< যেরেমিয়া 32 >
1 ১ যিহূদাৰ চিদিকিয়া ৰজাৰ ৰাজত্ব কালৰ দশম বছৰত, অৰ্থাৎ নবূখদনেচৰৰ ৰাজত্ব কালৰ অষ্টাদশ বছৰত যিহোৱাৰ পৰা যিৰিমিয়াৰ ওচৰলৈ যি বাক্য আহিছিল, তাৰ বিষয় এই।
Ятэ кувынтул спус луй Иеремия дин партя Домнулуй ын ал зечеля ан ал луй Зедекия, ымпэратул луй Иуда. Ачеста ера анул ал оптспрезечеля ал луй Небукаднецар.
2 ২ সেই সময়ত, বাবিলৰ ৰজাৰ সৈন্য-সামন্তই যিৰূচালেম অৱৰোধ কৰিছিল, আৰু যিৰিমিয়া ভাববাদী যিহূদাৰ ৰাজগৃহৰ প্ৰহৰীৰ চোতালত বন্দী অৱস্থাত আছিল।
Оастя ымпэратулуй Бабилонулуй ымпресура пе атунч Иерусалимул ши пророкул Иеремия ера ынкис ын куртя темницей, каре циня де каса ымпэратулуй луй Иуда.
3 ৩ যিহূদাৰ ৰজা চিদিকিয়াই তেওঁক বন্দী কৰি থৈ কৈছিল, “তুমি এই বুলি কিয় ভাববাণী প্ৰচাৰ কৰিছা বোলে, ‘যিহোৱাই এইদৰে কৈছে: চোৱা, মই এই নগৰখন বাবিলৰ ৰজাৰ হাতত সমৰ্পণ কৰিম, আৰু তেওঁ তাক অধিকাৰ কৰি ল’ব;
Зедекия, ымпэратул луй Иуда, пусесе сэ-л ынкидэ ши-й зисесе: „Пентру че пророчешть ши зичь: ‘Аша ворбеште Домнул: «Ятэ, дау четатя ачаста ын мыниле ымпэратулуй Бабилонулуй, ши о ва луа;
4 ৪ যিহূদাৰ ৰজা চিদিকিয়া কলদীয়াসকলৰ হাতৰ পৰা সাৰি নাজাব কিয়নো তেওঁক অৱশ্যে বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হ’ব। তেওঁ সম্মুখা-সম্মুখি হৈ ৰজাৰ লগত কথা হ’ব, আৰু তেওঁ ৰজাৰ চকুৱে চকুৱে দেখা দেখি হ’ব;
Зедекия, ымпэратул луй Иуда, ну ва скэпа де халдеень, чи ва фи дат ын мыниле ымпэратулуй Бабилонулуй, ый ва ворби гурэ кэтре гурэ ши се вор ведя фацэ ын фацэ.
5 ৫ কিয়নো চিদিকিয়া বাবিললৈ যাব, আৰু মই তেওঁৰ বিচাৰ নকৰালৈকে তাতেই তেওঁ থকিব” - এয়ে যিহোৱাৰ ঘোষণা। তোমালোকে যদিও কলদীয়াসকলৰ সৈতে ৰণ কৰিছা, তথাপি কৃতকাৰ্য্য নহ’বা,”
Ымпэратул Бабилонулуй ва дуче пе Зедекия ла Бабилон, унде ва рэмыне пынэ кынд Ымь вой адуче Еу аминте де ел», зиче Домнул. «Кяр дакэ вэ батець ымпотрива халдеенилор, ну вець авя избындэ»’?”
