa láti inú ìwé náà;
12 ১২ তেওঁ ৰাজ-গৃহলৈ লিখকৰ কোঁঠালিলৈ নামি গ’ল; চোৱা, সেই সময়ত সকলো প্ৰধান লোক, অৰ্থাৎ ইলীচামা লিখক, চমৰিয়াৰ পুত্ৰ দলায়া, অকবোৰৰ পুত্ৰ ইলনাথন, চাফনৰ পুত্ৰ গমৰিয়া, আৰু হননিয়াৰ পুত্ৰ চিদিকিয়া আদি সকলো প্ৰধান লোক তাত বহি আছিল।
Ó sì sọ̀kalẹ̀ lọ sí ilé ọba sínú yàrá akọ̀wé; níbi tí gbogbo àwọn ìjòyè gbé jókòó sí: Eliṣama akọ̀wé, Delaiah ọmọ Ṣemaiah, Elnatani ọmọ Akbori, Gemariah ọmọ Ṣafani àti Sedekiah ọmọ Hananiah àti gbogbo àwọn ìjòyè.
13 ১৩ তেতিয়া লোকসকলে শুনিবলৈ বাৰুকে পুথিখন পাঠ কৰা সময়ত মীখায়াই যি সকলো বাক্য শুনিছিল, তেওঁ তাক তেওঁলোকৰ আগত প্ৰকাশ কৰিলে।
Lẹ́yìn tí Mikaiah sọ gbogbo ọ̀rọ̀ wọ̀n-ọn-nì tí o ti gbọ́ fún wọn, nígbà tí Baruku kà láti inú ìwé kíkà náà ní etí àwọn ènìyàn.
14 ১৪ এই হেতুকে সকলো প্ৰধান লোকে কুচীৰ প্ৰপৌত্ৰ চেলেমিয়াৰ নাতিয়েক নথনিয়াৰ পুত্ৰ যিহূদীক বাৰুকৰ ওচৰলৈ এই কথা কৈ পঠিয়ালে, “লোকসকলে শুনাকৈ তুমি পাঠ কৰা নুৰিওৱা পুথিখন তুমি হাতত লৈ আহাঁ।”
Gbogbo àwọn ìjòyè sì rán Jehudu ọmọ Netaniah ọmọ Ṣelemiah ọmọ Kuṣi sí Baruku wí pé, mú ìwé kíká náà ní ọwọ́ rẹ láti inú èyí tí ìwọ kà ní etí àwọn ènìyàn; kí o si wá. Nígbà náà ni Baruku ọmọ Neriah wá sí ọ̀dọ̀ wọn pẹ̀lú ìwé kíká ní ọwọ́ rẹ̀.
15 ১৫ তেওঁলোকে তেওঁক ক’লে, “এতিয়া বহি আমি শুনাকৈ পাঠ কৰা; তেতিয়া বাৰুক তেওঁলোকে শুনাকৈ পাঠ কৰিলে।”
Wọ́n sì wí fún pé, “Jókòó, jọ̀wọ́ kà á sí etí wa!” Nígbà náà ni Baruku sì kà á ní etí wọn.
16 ১৬ তেতিয়া সেই সকলো কথা শুনি তেওঁলোক আটাইৰে ভয় লাগি ইজনে সিজনলৈ চোৱা-চোই কৰি বাৰুকক ক’লে, “আমি এই সকলো কথাৰ বিষয়ে অৱশ্যে ৰজাক জনাব লাগিব।”
Nígbà tí wọ́n sì gbọ́ gbogbo ọ̀rọ̀ náà tan; wọ́n ń wo ara wọn lójú pẹ̀lú ẹ̀rù. Wọ́n sì wí fún Baruku pé, “Àwa gbọdọ̀ jábọ̀ gbogbo ọ̀rọ̀ wọ̀nyí fún ọba.”
17 ১৭ পাছে তেওঁলোকে বাৰুকক সুধিলে, “কোৱাচোন, তুমি কেনেকৈ তেওঁৰ মুখৰ পৰা এইবোৰ কথা লিখিছিলা?
Wọ́n sì béèrè lọ́wọ́ Baruku pé, “Sọ fún wa báwo ni o ṣe kọ gbogbo àwọn ọ̀rọ̀ wọ̀nyí? Ṣé Jeremiah ló sọ wọ́n?”
18 ১৮ তেতিয়া বাৰুকে উত্তৰ দি ক’লে, “তেওঁ মুখেৰে মোৰ আগত এই সকলো বাক্য উচ্ছাৰণ কৰিছিল, আৰু মই চিয়াঁহীৰে এই পুথিত এই সকলো লিখিছিলোঁ।
Baruku sì dá wọn lóhùn wí pé, “Bẹ́ẹ̀ ni, láti ẹnu rẹ̀ ni, ó sì sọ gbogbo ọ̀rọ̀ báyìí fún mi, èmi sì fi tàdáwà kọ wọ́n sínú ìwé náà.”
