< যেরেমিয়া 31 >
1 ১ “সেই সময়ত” - যিহোৱাৰ এই ঘোষণা - “মই ইস্ৰায়েলৰ সকলো গোষ্ঠীৰ ঈশ্বৰ হ’ম, আৰু তেওঁলোক মোৰ প্ৰজা হ’ব।”
১“সেই দিন” এটি সদাপ্রভুর ঘোষণা “আমি ইস্রায়েলের সব গোষ্ঠীরই ঈশ্বর হব এবং তারা আমার প্রজা হবে।”
2 ২ যিহোৱাই এই কথা কৈছে: যি ইস্ৰায়েলৰ লোকসকলে তৰোৱালৰ পৰা ৰক্ষা পাই জীয়াই আছিল তেওঁলোক অৰণ্যত দয়া পালে।
২সদাপ্রভু এই কথা বলেন, “লোকেরা, যারা তরোয়ালের থেকে বেঁচে গেছে, তারা মরুপ্রান্তে অনুগ্রহ পেল, ইস্রায়েলকে বিশ্রাম দিতে গেলাম।”
3 ৩ যিহোৱাই অতীতৰ পৰা দৰ্শন দিলে, আৰু মোক ক’লে, ‘সঁচাকৈ মই চিৰস্থায়ী প্ৰেমেৰে তোমাক প্ৰেম কৰোঁ। এই কাৰণে মই তোমাক বহুকালৰে পৰা দয়া কৰি আহিছোঁ।
৩সদাপ্রভু অতীতে আমার কাছে আবির্ভূত হয়ে বললেন, “ইস্রায়েল, আমি তোমাকে অনন্তকালীন ভালোবাসায় ভালোবেসেছি। তাই আমি তোমাকে বিশ্বস্ত চুক্তি দিয়ে আমার কাছে টেনেছি।
4 ৪ হে কুমাৰী ইস্ৰায়েল, মই তোমাক পুনৰ নিৰ্ম্মাণ কৰিম, তাতে তুমি নিৰ্ম্মিত হ’বা। তুমি তোমাৰ খঞ্জৰীৰে পুনৰায় ভুষিতা হ’বা, আৰু আমোদকাৰীসকলৰ লগত নাচিবাগি ওলাই যাবা।
৪কুমারী ইস্রায়েল, আমি তোমাকে আবার গড়ে তুলব, তাতে তুমি গড়ে উঠবে। তুমি আবার তোমার খঞ্জনি নেবে এবং আনন্দের সঙ্গে নাচতে যাবে।
5 ৫ তুমি চমৰিয়াৰ পৰ্বতবোৰত পুনৰায় দ্ৰাক্ষাবাৰী পাতিবা; খেতিয়কসকলে তাক ৰুব, আৰু তাৰ ফল ভোগ কৰিব।
৫শমরিয়ার পর্বতের উপরে তুমি আবার আঙ্গুর ক্ষেত রোপণ করবে; চাষীরা চাষ করবে এবং তার ফল ভালো কাজে লাগবে।
6 ৬ কিয়নো ইফ্ৰয়িমৰ পৰ্ব্বতত প্ৰহৰীসকলে ঘোষণা কৰিব বোলে, ‘উঠা, ব’লা, আমাৰ ঈশ্বৰ যিহোৱাৰ গুৰিলৈ চিয়োনলৈ যাওহঁক’।”
৬কারণ একটি দিন আসবে, যখন ইফ্রয়িমের পর্বতের উপরে পাহারাদারেরা ঘোষণা করবে, ‘ওঠ, আমরা সিয়োনে সদাপ্রভু, আমাদের ঈশ্বরের কাছে যাই’।”
7 ৭ কাৰণ যিহোৱাই এই কথা কৈছে: “তোমালোকে যাকোবৰ কাৰণে আনন্দেৰে গীত গোৱা! আৰু জাতিবোৰৰ মুখিয়ালসকলৰ কাৰণে উল্লাসেৰে জয়-ধ্বনি কৰা, প্ৰচাৰ কৰা! প্ৰশংসা কৰা। আৰু কোৱা, ‘যিহোৱাই নিজ প্ৰজা ইস্ৰায়েলৰ অৱশিষ্ট ভাগক ৰক্ষা কৰিলে।’
৭কারণ সদাপ্রভু এই কথা বলেন, “তোমরা যাকোবের আনন্দের জন্য চিত্কার কর! জাতির প্রধান লোকেদের জন্য উল্লাসধ্বনি কর! প্রশংসা শোনা যাক, বল, ‘সদাপ্রভু ইস্রায়েলের অবশিষ্ট থাকা লোকেদের, তাঁর প্রজাদের উদ্ধার করেছেন’।
