< যেরেমিয়া 36 >

1 যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ চতুৰ্থ বছৰত যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল, বোলে,
Un Jojaķima, Josijas dēla, Jūda ķēniņa, ceturtā gadā notika uz Jeremiju šis vārds no Tā Kunga:
2 “তুমি এখন নুৰিওৱা পুথি লোৱা; আৰু মই তোমাক প্ৰথমে কোৱা দিনৰে পৰা, যোচিয়াৰ ৰাজত্বৰ কালৰে পৰা আজিলৈকে, ইস্ৰায়েলৰ, যিহূদাৰ, আৰু সকলো জাতিৰ বিৰুদ্ধে যি যি কথা মই তোমাৰ আগত কৈ আছোঁ, সেই সকলো কথা সেই পুথিত লিখা।
Ņem sev grāmatu un raksti tanī visus vārdus, ko Es uz tevi esmu runājis par Israēli un par Jūdu un par visām tautām, kamēr Es uz tevi esmu runājis, no Josijas dienām līdz šai dienai.
3 যিহূদা বংশলৈ মই যি অমঙ্গল ঘটাবলৈ কল্পনা কৰিছোঁ, কিজানি নিজ নিজ কুপথৰ পৰা ঘূৰিবলৈ তেওঁলোকে সেই সকলো অমঙ্গলৰ কথা শুনিব; তেতিয়া মই তেওঁলোকৰ অপৰাধ আৰু পাপ ক্ষমা কৰিম।”
Varbūt ka Jūda nams liks vērā visu to ļaunumu, ko Es tiem domāju darīt, ka ikviens atgriežas no sava ļaunā ceļa, un Es piedošu viņu noziegumus un viņu grēkus.
4 তেতিয়া যিৰিমিয়াই নেৰিয়াৰ পুত্ৰ বাৰুকক মাতি আনিলত, যিৰিমিয়াক কোৱা যিহোৱাৰ সকলো বাক্য বাৰূকে তেওঁৰ মুখৰ পৰা সেই নুৰিওৱা পুথিখনত লিখিলে।
Tad Jeremija aicināja Bāruku, Nerijas dēlu, un Bāruks rakstīja no Jeremijas mutes grāmatā visus Tā Kunga vārdus, ko viņš uz to bija runājis.
5 পাছে যিৰিমিয়াই বাৰুকক আজ্ঞা দি কলে, মই বন্ধ আছোঁ, যিহোৱাৰ গৃহলৈ যাব নোৱাৰোঁ।
Un Jeremija pavēlēja Bārukam un sacīja: es topu aizturēts, ka nevaru iet Tā Kunga namā.
6 এই হেতুকে তুমি গৈ যিহোৱাৰ গৃহত উপবাসৰ দিনা, মোৰ মুখৰ পৰা পুথিখনত লিখা যিহোৱাৰ বাক্যবোৰ তেওঁৰ গৃহত থকা লোকসকলে আৰু বিভিন্ন নগৰৰ পৰা অহা যিহূদাৰ সকলো লোকে শুনাকৈ পাঠ কৰা।
Tad ej tu un lasi no tās grāmatas, ko tu no manas mutes esi rakstījis, Tā Kunga vārdus priekš to ļaužu ausīm Tā Kunga namā gavēņa dienā, arī priekš visas Jūda cilts ausīm, kas atnāk no savām pilsētām, tev tos būs lasīt.
7 কিজানি তেওঁলোকে নিজ নিজ নিবেদন যিহোৱাৰ আগত জনাব। আৰু তেওঁলোক প্ৰতিজনে নিজ নিজ কুপথৰ পৰা ঘূৰিব; কিয়নো এই জাতিৰ বিৰুদ্ধে প্ৰকাশ কৰা যিহোৱাৰ ক্ৰোধ আৰু কোপ অতি প্ৰবল।
Varbūt ka tie zemē metīsies un pielūgs Tā Kunga priekšā un atgriezīsies ikviens no sava ļaunā ceļa, jo tā dusmība un bardzība ir liela, ko Tas Kungs ir runājis pret šiem ļaudīm.
