< যেরেমিয়া 32 >

1 যিহূদাৰ চিদিকিয়া ৰজাৰ ৰাজত্ব কালৰ দশম বছৰত, অৰ্থাৎ নবূখদনেচৰৰ ৰাজত্ব কালৰ অষ্টাদশ বছৰত যিহোৱাৰ পৰা যিৰিমিয়াৰ ওচৰলৈ যি বাক্য আহিছিল, তাৰ বিষয় এই।
Det Ord, som kom til Jeremias fra HERREN i Kong Zedekias af Judas tiende Aar, det er Nebukadrezars attende.
2 সেই সময়ত, বাবিলৰ ৰজাৰ সৈন্য-সামন্তই যিৰূচালেম অৱৰোধ কৰিছিল, আৰু যিৰিমিয়া ভাববাদী যিহূদাৰ ৰাজগৃহৰ প্ৰহৰীৰ চোতালত বন্দী অৱস্থাত আছিল।
Dengang belejrede Babels Konges Hær Jerusalem, og Profeten Jeremias sad fængslet i Vagtforgaarden i Judas Konges Palads,
3 যিহূদাৰ ৰজা চিদিকিয়াই তেওঁক বন্দী কৰি থৈ কৈছিল, “তুমি এই বুলি কিয় ভাববাণী প্ৰচাৰ কৰিছা বোলে, ‘যিহোৱাই এইদৰে কৈছে: চোৱা, মই এই নগৰখন বাবিলৰ ৰজাৰ হাতত সমৰ্পণ কৰিম, আৰু তেওঁ তাক অধিকাৰ কৰি ল’ব;
hvor Kong Zedekias af Juda havde ladet ham fængsle med de Ord: »Hvor tør du profetere og sige: Saa siger HERREN: Se, jeg giver denne By i Babels Konges Haand, og han skal indtage den;
4 যিহূদাৰ ৰজা চিদিকিয়া কলদীয়াসকলৰ হাতৰ পৰা সাৰি নাজাব কিয়নো তেওঁক অৱশ্যে বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হ’ব। তেওঁ সম্মুখা-সম্মুখি হৈ ৰজাৰ লগত কথা হ’ব, আৰু তেওঁ ৰজাৰ চকুৱে চকুৱে দেখা দেখি হ’ব;
og Kong Zedekias af Juda skal ikke undslippe Kaldæernes Haand, men overgives i Babels Konges Haand, og han skal tale med ham Mund til Mund og se ham Øje i Øje;
5 কিয়নো চিদিকিয়া বাবিললৈ যাব, আৰু মই তেওঁৰ বিচাৰ নকৰালৈকে তাতেই তেওঁ থকিব” - এয়ে যিহোৱাৰ ঘোষণা। তোমালোকে যদিও কলদীয়াসকলৰ সৈতে ৰণ কৰিছা, তথাপি কৃতকাৰ্য্য নহ’বা,”
og han skal føre Zedekias til Babel, og der skal han blive, til jeg ser til ham, lyder det fra HERREN; naar I kæmper med Kaldæerne, faar I ikke Lykke!«
6 যিৰিমিয়াই ক’লে, “যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
Og Jeremias sagde: HERRENS Ord kom til mig saaledes:
7 ‘চোৱা, তোমাৰ দদায়েৰা চল্লুমৰ পুত্ৰ হনমেলে তোমাৰ ওচৰলৈ আহি এই কথা ক’ব, “অনাথোতত থকা মোৰ শস্যক্ষেত্ৰখন তুমি নিজৰ কাৰণে কিনি লোৱা, কিয়নো তাক কিনি মোকলাবলৈ তোমাৰ স্বত্ব আছে”।”
Se, Hanam'el, din Farbroder Sjallums Søn, kommer til dig og siger: »Køb min Mark i Anatot, thi du har Indløsningsret.«
8 পাছত যিহোৱাৰ বাক্য অনুসাৰে মোৰ দদাইৰ পুত্র হনমেলে প্ৰহৰীৰ চোতাললৈ মোৰ ওচৰলৈ আহি ক’লে, “মই বিনয় কৰোঁ, বিন্যামীন দেশৰ অনাথোত থকা মোৰ শস্যক্ষেত্ৰখন তুমি কিনি লোৱা, কিয়নো তাৰ উত্তৰাধীকাৰ আৰু মোকলাবৰ স্বত্ব তোমাৰ; তুমি নিজৰ কাৰণে তাক কিনি লোৱা।” তেতিয়া, এয়ে যে যিহোৱাৰ বাক্য, সেই বিষয়ে মই জানিলোঁ।
Saa kom Hanam'el, min Farbroders Søn, til mig i Vagtforgaarden, som HERREN havde sagt, og sagde til mig: »Køb min Mark i Anatot i Benjamins Land, thi du har Arveretten, og Indløsningsretten er din; køb dig den!« Da forstod jeg, at det var HERRENS Ord.