6 ৬ যিৰিমিয়াই ক’লে, “যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
Иеремия а зис: „Кувынтул Домнулуй мь-а ворбит астфел:
7 ৭ ‘চোৱা, তোমাৰ দদায়েৰা চল্লুমৰ পুত্ৰ হনমেলে তোমাৰ ওচৰলৈ আহি এই কথা ক’ব, “অনাথোতত থকা মোৰ শস্যক্ষেত্ৰখন তুমি নিজৰ কাৰণে কিনি লোৱা, কিয়নো তাক কিনি মোকলাবলৈ তোমাৰ স্বত্ব আছে”।”
‘Ятэ кэ Ханамеел, фиул ункюлуй тэу Шалум, ва вени ла тине сэ-ць спунэ: «Кумпэрэ огорул меу каре есте ла Анатот, кэч ту ай дрепт де рэскумпэраре ка сэ-л кумперь.»’
8 ৮ পাছত যিহোৱাৰ বাক্য অনুসাৰে মোৰ দদাইৰ পুত্র হনমেলে প্ৰহৰীৰ চোতাললৈ মোৰ ওচৰলৈ আহি ক’লে, “মই বিনয় কৰোঁ, বিন্যামীন দেশৰ অনাথোত থকা মোৰ শস্যক্ষেত্ৰখন তুমি কিনি লোৱা, কিয়নো তাৰ উত্তৰাধীকাৰ আৰু মোকলাবৰ স্বত্ব তোমাৰ; তুমি নিজৰ কাৰণে তাক কিনি লোৱা।” তেতিয়া, এয়ে যে যিহোৱাৰ বাক্য, সেই বিষয়ে মই জানিলোঁ।
Ши Ханамеел, фиул ункюлуй меу, а венит ла мине, дупэ Кувынтул Домнулуй, ын куртя темницей ши мь-а зис: ‘Кумпэрэ огорул меу, каре есте ла Анатот, ын цара луй Бениамин, кэч ту ай дрепт де моштенире ши де рэскумпэраре. Кумпэрэ-л!’ Ам куноскут кэ ера Кувынтул Домнулуй.
9 ৯ এই কাৰণে মই মোৰ দদাইৰ পুত্রক হনমেলৰ পৰা অনাথোতত থকা শস্যক্ষেত্ৰখন কিনি লৈ তাৰ ধন সোঁতৰ চেকল ৰূপ তেওঁক জুখি দিলোঁ।
Ши ам кумпэрат де ла Ханамеел, фиул ункюлуй меу, огорул де ла Анатот ши й-ам кынтэрит арӂинтул – шаптеспрезече сикли де арӂинт.
10 ১০ মই দলীলত চহী দি তাক মোহৰ মাৰি বন্ধ কৰিলোঁ, আৰু সাক্ষী মাতি, তেওঁক তৰ্জুত সেই ৰূপ জুখি দিলোঁ।
Ам скрис ун запис, пе каре л-ам печетлуит, ам пус марторь ши ам кынтэрит арӂинтул ынтр-о кумпэнэ.
11 ১১ তাৰ পাছত মই মাটিৰ বৰ্ণনা আৰু নিয়ম থকা খৰিদা দলীল দুখন, অৰ্থাৎ মোহৰ মাৰি বন্ধ কৰা আৰু খোলা এই দুয়োখন ললোঁ।
Ам луат апой записул де кумпэраре, пе чел каре ера печетлуит дупэ леӂе ши обичеюрь ши пе чел че ера дескис
12 ১২ তাৰ পাছত মোৰ দদাইৰ পুত্র হনমেলৰ সন্মুখত, খৰিদা দলীলত চহী দিয়া সাক্ষীবোৰৰ আগত আৰু প্ৰহৰীৰ চোতালত বহি থকা সকলো যিহুদী লোকৰ আগত মই এই খৰিদা দলীলখন মহচেয়াৰ নাতিয়েক নেৰিয়াৰ পুত্ৰ বাৰুকৰ হাতত শোধাই দিলোঁ।
ши ам дат записул де кумпэраре луй Барук, фиул луй Нерия, фиул луй Махсея, ын фаца луй Ханамеел, фиул ункюлуй меу, ын фаца марторилор каре искэлисерэ записул де кумпэраре ши ын фаца тутурор иудеилор каре се афлау ын куртя темницей.