8 ৮ চোৱা, মই তেওঁলোকক উত্তৰ দিশৰ পৰা আনিম। মই পৃথিৱীৰ অন্তভাগৰ পৰা তেওঁলোকক গোট খুৱাম। তেওঁলোকৰ মাজত অন্ধ আৰু খোৰা লোক থাকিব; গৰ্ভৱতী আৰু গৰ্ভবেদনা পোৱা মহিলাসকল তেওঁলোকৰ লগত থাকিব। আৰু এই ঠাইলৈ এটা মহান সভা ঘূৰি আহিব।
৮দেখ, আমি উত্তরের দেশ থেকে তাদের নিয়ে আসব। পৃথিবীর শেষ সীমানা থেকে তাদের জড়ো করব। তাদের মধ্যে থাকবে অন্ধ, খোঁড়া, গর্ভবতী এবং প্রসূতি মহিলা এখানে অনেক অনেক মানুষ ফিরে আসবে।
9 ৯ তেওঁলোকে ক্ৰন্দন কৰি আহিব; আৰু তেওঁলোকে বিনয় কৰি থকা অৱস্থাত মই তেওঁলোকক চলাম। মই তেওঁলোকক জুৰিৰ ওচৰেদি গমন কৰাম যি পোন বাটত তেওঁলোকে যেন উজুটি নাখাই, কিয়নো মই ইস্ৰায়েলৰ পিতৃ, আৰু ইফ্ৰয়িম মোৰ জেষ্ট পুত্ৰ।”
৯তারা কাঁদতে কাঁদতে আসবে; তাদের আবেদন মত আমি তাদের পরিচালনা করব। আমি তাদের জলের স্রোতের কাছের সরল পথ দিয়ে চালাবো। সেখানে তারা হোঁচট খাবে না, কারণ আমি ইস্রায়েলের পিতা হবো এবং ইফ্রয়িম আমার প্রথম সন্তান।”
10 ১০ হে জাতি সমূহ, যিহোৱাৰ বাক্য শুনা। দূৰত থকা দ্বীপবোৰত সেই বিষয়ে প্ৰচাৰ কৰা। হে জাতি সমূহ, তোমালোকে কোৱা, “যি জনে ইস্ৰায়েলক ছিন্ন-ভিন্ন কৰিছিল, তেৱেঁই তাইক গোটাব, আৰু ৰখীয়াই নিজৰ জাকক ৰখাৰ দৰে তেওঁ তাইক সেইদৰে ৰাখিব।”
১০জাতিসমূহ, সদাপ্রভুর বাক্য শোন। দূরের উপকূলে তা বর্ণনা কর। জাতি, তোমরা বল, “যিনি ইস্রায়েলকে ছড়িয়েছেন, তিনিই তাদের জড়ো করবেন এবং মেষপালকের মত করে তাঁর মেষ রক্ষা করবেন।”
11 ১১ কিয়নো যিহোৱাই যাকোবক মোকলালে, আৰু তাতকৈ অধিক বলৱান জনৰ হাতৰ পৰা তেওঁক মুক্ত কৰিলে।
১১কারণ সদাপ্রভু যাকোবকে মুক্ত করেছেন এবং তার থেকে শক্তিশালীদের হাত থেকে তাদের ছাড়িয়ে এনেছেন।
12 ১২ তেতিয়া তেওঁলোকে আহি চিয়োনৰ উচ্ছস্থানত আনন্দ কৰিব। তেওঁলোকে যিহোৱাৰ সততাত আনন্দ কৰিব, যেনে ঘেহুঁ, নতুন দ্ৰাক্ষাৰস, তেল আৰু মেৰ-ছাগৰ জাকৰ পোৱালিবোৰ। কিয়নো তেওঁলোকৰ জীৱন পানী দিয়া উদ্যানৰ নিচিনা হ’ব, আৰু তেওঁলোকে কেতিয়াও পুনৰ শোক অনুভৱ নকৰিব।
১২তখন তারা আসবে এবং সিয়োনের উঁচু জায়গায় আনন্দ করবে। তারা সদাপ্রভুর মঙ্গলদানে, দানাশষ্যে, নতুন আঙ্গুর রস, তেল, ভেড়া ও গরুর পালের বাচ্চা পেয়ে আনন্দ করবে। কারণ তাদের প্রাণ হবে জলপূর্ণ বাগানের মত এবং তারা আর কখনও দুঃখ অনুভব করবে না।