9 এই কাৰণে মই মোৰ দদাইৰ পুত্রক হনমেলৰ পৰা অনাথোতত থকা শস্যক্ষেত্ৰখন কিনি লৈ তাৰ ধন সোঁতৰ চেকল ৰূপ তেওঁক জুখি দিলোঁ।
Og jeg købte Marken i Anatot af Hanam'el, min Farbroders Søn, og tilvejede ham Pengene, sytten Sekel Sølv;
10 ১০ মই দলীলত চহী দি তাক মোহৰ মাৰি বন্ধ কৰিলোঁ, আৰু সাক্ষী মাতি, তেওঁক তৰ্জুত সেই ৰূপ জুখি দিলোঁ।
og jeg skrev Skøde og forseglede det, tilkaldte Vidner og afvejede Pengene paa Vægtskaal.
11 ১১ তাৰ পাছত মই মাটিৰ বৰ্ণনা আৰু নিয়ম থকা খৰিদা দলীল দুখন, অৰ্থাৎ মোহৰ মাৰি বন্ধ কৰা আৰু খোলা এই দুয়োখন ললোঁ।
Saa tog jeg Skødet, baade det forseglede og det aabne,
12 ১২ তাৰ পাছত মোৰ দদাইৰ পুত্র হনমেলৰ সন্মুখত, খৰিদা দলীলত চহী দিয়া সাক্ষীবোৰৰ আগত আৰু প্ৰহৰীৰ চোতালত বহি থকা সকলো যিহুদী লোকৰ আগত মই এই খৰিদা দলীলখন মহচেয়াৰ নাতিয়েক নেৰিয়াৰ পুত্ৰ বাৰুকৰ হাতত শোধাই দিলোঁ।
og overgav Skødet til Baruk, Masejas Søn Nerijas Søn, i Nærværelse af Hanam'el, min Farbroders Søn, og Vidnerne, som havde underskrevet Skødet, og alle de Judæere, som var til Stede i Vagtforgaarden;
13 ১৩ তেতিয়া তেওঁলোকৰ আগতে বাৰুকক মই এই আজ্ঞা দিলোঁ, মই ক’লো
og i deres Nærværelse bød jeg Baruk:
14 ১৪ “ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘তুমি মোহৰ মাৰি বদ্ধ কৰা এই খৰিদা দলীলখন আৰু এই খোলা দলীলখন, দুয়োখন লৈ বহুদিনলৈ থাকিবৰ কাৰণে এক নতুন মাটিৰ পাত্ৰত থোৱা।’
»Saa siger Hærskarers HERRE, Israels Gud: Tag disse Skøder, baade det forseglede og det aabne, og læg dem i en Lerkrukke, for at de kan holde sig i lange Tider.