8 পাছে পুথিখনত লিখা যিহোৱাৰ বাক্যবোৰ নেৰিয়াৰ পুত্ৰ বাৰুকে যিহোৱাৰ গৃহত পাঠ কৰি যিৰিমিয়া ভাববাদীৰ আজ্ঞা পালন কৰিলে।
Un Bāruks, Nerijas dēls, darīja, tā kā pravietis Jeremija viņam bija pavēlējis, un lasīja no tās grāmatas Tā Kunga vārdus Tā Kunga namā.
9 যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্ব কালৰ পঞ্চম বছৰৰ নৱম মাহত যিৰূচালেমত থকা লোকসকলে, আৰু যিহূদাৰ নগৰবোৰৰ পৰা যিৰূচালেমলৈ অহা প্ৰজাসকলে যিহোৱাৰ উদ্দেশ্যে উপবাস ঘোষণা কৰিলে।
Un notikās Jojaķima, Josijas dēla, Jūda ķēniņa, piektā gadā, devītā mēnesī, tad izsauca gavēni Tā Kunga priekšā visiem ļaudīm Jeruzālemē un visiem ļaudīm, kas no Jūda pilsētām nāca uz Jeruzālemi.
10 ১০ তেতিয়া বাৰুকে যিহোৱাৰ গৃহত, চাফনৰ পুত্ৰ গমৰিয়া লিখকৰ কোঁঠালিত, যিহোৱাৰ গৃহৰ নতুন দুৱাৰৰ সোমোৱা ঠাইত, ওপৰ চোতালত, সেই পুথিখনত লিখা যিৰিমিয়াৰ বাক্যবোৰ সকলো লোকে শুনাকৈ পাঠ কৰিলে।
Tad Bāruks no tās grāmatas lasīja priekš visu ļaužu ausīm Jeremijas vārdus Tā Kunga namā, rakstītāja Ģemarijas, Safana dēla, kambarī, augšējā pagalmā, pie Tā Kunga nama jauniem vārtiem.
11 ১১ আৰু চাফনৰ নাতিয়েক গমৰিয়াৰ পুত্ৰ মীখায়াই সেই পুথিখনৰ পৰা যিহোৱাৰ সকলো বাক্য শুনিলে।
Kad nu Mikaja, Ģemarijas dēls, Safana dēla dēls, no tās grāmatas dzirdēja visus Tā Kunga vārdus,
12 ১২ তেওঁ ৰাজ-গৃহলৈ লিখকৰ কোঁঠালিলৈ নামি গ’ল; চোৱা, সেই সময়ত সকলো প্ৰধান লোক, অৰ্থাৎ ইলীচামা লিখক, চমৰিয়াৰ পুত্ৰ দলায়া, অকবোৰৰ পুত্ৰ ইলনাথন, চাফনৰ পুত্ৰ গমৰিয়া, আৰু হননিয়াৰ পুত্ৰ চিদিকিয়া আদি সকলো প্ৰধান লোক তাত বহি আছিল।
Tad viņš nogāja ķēniņa namā, rakstītāja kambarī, un redzi, tur sēdēja visi lielkungi, rakstītājs Elišamus un Delaja, Šemajas dēls, un Elnatans, Akbora dēls, un Ģemarija, Safana dēls, un Cedeķija, Kananijas dēls, un visi lielkungi.
13 ১৩ তেতিয়া লোকসকলে শুনিবলৈ বাৰুকে পুথিখন পাঠ কৰা সময়ত মীখায়াই যি সকলো বাক্য শুনিছিল, তেওঁ তাক তেওঁলোকৰ আগত প্ৰকাশ কৰিলে।
Un Mikaja tiem teica visus tos vārdus, ko bija dzirdējis Bāruku no tās grāmatas lasam priekš ļaužu ausīm.