19 ১৯ তেতিয়া প্ৰধান লোকসকলে বাৰুকক ক’লে, “তুমি আৰু যিৰিমিয়া গৈ, তোমালোকৰ থকা ঠাই কোনেও নজনাকৈ লোকাই থাকাগৈ।”
Nígbà náà ni àwọn ìjòyè sọ fún Baruku wí pé, “Lọ fi ara rẹ pamọ́ àti Jeremiah, má sì ṣe jẹ́ kí ẹnìkan mọ ibi tí ẹ̀yin wà.”
20 ২০ তেতিয়া তেওঁলোকে ইলীচামা লিখকৰ কোঁঠালিত পুথিখন থৈ ৰজাৰ ওচৰলৈ অৰ্থাৎ চোতাললৈ সোমাই গ’ল, আৰু ৰজাই শুনাকৈ সেই সকলো বাক্য প্ৰকাশ কৰিলে।
Lẹ́yìn tí wọ́n fi ìwé kíká náà pamọ́ sí iyàrá Eliṣama akọ̀wé, wọ́n sì wọlé tọ ọba lọ nínú àgbàlá, wọ́n sì sọ gbogbo ọ̀rọ̀ náà ní etí ọba.
21 ২১ তেতিয়া ৰজাই পুথিখন আনিবলৈ যিহূদীক পঠিয়ালে, যিহূদীয়ে ইলীচামা লিখকৰ কোঁঠালিৰ পৰা তাক আনিলে। আৰু ৰজাই শুনাকৈ, আৰু তেওঁৰ ওচৰত থিয় হৈ থকা সকলো প্ৰধান লোকে শুনাকৈ যিহূদীয়ে তাক পাঠ কৰিলে।
Ọba sì rán Jehudu láti lọ mú ìwé kíká náà wá, Jehudu sì mu jáde láti inú iyàrá Eliṣama akọ̀wé. Ó sì ka ìwé náà ní etí ọba àti ní etí gbogbo àwọn ìjòyè tí ó dúró ti ọba.
22 ২২ সেই সময়ত ৰজাই নৱম মাহত জাৰকালিত থকা ঘৰত বহি আছিল, আৰু তেওঁৰ আগত টিফাইত জুই জ্বলি আছিল।
Ó sì jẹ́ ìgbà òtútù nínú oṣù kẹsànán, ọba sì jókòó ní ẹ̀bá iná ààrò, iná náà sì ń jó ní iwájú rẹ̀.
23 ২৩ পাছত যিহূদীয়ে পৃষ্ঠাৰ তিনি চাৰি অংশ পাঠ কৰাৰ পাছত ৰজাই লিখকৰ কলম কটা কটাৰীৰে তাক কাটি টিফাইৰ জুইত পেলায়; এইদৰে গোটেই পুথিখন টিফাইৰ জুইত নষ্ট নোহোৱালৈকে তেওঁ কাটি কাটি পেলাই আছিল।
Nígbà tí Jehudu ka ojú ìwé mẹ́ta sí mẹ́rin nínú ìwé náà, ọba fi ọ̀bẹ gé ìwé, ó sì sọ sínú iná tí ó wà nínú ìdáná, títí tí gbogbo ìwé kíká náà fi jóná tán.
24 ২৪ সেই সকলো বাক্য শুনিও ৰজা আৰু মন্ত্ৰী কোনেও ভয় নকৰিলে, বা নিজ নিজ বস্ত্ৰ নাফালিলে।
Síbẹ̀, ọba àti gbogbo àwọn ẹ̀mẹwà rẹ̀ tí wọ́n gbọ́ gbogbo ọ̀rọ̀ wọ̀nyí kò bẹ̀rù; wọn kò sì fa aṣọ wọn yá.
25 ২৫ ইলনাথন, দলায়া, আৰু গমৰিয়াই পুথিখন নুপুৰিবলৈ ৰজাক বিনয় কৰিলে; তথাপি তেওঁ তেওঁলোকৰ কথা নুশুনিলে।
Elnatani, Delaiah àti Gemariah sì bẹ ọba kí ó má ṣe fi ìwé kíká náà jóná, ṣùgbọ́n ọba kọ̀ láti gbọ́ tiwọn.
26 ২৬ পাছত ৰজাই যিৰহমেল কোঁৱৰক, অজ্ৰীয়েলৰ পুত্ৰ চৰায়াক, অব্দয়েলৰ পুত্ৰ চেলেমীয়াক, বাৰুক লিখক আৰু যিৰিমিয়া ভাববাদীক ধৰিবলৈ আজ্ঞা কৰিলে; কিন্তু যিহোৱাই তেওঁলোকক লুকুৱাই থৈছিল।
Dípò èyí ọba pàṣẹ fún Jerahmeeli ọmọ Hameleki, Seraiah ọmọ Asrieli àti Ṣelemiah ọmọ Abdeeli láti mú Baruku akọ̀wé àti Jeremiah wòlíì ṣùgbọ́n Olúwa fi wọ́n pamọ́.
