< যেরেমিয়া 31 >

1 “সেই সময়ত” - যিহোৱাৰ এই ঘোষণা - “মই ইস্ৰায়েলৰ সকলো গোষ্ঠীৰ ঈশ্বৰ হ’ম, আৰু তেওঁলোক মোৰ প্ৰজা হ’ব।”
“O zaman” diyor RAB, “Bütün İsrail boylarının Tanrısı olacağım, onlar da benim halkım olacaklar.”
2 যিহোৱাই এই কথা কৈছে: যি ইস্ৰায়েলৰ লোকসকলে তৰোৱালৰ পৰা ৰক্ষা পাই জীয়াই আছিল তেওঁলোক অৰণ্যত দয়া পালে।
RAB diyor ki, “Kılıçtan kaçıp kurtulan halk çölde lütuf buldu. Ben İsrail'i rahata kavuşturmaya gelirken,
3 যিহোৱাই অতীতৰ পৰা দৰ্শন দিলে, আৰু মোক ক’লে, ‘সঁচাকৈ মই চিৰস্থায়ী প্ৰেমেৰে তোমাক প্ৰেম কৰোঁ। এই কাৰণে মই তোমাক বহুকালৰে পৰা দয়া কৰি আহিছোঁ।
Ona uzaktan görünüp şöyle dedim: Seni sonsuz bir sevgiyle sevdim, Bu nedenle sevecenlikle seni kendime çektim.
4 হে কুমাৰী ইস্ৰায়েল, মই তোমাক পুনৰ নিৰ্ম্মাণ কৰিম, তাতে তুমি নিৰ্ম্মিত হ’বা। তুমি তোমাৰ খঞ্জৰীৰে পুনৰায় ভুষিতা হ’বা, আৰু আমোদকাৰীসকলৰ লগত নাচিবাগি ওলাই যাবা।
Seni yeniden bina edeceğim, Yeniden bina edileceksin, ey erden kız İsrail! Yine teflerini alacak, Sevinçle coşup oynayanlara katılacaksın.
5 তুমি চমৰিয়াৰ পৰ্বতবোৰত পুনৰায় দ্ৰাক্ষাবাৰী পাতিবা; খেতিয়কসকলে তাক ৰুব, আৰু তাৰ ফল ভোগ কৰিব।
Samiriye dağlarında yine bağ dikeceksin; Bağ dikenler üzümünü yiyecekler.
6 কিয়নো ইফ্ৰয়িমৰ পৰ্ব্বতত প্ৰহৰীসকলে ঘোষণা কৰিব বোলে, ‘উঠা, ব’লা, আমাৰ ঈশ্বৰ যিহোৱাৰ গুৰিলৈ চিয়োনলৈ যাওহঁক’।”
Efrayim'in dağlık bölgesindeki bekçilerin, ‘Haydi, Siyon'a, Tanrımız RAB'be çıkalım’ Diye bağıracakları bir gün var.”
7 কাৰণ যিহোৱাই এই কথা কৈছে: “তোমালোকে যাকোবৰ কাৰণে আনন্দেৰে গীত গোৱা! আৰু জাতিবোৰৰ মুখিয়ালসকলৰ কাৰণে উল্লাসেৰে জয়-ধ্বনি কৰা, প্ৰচাৰ কৰা! প্ৰশংসা কৰা। আৰু কোৱা, ‘যিহোৱাই নিজ প্ৰজা ইস্ৰায়েলৰ অৱশিষ্ট ভাগক ৰক্ষা কৰিলে।’
RAB diyor ki, “Yakup için sevinçle haykırın! Ulusların başı olan için bağırın! Övgülerinizi duyurun! ‘Ya RAB, halkını, İsrail'den sağ kalanları kurtar’ deyin.