15 ১৫ কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘ঘৰ, শস্যক্ষেত্ৰ আৰু দ্ৰাক্ষাবাৰী এই দেশত পুনৰায় কিনা যাব’।”
Thi saa siger Hærskarers HERRE, Israels Gud: End skal der købes Huse, Marker og Vingaarde i dette Land!«
16 ১৬ নেৰিয়াৰ পুত্ৰ বাৰুকক এই খৰিদা দলীলখন দিয়াৰ পাছত মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লোঁ,
Efter at have overgivet Skødet til Baruk, Nerijas Søn, bad jeg saaledes til HERREN:
17 ১৭ “হে প্ৰভু যিহোৱা, চোৱা, তুমিয়েই তোমাৰ মহা শক্তিৰে আৰু মেলা বহুৰে আকাশ-মণ্ডল আৰু পৃথিৱী নিৰ্মাণ কৰিলা। তোমাৰ অসাধ্য একোৱেই নাই;
Ak, Herre, HERRE, du har jo skabt Himmelen og Jorden ved din vældige Styrke og din udstrakte Arm, intet er dig for underfuldt,
18 ১৮ তুমি হাজাৰ হাজাৰ লোকলৈ দয়া প্ৰকাশ কৰোঁতা, আৰু লোকসকলৰ অপৰাধৰ প্ৰতিফল তেওঁলোকৰ পাছত হোৱা তেওঁলোকৰ সন্তান-সন্ততিৰ বুকুত দিওঁতা। তুমিয়ে মহান পৰাক্ৰমী ঈশ্বৰ; বাহিনীসকলৰ যিহোৱা তোমাৰ নাম।
du, som øver Miskundhed mod Tusinder og gengælder Fædres Misgerning paa deres Sønner efter dem; du store, vældige Gud, hvis Navn er Hærskarers HERRE,
19 ১৯ তুমি জ্ঞানত মহান, আৰু কাৰ্যত শ্ৰেষ্ঠ, কিয়নো প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্যৰ ফল অনুসাৰে প্ৰতিফল দিবলৈ মনুষ্য সন্তান সকলৰ আটাই আচাৰ-ব্যৱহাৰৰ ওপৰত তোমাৰ চকু মেলা আছে।
rig paa Raad og stor i Daad, hvis Øjne er aabne over alle Menneskebørnenes Veje, for at du kan give enhver efter hans Vej og hans Gerningers Frugt;
20 ২০ তুমি মিচৰ দেশত নানা চিন আৰু বিস্মিত লক্ষণ দেখুৱাইছিলা। আজিলৈকে ইস্ৰায়েল আৰু আন আন লোকসকলৰ মাজত তুমি নিজৰ কাৰণে তোমাৰ নাম প্ৰখ্যাত কৰিলা।
du, som gjorde Tegn og Undere i Ægypten og gør det den Dag i Dag baade i Israel og blandt andre Mennesker og skabte dig det Navn, du har i Dag,
21 ২১ তুমি নানা চিন, বিস্মিত লক্ষণ, বলী হাত, মেলা বাহু আৰু মহাভয়ানকতাৰে তোমাৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিছিলা।
du, som førte dit Folk Israel ud af Ægypten med Tegn og Undere, med stærk Haand og udstrakt Arm og stor Rædsel
22 ২২ আৰু গাখীৰ মৌ-জোল বৈ যোৱা যি দেশ তেওঁলোকক দিম বুলি তুমি তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ আগত শপত কৰিছিলা, সেই দেশ তুমি তেওঁলোকক দিলা।
og gav dem dette Land, som du havde svoret deres Fædre at ville give dem, et Land, der flyder med Mælk og Honning;
23 ২৩ তেতিয়া তেওঁলোকে সোমাই তাক অধিকাৰ কৰি ল’লে। কিন্তু তেওঁলোকে তোমাৰ বাক্য পালন নকৰিলে, বা তোমাৰ ব্যৱস্থাত নচলিলে। তুমি তেওঁলোকক যি যি কাৰ্য কৰিবলৈ আজ্ঞা দিছিলা, সেইবোৰৰ একোকে তেওঁলোকে নকৰিলে, আৰু এই কাৰণে তুমি তেওঁলোকৰ ওপৰত এই সকলো দুৰ্যোগ ঘটালা।
og de kom og tog det i Eje; men de hørte ikke din Røst og adlød ikke din Lov; de gjorde intet af, hvad du havde paalagt dem; saa lod du al denne Ulykke ramme dem.