14 ১৪ এই হেতুকে সকলো প্ৰধান লোকে কুচীৰ প্ৰপৌত্ৰ চেলেমিয়াৰ নাতিয়েক নথনিয়াৰ পুত্ৰ যিহূদীক বাৰুকৰ ওচৰলৈ এই কথা কৈ পঠিয়ালে, “লোকসকলে শুনাকৈ তুমি পাঠ কৰা নুৰিওৱা পুথিখন তুমি হাতত লৈ আহাঁ।”
Tad visi tie lielkungi sūtīja pie Bāruka Jehūdi, Netanijas dēlu, kas bija Kušijas dēla Šelamijas dēls, un sacīja: to grāmatu, no kuras tu esi lasījis priekš ļaužu ausīm, ņem savā rokā un nāc. Tā Bāruks, Nerijas dēls, ņēma to grāmatu savā rokā un gāja pie tiem.
15 ১৫ তেওঁলোকে তেওঁক ক’লে, “এতিয়া বহি আমি শুনাকৈ পাঠ কৰা; তেতিয়া বাৰুক তেওঁলোকে শুনাকৈ পাঠ কৰিলে।”
Un tie uz viņu sacīja: apsēdies un lasi to priekš mūsu ausīm. Un Bāruks lasīja priekš viņu ausīm.
16 ১৬ তেতিয়া সেই সকলো কথা শুনি তেওঁলোক আটাইৰে ভয় লাগি ইজনে সিজনলৈ চোৱা-চোই কৰি বাৰুকক ক’লে, “আমি এই সকলো কথাৰ বিষয়ে অৱশ্যে ৰজাক জনাব লাগিব।”
Un kad tie visus tos vārdus dzirdēja, tad cits uz citu bailīgi skatījās, un tie sacīja uz Bāruku: tiešām, visi šie vārdi mums jāsaka ķēniņam.
17 ১৭ পাছে তেওঁলোকে বাৰুকক সুধিলে, “কোৱাচোন, তুমি কেনেকৈ তেওঁৰ মুখৰ পৰা এইবোৰ কথা লিখিছিলা?
Un tie Bāruku vaicāja un sacīja: teic mums jel, kā tu visus šos vārdus no viņa mutes esi rakstījis?
18 ১৮ তেতিয়া বাৰুকে উত্তৰ দি ক’লে, “তেওঁ মুখেৰে মোৰ আগত এই সকলো বাক্য উচ্ছাৰণ কৰিছিল, আৰু মই চিয়াঁহীৰে এই পুথিত এই সকলো লিখিছিলোঁ।
Un Bāruks uz tiem sacīja: viņš visus šos vārdus no savas mutes uz mani teica, un es tos ar tinti rakstīju grāmatā.
19 ১৯ তেতিয়া প্ৰধান লোকসকলে বাৰুকক ক’লে, “তুমি আৰু যিৰিমিয়া গৈ, তোমালোকৰ থকা ঠাই কোনেও নজনাকৈ লোকাই থাকাগৈ।”
Tad tie lielkungi sacīja uz Bāruku: ej un paslēpies, tu un Jeremija, un lai neviens nezin, kur jūs esat.
20 ২০ তেতিয়া তেওঁলোকে ইলীচামা লিখকৰ কোঁঠালিত পুথিখন থৈ ৰজাৰ ওচৰলৈ অৰ্থাৎ চোতাললৈ সোমাই গ’ল, আৰু ৰজাই শুনাকৈ সেই সকলো বাক্য প্ৰকাশ কৰিলে।
Tad tie gāja pie ķēniņa pils pagalmā, bet to grāmatu tie nolika rakstītāja Elišamus kambarī, un teica priekš ķēniņa ausīm visus šos vārdus.