8 চোৱা, মই তেওঁলোকক উত্তৰ দিশৰ পৰা আনিম। মই পৃথিৱীৰ অন্তভাগৰ পৰা তেওঁলোকক গোট খুৱাম। তেওঁলোকৰ মাজত অন্ধ আৰু খোৰা লোক থাকিব; গৰ্ভৱতী আৰু গৰ্ভবেদনা পোৱা মহিলাসকল তেওঁলোকৰ লগত থাকিব। আৰু এই ঠাইলৈ এটা মহান সভা ঘূৰি আহিব।
İşte, onları kuzey ülkesinden Geri getirmek üzereyim; Onları dünyanın dört bucağından toplayacağım. Aralarında kör, topal, Gebe kadın da, doğuran kadın da olacak. Büyük bir topluluk olarak buraya dönecekler.
9 তেওঁলোকে ক্ৰন্দন কৰি আহিব; আৰু তেওঁলোকে বিনয় কৰি থকা অৱস্থাত মই তেওঁলোকক চলাম। মই তেওঁলোকক জুৰিৰ ওচৰেদি গমন কৰাম যি পোন বাটত তেওঁলোকে যেন উজুটি নাখাই, কিয়নো মই ইস্ৰায়েলৰ পিতৃ, আৰু ইফ্ৰয়িম মোৰ জেষ্ট পুত্ৰ।”
Ağlaya ağlaya gelecekler, Benden yardım dileyenleri geri getireceğim. Akarsular boyunca tökezlemeyecekleri Düz bir yolda yürüteceğim onları. Çünkü ben İsrail'in babasıyım, Efrayim de ilk oğlumdur.
10 ১০ হে জাতি সমূহ, যিহোৱাৰ বাক্য শুনা। দূৰত থকা দ্বীপবোৰত সেই বিষয়ে প্ৰচাৰ কৰা। হে জাতি সমূহ, তোমালোকে কোৱা, “যি জনে ইস্ৰায়েলক ছিন্ন-ভিন্ন কৰিছিল, তেৱেঁই তাইক গোটাব, আৰু ৰখীয়াই নিজৰ জাকক ৰখাৰ দৰে তেওঁ তাইক সেইদৰে ৰাখিব।”
“RAB'bin sözünü dinleyin, ey uluslar! Uzaktaki kıyılara duyurun: ‘İsrail'i dağıtan onu toplayacak, Sürüsünü kollayan çoban gibi kollayacak onu’ deyin.
11 ১১ কিয়নো যিহোৱাই যাকোবক মোকলালে, আৰু তাতকৈ অধিক বলৱান জনৰ হাতৰ পৰা তেওঁক মুক্ত কৰিলে।
Çünkü RAB Yakup'u kurtaracak, Onu kendisinden güçlü olanın elinden özgür kılacak.
12 ১২ তেতিয়া তেওঁলোকে আহি চিয়োনৰ উচ্ছস্থানত আনন্দ কৰিব। তেওঁলোকে যিহোৱাৰ সততাত আনন্দ কৰিব, যেনে ঘেহুঁ, নতুন দ্ৰাক্ষাৰস, তেল আৰু মেৰ-ছাগৰ জাকৰ পোৱালিবোৰ। কিয়নো তেওঁলোকৰ জীৱন পানী দিয়া উদ্যানৰ নিচিনা হ’ব, আৰু তেওঁলোকে কেতিয়াও পুনৰ শোক অনুভৱ নকৰিব।
Siyon'un yüksek tepelerine gelip Sevinçle haykıracaklar. RAB'bin verdiği iyilikler karşısında –Tahıl, yeni şarap, zeytinyağı, Davar ve sığır yavruları karşısında– Yüzleri sevinçle parlayacak. Sulanmış bahçe gibi olacak, Bir daha solmayacaklar.
13 ১৩ তেতিয়া যুৱতীসকলে নাচত আনন্দ কৰিব আৰু ডেকা আৰু বুঢ়া লোকসকলে একে লগে তেওঁলোকৰ সৈতে আনন্দ কৰিব। “কিয়নো মই তেওঁলোকৰ বিলাপ হৰ্ষলৈ পৰিবৰ্ত্তন কৰিম। মই তেওঁলোকৰ ওপৰত দয়া কৰিম, আৰু তেওঁলোকৰ শোক গুচাই তাৰ সলনি তেওঁলোকক আনন্দিত কৰাম।
O zaman erden kızlar, genç yaşlı erkekler Hep birlikte oynayıp sevinecek. Yaslarını coşkuya çevirecek, Üzüntülerini avutup onları sevindireceğim.
