< যেরেমিয়া 30 >

1 যিহোৱাৰ পৰা যিৰিমিয়ালৈ অহা বাক্য এই আৰু ক’লে,
הַדָּבָר֙ אֲשֶׁ֣ר הָיָ֣ה אֶֽל־יִרְמְיָ֔הוּ מֵאֵ֥ת יְהוָ֖ה לֵאמֹֽר׃
2 “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ‘মই তোমাৰ আগত কোৱা সকলো বাক্য এখন পুথিত লিখি থোৱা।
כֹּֽה־אָמַ֧ר יְהוָ֛ה אֱלֹהֵ֥י יִשְׂרָאֵ֖ל לֵאמֹ֑ר כְּתָב־לְךָ֗ אֵ֧ת כָּל־הַדְּבָרִ֛ים אֲשֶׁר־דִּבַּ֥רְתִּי אֵלֶ֖יךָ אֶל־סֵֽפֶר׃
3 কিয়নো যিহোৱাই কৈছে, ‘চোৱা, মই যি দিনা মোৰ প্ৰজা ইস্ৰায়েল আৰু যিহূদাৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, এনে দিন আহিছে,’ ইয়াক যিহোৱাই কৈছে, ‘মই তেওঁলোকৰ পূৰ্বপুৰুষসকলক যি দেশলৈ তেওঁলোকক ওভটাই আনিম আৰু তেওঁলোকে তাক অধিকাৰ কৰিব।”
כִּ֠י הִנֵּ֨ה יָמִ֤ים בָּאִים֙ נְאֻם־יְהוָ֔ה וְ֠שַׁבְתִּי אֶת־שְׁב֨וּת עַמִּ֧י יִשְׂרָאֵ֛ל וִֽיהוּדָ֖ה אָמַ֣ר יְהוָ֑ה וַהֲשִׁבֹתִ֗ים אֶל־הָאָ֛רֶץ אֲשֶׁר־נָתַ֥תִּי לַאֲבוֹתָ֖ם וִֽירֵשֽׁוּהָ׃ פ
4 ইস্ৰায়েল আৰু যিহূদাৰ বিষয়ে যিহোৱাই কোৱা বাক্য এইবোৰ:
וְאֵ֣לֶּה הַדְּבָרִ֗ים אֲשֶׁ֨ר דִּבֶּ֧ר יְהוָ֛ה אֶל־יִשְׂרָאֵ֖ל וְאֶל־יְהוּדָֽה׃
5 “সঁচাকৈয়ে যিহোৱাই এইদৰে কৈছে: ‘আমি শান্তিজনক নোহোৱা কম্পন আৰু ভয়ৰ শব্দ শুনিলোঁ।
כִּי־כֹה֙ אָמַ֣ר יְהוָ֔ה ק֥וֹל חֲרָדָ֖ה שָׁמָ֑עְנוּ פַּ֖חַד וְאֵ֥ין שָׁלֽוֹם׃
6 এতিয়া তোমালোকে সুধি চোৱা, পুৰুষৰ প্ৰসৱ-বেদনা হয় নে? প্ৰসৱকাৰিণীৰ দৰে প্ৰত্যেক পুৰুষে কঁকালত হাত দি থকা মই কিয় দেখিছোঁ? আৰু প্ৰসৱকাৰিণী স্ত্রীৰ দৰে সকলোৰে মুখ কিয় বিবৰ্ণ হৈছে?
