< যেরেমিয়া 35 >
1 ১ যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ সময়ত যিহোৱাৰ পৰা যিৰিমিয়াৰ ওচৰলৈ এই বাক্য আহিল, বোলে,
And it came to pass in the fourth year of Sedekias king of Juda, in the fifth month, [that] Ananias the false prophet, the son of Azor, from Gabaon, spoke to me in the house of the Lord, in the sight of the priests and all the people, saying,
2 ২ “তুমি ৰেখব-বংশীয় লোকসকলৰ ওচৰলৈ যোৱা, আৰু তেওঁলোকৰ লগত কথা বতৰা কৰা। তাৰ পাছত তেওঁলোকক যিহোৱাৰ গৃহৰ কোনো এটা কোঁঠালিলৈ আনি, পান কৰিবলৈ দ্ৰাক্ষাৰস দিয়া।”
Thus says the Lord; I have broken the yoke of the king of Babylon.
3 ৩ তেতিয়া মই হবচিনিয়াৰ নাতিয়েক যিৰিমিয়াৰ পুত্ৰ যাজনিয়া, তেওঁৰ ককায়েক-ভায়েকসকলক, তেওঁৰ পুত্রসকলক আৰু ৰেখবীয়াৰ গোটেই বংশক লগত লৈ গ’লো।
Yet two full years, and I will return into this place the vessels of the house of the Lord,
4 ৪ মই তেওঁলোকক যিহোৱাৰ গৃহলৈ, ঈশ্বৰৰ লোক যিগ্দলিয়াৰ পুত্ৰ হাননৰ পুত্রসকলৰ কোঁঠালিলৈ নিলোঁ। সেই কোঁঠালি চল্লুমৰ পুত্ৰ মাচেয়া নামেৰে দুৱৰীৰ কোঁঠালিৰ ওপৰত প্ৰধান লোকসকলৰ কোঁঠালিৰ কাষত আছিল।
and Jechonias, and the captivity of Juda: for I will break the yoke of the king of Babylon.
5 ৫ তাৰ পাছত মই ৰেখব-বংশৰ লোকসকলৰ সন্মুখত দ্ৰাক্ষাৰসেৰে ভৰা কলহ আৰু বাতি আগত ৰাখি তেওঁলোকক ক’লোঁ, “তোমালোকে কিছু দ্ৰাক্ষাৰস পান কৰা।”
Then Jeremias spoke to Ananias in the sight of all the people, and in the sight of the priests that stood in the house of the Lord,
6 ৬ কিন্তু তেওঁলোকে ক’লে, “আমি একো দ্ৰাক্ষাৰস পান নকৰোঁ, কিয়নো আমাৰ পূৰ্বপুৰুষ ৰেখবৰ পুত্ৰ যোনাদবে আমাক এই আজ্ঞা দিছিল, ‘তোমালোকে আৰু তোমালোকৰ সন্তান সকলে কোনেও চিৰকালৈকে দ্ৰাক্ষাৰস পান নকৰিবা।
and Jeremias said, May the Lord indeed do thus; may he confirm your word which you do prophesy, to return the vessels of the house of the Lord, and all the captivity, out of Babylon to this place.
7 ৭ আৰু কোনো ঘৰ নাসাজিবা, গুটি নিসিচিবা, দ্ৰাক্ষাবাৰী নাপাতিবা আৰু এইবোৰৰ একোৰো অধিকাৰি নহ’বা; কিয়নো তোমালোকে প্ৰবাস কৰা দেশত বহু দিন থাকিবৰ কাৰণে, তোমালোকৰ সকলো কালত তম্বুত বাস কৰিবা।’
Nevertheless hear you the word of the Lord which I speak in your ears, and in the ears of all the people.
8 ৮ আমি আমাৰ পত্নী, লৰা আৰু ছোৱালী সকলোৱে আমাৰ গোটেই জীৱনৰ কালত দ্ৰাক্ষাৰস পান নকৰিবলৈ, আৰু আমাৰ পুৰ্ব্ব–পুৰুষ ৰেখবৰ পুত্ৰ যোনাদবে দিয়া সকলো আজ্ঞাবোৰ পালন কৰিছোঁ।
The prophets that were before me and before you of old, also prophesied over much country, and against great kingdoms, concerning war.
9 ৯ আমি নিবাসৰ অৰ্থে ঘৰ কেতিয়াও নাসাজিম, আৰু আমাৰ দ্ৰাক্ষাবাৰী, শস্যক্ষেত্ৰ আৰু কঠীয়াত আমাৰ কোনো অধিকাৰ নাই।
[As for] the prophet that has prophesied for peace, when the word has come [to pass], they shall know the prophet whom the Lord has sent them in truth.
10 ১০ কিন্তু আমি তম্বুত থাকি, আমাৰ পূৰ্বপুৰুষ যোনাদবে দিয়া আজ্ঞা মানি, সেই অনুসাৰে সকলো কাম কৰি আহিছোঁ।
Then Ananias took the yokes from the neck of Jeremias in the sight of all the people, and broke them to pieces.
