< যেরেমিয়া 35 >

1 যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ সময়ত যিহোৱাৰ পৰা যিৰিমিয়াৰ ওচৰলৈ এই বাক্য আহিল, বোলে,
Ilizwi elafika kuJeremiya livela eNkosini ensukwini zikaJehoyakhimi indodana kaJosiya, inkosi yakoJuda, lisithi:
2 “তুমি ৰেখব-বংশীয় লোকসকলৰ ওচৰলৈ যোৱা, আৰু তেওঁলোকৰ লগত কথা বতৰা কৰা। তাৰ পাছত তেওঁলোকক যিহোৱাৰ গৃহৰ কোনো এটা কোঁঠালিলৈ আনি, পান কৰিবলৈ দ্ৰাক্ষাৰস দিয়া।”
Yana endlini yamaRekabi, ukhulume lawo, uwalethe endlini yeNkosi kwelinye lamakamelo, uwanathise iwayini.
3 তেতিয়া মই হবচিনিয়াৰ নাতিয়েক যিৰিমিয়াৰ পুত্ৰ যাজনিয়া, তেওঁৰ ককায়েক-ভায়েকসকলক, তেওঁৰ পুত্রসকলক আৰু ৰেখবীয়াৰ গোটেই বংশক লগত লৈ গ’লো।
Ngasengithatha uJahazaniya, indodana kaJeremiya, indodana kaHabaziniya, labafowabo, lawo wonke amadodana akhe, lendlu yonke yamaRekabi.
4 মই তেওঁলোকক যিহোৱাৰ গৃহলৈ, ঈশ্বৰৰ লোক যিগ্দলিয়াৰ পুত্ৰ হাননৰ পুত্রসকলৰ কোঁঠালিলৈ নিলোঁ। সেই কোঁঠালি চল্লুমৰ পুত্ৰ মাচেয়া নামেৰে দুৱৰীৰ কোঁঠালিৰ ওপৰত প্ৰধান লোকসকলৰ কোঁঠালিৰ কাষত আছিল।
Ngabaletha endlini yeNkosi, ekamelweni lamadodana kaHanani, indodana kaIgidaliya, umuntu kaNkulunkulu, elaliseduze lekamelo leziphathamandla, elalingaphezu kwekamelo likaMahaseya, indodana kaShaluma, umlindimbundu.
5 তাৰ পাছত মই ৰেখব-বংশৰ লোকসকলৰ সন্মুখত দ্ৰাক্ষাৰসেৰে ভৰা কলহ আৰু বাতি আগত ৰাখি তেওঁলোকক ক’লোঁ, “তোমালোকে কিছু দ্ৰাক্ষাৰস পান কৰা।”
Ngasengibeka phambi kwamadodana endlu yamaRekabi izimbiza ezigcwele iwayini, lezinkezo, ngathi kibo: Nathani iwayini.
6 কিন্তু তেওঁলোকে ক’লে, “আমি একো দ্ৰাক্ষাৰস পান নকৰোঁ, কিয়নো আমাৰ পূৰ্বপুৰুষ ৰেখবৰ পুত্ৰ যোনাদবে আমাক এই আজ্ঞা দিছিল, ‘তোমালোকে আৰু তোমালোকৰ সন্তান সকলে কোনেও চিৰকালৈকে দ্ৰাক্ষাৰস পান নকৰিবা।
Kodwa bathi: Kasilinathi iwayini, ngoba uJonadabi, indodana kaRekabi, ubaba, wasilaya esithi: Linganathi iwayini, lina labantwana benu, kuze kube nininini.
7 আৰু কোনো ঘৰ নাসাজিবা, গুটি নিসিচিবা, দ্ৰাক্ষাবাৰী নাপাতিবা আৰু এইবোৰৰ একোৰো অধিকাৰি নহ’বা; কিয়নো তোমালোকে প্ৰবাস কৰা দেশত বহু দিন থাকিবৰ কাৰণে, তোমালোকৰ সকলো কালত তম্বুত বাস কৰিবা।’
Njalo lingakhi izindlu, lingahlanyeli inhlanyelo, lingahlanyeli izivini, lingabi lazo; kodwa lihlale emathenteni zonke insuku zenu, ukuze liphile insuku ezinengi ebusweni bomhlaba lapho elihlala khona njengabezizwe.