24 ২৪ চোৱা! নগৰখন অধিকাৰ কৰিবলৈ উদ্দেশ্যেৰে সৌৱা হাদামবোৰ ওচৰ পালেহি। কিয়নো তৰোৱাল, আকাল আৰু মহামাৰীৰ কাৰণে এই নগৰখন তাৰ অহিতে যুদ্ধ কৰা কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে। আৰু তুমি যি ঘটাৰ কথা কৈছিলা সেয়ে ঘটি আছে; আৰু চোৱা, তুমি তাকেই দেখি আছা।
Se, Stormvoldene har naaet Byen, saa den er ved at blive indtaget, og med Sværd, Hunger og Pest er Byen givet i de angribende Kaldæeres Haand; hvad du talede, er sket, og du ser det selv.
25 ২৫ আৰু হে প্ৰভু, তুমি এই বুলি মোক কৈছিলা বোলে, “ৰূপ দি শস্যক্ষেত্ৰ কিনা, আৰু সাক্ষী মাতা, অথচ এই নগৰখন কলদীয়াসকলৰ হাতত শোধাই দিয়া হৈছে।”
Og skønt Byen er givet i Kaldæernes Haand, siger du til mig, Herre, HERRE: »Køb dig Marken for Penge og tag Vidner derpaa!«
26 ২৬ তেতিয়া যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল বোলে,
Da kom HERRENS Ord til Jeremias saaledes:
27 ২৭ “চোৱা! ময়েই যিহোৱা, সকলো মৰ্ত্ত্যৰেই ঈশ্বৰ। মোৰ অসাধ্য জানো কিবা আছে নে?”
Se, jeg er HERREN, alt Køds Gud; skulde noget være mig for underfuldt?
28 ২৮ এই কাৰণে যিহোৱাই এই কথা কৈছে: “চোৱা, মই কলদীয়াসকলক আৰু বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত এই নগৰখন সৰ্ম্পণ কৰিম। তেতিয়া তেওঁ তাক হাত কৰি ল’ব।
Derfor, saa siger HERREN: Se, jeg giver denne By i Kaldæernes og Kong Nebukadrezar af Babels Haand, og han skal indtage den;
29 ২৯ আৰু এই নগৰখনৰ বিৰুদ্ধে যি কলদীয়াসকলে যুদ্ধ কৰিছে, তেওঁলোকে আহি এই নগৰত জুই লগাই দিব, আৰু মোক উত্তেজিত কৰাৰ কাৰণে যি ঘৰবোৰৰ চালত লোকসকলে বালৰ উদ্দেশ্যে ধূপ উৎসৰ্গ কৰিছিল আৰু আন দেৱতাৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিছিল, সেইবোৰ ঘৰে সৈতে এই সকলোবোৰ পুৰি পেলাব।
og Kaldæerne, der angriber denne By, skal komme og sætte Ild paa den og afbrænde Husene, paa hvis Tage man tændte Offerild for Ba'al og udgød Drikofre for andre Guder for at krænke mig.
30 ৩০ কিয়নো ইস্ৰায়েল আৰু যিহূদাৰ সন্তান সকলে লৰা কালৰে পৰা মোৰ সাক্ষাতে কেৱল কু-কৰ্মহে কৰা লোক আছিল; ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ হাতৰ কাৰ্যৰে কেৱল মোক বেজাৰহে দিছে” - এয়ে যিহোৱাৰ ঘোষণা।
Thi fra deres Ungdom af har Israeliterne og Judæerne kun gjort, hvad der var ondt i mine Øjne; thi Israeliterne gør ikke andet end krænke mig ved deres Hænders Værk, lyder det fra HERREN.