שַׁאֲלוּ־נָ֣א וּרְא֔וּ אִם־יֹלֵ֖ד זָכָ֑ר מַדּוּעַ֩ רָאִ֨יתִי כָל־גֶּ֜בֶר יָדָ֤יו עַל־חֲלָצָיו֙ כַּיּ֣וֹלֵדָ֔ה וְנֶהֶפְכ֥וּ כָל־פָּנִ֖ים לְיֵרָקֽוֹן׃
7 হায় হায়! সেই দিন ইমান মহৎ, যে, তাৰ নিচিনা আৰু কোনো দিন নাই। এয়ে যাকোবৰেই সঙ্কটৰ কাল, কিন্তু তেওঁ তাৰ পৰা ৰক্ষা পাব।
ה֗וֹי כִּ֥י גָד֛וֹל הַיּ֥וֹם הַה֖וּא מֵאַ֣יִן כָּמֹ֑הוּ וְעֵֽת־צָרָ֥ה הִיא֙ לְיַֽעֲקֹ֔ב וּמִמֶּ֖נָּה יִוָּשֵֽׁעַ׃
8 আৰু বাহিনীসকলৰ যিহোৱাই কৈছে: সেই দিনা মই তোমাৰ ডিঙিৰ পৰা তেওঁৰ যুৱলি ভাঙি পেলাম; আৰু তোমাৰ যোত-জৰীবোৰ চিঙি পেলাম, বিদেশীসকলে তেওঁক আৰু বন্দী-কাম নকৰাব।
וְהָיָה֩ בַיּ֨וֹם הַה֜וּא נְאֻ֣ם ׀ יְהוָ֣ה צְבָא֗וֹת אֶשְׁבֹּ֤ר עֻלּוֹ֙ מֵעַ֣ל צַוָּארֶ֔ךָ וּמוֹסְרוֹתֶ֖יךָ אֲנַתֵּ֑ק וְלֹא־יַעַבְדוּ־ב֥וֹ ע֖וֹד זָרִֽים׃
9 কিন্তু তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ ভজনা কৰিব আৰু মই যি জনাক তেওঁলোকৰ ওপৰত নিযুক্ত কৰিম, তেওঁলোকৰ সেই ৰজা দায়ুদৰ বন্দী-কাম কৰিব।
וְעָ֣בְד֔וּ אֵ֖ת יְהוָ֣ה אֱלֹֽהֵיהֶ֑ם וְאֵת֙ דָּוִ֣ד מַלְכָּ֔ם אֲשֶׁ֥ר אָקִ֖ים לָהֶֽם׃ ס
10 ১০ এই হেতুকে, যিহোৱাই কৈছে, হে মোৰ দাস যাকোব, ভয় নকৰিবা; হে ইস্ৰায়েল ব্যাকুল নহবা। কিয়নো চোৱা, মই দূৰৰ পৰা তোমাক, আৰু বন্দী-অৱস্থাত থকা দেশৰ পৰা তোমাৰ বংশক নিস্তাৰ কৰিম। কাৰণ যাকোব ঘূৰি আহি নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকিব, কোনেও তেওঁক ভয় নেদেখুৱাব।
וְאַתָּ֡ה אַל־תִּירָא֩ עַבְדִּ֨י יַעֲקֹ֤ב נְאֻם־יְהֹוָה֙ וְאַל־תֵּחַ֣ת יִשְׂרָאֵ֔ל כִּ֠י הִנְנִ֤י מוֹשִֽׁיעֲךָ֙ מֵֽרָח֔וֹק וְאֶֽת־זַרְעֲךָ֖ מֵאֶ֣רֶץ שִׁבְיָ֑ם וְשָׁ֧ב יַעֲקֹ֛ב וְשָׁקַ֥ט וְשַׁאֲנַ֖ן וְאֵ֥ין מַחֲרִֽיד׃
11 ১১ কিয়নো, যিহোৱাই কৈছে, ‘তোমাক ৰক্ষা কৰিবলৈ তোমাৰ লগত আছোঁ; কাৰণ মই যি জাতিৰ মাজলৈ তোমাক ছিন্ন-ভিন্ন কৰিলোঁ, সেই আটাই জাতিক মই নিঃশেষে সংহাৰ কৰিলেও, তোমাক নিঃশেষে সংহাৰ নকৰিম; কিন্তু তোমাক সুবিচাৰেৰে শাস্তি দিম, তোমাক কোনোমতেই দণ্ড নিদিয়াকৈ নেৰোঁ।