8 আমি আমাৰ পত্নী, লৰা আৰু ছোৱালী সকলোৱে আমাৰ গোটেই জীৱনৰ কালত দ্ৰাক্ষাৰস পান নকৰিবলৈ, আৰু আমাৰ পুৰ্ব্ব–পুৰুষ ৰেখবৰ পুত্ৰ যোনাদবে দিয়া সকলো আজ্ঞাবোৰ পালন কৰিছোঁ।
Ngakho salilalela ilizwi likaJonadabi, indodana kaRekabi, ubaba, kukho konke asilaya ngakho, ukuthi singanathi iwayini zonke insuku zethu, thina, omkethu, amadodana ethu, lamadodakazi ethu;
9 আমি নিবাসৰ অৰ্থে ঘৰ কেতিয়াও নাসাজিম, আৰু আমাৰ দ্ৰাক্ষাবাৰী, শস্যক্ষেত্ৰ আৰু কঠীয়াত আমাৰ কোনো অধিকাৰ নাই।
lokuthi singakhi izindlu zokuhlala kwethu; njalo singabi lesivini kumbe insimu kumbe inhlanyelo;
10 ১০ কিন্তু আমি তম্বুত থাকি, আমাৰ পূৰ্বপুৰুষ যোনাদবে দিয়া আজ্ঞা মানি, সেই অনুসাৰে সকলো কাম কৰি আহিছোঁ।
kodwa sihlala emathenteni, silalele senze njengakho konke uJonadabi ubaba asilaya khona.
11 ১১ কিন্তু যেতিয়া বাবিলৰ ৰজা নবূখদনেচৰ এই দেশ আক্রমণ কৰিছিল, তেতিয়া আমি ক’লোঁ, ‘আহাঁ, আমি কলদীয়া আৰু অৰামীয়াসকলৰ সৈন্যসামন্তৰ পৰা হাৰি যিৰূচালেমলৈ যাওহঁক।’ এই কাৰণে আমি যিৰূচালেমত বাস কৰিছোঁ।”
Kodwa kwathi lapho uNebhukadirezari inkosi yeBhabhiloni esenyukela elizweni, sathi: Wozani siye eJerusalema ngenxa yebutho lamaKhaladiya langenxa yebutho lamaSiriya. Sasesihlala eJerusalema.
12 ১২ পাছত যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে,
Laselifika ilizwi leNkosi kuJeremiya lisithi:
13 ১৩ “বাহিনীসকলৰ যিহোৱাই, ইস্ৰায়েলৰ ঈশ্বৰে এই কথা কৈছে: তুমি গৈ যিহূদাৰ লোকসকলক আৰু যিৰূচালেম-নিবাসীসকলক কোৱা, যিহোৱাই কৈছে, ‘তোমালোকে মোৰ বাক্যলৈ কাণ দিবলৈ উপদেশ গ্ৰহণ নকৰিবা নে?’
Itsho njalo iNkosi yamabandla, uNkulunkulu kaIsrayeli: Hamba uthi ebantwini bakoJuda lakwabahlali beJerusalema: Kaliyikwemukela yini ukulaywa ukuthi lilalele amazwi ami? itsho iNkosi.
14 ১৪ ৰেখবৰ পুত্ৰ যোনাদবে দ্ৰাক্ষাৰস পান নকৰিবলৈ তেওঁৰ সন্তান সকলক যি বাক্যৰে আজ্ঞা কৰিছিল, তেওঁৰ সেই বাক্য আজিলৈকে সিদ্ধ আছে। তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষৰ আজ্ঞা মানে; কিন্তু মই অতি প্ৰভাতে উঠি তোমালোকক কৈ আছোঁ, তথাপি তোমালোকে মোৰ বাক্য নামানা।
Aqiniswa amazwi kaJonadabi, indodana kaRekabi, awalaya abantwana bakhe ukuthi banganathi iwayini; ngoba kabalinathanga kuze kube lamuhla, ngoba bawulalele umlayo kayise. Lami ngikhulumile kini ngivuke ngovivi ngikhuluma, kodwa kalingilalelanga.