21 ২১ তেতিয়া ৰজাই পুথিখন আনিবলৈ যিহূদীক পঠিয়ালে, যিহূদীয়ে ইলীচামা লিখকৰ কোঁঠালিৰ পৰা তাক আনিলে। আৰু ৰজাই শুনাকৈ, আৰু তেওঁৰ ওচৰত থিয় হৈ থকা সকলো প্ৰধান লোকে শুনাকৈ যিহূদীয়ে তাক পাঠ কৰিলে।
Tad ķēniņš sūtīja Jehūdi pēc tās grāmatas, un tas to ņēma no rakstītāja Elišamus kambara, un Jehūdis lasīja priekš ķēniņa ausīm un priekš visu lielkungu ausīm, kas pie ķēniņa stāvēja.
22 ২২ সেই সময়ত ৰজাই নৱম মাহত জাৰকালিত থকা ঘৰত বহি আছিল, আৰু তেওঁৰ আগত টিফাইত জুই জ্বলি আছিল।
Bet ķēniņš sēdēja ziemas namā devītā mēnesī, un viņa priekšā uguns kurējās.
23 ২৩ পাছত যিহূদীয়ে পৃষ্ঠাৰ তিনি চাৰি অংশ পাঠ কৰাৰ পাছত ৰজাই লিখকৰ কলম কটা কটাৰীৰে তাক কাটি টিফাইৰ জুইত পেলায়; এইদৰে গোটেই পুথিখন টিফাইৰ জুইত নষ্ট নোহোৱালৈকে তেওঁ কাটি কাটি পেলাই আছিল।
Un kad Jehūdis trīs vai četrus gabalus bija lasījis, tad viņš to sagrieza ar spalvas nazi un iemeta ugunī ugunskurā, tiekams visa grāmata sadega tai ugunī, kas bija ugunskurā.
24 ২৪ সেই সকলো বাক্য শুনিও ৰজা আৰু মন্ত্ৰী কোনেও ভয় নকৰিলে, বা নিজ নিজ বস্ত্ৰ নাফালিলে।
Un tie neizbijās nedz saplēsa savas drēbes, ne ķēniņš, ne viņa kalpi, kas bija dzirdējuši visus šos vārdus.
25 ২৫ ইলনাথন, দলায়া, আৰু গমৰিয়াই পুথিখন নুপুৰিবলৈ ৰজাক বিনয় কৰিলে; তথাপি তেওঁ তেওঁলোকৰ কথা নুশুনিলে।
Un lai gan Elnatans un Delaja un Ģemarija ķēniņu lūdza, to grāmatu nesadedzināt, viņš tos neklausīja.
26 ২৬ পাছত ৰজাই যিৰহমেল কোঁৱৰক, অজ্ৰীয়েলৰ পুত্ৰ চৰায়াক, অব্দয়েলৰ পুত্ৰ চেলেমীয়াক, বাৰুক লিখক আৰু যিৰিমিয়া ভাববাদীক ধৰিবলৈ আজ্ঞা কৰিলে; কিন্তু যিহোৱাই তেওঁলোকক লুকুৱাই থৈছিল।
Un ķēniņš pavēlēja Jerameēlim, Ameleķa dēlam, un Serajam, Asriēļa dēlam, un Šelamijam, Abdeēļa dēlam, sagrābt rakstītāju Bāruku un pravieti Jeremiju, bet Tas Kungs tos bija apslēpis.
27 ২৭ তেতিয়া ৰজাই, যিৰিমিয়াৰ মুখৰ পৰা শুনি শুনি বাৰুকে লিখা বাক্যবোৰে সৈতে পুথিখন পুৰি পেলোৱাৰ পাছত যিহোৱাৰ এই বাক্য যিৰিমিয়ালৈ আহিল, বোলে,
Tad Tā Kunga vārds notika uz Jeremiju, kad ķēniņš to grāmatu un tos vārdus bija sadedzinājis, ko Bāruks no Jeremijas mutes bija sarakstījis, sacīdams:
28 ২৮ “তুমি পুনৰায় আৰু এখন নুৰিওৱা পুথিৰ বিষয়ে কোৱা, আৰু যিহূদাৰ ৰজা যিহোয়াকীমে পুৰি পেলোৱা সেই প্ৰথম পুথিত আগেয়ে যি যি লিখা আছিল, সেই সকলো তাত লিখা।
“Ņem sev atkal citu grāmatu un raksti tanī visus tos pašus vārdus, kas stāvēja tai pirmā grāmatā, ko Jojaķims, Jūda ķēniņš, sadedzinājis.