31 ৩১ “কিয়নো তেওঁলোকে এই নগৰখন সজা দিনৰে পৰা আজিলৈকে, ই মোৰ পক্ষে কেৱল মোৰ ক্ৰোধ আৰু কোপৰ কাৰণ হে হৈ পৰিছে। সেই কাৰণে মোৰ আগৰ পৰা মই এই নগৰখন দূৰ কৰি ইয়াৰ পৰা বিমুখে থাকিম,
Ja, en Kilde til Vrede og Harme har denne By været mig, lige fra den Dag de byggede den og til i Dag, saa at jeg maa fjerne den fra mit Aasyn
32 ৩২ কিয়নো ইস্ৰায়েল আৰু যিহূদাৰ সন্তান সকলে, মোক বেজাৰ দিবৰ অৰ্থে কৰা তেওঁলোকৰ সকলো দুষ্কৰ্মৰ দ্ৱাৰাই মোক উত্তেজিত কৰিলে - তেওঁলোকৰ ৰজাসকল, প্ৰধান লোকসকল, পুৰোহিতসকল, ভাববাদীসকল আৰু যিহূদাৰ প্রত্যেক জন লোক আৰু যিৰূচালেম-নিবীসীসকল।
for alt det ondes Skyld, som Israeliterne og Judæerne gjorde for at krænke mig, de, deres Konger, Fyrster, Præster og Profeter, Judas Mænd og Jerusalems Borgere.
33 ৩৩ তেওঁলোকে মোলৈ মুখ নিদি পিঠি দিলে যদিও মই প্ৰভাতে তেওঁলোকক আগ্রহেৰে শিক্ষা দিছিলোঁ। মই তেওঁলোকক শিক্ষা দিবলৈ প্রচেষ্টা কৰিছিলোঁ তথাপি তেওঁলোকৰ কোনো এজনে মোৰ সৎ শিক্ষা গ্ৰহণ কৰিবলৈ কাণ নিদিলে।
De vendte Ryggen og ikke Ansigtet til mig, og skønt jeg advarede dem aarle og silde, vilde de ikke høre eller tage ved Lære.
34 ৩৪ কিন্তু মোৰ নামেৰে প্ৰখ্যাত হোৱা গৃহটি অশুচি কৰিবৰ অৰ্থে তেওঁলোকে তাৰ ভিতৰত তেওঁলোকৰ ঘৃণনীয় বস্তুবোৰ ৰাখিলে।
De opstillede deres væmmelige Guder i det Hus, mit Navn nævnes over, for at gøre det urent;
35 ৩৫ তাৰ পাছত তেওঁলোকে হিন্নোমৰ পুত্রৰ উপত্যকাত থকা বালৰ পবিত্র ঠাইবোৰ সাজিলে যাতে তেওঁলোকে মোলকৰ উদ্দেশ্যে নিজ নিজ পো-জীবোৰক বলি দিব পাৰে যি বিষয়ে সেই ঘিণলগীয়া কাৰ্য কৰিবৰ কাৰণে মই আজ্ঞা কৰা নাছিলোঁ, আৰু মোৰ মনত উদয়ো হোৱা নাছিল। এইদৰে কাৰ্য কৰি তেওঁলোকে যিহূদাক পাপ কৰালে।
og de byggede Ba'als Offerhøje i Hinnoms Søns Dal for at ofre deres Sønner og Døtre til Molok, hvad jeg ikke havde budt dem, og hvad aldrig var i min Tanke, at man skulde gøre saa vederstyggelig en Ting for derved at lokke Juda til Synd.
36 ৩৬ এই কাৰণে এতিয়া, মই যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰে এই নগৰৰ বিষয়ে কৈছে, যাৰ বিষয়ে তোমালোকে কৈছা, ‘যি তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই এই নগৰখন বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হৈছে:
Men nu, saa siger HERREN, Israels Gud, om denne By, som I siger er givet i Babels Konges Haand med Sværd, Hunger og Pest:
37 ৩৭ চোৱা, মই মোৰ ক্ৰোধ, কোপ আৰু মহাৰোগত তেওঁলোকক যি যি দেশলৈ খেদাই পঠাইছিলোঁ, সেই সকলো দেশৰ পৰাই তেওঁলোকক মই গোট খুৱাম, আৰু মই পুনৰায় তেওঁলোকক এই ঠাইলৈ আনি নিৰাপদে বাস কৰাম।
Se, jeg vil samle dem fra alle de Lande, som jeg har bortstødt dem til i min Vrede og Harme og i stor Fortørnelse, og føre dem hjem til dette Sted og lade dem bo trygt.