13 ১৩ তেতিয়া তেওঁলোকৰ আগতে বাৰুকক মই এই আজ্ঞা দিলোঁ, মই ক’লো
Ши ам дат луй Барук ынаинтя лор урмэтоаря порункэ:
14 ১৪ “ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘তুমি মোহৰ মাৰি বদ্ধ কৰা এই খৰিদা দলীলখন আৰু এই খোলা দলীলখন, দুয়োখন লৈ বহুদিনলৈ থাকিবৰ কাৰণে এক নতুন মাটিৰ পাত্ৰত থোৱা।’
‘Аша ворбеште Домнул оштирилор, Думнезеул луй Исраел: «Я записеле ачестя де кумпэраре, чел печетлуит ши чел дескис, ши пуне-ле ынтр-ун вас де пэмынт, ка сэ се пэстрезе мултэ време!»
15 ১৫ কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘ঘৰ, শস্যক্ষেত্ৰ আৰু দ্ৰাক্ষাবাৰী এই দেশত পুনৰায় কিনা যাব’।”
Кэч аша ворбеште Домнул оштирилор, Думнезеул луй Исраел: «Ярэшь се вор май кумпэра касе, огоаре ши вий ын цара ачаста.»’
16 ১৬ নেৰিয়াৰ পুত্ৰ বাৰুকক এই খৰিদা দলীলখন দিয়াৰ পাছত মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লোঁ,
Дупэ че ам дат записул де кумпэраре луй Барук, фиул луй Нерия, ам фэкут Домнулуй ачастэ ругэчуне:
17 ১৭ “হে প্ৰভু যিহোৱা, চোৱা, তুমিয়েই তোমাৰ মহা শক্তিৰে আৰু মেলা বহুৰে আকাশ-মণ্ডল আৰু পৃথিৱী নিৰ্মাণ কৰিলা। তোমাৰ অসাধ্য একোৱেই নাই;
‘Ах, Доамне Думнезеуле, ятэ, Ту ай фэкут черуриле ши пэмынтул ку путеря Та чя маре ши ку брацул Тэу ынтинс: нимик ну есте де мират дин партя Та!
18 ১৮ তুমি হাজাৰ হাজাৰ লোকলৈ দয়া প্ৰকাশ কৰোঁতা, আৰু লোকসকলৰ অপৰাধৰ প্ৰতিফল তেওঁলোকৰ পাছত হোৱা তেওঁলোকৰ সন্তান-সন্ততিৰ বুকুত দিওঁতা। তুমিয়ে মহান পৰাক্ৰমী ঈশ্বৰ; বাহিনীসকলৰ যিহোৱা তোমাৰ নাম।
Ту дай ындураре пынэ ла ал мииля ням де оамень ши педепсешть нелеӂюиря пэринцилор ын сынул копиилор лор дупэ ей. Ту ешть Думнезеул чел маре, чел путерник, ал кэруй Нуме есте Домнул оштирилор!
19 ১৯ তুমি জ্ঞানত মহান, আৰু কাৰ্যত শ্ৰেষ্ঠ, কিয়নো প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্যৰ ফল অনুসাৰে প্ৰতিফল দিবলৈ মনুষ্য সন্তান সকলৰ আটাই আচাৰ-ব্যৱহাৰৰ ওপৰত তোমাৰ চকু মেলা আছে।
Ту ешть маре ла сфат ши путерник ла фаптэ, Ту ай окий дескишь асупра тутурор кэилор копиилор оаменилор, ка сэ дай фиекэруя дупэ кэиле луй, дупэ родул фаптелор луй.