13 ১৩ তেতিয়া যুৱতীসকলে নাচত আনন্দ কৰিব আৰু ডেকা আৰু বুঢ়া লোকসকলে একে লগে তেওঁলোকৰ সৈতে আনন্দ কৰিব। “কিয়নো মই তেওঁলোকৰ বিলাপ হৰ্ষলৈ পৰিবৰ্ত্তন কৰিম। মই তেওঁলোকৰ ওপৰত দয়া কৰিম, আৰু তেওঁলোকৰ শোক গুচাই তাৰ সলনি তেওঁলোকক আনন্দিত কৰাম।
১৩তখন কুমারীরা নাচবে এবং যুবক ও বয়ষ্ক লোকেরাও সাথে থাকবে। “আমি তাদের বিলাপ উল্লাসে বদলে দেব; আমি তাদের দয়া করব এবং তাদের দুঃখের পরিবর্তে আনন্দিত করব।
14 ১৪ আৰু মই পুষ্টিকৰ দ্ৰব্যেৰে পুৰোহিতসকলৰ মন প্রচুৰতাৰে তৃপ্ত কৰিম। আৰু মোৰ প্ৰজাসকলে মোৰ উত্তম বস্তুৰে নিজকে পৰিপূৰ্ণ কৰিব” - এয়ে যিহোৱাৰ ঘোষণা।
১৪তখন আমি যাজকদের প্রাচুর্য্য দিয়ে পরিপূর্ণ করব। আমার প্রজারা আমার মঙ্গল দিয়ে পূর্ণ হবে।” এটা সদাপ্রভুর ঘোষণা।
15 ১৫ যিহোৱাই এই কথা কৈছে: “ৰামাত বিলাপৰ আৰু ক্ৰন্দাৰ শব্দ শুনা গৈছে। ৰাহেলে নিজৰ সন্তান সকলৰ কাৰণে ক্ৰন্দন কৰিছে; তেওঁ নিজৰ সন্তান সকলৰ বিষয়ে শান্তনা দিয়া কথা নামানে, কিয়নো তেওঁলোক আৰু জীৱিত নাই।”
১৫সদাপ্রভু এই কথা বলেন, “রামায় একটি আওয়াজ শোনা যাচ্ছে, হাহাকার ও তিক্ত কান্না। রাহেল তার সন্তানদের জন্য কাঁদছে। সে তাদের ছেড়ে আরাম করতে অস্বীকার করে, কারণ তারা আর বেঁচে নেই।”
16 ১৬ যিহোৱাই এই কথা কৈছে: “তুমি ক্ৰন্দন কৰিবলৈ আৰু চকু-লো বোৱাবলৈ এৰা; কিয়নো তোমাৰ কষ্টৰ পুৰস্কাৰ দিয়া হ’ব” - এয়ে যিহোৱাৰ ঘোষণা। “তোমাৰ সন্তান সকল শত্ৰূৰ দেশৰ পৰা পুনৰায় আহিব।
১৬সদাপ্রভু এই কথা বলেন, “তোমার কান্নাকাটি থামাও ও চোখের জল ধরে রাখো; কারণ তোমার কষ্টের পুরষ্কার পাবে।” এটা সদাপ্রভুর ঘোষণা। “তোমার সন্তানেরা শত্রুদের দেশ থেকে ফিরে আসবে।
17 ১৭ তোমাৰ শেষ অৱস্থাৰ বিষয়ে আশা আছে” - এয়ে যিহোৱাৰ বচন। “তোমাৰ সন্তান সকল নিজৰ অঞ্চললৈ ঘূৰি আহিব।”
১৭তোমার ভবিষ্যতের জন্য আশা আছে।” এটা সদাপ্রভুর ঘোষণা। “তোমার বংশধরেরা তাদের দেশে ফিরে আসবে।
18 ১৮ “মই ইফ্ৰয়িমক বিলাপেৰে সঁচাকৈ কোৱা শুনিলোঁ। ‘তুমি মোক শাস্তি দিলা, আৰু মই শাস্তি ভোগ কৰিলোঁ। যুৱলিত অভ্যাস নোহোৱা দামুৰি পোৱালিৰ নিচিনাকৈ তুমি মোক ঘূৰুউৱা, তাতে মই ঘূৰিম, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ যিহোৱা।