כִּֽי־אִתְּךָ֥ אֲנִ֛י נְאֻם־יְהוָ֖ה לְהֽוֹשִׁיעֶ֑ךָ כִּי֩ אֶעֱשֶׂ֨ה כָלָ֜ה בְּכָֽל־הַגּוֹיִ֣ם ׀ אֲשֶׁ֧ר הֲפִצוֹתִ֣יךָ שָּׁ֗ם אַ֤ךְ אֹֽתְךָ֙ לֹֽא־אֶעֱשֶׂ֣ה כָלָ֔ה וְיִסַּרְתִּ֙יךָ֙ לַמִּשְׁפָּ֔ט וְנַקֵּ֖ה לֹ֥א אֲנַקֶּֽךָּ׃ פ
12 ১২ কিয়নো যিহোৱাই এই কথা কৈছে, তোমাৰ ক্ষত চিকিৎস্যাৰ বাহিৰে, আৰু তোমাৰ ঘা কষ্টদায়ক।
כִּ֣י כֹ֥ה אָמַ֛ר יְהוָ֖ה אָנ֣וּשׁ לְשִׁבְרֵ֑ךְ נַחְלָ֖ה מַכָּתֵֽךְ׃
13 ১৩ তোমাক আৰোগ্য কৰিবলৈ কোনেও গাত নলয়, তোমাৰ ঘা সুস্থ কৰিব পৰা কোনো ঔষধ নাই।
אֵֽין־דָּ֥ן דִּינֵ֖ךְ לְמָז֑וֹר רְפֻא֥וֹת תְּעָלָ֖ה אֵ֥ין לָֽךְ׃
14 ১৪ তোমাৰ প্ৰেমকাৰিণী সকলোৱে তোমাক পাহৰিলে, তেওঁলোকে তোমাক নিবিচাৰে, কিয়নো তোমাৰ অপৰাধৰ বহুল্যৰ কাৰণে, তোমাৰ পাপৰ বৃদ্ধিৰ কাৰণে শত্ৰূৱে আঘাত কৰাৰ দৰে মই তোমাক আঘাত কৰিলোঁ, নিষ্ঠুৰ লোকে শাস্তি দিয়াৰ দৰে শাস্তি দিলোঁ।
כָּל־מְאַהֲבַ֣יִךְ שְׁכֵח֔וּךְ אוֹתָ֖ךְ לֹ֣א יִדְרֹ֑שׁוּ כִּי֩ מַכַּ֨ת אוֹיֵ֤ב הִכִּיתִיךְ֙ מוּסַ֣ר אַכְזָרִ֔י עַ֚ל רֹ֣ב עֲוֹנֵ֔ךְ עָצְמ֖וּ חַטֹּאתָֽיִךְ׃
15 ১৫ তোমাৰ ক্ষমতাৰ কাৰণে তুমি কিয় চিঞৰিছা? তোমাৰ বেদনা উপশম হ’ব নোৱাৰা অৱস্থাত। তোমাৰ অনেক অপৰাধৰ কাৰণে তোমাৰ পাপৰ বৃদ্ধিৰ কাৰণে, মই তোমালৈ এইবোৰ কৰিলোঁ।
מַה־תִּזְעַק֙ עַל־שִׁבְרֵ֔ךְ אָנ֖וּשׁ מַכְאֹבֵ֑ךְ עַ֣ל ׀ רֹ֣ב עֲוֹנֵ֗ךְ עָֽצְמוּ֙ חַטֹּאתַ֔יִךְ עָשִׂ֥יתִי אֵ֖לֶּה לָֽךְ׃
16 ১৬ এই হেতুকে তোমাক গ্ৰাস কৰোঁতা সকলোকে গ্ৰাস কৰা হ’ব, আৰু তোমাৰ আটাই শত্ৰূবোৰৰ প্ৰত্যেকে বন্দী-অৱস্থালৈ যাব। তোমাৰ লুটকাৰীসকল লুটৰ বিষয় হ’ব, আৰু তোমাক চিকাৰ কৰোঁতা সকলোকে মই চিকাৰস্বৰূপ কৰিম।
לָכֵ֞ן כָּל־אֹכְלַ֙יִךְ֙ יֵאָכֵ֔לוּ וְכָל־צָרַ֥יִךְ כֻּלָּ֖ם בַּשְּׁבִ֣י יֵלֵ֑כוּ וְהָי֤וּ שֹׁאסַ֙יִךְ֙ לִמְשִׁסָּ֔ה וְכָל־בֹּזְזַ֖יִךְ אֶתֵּ֥ן לָבַֽז׃
17 ১৭ কিয়নো যিহোৱাই কৈছে, ‘মই তোমাক পুনৰায় আৰোগ্য কৰিম; আৰু তোমাৰ ঘাঁবোৰ সুস্থ কৰি। কাৰণ কোনো মানুহে নিবিচৰা এয়ে চিয়োন বুলি কৈ লোকে তোমাক সমাজভ্ৰষ্টা বোলে।”
כִּי֩ אַעֲלֶ֨ה אֲרֻכָ֥ה לָ֛ךְ וּמִמַּכּוֹתַ֥יִךְ אֶרְפָּאֵ֖ךְ נְאֻם־יְהוָ֑ה כִּ֤י נִדָּחָה֙ קָ֣רְאוּ לָ֔ךְ צִיּ֣וֹן הִ֔יא דֹּרֵ֖שׁ אֵ֥ין לָֽהּ׃ ס