20 ২০ তুমি মিচৰ দেশত নানা চিন আৰু বিস্মিত লক্ষণ দেখুৱাইছিলা। আজিলৈকে ইস্ৰায়েল আৰু আন আন লোকসকলৰ মাজত তুমি নিজৰ কাৰণে তোমাৰ নাম প্ৰখ্যাত কৰিলা।
Ту ай фэкут минунь ши семне марь ын цара Еӂиптулуй ши пынэ ын зиуа де азь ши ын Исраел ши принтре оамень ши Ць-ай фэкут ун Нуме аша кум есте астэзь.
21 ২১ তুমি নানা চিন, বিস্মিত লক্ষণ, বলী হাত, মেলা বাহু আৰু মহাভয়ানকতাৰে তোমাৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিছিলা।
Ай скос дин цара Еӂиптулуй пе попорул тэу Исраел, ку минунь ши семне марь, ку мынэ таре ши ку брац ынтинс ши ку о маре гроазэ.
22 ২২ আৰু গাখীৰ মৌ-জোল বৈ যোৱা যি দেশ তেওঁলোকক দিম বুলি তুমি তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ আগত শপত কৰিছিলা, সেই দেশ তুমি তেওঁলোকক দিলা।
Ту ле-ай дат цара ачаста пе каре журасешь пэринцилор лор кэ ле-о вей да, царэ ын каре курӂе лапте ши мьере.
23 ২৩ তেতিয়া তেওঁলোকে সোমাই তাক অধিকাৰ কৰি ল’লে। কিন্তু তেওঁলোকে তোমাৰ বাক্য পালন নকৰিলে, বা তোমাৰ ব্যৱস্থাত নচলিলে। তুমি তেওঁলোকক যি যি কাৰ্য কৰিবলৈ আজ্ঞা দিছিলা, সেইবোৰৰ একোকে তেওঁলোকে নকৰিলে, আৰু এই কাৰণে তুমি তেওঁলোকৰ ওপৰত এই সকলো দুৰ্যোগ ঘটালা।
Ей ау венит ши ау луат-о ын стэпынире. Дар н-ау аскултат де гласул Тэу, н-ау пэзит Леӂя Та ши н-ау фэкут тот че ле порунчисешь сэ факэ. Ши атунч ай тримис песте ей тоате ачесте ненорочирь!
24 ২৪ চোৱা! নগৰখন অধিকাৰ কৰিবলৈ উদ্দেশ্যেৰে সৌৱা হাদামবোৰ ওচৰ পালেহি। কিয়নো তৰোৱাল, আকাল আৰু মহামাৰীৰ কাৰণে এই নগৰখন তাৰ অহিতে যুদ্ধ কৰা কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে। আৰু তুমি যি ঘটাৰ কথা কৈছিলা সেয়ে ঘটি আছে; আৰু চোৱা, তুমি তাকেই দেখি আছা।
Ятэ, шанцуриле де апэраре се ыналцэ ымпотрива четэций ши о аменинцэ; четатя ва фи датэ ын мыниле халдеенилор, каре луптэ ымпотрива ей, бируитэ де сабие, де фоамете ши де чумэ. Че ай спус Ту с-а ынтымплат: Ту Ынсуць везь!
25 ২৫ আৰু হে প্ৰভু, তুমি এই বুলি মোক কৈছিলা বোলে, “ৰূপ দি শস্যক্ষেত্ৰ কিনা, আৰু সাক্ষী মাতা, অথচ এই নগৰখন কলদীয়াসকলৰ হাতত শোধাই দিয়া হৈছে।”
Ши тотушь, Доамне Думнезеуле, Ту мь-ай зис: «Кумпэрэ-ць ун огор ку арӂинт ши пуне ши марторь!», кынд тотушь четатя есте датэ ын мыниле халдеенилор!’”
26 ২৬ তেতিয়া যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল বোলে,
Кувынтул Домнулуй а ворбит атунч луй Иеремия астфел:
27 ২৭ “চোৱা! ময়েই যিহোৱা, সকলো মৰ্ত্ত্যৰেই ঈশ্বৰ। মোৰ অসাধ্য জানো কিবা আছে নে?”