১৮আমি অবশ্যই ইফ্রয়িমের দুঃখের কথা শুনেছি, ‘তুমি আমাকে শাস্তি দিয়েছ এবং আমি শাস্তি পেয়েছি। অবাধ্য বাছুরের মত আমাকে ফিরিয়ে আনো এবং আমি ফিরে আসব, কারণ তুমি সদাপ্রভু, আমার ঈশ্বর।
19 ১৯ নিশ্চয়ে মই ঘূৰাৰ পাছতে মই মন পালটালোঁ; আৰু মই শিক্ষা পোৱাৰ পাছত মই শোকত মোৰ বুকুত চপৰিয়ালোঁ; মোৰ ডেকা কালৰ অপমান ভাৰ বোৱাৰ কাৰণে মই লাজ পালোঁ এনে কি, বিবৰ্ণ হলোঁ।’
১৯কারণ আমি তোমার কাছে ফিরলাম, আমি দুঃখিত হলাম, আমি বাধ্য হবার পর দুঃখে আমার বুকে চাপড় মারলাম। আমি লজ্জিত ও অপমানিত হলাম, কারণ আমার যুবক বয়সের অপরাধ বহন করেছি’।
20 ২০ ইফ্ৰয়িম মোৰ প্ৰিয় পুত্ৰ নহয় নে? সি মোৰ মৰমৰ লৰা নহয় নে? কিয়নো যিমানবাৰ মই তাৰ অহিতে কথা কওঁ, সিমানবাৰ পুনৰায় তাক অনুগ্ৰহেৰে সোঁৱৰণ কৰোঁ; এইদৰে তাৰ কাৰণে মোৰ হৃদয়ে হেঁপাহ কৰে। অৱশ্যে মই তাক দয়া কৰিম।” - এয়ে যিহোৱাৰ বচন।
২০ইফ্রয়িম কি আমার মূল্যবান সন্তান নয়? সে কি আমার প্রিয়, আহ্লাদের সন্তান নয়? কারণ যখনই আমি তার বিরুদ্ধে কথা বলি, আমি অবশ্যই তাকে ভালবেসে মনে করি। এই ভাবে আমার অন্তর ব্যাকুল হয়। আমি অবশ্যই তার উপর দয়া করব।” এটা সদাপ্রভুর ঘোষণা।
21 ২১ তুমি ঠায়ে ঠায়ে নিজৰ কাৰণে বাটৰ চিন ৰাখা। তোমাৰ বাট দেখুউৱা খুঁটা স্থাপন কৰা; তুমি যি সুপথে গৈছিলা, সেই পথ মনত ৰাখা, যি পথটো তুমি ল’বা। হে কুমাৰী ইস্ৰায়েল! ওলোটা, পুনৰায় তোমাৰ এই নগৰবোৰলৈ উলটি আহাঁ।
২১জায়গায় জায়গায় তোমার জন্য পথের চিহ্ন রাখো। তোমার জন্য পথনির্দেশের স্তম্ভ স্থাপন কর। তোমার মনকে সঠিক পথে ধরে রাখো, যে পথে তুমি গিয়েছিলে। কুমারী ইস্রায়েল, ফিরে এস! তোমার এইসব শহরে ফিরে এস।
22 ২২ হে অবিশ্ৱাসী জীয়াৰী, তুমি কিমান কাল অস্থিৰে থাকিবা? কাৰণ যিহোৱাই পৃথিৱীত এটা নতুন বস্তু সৃষ্টি কৰিলে: তিৰোতাসকলে শক্তিশালী পুৰুষসকলক আবৰি ধৰিব।
২২বিপথগামী মেয়ে, আর কতকাল তুমি ঘুরে বেড়াবে? কারণ সদাপ্রভু পৃথিবীতে একটি নতুন কিছু সৃষ্টি করেছেন: স্ত্রীলোকেরা শক্তিশালী পুরুষদের রক্ষা করার জন্য তাদের চারপাশে ঘুরবে।
23 ২৩ ইস্ৰায়েলৰ ঈশ্বৰ, বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “মই যেতিয়া এই লোকসকলৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, তেতিয়া তেওঁলোকে যিহূদা দেশত আৰু তাৰ নগৰবোৰত পুনৰায় এই কথা ক’ব: ‘হে ধৰ্মনিবাস, হে পবিত্ৰ পৰ্ব্বত, যিহোৱাই তোমাক আশীৰ্ব্বাদ কৰক।’