18 ১৮ যিহোৱাই এই কথা কৈছে: চোৱা, মই যাকোবৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু তেওঁৰ বাসস্থানবোৰলৈ কৃপা কৰিম। আৰু নগৰখন নিজ উপপৰ্ব্বতৰ ওপৰত পুনৰায় সজা হ’ব, আৰু ৰাজগৃহত ৰীতিমতে মানুহৰ বসতি হ’ব।
כֹּ֣ה ׀ אָמַ֣ר יְהוָ֗ה הִנְנִי־שָׁב֙ שְׁבוּת֙ אָהֳלֵ֣י יַֽעֲק֔וֹב וּמִשְׁכְּנֹתָ֖יו אֲרַחֵ֑ם וְנִבְנְתָ֥ה עִיר֙ עַל־תִּלָּ֔הּ וְאַרְמ֖וֹן עַל־מִשְׁפָּט֥וֹ יֵשֵֽׁב׃
19 ১৯ আৰু সেইবোৰৰ পৰা স্তুতি-গীত আৰু আমোদকাৰীসকলৰ ধ্বনি উঠিব, মই তেওঁলোকক বৃদ্ধি কৰিম, তেতিয়া তেওঁলোক কম নহ’ব; মই তেওঁলোকক গৌৰৱযুক্তও কৰিম, তাতে তেওঁলোক সামান্য নহ’ব।
וְיָצָ֥א מֵהֶ֛ם תּוֹדָ֖ה וְק֣וֹל מְשַׂחֲקִ֑ים וְהִרְבִּתִים֙ וְלֹ֣א יִמְעָ֔טוּ וְהִכְבַּדְתִּ֖ים וְלֹ֥א יִצְעָֽרוּ׃
20 ২০ তেওঁলোকৰ সন্তান-সন্ততিসকল আগৰ দৰে হ’ব, তেওঁলোকৰ মণ্ডলী মোৰ আগত স্থাপিত হ’ব, আৰু মই তেওঁলোকৰ উপদ্ৰৱকাৰী সকলোকে দণ্ড দিম।
וְהָי֤וּ בָנָיו֙ כְּקֶ֔דֶם וַעֲדָת֖וֹ לְפָנַ֣י תִּכּ֑וֹן וּפָ֣קַדְתִּ֔י עַ֖ל כָּל־לֹחֲצָֽיו׃
21 ২১ তেওঁলোকৰ অধিপতি তেওঁলোকৰ ভিতৰতে হ’ব, আৰু তেওঁলোকৰ শাসনকৰ্ত্তা তেওঁলোকৰ মাজৰ পৰা ওলাব; আৰু মই তেওঁক মোৰ ওচৰ চপাম, তেতিয়া তেওঁ মোৰ ওচৰ চাপিব; কিয়নো যিহোৱাই কৈছে, মোৰ ওচৰলৈ আহিবলৈ কাৰ সাহস আছে?”
וְהָיָ֨ה אַדִּיר֜וֹ מִמֶּ֗נּוּ וּמֹֽשְׁלוֹ֙ מִקִּרְבּ֣וֹ יֵצֵ֔א וְהִקְרַבְתִּ֖יו וְנִגַּ֣שׁ אֵלָ֑י כִּי֩ מִ֨י הוּא־זֶ֜ה עָרַ֧ב אֶת־לִבּ֛וֹ לָגֶ֥שֶׁת אֵלַ֖י נְאֻם־יְהוָֽה׃
22 ২২ আৰু তোমালোক মোৰ প্ৰজা হ’বা, আৰু মই তোমালোকৰ ঈশ্বৰ হ’ম।
וִהְיִ֥יתֶם לִ֖י לְעָ֑ם וְאָ֣נֹכִ֔י אֶהְיֶ֥ה לָכֶ֖ם לֵאלֹהִֽים׃ ס
23 ২৩ সৌৱা চোৱা, যিহোৱাৰ প্ৰচণ্ড ক্ৰোধৰূপ ধুমুহা, এনে কি, উৰুৱাই নিয়া প্ৰবল বতাহ আহিছে। সেয়ে দুষ্টবোৰৰ মূৰত কোবেৰে লাগিব।
הִנֵּ֣ה ׀ סַעֲרַ֣ת יְהוָ֗ה חֵמָה֙ יָֽצְאָ֔ה סַ֖עַר מִתְגּוֹרֵ֑ר עַ֛ל רֹ֥אשׁ רְשָׁעִ֖ים יָחֽוּל׃
24 ২৪ যিহোৱাই নিজ কাৰ্য নিস্পত্তি নকৰালৈকে আৰু নিজ মনৰ অভিপ্ৰায় সিদ্ধ নকৰালৈকে, তেওঁ প্ৰচণ্ড ক্ৰোধ নাথামিব। তোমালোকে শেষ কালত তাক বুজিবা।”
לֹ֣א יָשׁ֗וּב חֲרוֹן֙ אַף־יְהוָ֔ה עַד־עֲשֹׂת֥וֹ וְעַד־הֲקִימ֖וֹ מְזִמּ֣וֹת לִבּ֑וֹ בְּאַחֲרִ֥ית הַיָּמִ֖ים תִּתְבּ֥וֹנְנוּ בָֽהּ׃

< যেরেমিয়া 30 >