14 ১৪ আৰু মই পুষ্টিকৰ দ্ৰব্যেৰে পুৰোহিতসকলৰ মন প্রচুৰতাৰে তৃপ্ত কৰিম। আৰু মোৰ প্ৰজাসকলে মোৰ উত্তম বস্তুৰে নিজকে পৰিপূৰ্ণ কৰিব” - এয়ে যিহোৱাৰ ঘোষণা।
Kâhinleri bol yiyecekle doyuracağım, Halkım iyiliklerimle doyacak” diyor RAB.
15 ১৫ যিহোৱাই এই কথা কৈছে: “ৰামাত বিলাপৰ আৰু ক্ৰন্দাৰ শব্দ শুনা গৈছে। ৰাহেলে নিজৰ সন্তান সকলৰ কাৰণে ক্ৰন্দন কৰিছে; তেওঁ নিজৰ সন্তান সকলৰ বিষয়ে শান্তনা দিয়া কথা নামানে, কিয়নো তেওঁলোক আৰু জীৱিত নাই।”
RAB diyor ki, “Rama'da bir ses duyuldu, Ağlayış ve acı feryat sesleri! Çocukları için ağlayan Rahel avutulmak istemiyor. Çünkü onlar yok artık!”
16 ১৬ যিহোৱাই এই কথা কৈছে: “তুমি ক্ৰন্দন কৰিবলৈ আৰু চকু-লো বোৱাবলৈ এৰা; কিয়নো তোমাৰ কষ্টৰ পুৰস্কাৰ দিয়া হ’ব” - এয়ে যিহোৱাৰ ঘোষণা। “তোমাৰ সন্তান সকল শত্ৰূৰ দেশৰ পৰা পুনৰায় আহিব।
RAB diyor ki, “Sesini ağlamaktan, Gözlerini yaş dökmekten alıkoy. Çünkü verdiğin emek ödüllendirilecek” diyor RAB. “Halkım düşman ülkesinden geri dönecek.
17 ১৭ তোমাৰ শেষ অৱস্থাৰ বিষয়ে আশা আছে” - এয়ে যিহোৱাৰ বচন। “তোমাৰ সন্তান সকল নিজৰ অঞ্চললৈ ঘূৰি আহিব।”
Geleceğin için umut var” diyor RAB. “Çocukların yurtlarına dönecekler.
18 ১৮ “মই ইফ্ৰয়িমক বিলাপেৰে সঁচাকৈ কোৱা শুনিলোঁ। ‘তুমি মোক শাস্তি দিলা, আৰু মই শাস্তি ভোগ কৰিলোঁ। যুৱলিত অভ্যাস নোহোৱা দামুৰি পোৱালিৰ নিচিনাকৈ তুমি মোক ঘূৰুউৱা, তাতে মই ঘূৰিম, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ যিহোৱা।
“Efrayim'in inlemelerini kuşkusuz duydum: ‘Beni eğitilmemiş dana gibi yola getirdin Ve yola geldim. Beni geri getir, döneyim. Çünkü RAB Tanrım sensin.
19 ১৯ নিশ্চয়ে মই ঘূৰাৰ পাছতে মই মন পালটালোঁ; আৰু মই শিক্ষা পোৱাৰ পাছত মই শোকত মোৰ বুকুত চপৰিয়ালোঁ; মোৰ ডেকা কালৰ অপমান ভাৰ বোৱাৰ কাৰণে মই লাজ পালোঁ এনে কি, বিবৰ্ণ হলোঁ।’
Yanlış yola saptıktan sonra pişman oldum. Aklım başıma gelince bağrımı dövdüm. Gençliğimdeki ayıplarımdan utandım, Rezil oldum.’