38 ৩৮ তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হম।
De skal være mit Folk, og jeg vil være deres Gud;
39 ৩৯ মই তেওঁলোকক এক চিত্ত আৰু এক পথ দিম যাতে তেওঁলোকে মোক প্রতিদিনে সন্মান কৰিবৰ কাৰণে তেওঁলোক আৰু তেওঁলোকৰ পাছৰ সন্তান সকলৰ মঙ্গল হয়।
og jeg vil give dem eet Hjerte og een Vej, saa de frygter mig alle Dage, at det maa gaa dem og deres Sønner efter dem vel.
40 ৪০ তেওঁলোকৰ মঙ্গল কৰিবলৈ অৰ্থে, মই যেন তেওঁলোকৰ পৰা নুঘূৰিম, সেই কাৰণে মই তেওঁলোকৰ সৈতে এনে এক চিৰস্থায়ী নিয়ম স্থাপন কৰিম যাতে তেওঁলোকৰ মনত মোৰ বিষয়ৰ ভয় স্থাপন কৰিম যাতে তেওঁলোক মোৰ পাছত চলি মোৰ পৰা কেতিয়াও আঁতৰ নহয়।
Jeg slutter en evig Pagt med dem, at jeg ikke vil drage mig tilbage fra dem, men gøre vel imod dem; og min Frygt lægger jeg i deres Hjerter, saa de ikke viger fra mig.
41 ৪১ তেতিয়া মই তেওঁলোকৰ মঙ্গল কৰিবলৈ মই তেওঁলোকত আনন্দ কৰিম, আৰু নিশ্চয়ে সমস্ত মনেৰে আৰু সমস্ত প্ৰাণেৰে মই তেওঁলোকক এই দেশত ৰোম।”
Jeg vil glæde mig over dem og gøre vel imod dem; og jeg planter dem i dette Land i Trofasthed af hele mit Hjerte og hele min Sjæl.
42 ৪২ কিয়নো যিহোৱাই এই কথা কৈছে: মই লোকসকললৈ যেনেকৈ এই সকলো মহা-আপদ ঘটালোঁ, তেনেকৈ মই তেওঁলোকলৈ প্ৰতিজ্ঞা কৰা সকলো মঙ্গলো ঘটাম।
Thi saa siger HERREN: Som jeg bragte al denne store Ulykke over dette Folk, saaledes vil jeg bringe over dem alt det gode, jeg taler til dem om.
43 ৪৩ তেতিয়া এই যি দেশৰ বিষয়ে, ‘ই মনুষ্য আৰু পশুশূন্য ধ্বংসস্থান, ইয়াক কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে’, এই বুলি তোমালোকে কৈছা, এই দেশৰ শস্যক্ষেত্ৰ কিনা হ’ব।
End skal der købes Marker i det Land, som I siger er en Ørken uden Mennesker og Kvæg og givet i Kaldæernes Haand;
44 ৪৪ তেওঁলোকে ধন দি শস্যক্ষেত্ৰ কিনিব, আৰু দলীলত চহী দি, মোহৰ মাৰি বন্ধ কৰিব। বিন্যামীন প্ৰদেশত, যিৰূচালেমৰ চাৰিওফালে থকা ঠাইত, আৰু যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলৰ নিম্ন-ভুমিৰ, আৰু দক্ষিণ অঞ্চলৰ নগৰবোৰত সাক্ষী মাতিব; কিয়নো মই তেওঁলোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম” - এয়ে যিহোৱাৰ ঘোষণা।
man skal købe Marker for Penge og skrive Skøder og forsegle dem og tilkalde Vidner i Benjamins Land, i Jerusalems Omegn, i Judas Byer, i Bjerglandets, Lavlandets og Sydlandets Byer; thi jeg vender deres Skæbne, lyder det fra HERREN.

< যেরেমিয়া 32 >