„Ятэ, Еу сунт Домнул Думнезеул орькэрей фэптурь. Есте чева де мират дин партя Мя?”
28 ২৮ এই কাৰণে যিহোৱাই এই কথা কৈছে: “চোৱা, মই কলদীয়াসকলক আৰু বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত এই নগৰখন সৰ্ম্পণ কৰিম। তেতিয়া তেওঁ তাক হাত কৰি ল’ব।
Де ачея, аша ворбеште Домнул: „Ятэ, дау четатя ачаста ын мыниле халдеенилор ши ын мыниле луй Небукаднецар, ымпэратул Бабилонулуй, ши о ва луа.
29 ২৯ আৰু এই নগৰখনৰ বিৰুদ্ধে যি কলদীয়াসকলে যুদ্ধ কৰিছে, তেওঁলোকে আহি এই নগৰত জুই লগাই দিব, আৰু মোক উত্তেজিত কৰাৰ কাৰণে যি ঘৰবোৰৰ চালত লোকসকলে বালৰ উদ্দেশ্যে ধূপ উৎসৰ্গ কৰিছিল আৰু আন দেৱতাৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিছিল, সেইবোৰ ঘৰে সৈতে এই সকলোবোৰ পুৰি পেলাব।
Халдеений, каре луптэ ымпотрива четэций ачестея, вор интра, ый вор пуне фок ши о вор арде, ымпреунэ ку каселе пе акоперишул кэрора ау адус тэмые луй Баал ши ау турнат жертфе де бэутурэ алтор думнезей, ка сэ Мэ мыние.
30 ৩০ কিয়নো ইস্ৰায়েল আৰু যিহূদাৰ সন্তান সকলে লৰা কালৰে পৰা মোৰ সাক্ষাতে কেৱল কু-কৰ্মহে কৰা লোক আছিল; ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ হাতৰ কাৰ্যৰে কেৱল মোক বেজাৰহে দিছে” - এয়ে যিহোৱাৰ ঘোষণা।
Кэч копиий луй Исраел ши копиий луй Иуда н-ау фэкут дин тинереця лор декыт че есте рэу ынаинтя Мя; копиий луй Исраел нумай М-ау мыният ынтруна ку лукраря мынилор лор”, зиче Домнул.
31 ৩১ “কিয়নো তেওঁলোকে এই নগৰখন সজা দিনৰে পৰা আজিলৈকে, ই মোৰ পক্ষে কেৱল মোৰ ক্ৰোধ আৰু কোপৰ কাৰণ হে হৈ পৰিছে। সেই কাৰণে মোৰ আগৰ পৰা মই এই নগৰখন দূৰ কৰি ইয়াৰ পৰা বিমুখে থাকিম,
„Кэч четатя ачаста Ымь ацыцэ мыния ши урӂия дин зиуа кынд с-а зидит ши пынэ азь, де ачея вряу с-о яу динаинтя Фецей Меле,
32 ৩২ কিয়নো ইস্ৰায়েল আৰু যিহূদাৰ সন্তান সকলে, মোক বেজাৰ দিবৰ অৰ্থে কৰা তেওঁলোকৰ সকলো দুষ্কৰ্মৰ দ্ৱাৰাই মোক উত্তেজিত কৰিলে - তেওঁলোকৰ ৰজাসকল, প্ৰধান লোকসকল, পুৰোহিতসকল, ভাববাদীসকল আৰু যিহূদাৰ প্রত্যেক জন লোক আৰু যিৰূচালেম-নিবীসীসকল।
дин причина тот рэулуй пе каре л-ау фэкут копиий луй Исраел ши копиий луй Иуда ка сэ Мэ мыние, ей, ымпэраций лор, кэпетенииле лор, преоций лор ши пророчий лор, оамений луй Иуда ши локуиторий Иерусалимулуй.