29 ২৯ তেতিয়া যিহূদাৰ ৰজা যিহোয়াকীমৰ বিষয়ে নিশ্চয়ে তুমি ক’বা, ‘যিহোৱাই এই কথা কৈছে, যে, বাবিলৰ ৰজাই অৱশ্যে আহি এই দেশ নষ্ট কৰিব, আৰু ইয়াত পশু আৰু মানুহ নোহোৱা কৰিব, এনে কথা এই পুথিখনত কিয় লিখিছা? এই বুলি তুমি তাক পুৰি পেলালা!’
Un saki par Jojaķimu, Jūda ķēniņu: tā saka Tas Kungs: tu šo grāmatu esi sadedzinājis un sacījis: Kāpēc tu tanī esi rakstījis un sacījis: Bābeles ķēniņš nācin nāks un samaitās šo zemi un no tās izdeldēs cilvēkus un lopus.
30 ৩০ এই হেতুকে যিহূদাৰ ৰজা যিহোয়াকীমৰ বিষয়ে যিহোৱাই এই কথা কৈছে, যে, যিহূদাৰ সিংহাসনত বহিবলৈ তেওঁৰ বংশৰ কোনো নাথাকিব, আৰু তেওঁৰ শৱ দিনত ৰ’দত আৰু ৰাতি হিমত পৰি থাকিব।
Tāpēc Tas Kungs tā saka par Jojaķimu, Jūda ķēniņu: viņam nebūs neviena, kas sēdēs uz Dāvida goda krēsla, un viņa līķis nomests gulēs dienas karstumā un nakts aukstumā.
31 ৩১ আৰু মই তোমাক, “তোমাৰ বংশক, আৰু তোমাৰ মন্ত্ৰীসকলক তোমালোকৰ অপৰাধৰ কাৰণে দণ্ড দিম। আৰু তোমালোকৰ অহিতে, যিৰূচালেম-নিবাসীসকল আৰু যিহূদী লোকসকলৰ অহিতে যি অমঙ্গলৰ কথা ক’লোঁ, কিন্তু তোমালোকে নুশুনিলা, সেই সকলো অমঙ্গল মই তোমালোকলৈ ঘটাম।”
Un Es pie viņa un pie viņa dzimuma un pie viņa kalpiem piemeklēšu viņa noziegumu, un vedīšu pār tiem un pār Jeruzālemes iedzīvotājiem un pār visiem Jūda vīriem visu to ļaunumu, ko Es pret tiem esmu runājis, bet tie nav klausījuši.”
32 ৩২ তেতিয়া যিৰিমিয়াই আৰু এখন নুৰিওৱা পুথি লৈ নেৰিয়াৰ পুত্ৰ বাৰুক লিখকক দিলে। বাৰুকে যিহূদাৰ ৰজা যিহোয়াকীমে, যিৰিমিয়াৰ মুখৰ পৰা ওলোৱা সকলো বাক্য জুইত পুৰি পেলোৱা পুথিখনৰ সকলো বাক্য তাত লিখিলে। তাৰ বাহিৰে তেনেকুৱা আৰু অনেক কথাও তাত যোগ দিয়া হ’ল।
Un Jeremija ņēma citu grāmatu un to deva rakstītājam Bārukam, Nerijas dēlam, un tas no Jeremijas mutes tanī rakstīja visus tās grāmatas vārdus, ko Jojaķims, Jūda ķēniņš, bija sadedzinājis ar uguni, un pie tiem vēl tapa pielikti daudz tādi pat vārdi.

< যেরেমিয়া 36 >