২৩বাহিনীগণের সদাপ্রভু, ইস্রায়েলের ঈশ্বর এই কথা বলেন, “আমি যখন লোকেদের নিজেদের দেশে ফিরিয়ে আনব, তারা যিহূদা দেশ ও তার শহরগুলিতে এই কথা বলবে, ‘তোমার ন্যায়পরায়ন স্থান, যেখানে তিনি বাস করেন; পবিত্র পাহাড় তোমাকে সদাপ্রভু তোমাকে আশীর্বাদ করুন’।
24 ২৪ কিয়নো যিহূদা আৰু তাৰ সকলো নগৰবোৰে সেই ঠাইত বাস কৰিব। খেতিয়ক আৰু মেৰ-ছাগৰ ৰখীয়াসকলে মেৰ-ছাগৰ জাক লৈ একে লগে তাত বাস কৰিব।
২৪কারণ যিহূদা ও তার সমস্ত শহর একসঙ্গে বাস করবে। চাষীরা ও মেষপালকেরা তাদের পশুপালের সঙ্গে সেখানে থাকবে।
25 ২৫ কিয়নো মই ভাগৰুৱাসকলক প্ৰাণ জুৰাৱাম, আৰু প্ৰত্যেক দুখিত প্ৰাণক পৰিতৃপ্ত কৰিম”।
২৫কারণ আমি ক্লান্তদের পান করার জল দেবো এবং আমি প্রত্যেক তৃষ্ণার্ত লোককে তার কষ্ট থেকে তৃপ্ত করব।”
26 ২৬ ইয়াৰ পাছত মই সাৰ পালোঁ আৰু মোৰ নিদ্ৰা মোলৈ সুখদায়ক আছিল সেয়া অনুভৱ কৰিলোঁ।
২৬তারপর আমি জেগে উঠলাম এবং আমি বুঝলাম আমার ঘুম সুখদায়ক ছিল।
27 ২৭ যিহোৱাই কৈছে - “চোৱা, এনে দিনবোৰ আহি আছে”, যে, সেই দিনা মই ইস্ৰায়েল আৰু যিহূদা বংশত মানুহ আৰু পশুস্বৰূপ গুটি সিঁচিম।
২৭সদাপ্রভু বলেন, “দেখ, দিন আসছে, যখন আমি ইস্রায়েল ও যিহূদা দেশে লোকেদের ও পশুদের বীজের মত বপন করব।
28 ২৮ তেতিয়া মই তেওঁলোকক উঘালিবলৈ, ভাঙিবলৈ, নিপাত কৰিবলৈ, বিনষ্ট কৰিবলৈ আৰু দুখ দিবলৈ তেওঁলোকৰ পক্ষে যেনেকৈ জাগি আছিলোঁ, তেওঁলোকক সাজিবলৈ আৰু ৰুবলৈ সেই দৰে তেওঁলোকৰ পক্ষে জাগি থকিম” - এয়ে যিহোৱাৰ ঘোষণা।
২৮তখন এটা ঘটবে, আমি যেমন তাদের উপড়ে, ভেঙে ও ছুঁড়ে ফেলা, ধ্বংস ও বিপদ আনার দিকে খেয়াল রেখেছিলাম; তেমনি করে তাদের গড়ে তোলার ও রোপণ করার দিকেও খেয়াল রাখব।” এটা সদাপ্রভু বলেন।
29 ২৯ সেই দিনবোৰত কোনো এজন লোকে এনে কথা নকব, ‘পিতৃসকলে টেঙা দ্ৰাক্ষা গুটি খালে, কিন্তু পুতেকসকলৰ দাঁত টেঙালে।’
২৯“সেই দিনের লোকেরা আর কেউ বলবে না, ‘বাবারা টক আঙ্গুর খেয়েছেন, কিন্তু সন্তানদের দাঁত টকে গেছে’।
30 ৩০ কিয়নো প্ৰতিজনে নিজ নিজ অপৰাধৰ কাৰণে মৰিব; যি সকলে টেঙা দ্ৰাক্ষাগুটি খাব, তেওঁৰেইহে দাঁত টেঙাব।