15 ১৫ মই মোৰ সকলো দাস, ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠিয়াইছিলোঁ আৰু প্ৰভাতে উঠি তেওঁলোকক পঠিয়াই তোমালোকক কোৱাইছিলোঁ, “তোমালোকে এতিয়া নিজ নিজ কু-পথৰ পৰা ঘূৰি নিজ নিজ আচাৰ-ব্যৱহাৰ শুদ্ধ কৰা। আন আন দেৱতাবোৰক সেৱাপূজা কৰিবৰ অৰ্থে সেইবোৰৰ পাছত যাওঁতা নহ’বা। তাৰ পৰিবৰ্ত্তে মই তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশলৈ তোমালোকে ঘূৰি আহা। তথাপিও তোমালোকে মোৰ কথালৈ কাণ দিয়া নাই আৰু মোৰ বাক্যলৈ মনকো দিয়া নাই।”
Futhi ngithume kini zonke inceku zami abaprofethi, ngivuka ngovivi ngibathuma, ngisithi: Ake liphenduke, ngulowo lalowo endleleni yakhe embi, lenze izenzo zenu zibe zinhle, lingalandeli abanye onkulunkulu ukuthi libakhonze, ukuze lihlale elizweni engalinika lina laboyihlo. Kodwa kalibekanga indlebe yenu, kalilalelanga kimi.
16 ১৬ ৰেখবৰ পুত্ৰ যোনাদবৰ সন্তান সকলে তেওঁলোকক দিয়া তেওঁলোকৰ পুৰ্ব্ব–পুৰুষৰ আজ্ঞা পালন কৰি আহিছে, কিন্তু এই জাতিৰ লোকসকলে মোৰ কথালৈ কাণ দিবলৈ অস্ৱীকাৰ কৰিছে।’
Ngoba amadodana kaJonadabi, indodana kaRekabi, awuqinisile umlayo kayise awalaya wona, kodwa lababantu kabangilaleli,
17 ১৭ এই কাৰণে বাহিনীসকলৰ ঈশ্বৰ আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই, এই কথা কৈছে: ‘চোৱা, যিহূদা আৰু যিৰূচালেম-নিবাসীসকলৰ অহিতে মই কোৱা সকলো অমঙ্গলৰ কথা তেওঁলোকলৈ ঘটাম, কিয়নো মই তেওঁলোকক যি ঘোষণা কৰিছিলোঁ, সেই বিষয়ে তেওঁলোকে নুশুনিলে। মই তেওঁলোকক মাতিলো কিন্তু তেওঁলোকে উত্তৰ নিদিলে’।”
ngakho itsho njalo iNkosi, uNkulunkulu wamabandla, uNkulunkulu kaIsrayeli: Khangelani, ngizakwehlisela phezu kukaJuda laphezu kwabakhileyo bonke beJerusalema bonke ububi engibukhulume ngabo; ngoba ngikhulumile kibo, kodwa kabalalelanga, ngibabizile, kodwa kabaphendulanga.
18 ১৮ যিৰিমিয়াই ৰেখবীয়া বংশক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ, বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে তোমালোকৰ পূৰ্বপুৰুষ যোনাদবৰ আজ্ঞালৈ মনোযোগ কৰি তেওঁৰ সকলো আদেশ পালন কৰিছা, আৰু তেওঁ তোমালোকক দিয়া আটাই আজ্ঞা অনুসাৰে কাৰ্য কৰিছা;
Lakuyo indlu yamaRekabi uJeremiya wathi: Itsho njalo iNkosi yamabandla, uNkulunkulu kaIsrayeli: Ngenxa yokuthi lilalele umlayo kaJonadabi uyihlo, lagcina yonke imilayo yakhe, lenza njengakho konke alilaya khona,
19 ১৯ এই কাৰণে বাহিনীসকলৰ যিহোৱা আৰু ইস্ৰায়েলৰ ঈশ্বৰে এই কথা কৈছে: মোক সেৱা কৰিবৰ কাৰণে ৰেখবৰ পুত্ৰ যোনাদবৰ বংশৰ পৰা কেতিয়াও কোনো এজন লোকৰ অভাৱ নহ’ব’।”
ngakho itsho njalo iNkosi yamabandla, uNkulunkulu kaIsrayeli: Kakuyikuqunywa muntu kuJonadabi indodana kaRekabi oma phambi kwami insuku zonke.

< যেরেমিয়া 35 >