20 ২০ ইফ্ৰয়িম মোৰ প্ৰিয় পুত্ৰ নহয় নে? সি মোৰ মৰমৰ লৰা নহয় নে? কিয়নো যিমানবাৰ মই তাৰ অহিতে কথা কওঁ, সিমানবাৰ পুনৰায় তাক অনুগ্ৰহেৰে সোঁৱৰণ কৰোঁ; এইদৰে তাৰ কাৰণে মোৰ হৃদয়ে হেঁপাহ কৰে। অৱশ্যে মই তাক দয়া কৰিম।” - এয়ে যিহোৱাৰ বচন।
“Efrayim değerli oğlum değil mi? Hoşnut olduğum çocuk değil mi? Kendisi için ne dersem diyeyim, Onu hiç unutmuyorum. Bu yüzden yüreğim sızlıyor, Çok acıyorum ona” diyor RAB.
21 ২১ তুমি ঠায়ে ঠায়ে নিজৰ কাৰণে বাটৰ চিন ৰাখা। তোমাৰ বাট দেখুউৱা খুঁটা স্থাপন কৰা; তুমি যি সুপথে গৈছিলা, সেই পথ মনত ৰাখা, যি পথটো তুমি ল’বা। হে কুমাৰী ইস্ৰায়েল! ওলোটা, পুনৰায় তোমাৰ এই নগৰবোৰলৈ উলটি আহাঁ।
“Kendin için yol işaretleri koy, Direkler dik. Yolunu, gittiğin yolu iyi düşün. Geri dön, ey erden kız İsrail, kentlerine dön!
22 ২২ হে অবিশ্ৱাসী জীয়াৰী, তুমি কিমান কাল অস্থিৰে থাকিবা? কাৰণ যিহোৱাই পৃথিৱীত এটা নতুন বস্তু সৃষ্টি কৰিলে: তিৰোতাসকলে শক্তিশালী পুৰুষসকলক আবৰি ধৰিব।
Ne zamana dek bocalayıp duracaksın, ey dönek kız? RAB dünyada yeni bir şey yarattı: Kadın erkeği koruyacak.”
23 ২৩ ইস্ৰায়েলৰ ঈশ্বৰ, বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “মই যেতিয়া এই লোকসকলৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, তেতিয়া তেওঁলোকে যিহূদা দেশত আৰু তাৰ নগৰবোৰত পুনৰায় এই কথা ক’ব: ‘হে ধৰ্মনিবাস, হে পবিত্ৰ পৰ্ব্বত, যিহোৱাই তোমাক আশীৰ্ব্বাদ কৰক।’
İsrail'in Tanrısı, Her Şeye Egemen RAB şöyle diyor: “Yahuda ve kentlerindeki halkı eski gönençlerine kavuşturduğum zaman yine şu sözleri söyleyecekler: ‘RAB sizi kutsasın, Ey doğruluk yurdu, ey kutsal dağ!’
24 ২৪ কিয়নো যিহূদা আৰু তাৰ সকলো নগৰবোৰে সেই ঠাইত বাস কৰিব। খেতিয়ক আৰু মেৰ-ছাগৰ ৰখীয়াসকলে মেৰ-ছাগৰ জাক লৈ একে লগে তাত বাস কৰিব।
Halk, ırgatlar, sürüleriyle dolaşan çobanlar Yahuda'da ve kentlerinde birlikte yaşayacak.
25 ২৫ কিয়নো মই ভাগৰুৱাসকলক প্ৰাণ জুৰাৱাম, আৰু প্ৰত্যেক দুখিত প্ৰাণক পৰিতৃপ্ত কৰিম”।
Yorgun cana kana kana içirecek, bitkin canı doyuracağım.”
26 ২৬ ইয়াৰ পাছত মই সাৰ পালোঁ আৰু মোৰ নিদ্ৰা মোলৈ সুখদায়ক আছিল সেয়া অনুভৱ কৰিলোঁ।
Bunun üzerine uyanıp baktım. Uykum bana tatlı geldi.