৩০কারণ প্রত্যেকে নিজের পাপের জন্যই মরবে; যে টক আঙ্গুর খাবে তারই দাঁত টকে যাবে।
31 ৩১ যিহোৱাই কৈছে: “চোৱা, এনে কোনো দিন আহি আছে - “সেই দিনা মই ইস্ৰায়েল-বংশ আৰু যিহূদা বংশৰ সৈতে এক নতুন নিয়ম স্থাপন কৰিম।
৩১দেখ, সেই দিন আসছে” সদাপ্রভু এই কথা বলেন, “যখন আমি ইস্রায়েল ও যিহূদার লোকেদের সঙ্গে একটি নতুন চুক্তি স্থাপন করব।
32 ৩২ মিচৰ দেশৰ পৰা উলিয়াই অনাৰ দিনত তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ হাত ধৰিবৰ দিনা তেওঁলোকৰ সৈতে যি নিয়ম স্থাপন কৰা হৈছিল সেই নিয়মটিৰ অনুসাৰে নহয়। সেই দিনবোৰত তেওঁলোকে মোৰ নিয়মটি ভাঙিছিল, যদিও মই তেওঁলোকৰ স্বামীৰ দৰে আছিলোঁ” - এয়ে যিহোৱাৰ ঘোষণা।
৩২মিশর দেশ থেকে তাদের পূর্বপুরুষদের হাত ধরে বের করে আনবার দিন তাদের জন্য যে চুক্তি স্থাপন করেছিলাম, এটি সেই চুক্তির মত হবে না। সেই দিনের আমি যদিও তাদের স্বামীর মত ছিলাম, তবুও তারা আমার চুক্তি অগ্রাহ্য করেছিল” এটা সদাপ্রভুর ঘোষণা।
33 ৩৩ “কিন্তু সেই দিনৰ পাছত ইস্ৰায়েল-বংশৰ লগত মই যি নিয়ম কৰিম, সেই নিয়মটি এই” - মই তেওঁলোকৰ অন্তৰত মোৰ নিয়ম স্থাপন কৰিম, আৰু তেওঁলোকৰ হৃদয়ত সেই বিষয়ে লিখিম, কিয়নো মই তেওঁলোকৰ ঈশ্বৰ হ’ম আৰু তেওঁলোক মোৰ প্ৰজা হ’ব।
৩৩“কিন্তু সেই দিনের র পর এই চুক্তি আমি ইস্রায়েলীয়দের জন্য স্থাপন করব তা হল” এটা সদাপ্রভুর ঘোষণা: “আমি তাদের মধ্যে আমার ব্যবস্থা রাখব এবং এগুলি তাদের অন্তরে লিখে রাখব, কারণ আমি তাদের ঈশ্বর হবো এবং তারা আমার প্রজা হবে।
34 ৩৪ তেতিয়া প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক বা প্ৰতিজনে নিজ নিজ ভাইক এই শিক্ষা নিদিব বোলে, ‘যিহোৱাক জানা!’ কিয়নো তেওঁলোকৰ সকলো বৰৰ পৰা সৰুলৈকে সকলোৱে মোক জানিব” - এয়ে যিহোৱাৰ ঘোষণা। “কিয়নো মই তেওঁলোকৰ অপৰাধ ক্ষমা কৰিম আৰু তেওঁলোকৰ পাপ মই আৰু কেতিয়াও নুসুঁৱৰিম।”
৩৪তখন কোনো ব্যক্তি তার প্রতিবেশীকে এবং তার ভাইকে শিক্ষা দিয়ে বলবে না, ‘সদাপ্রভুকে জানো!’ কারণ তারা প্রত্যেকে, একদম ছোট থেকে মহান সবাই আমাকে জানবে।” এটা সদাপ্রভুর ঘোষণা। “কারণ আমি তাদের অন্যায় ক্ষমা করব, তাদের পাপ আর কখনও মনে রাখব না।”