33 ৩৩ তেওঁলোকে মোলৈ মুখ নিদি পিঠি দিলে যদিও মই প্ৰভাতে তেওঁলোকক আগ্রহেৰে শিক্ষা দিছিলোঁ। মই তেওঁলোকক শিক্ষা দিবলৈ প্রচেষ্টা কৰিছিলোঁ তথাপি তেওঁলোকৰ কোনো এজনে মোৰ সৎ শিক্ষা গ্ৰহণ কৰিবলৈ কাণ নিদিলে।
Мь-ау ынторс спателе, ну с-ау уйтат ла Мине; й-ам ынвэцат, й-ам ынвэцат ынтруна, дар н-ау аскултат ши ну с-ау ынвэцат.
34 ৩৪ কিন্তু মোৰ নামেৰে প্ৰখ্যাত হোৱা গৃহটি অশুচি কৰিবৰ অৰ্থে তেওঁলোকে তাৰ ভিতৰত তেওঁলোকৰ ঘৃণনীয় বস্তুবোৰ ৰাখিলে।
Чи шь-ау пус урычуниле идолешть ын Каса песте каре есте кемат Нумеле Меу ши ау спуркат-о.
35 ৩৫ তাৰ পাছত তেওঁলোকে হিন্নোমৰ পুত্রৰ উপত্যকাত থকা বালৰ পবিত্র ঠাইবোৰ সাজিলে যাতে তেওঁলোকে মোলকৰ উদ্দেশ্যে নিজ নিজ পো-জীবোৰক বলি দিব পাৰে যি বিষয়ে সেই ঘিণলগীয়া কাৰ্য কৰিবৰ কাৰণে মই আজ্ঞা কৰা নাছিলোঁ, আৰু মোৰ মনত উদয়ো হোৱা নাছিল। এইদৰে কাৰ্য কৰি তেওঁলোকে যিহূদাক পাপ কৰালে।
Ау зидит ынэлцимь луй Баал ын валя Бен-Хином, ка сэ трякэ прин фок луй Молох пе фиий ши фийчеле лор; лукру пе каре ну ли-л порунчисем ши нич ну-Мь трекусе прин гынд кэ ау сэ факэ асеменя грозэвий ка сэ дукэ пе Иуда ын пэкат.”
36 ৩৬ এই কাৰণে এতিয়া, মই যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰে এই নগৰৰ বিষয়ে কৈছে, যাৰ বিষয়ে তোমালোকে কৈছা, ‘যি তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই এই নগৰখন বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হৈছে:
Ши акум, аша ворбеште Домнул Думнезеул луй Исраел деспре четатя ачаста, деспре каре зичець: „Ва фи датэ ын мыниле ымпэратулуй Бабилонулуй, бируитэ прин сабие, прин фоамете ши прин чумэ”:
37 ৩৭ চোৱা, মই মোৰ ক্ৰোধ, কোপ আৰু মহাৰোগত তেওঁলোকক যি যি দেশলৈ খেদাই পঠাইছিলোঁ, সেই সকলো দেশৰ পৰাই তেওঁলোকক মই গোট খুৱাম, আৰু মই পুনৰায় তেওঁলোকক এই ঠাইলৈ আনি নিৰাপদে বাস কৰাম।
„Ятэ, ый вой стрынӂе дин тоате цэриле унде й-ам изгонит ын мыния Мя, ын урӂия Мя ши ын маря Мя супэраре; ый вой адуче ынапой ын локул ачеста ши-й вой фаче сэ локуяскэ ын линиште аколо.
38 ৩৮ তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হম।
Ей вор фи попорул Меу, ши Еу вой фи Думнезеул лор.