27 ২৭ যিহোৱাই কৈছে - “চোৱা, এনে দিনবোৰ আহি আছে”, যে, সেই দিনা মই ইস্ৰায়েল আৰু যিহূদা বংশত মানুহ আৰু পশুস্বৰূপ গুটি সিঁচিম।
“İsrail ve Yahuda'da insan ve hayvan tohumu ekeceğim günler yaklaşıyor” diyor RAB,
28 ২৮ তেতিয়া মই তেওঁলোকক উঘালিবলৈ, ভাঙিবলৈ, নিপাত কৰিবলৈ, বিনষ্ট কৰিবলৈ আৰু দুখ দিবলৈ তেওঁলোকৰ পক্ষে যেনেকৈ জাগি আছিলোঁ, তেওঁলোকক সাজিবলৈ আৰু ৰুবলৈ সেই দৰে তেওঁলোকৰ পক্ষে জাগি থকিম” - এয়ে যিহোৱাৰ ঘোষণা।
“Kökünden söküp yok etmek, yerle bir edip yıkmak, yıkıma uğratmak için onları nasıl gözledimse, kurup dikmek için de gözleyeceğim” diyor RAB.
29 ২৯ সেই দিনবোৰত কোনো এজন লোকে এনে কথা নকব, ‘পিতৃসকলে টেঙা দ্ৰাক্ষা গুটি খালে, কিন্তু পুতেকসকলৰ দাঁত টেঙালে।’
“O günler insanlar artık, ‘Babalar koruk yedi, Çocukların dişleri kamaştı’ demeyecekler.
30 ৩০ কিয়নো প্ৰতিজনে নিজ নিজ অপৰাধৰ কাৰণে মৰিব; যি সকলে টেঙা দ্ৰাক্ষাগুটি খাব, তেওঁৰেইহে দাঁত টেঙাব।
Herkes kendi suçu yüzünden ölecek. Koruk yiyenin dişleri kamaşacak.
31 ৩১ যিহোৱাই কৈছে: “চোৱা, এনে কোনো দিন আহি আছে - “সেই দিনা মই ইস্ৰায়েল-বংশ আৰু যিহূদা বংশৰ সৈতে এক নতুন নিয়ম স্থাপন কৰিম।
“İsrail halkıyla ve Yahuda halkıyla Yeni bir antlaşma yapacağım günler geliyor” diyor RAB,
32 ৩২ মিচৰ দেশৰ পৰা উলিয়াই অনাৰ দিনত তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ হাত ধৰিবৰ দিনা তেওঁলোকৰ সৈতে যি নিয়ম স্থাপন কৰা হৈছিল সেই নিয়মটিৰ অনুসাৰে নহয়। সেই দিনবোৰত তেওঁলোকে মোৰ নিয়মটি ভাঙিছিল, যদিও মই তেওঁলোকৰ স্বামীৰ দৰে আছিলোঁ” - এয়ে যিহোৱাৰ ঘোষণা।
“Atalarını Mısır'dan çıkarmak için Ellerinden tuttuğum gün Onlarla yaptığım antlaşmaya benzemeyecek. Onların kocası olmama karşın, Bozdular o antlaşmamı” diyor RAB.
33 ৩৩ “কিন্তু সেই দিনৰ পাছত ইস্ৰায়েল-বংশৰ লগত মই যি নিয়ম কৰিম, সেই নিয়মটি এই” - মই তেওঁলোকৰ অন্তৰত মোৰ নিয়ম স্থাপন কৰিম, আৰু তেওঁলোকৰ হৃদয়ত সেই বিষয়ে লিখিম, কিয়নো মই তেওঁলোকৰ ঈশ্বৰ হ’ম আৰু তেওঁলোক মোৰ প্ৰজা হ’ব।
“Ama o günlerden sonra İsrail halkıyla Yapacağım antlaşma şudur” diyor RAB, “Yasamı içlerine yerleştirecek, Yüreklerine yazacağım. Ben onların Tanrısı olacağım, Onlar da benim halkım olacak.
34 ৩৪ তেতিয়া প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক বা প্ৰতিজনে নিজ নিজ ভাইক এই শিক্ষা নিদিব বোলে, ‘যিহোৱাক জানা!’ কিয়নো তেওঁলোকৰ সকলো বৰৰ পৰা সৰুলৈকে সকলোৱে মোক জানিব” - এয়ে যিহোৱাৰ ঘোষণা। “কিয়নো মই তেওঁলোকৰ অপৰাধ ক্ষমা কৰিম আৰু তেওঁলোকৰ পাপ মই আৰু কেতিয়াও নুসুঁৱৰিম।”
Bundan böyle kimse komşusunu ya da kardeşini, ‘RAB'bi tanıyın’ diye eğitmeyecek. Çünkü küçük büyük hepsi Tanıyacak beni” diyor RAB. “Çünkü suçlarını bağışlayacağım, Günahlarını artık anmayacağım.”