11 ১১ কিন্তু যেতিয়া বাবিলৰ ৰজা নবূখদনেচৰ এই দেশ আক্রমণ কৰিছিল, তেতিয়া আমি ক’লোঁ, ‘আহাঁ, আমি কলদীয়া আৰু অৰামীয়াসকলৰ সৈন্যসামন্তৰ পৰা হাৰি যিৰূচালেমলৈ যাওহঁক।’ এই কাৰণে আমি যিৰূচালেমত বাস কৰিছোঁ।”
And Ananias spoke in the presence of all the people, saying, Thus said the Lord; Thus will I break the yoke of the king of Babylon from the necks of all the nations. And Jeremias went his way.
12 ১২ পাছত যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে,
And the word of the Lord came to Jeremias, after that Ananias had broken the yokes off his neck, saying,
13 ১৩ “বাহিনীসকলৰ যিহোৱাই, ইস্ৰায়েলৰ ঈশ্বৰে এই কথা কৈছে: তুমি গৈ যিহূদাৰ লোকসকলক আৰু যিৰূচালেম-নিবাসীসকলক কোৱা, যিহোৱাই কৈছে, ‘তোমালোকে মোৰ বাক্যলৈ কাণ দিবলৈ উপদেশ গ্ৰহণ নকৰিবা নে?’
Go and speak to Ananias, saying, Thus says the Lord; You have broken the yokes of wood; but I will make instead of them yokes of iron.
14 ১৪ ৰেখবৰ পুত্ৰ যোনাদবে দ্ৰাক্ষাৰস পান নকৰিবলৈ তেওঁৰ সন্তান সকলক যি বাক্যৰে আজ্ঞা কৰিছিল, তেওঁৰ সেই বাক্য আজিলৈকে সিদ্ধ আছে। তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষৰ আজ্ঞা মানে; কিন্তু মই অতি প্ৰভাতে উঠি তোমালোকক কৈ আছোঁ, তথাপি তোমালোকে মোৰ বাক্য নামানা।
For thus said the Lord, I have put a yoke of iron on the neck of all the nations, that they may serve the king of Babylon.
15 ১৫ মই মোৰ সকলো দাস, ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠিয়াইছিলোঁ আৰু প্ৰভাতে উঠি তেওঁলোকক পঠিয়াই তোমালোকক কোৱাইছিলোঁ, “তোমালোকে এতিয়া নিজ নিজ কু-পথৰ পৰা ঘূৰি নিজ নিজ আচাৰ-ব্যৱহাৰ শুদ্ধ কৰা। আন আন দেৱতাবোৰক সেৱাপূজা কৰিবৰ অৰ্থে সেইবোৰৰ পাছত যাওঁতা নহ’বা। তাৰ পৰিবৰ্ত্তে মই তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশলৈ তোমালোকে ঘূৰি আহা। তথাপিও তোমালোকে মোৰ কথালৈ কাণ দিয়া নাই আৰু মোৰ বাক্যলৈ মনকো দিয়া নাই।”
And Jeremias said to Ananias, The Lord has not sent you; and you have caused this people to trust in unrighteousness.
16 ১৬ ৰেখবৰ পুত্ৰ যোনাদবৰ সন্তান সকলে তেওঁলোকক দিয়া তেওঁলোকৰ পুৰ্ব্ব–পুৰুষৰ আজ্ঞা পালন কৰি আহিছে, কিন্তু এই জাতিৰ লোকসকলে মোৰ কথালৈ কাণ দিবলৈ অস্ৱীকাৰ কৰিছে।’
Therefore thus said the Lord: Behold, I [will] cast you off from the face of the earth: this year you shall die.
17 ১৭ এই কাৰণে বাহিনীসকলৰ ঈশ্বৰ আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই, এই কথা কৈছে: ‘চোৱা, যিহূদা আৰু যিৰূচালেম-নিবাসীসকলৰ অহিতে মই কোৱা সকলো অমঙ্গলৰ কথা তেওঁলোকলৈ ঘটাম, কিয়নো মই তেওঁলোকক যি ঘোষণা কৰিছিলোঁ, সেই বিষয়ে তেওঁলোকে নুশুনিলে। মই তেওঁলোকক মাতিলো কিন্তু তেওঁলোকে উত্তৰ নিদিলে’।”
So he died in the seventh month.
18 ১৮ যিৰিমিয়াই ৰেখবীয়া বংশক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ, বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে তোমালোকৰ পূৰ্বপুৰুষ যোনাদবৰ আজ্ঞালৈ মনোযোগ কৰি তেওঁৰ সকলো আদেশ পালন কৰিছা, আৰু তেওঁ তোমালোকক দিয়া আটাই আজ্ঞা অনুসাৰে কাৰ্য কৰিছা;
19 ১৯ এই কাৰণে বাহিনীসকলৰ যিহোৱা আৰু ইস্ৰায়েলৰ ঈশ্বৰে এই কথা কৈছে: মোক সেৱা কৰিবৰ কাৰণে ৰেখবৰ পুত্ৰ যোনাদবৰ বংশৰ পৰা কেতিয়াও কোনো এজন লোকৰ অভাৱ নহ’ব’।”