39 ৩৯ মই তেওঁলোকক এক চিত্ত আৰু এক পথ দিম যাতে তেওঁলোকে মোক প্রতিদিনে সন্মান কৰিবৰ কাৰণে তেওঁলোক আৰু তেওঁলোকৰ পাছৰ সন্তান সকলৰ মঙ্গল হয়।
Ле вой да о инимэ ши о кале ка сэ се тямэ де Мине тотдяуна, спре феричиря лор ши а копиилор лор дупэ ей.
40 ৪০ তেওঁলোকৰ মঙ্গল কৰিবলৈ অৰ্থে, মই যেন তেওঁলোকৰ পৰা নুঘূৰিম, সেই কাৰণে মই তেওঁলোকৰ সৈতে এনে এক চিৰস্থায়ী নিয়ম স্থাপন কৰিম যাতে তেওঁলোকৰ মনত মোৰ বিষয়ৰ ভয় স্থাপন কৰিম যাতে তেওঁলোক মোৰ পাছত চলি মোৰ পৰা কেতিয়াও আঁতৰ নহয়।
Вой ынкея ку ей ун легэмынт вешник, кэ ну Мэ вой май ынтоарче де ла ей, чи ле вой фаче бине ши ле вой пуне ын инимэ фрика де Мине, ка сэ ну се депэртезе де Мине.
41 ৪১ তেতিয়া মই তেওঁলোকৰ মঙ্গল কৰিবলৈ মই তেওঁলোকত আনন্দ কৰিম, আৰু নিশ্চয়ে সমস্ত মনেৰে আৰু সমস্ত প্ৰাণেৰে মই তেওঁলোকক এই দেশত ৰোম।”
Мэ вой букура сэ ле фак бине, ый вой сэди ку адевэрат ын цара ачаста, дин тоатэ инима ши дин тот суфлетул Меу.”
42 ৪২ কিয়নো যিহোৱাই এই কথা কৈছে: মই লোকসকললৈ যেনেকৈ এই সকলো মহা-আপদ ঘটালোঁ, তেনেকৈ মই তেওঁলোকলৈ প্ৰতিজ্ঞা কৰা সকলো মঙ্গলো ঘটাম।
Кэч аша ворбеште Домнул: „Дупэ кум ам адус песте попорул ачеста тоате ачесте марь ненорочирь, тот аша вой адуче песте ей тот бинеле пе каре ли-л фэгэдуеск.
43 ৪৩ তেতিয়া এই যি দেশৰ বিষয়ে, ‘ই মনুষ্য আৰু পশুশূন্য ধ্বংসস্থান, ইয়াক কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে’, এই বুলি তোমালোকে কৈছা, এই দেশৰ শস্যক্ষেত্ৰ কিনা হ’ব।
Се вор кумпэра ярэшь огоаре ын цара ачаста, деспре каре зичець кэ есте ун пустиу фэрэ оамень ши фэрэ добитоаче ши кэ есте датэ ын мыниле халдеенилор.
44 ৪৪ তেওঁলোকে ধন দি শস্যক্ষেত্ৰ কিনিব, আৰু দলীলত চহী দি, মোহৰ মাৰি বন্ধ কৰিব। বিন্যামীন প্ৰদেশত, যিৰূচালেমৰ চাৰিওফালে থকা ঠাইত, আৰু যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলৰ নিম্ন-ভুমিৰ, আৰু দক্ষিণ অঞ্চলৰ নগৰবোৰত সাক্ষী মাতিব; কিয়নো মই তেওঁলোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম” - এয়ে যিহোৱাৰ ঘোষণা।
Се вор кумпэра ярэшь огоаре пе арӂинт, се вор скрие записе, се вор печетлуи, се вор пуне марторь ын цара луй Бениамин ши ын ымпрежуримиле Иерусалимулуй, ын четэциле луй Иуда, ын четэциле де ла мунте, ын четэциле де ла кымпие ши ын четэциле де ла мязэзи, кэч вой адуче ынапой пе принший лор де рэзбой”, зиче Домнул.