35 ৩৫ যিহোৱাই এইদৰে কৈছে - যি জন যিহোৱাই দিনৰ পোহৰৰ কাৰণে সুৰ্য্য আৰু ৰাতিৰ পোহৰৰ কাৰণে চন্দ্ৰ আৰু তৰাবোৰৰ নিয়ম স্থাপন কৰে, যি জনে সাগৰৰ ঢৌৱে গৰ্জ্জন কৰাকৈ সমুদ্ৰক আস্ফালন কৰায়, বাহিনীসকলৰ যিহোৱাৰ নামেৰে তেওঁ এই কথা কৈছে:
Gündüz ışık olsun diye güneşi sağlayan, Gece ışık olsun diye ayı, yıldızları düzene koyan, Dalgaları kükresin diye denizi kabartan RAB –O'nun adı Her Şeye Egemen RAB'dir– diyor ki,
36 ৩৬ “যদিহে এই স্থায়ী নিয়মবোৰ মোৰ আগৰ পৰা গুচে” - যিহোৱাই এই কথা কৈছে - তেন্তে ইস্ৰায়েল বংশও চিৰকালৰ কাৰণে মোৰ আগত এক জাতি হোৱাৰ পৰা স্থগিত হ’ব।”
“Eğer kurulan bu düzen önümden kalkarsa, İsrail soyu sonsuza dek Önümde ulus olmaktan çıkar” diyor RAB.
37 ৩৭ যিহোৱাই এই কথা কৈছে: যদি ওপৰত আকাশ-মণ্ডল জুখিব পাৰি, আৰু তলত পৃথিৱীৰ মূলবোৰ অনুসন্ধান কৰিব পাৰি, তেনেহ’লে ইস্ৰায়েলে কৰা সকলো কৰ্মৰ কাৰণে মইও গোটেই ইস্ৰায়েল-বংশক দূৰ কৰিম - এয়ে যিহোৱাৰ বচন।
RAB şöyle diyor: “Gökler ölçülebilse, Dünyanın temelleri incelenip anlaşılabilse, İsrail soyunu bütün yaptıkları yüzünden Reddederim” diyor RAB.
38 ৩৮ যিহোৱাই এই কথা কৈছে - “চোৱা, এনে কোনো দিন আহি আছে” - যি দিনা মোৰ উদ্দেশ্যে হননেলৰ কোঁঠৰ পৰা চুকৰ দুৱাৰলৈকে নগৰখন সজা হ’ব,
“Yeruşalim Kenti'nin Hananel Kulesi'nden Köşe Kapısı'na dek benim için yeniden kurulacağı günler geliyor” diyor RAB,
39 ৩৯ তেতিয়া পৰিমাণ-জৰী গাৰেব পৰ্ব্বতলৈকে পোনে পোনে টনা যাব; আৰু ঘূৰি গোৱালৈ আহিব।
“Ölçü ipi oradan Garev Tepesi'ne doğru uzayıp Goa'ya dönecek.
40 ৪০ আৰু মৰা শৱ আৰু ছাঁই পেলোৱা গোটাই উপত্যকা, আৰু কিদ্ৰোণ জুৰিলৈকে সকলো মুকলি ঠাই পূবফালে থকা অশ্ব-দুৱাৰৰ চুকলৈকে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব; তাক চিৰকালৰ কাৰণে উঘলা বা কেতিয়াও পৰাভূত কৰা নহ’ব।”
Ölülerle küllerin atıldığı bütün vadi, Kidron Vadisi'ne dek uzanan tarlalar, doğuda At Kapısı'nın köşesine dek RAB için kutsal olacak. Kent bir daha kökünden sökülmeyecek, sonsuza dek yıkılmayacak.”

< যেরেমিয়া 31 >