27 ২৭ তেতিয়া ৰজাই, যিৰিমিয়াৰ মুখৰ পৰা শুনি শুনি বাৰুকে লিখা বাক্যবোৰে সৈতে পুথিখন পুৰি পেলোৱাৰ পাছত যিহোৱাৰ এই বাক্য যিৰিমিয়ালৈ আহিল, বোলে,
Lẹ́yìn tí ọba fi ìwé kíká náà tí ọ̀rọ̀ tí Baruku kọ láti ẹnu Jeremiah jóná tán, ọ̀rọ̀ Olúwa sì tọ Jeremiah wá:
28 ২৮ “তুমি পুনৰায় আৰু এখন নুৰিওৱা পুথিৰ বিষয়ে কোৱা, আৰু যিহূদাৰ ৰজা যিহোয়াকীমে পুৰি পেলোৱা সেই প্ৰথম পুথিত আগেয়ে যি যি লিখা আছিল, সেই সকলো তাত লিখা।
“Wí pé, tún mú ìwé kíká mìíràn kí o sì kọ gbogbo ọ̀rọ̀ tí ó wà nínú ìwé kíká èkínní tí Jehoiakimu ọba Juda fi jóná.
29 ২৯ তেতিয়া যিহূদাৰ ৰজা যিহোয়াকীমৰ বিষয়ে নিশ্চয়ে তুমি ক’বা, ‘যিহোৱাই এই কথা কৈছে, যে, বাবিলৰ ৰজাই অৱশ্যে আহি এই দেশ নষ্ট কৰিব, আৰু ইয়াত পশু আৰু মানুহ নোহোৱা কৰিব, এনে কথা এই পুথিখনত কিয় লিখিছা? এই বুলি তুমি তাক পুৰি পেলালা!’
Kí o sì wí fún Jehoiakimu ọba Juda pé, ‘Báyìí ni Olúwa wí, ìwọ ti fi ìwé kíká náà jóná, o sì wí pé, “Èéṣe tí ìwọ fi kọ̀wé sínú rẹ̀, pé lóòtítọ́ ni ọba Babeli yóò wá, yóò sì pa ilẹ̀ run, àti ènìyàn, àti ẹranko kúrò nínú rẹ̀.”
30 ৩০ এই হেতুকে যিহূদাৰ ৰজা যিহোয়াকীমৰ বিষয়ে যিহোৱাই এই কথা কৈছে, যে, যিহূদাৰ সিংহাসনত বহিবলৈ তেওঁৰ বংশৰ কোনো নাথাকিব, আৰু তেওঁৰ শৱ দিনত ৰ’দত আৰু ৰাতি হিমত পৰি থাকিব।
Nítorí náà, báyìí ni Olúwa wí ní ti Jehoiakimu ọba Juda pé, Òun kì yóò ní ẹni tí yóò jókòó lórí ìtẹ́ Dafidi, à ó sì sọ òkú rẹ̀ nù fún ooru ní ọ̀sán àti fún òtútù ní òru.
31 ৩১ আৰু মই তোমাক, “তোমাৰ বংশক, আৰু তোমাৰ মন্ত্ৰীসকলক তোমালোকৰ অপৰাধৰ কাৰণে দণ্ড দিম। আৰু তোমালোকৰ অহিতে, যিৰূচালেম-নিবাসীসকল আৰু যিহূদী লোকসকলৰ অহিতে যি অমঙ্গলৰ কথা ক’লোঁ, কিন্তু তোমালোকে নুশুনিলা, সেই সকলো অমঙ্গল মই তোমালোকলৈ ঘটাম।”
Èmi ó sì jẹ òun àti irú-ọmọ rẹ̀, ìránṣẹ́ rẹ̀ ní ìyà nítorí àìṣedéédéé wọn; èmi ó sì mú gbogbo ibi tí èmi ti sọ sí wọn wá sórí wọn, àti sórí àwọn olùgbé Jerusalẹmu àti àwọn ènìyàn Juda, nítorí tí wọn kò fetísí mi.’”
32 ৩২ তেতিয়া যিৰিমিয়াই আৰু এখন নুৰিওৱা পুথি লৈ নেৰিয়াৰ পুত্ৰ বাৰুক লিখকক দিলে। বাৰুকে যিহূদাৰ ৰজা যিহোয়াকীমে, যিৰিমিয়াৰ মুখৰ পৰা ওলোৱা সকলো বাক্য জুইত পুৰি পেলোৱা পুথিখনৰ সকলো বাক্য তাত লিখিলে। তাৰ বাহিৰে তেনেকুৱা আৰু অনেক কথাও তাত যোগ দিয়া হ’ল।
Nígbà náà ni Jeremiah mú ìwé kíká mìíràn fún Baruku akọ̀wé ọmọ Neriah, ẹni tí ó kọ̀wé sínú rẹ̀ láti ẹnu Jeremiah gbogbo ọ̀rọ̀ inú ìwé tí Jehoiakimu ọba Juda ti sun níná. A sì fi onírúurú ọ̀rọ̀ bí irú èyí kún pẹ̀lú.

< যেরেমিয়া 36 >