35 ৩৫ যিহোৱাই এইদৰে কৈছে - যি জন যিহোৱাই দিনৰ পোহৰৰ কাৰণে সুৰ্য্য আৰু ৰাতিৰ পোহৰৰ কাৰণে চন্দ্ৰ আৰু তৰাবোৰৰ নিয়ম স্থাপন কৰে, যি জনে সাগৰৰ ঢৌৱে গৰ্জ্জন কৰাকৈ সমুদ্ৰক আস্ফালন কৰায়, বাহিনীসকলৰ যিহোৱাৰ নামেৰে তেওঁ এই কথা কৈছে:
৩৫সদাপ্রভু এই কথা বলেন সদাপ্রভু, যিনি দিনের র জন্য সূর্যকে তৈরী করেন আর রাতের জন্য চাঁদ ও তারাকে আলো দেবার জন্য হুকুম দেন। তিনিই একমাত্র, যিনি সমুদ্রকে তোলপাড় করেন যাতে তার ঢেউগুলি গর্জন করে। বাহিনীগণের সদাপ্রভু তাঁর নাম। তিনি এই কথা বলেন,
36 ৩৬ “যদিহে এই স্থায়ী নিয়মবোৰ মোৰ আগৰ পৰা গুচে” - যিহোৱাই এই কথা কৈছে - তেন্তে ইস্ৰায়েল বংশও চিৰকালৰ কাৰণে মোৰ আগত এক জাতি হোৱাৰ পৰা স্থগিত হ’ব।”
৩৬“যদি এই স্থায়ী জিনিসগুলি আমার সামনে থেকে অদৃশ্য হয়” সদাপ্রভু এই কথা বলেন “তবে ইস্রায়েলীয়রাও জাতি হিসাবে আমার সামনে থেকে শেষ হয়ে যাবে।”
37 ৩৭ যিহোৱাই এই কথা কৈছে: যদি ওপৰত আকাশ-মণ্ডল জুখিব পাৰি, আৰু তলত পৃথিৱীৰ মূলবোৰ অনুসন্ধান কৰিব পাৰি, তেনেহ’লে ইস্ৰায়েলে কৰা সকলো কৰ্মৰ কাৰণে মইও গোটেই ইস্ৰায়েল-বংশক দূৰ কৰিম - এয়ে যিহোৱাৰ বচন।
৩৭সদাপ্রভু এই কথা বলেন, “যদি উপরের মহাকাশকে মাপা যায় এবং যদি নীচে পৃথিবীর উত্স খুঁজে পাওয়া যায়, তবুও ইস্রায়েলের বংশধরদের তাদের সমস্ত কাজের জন্য আমি অগ্রাহ্য করব।” এটা সদাপ্রভুর ঘোষণা।
38 ৩৮ যিহোৱাই এই কথা কৈছে - “চোৱা, এনে কোনো দিন আহি আছে” - যি দিনা মোৰ উদ্দেশ্যে হননেলৰ কোঁঠৰ পৰা চুকৰ দুৱাৰলৈকে নগৰখন সজা হ’ব,
৩৮“দেখ, সেই দিন আসছে” এটা সদাপ্রভুর ঘোষণা, “যখন আমার জন্য হননেল দুর্গ থেকে কোণার ফটক পর্যন্ত এই শহরটি আবার গড়ে তোলা হবে।
39 ৩৯ তেতিয়া পৰিমাণ-জৰী গাৰেব পৰ্ব্বতলৈকে পোনে পোনে টনা যাব; আৰু ঘূৰি গোৱালৈ আহিব।
৩৯তখন মাপার দড়ি সেখান থেকে সোজা গারেব পাহাড় পর্যন্ত টানা হবে এবং তারপর ঘুরে গোয়াতে যাবে।
40 ৪০ আৰু মৰা শৱ আৰু ছাঁই পেলোৱা গোটাই উপত্যকা, আৰু কিদ্ৰোণ জুৰিলৈকে সকলো মুকলি ঠাই পূবফালে থকা অশ্ব-দুৱাৰৰ চুকলৈকে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব; তাক চিৰকালৰ কাৰণে উঘলা বা কেতিয়াও পৰাভূত কৰা নহ’ব।”
৪০মৃতদেহ ও ছাই ফেলার উপত্যকা এবং কিদ্রোণ উপত্যকার সমস্ত মাঠ এবং পূর্ব দিকে ঘোড়া ফটকের কোণা পর্যন্ত, সদাপ্রভুর উদ্দেশ্যে আলাদা করা হবে। এটিকে আর কখনও উপড়ে ফেলা বা ছুঁড়ে ফেলা হবে না।”