< যেরেমিয়া 3 >

1 মোচিয়ে এইদৰে লিখিছিল যে, কোনোৱে নিজ স্ত্রীক ত্যাগ কৰাৰ পাছত, সেই স্ত্রীয়ে তেওঁৰ স্বামীৰ লগ এৰি, যদি আন পুৰুষৰ সৈতে বিবাহ হয়, তেতিয়া তাইৰ প্রথম স্বামীয়ে পুনৰায় তাইক নিজৰ পত্নীৰূপে ঘূৰাই নল’ব, যদি যায়, তেন্তে সেই গোটেই দেশ নিচেইকৈ মোলৈ গ্রহণীয় নহ’বলৈ সেয়ে এক কাৰণ হ’ব। কিন্তু তুমি অনেক প্ৰিয়ই সৈতে বেশ্যাকৰ্ম কৰিলা আৰু সেইবোৰে সৈতে শয়ন কৰিলা! গতিকে মোৰ ওচৰলৈ যদি তুমি ওলটিও আহাঁ, মই জানো তোমাক গ্রহণ কৰিম?” এইবুলি যিহোৱাই কৈছে।
Oni diras: Se viro forigas sian edzinon, kaj ŝi foriras de li kaj edziniĝas kun alia viro, ĉu li tiam povas reveni al ŝi denove? ĉu ne malpuriĝus per tio tiu lando? Kaj vi malĉastis kun multaj amantoj; tamen revenu al Mi, diras la Eternulo.
2 “চকু তুলি গছশূন্য পাহাৰ টিলাবোৰলৈ চোৱা। তুমি আৰাধ্য কৰা প্রতিমাবোৰ প্রত্যেক পাহাৰ টিলাবোৰতেই আছে। তুমি অৰণ্যত থকা আৰবীয়াৰ দৰে মানুবোৰলৈ বাট চাই ৰাজ-আলিত আক্রমণ কৰি লুটপাত কৰিবলৈ বহি থকাৰ দৰে যেন তেওঁলোক সকলোৱে প্রেমিকহে যাৰে সৈতে বেশ্যাকৰ্ম কৰিলা। কিয়নো প্রতিমাবোৰক আৰাধনা কৰি আৰু বেশ্যাকৰ্ম আৰু কুকৰ্মৰ দ্বাৰাই তুমি দেশখন মোলৈ অগ্রহণীয় কৰিলা।
Levu viajn okulojn al la altaĵoj, kaj rigardu; kie vi ne adultis? Ĉe la vojoj vi sidis por ili, kiel Arabo en la dezerto, kaj vi malpurigis la landon per via malĉastado kaj malbonagoj.
3 সেইবাবেই বছৰৰ নিৰূপিত সময়ত হ’ব লগীয়া বৃষ্টি মই আটক কৰিলোঁ, যেতিয়া তোমালোকে ইয়াৰ প্রয়োজন বোধ কৰিছিলা। তথাপি তুমি বেশ্যাৰ মুখ ধাৰণ কৰি, লজ্জিত হবলৈ অস্বীকাৰ কৰিলা।
Pro tio estas retenitaj la pluvoj, kaj la printempa pluvo ne aperis; sed vi havas frunton de malĉastistino, vi ne plu volas honti.
4 তুমি আজিৰ পৰা মোৰ আগত প্ৰাৰ্থনা কৰি নকবা নে, যে, ‘হে মোৰ পিতৃ! তুমি মোৰ যৌৱনকালৰ পথদৰ্শক!
Tamen vi kriis al Mi: Mia patro, Vi, gvidinto de mia juneco!
5 তুমি জানো চিৰকাললৈকে তোমাৰ ক্ৰোধ মোৰ ওপৰত ৰাখিবা!’ চোৱা, তুমি মন্দ কথা ক’লা, আৰু কুকৰ্মও কৰি আছা আৰু নিজ ইচ্ছামতে তাক সিদ্ধও কৰি আছা!”
ĉu Vi koleros eterne kaj konservos la koleron por ĉiam? Tiel vi parolas, kaj tamen vi faras malbonon kaj kontraŭstaras.
6 যিহূদাৰ ৰজা, ৰজা যোচিয়াই ৰাজত্ব কৰি থকা কালত এদিনাখন যিহোৱাই মোক ক’লে, “বিপথগামিনী ইস্ৰায়েলে যি কৰিলে, তাক তুমি দেখিবলৈ পালা নে? নিজৰ স্বামীক ত্যাগ কৰি আন লোকৰ সৈতে শয়ন কৰাৰ দৰে তেওঁলোক মোৰ পৰা বিমুখ হ’ল। তেওঁলোকে প্ৰত্যেক ওখ পৰ্ব্বতৰ ওপৰত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত গৈ, সেই সেই ঠাইত বেশ্যা কৰ্ম কৰিলে।
La Eternulo diris al mi en la tempo de la reĝo Joŝija: Ĉu vi vidis, kion faris la defalinta Izrael? ŝi iris sur ĉiun altan monton kaj sub ĉiun verdan arbon kaj tie malĉastis.
7 মই ভাবিছিলোঁ যে এইবোৰ কাম কৰাৰ পাছত তেওঁলোক মোৰ ওচৰলৈ উলটি আহিব, গতিকে মই ক’লোঁ, ‘মোলৈ ঘূৰি আহাঁ!’ কিন্তু তেওঁলোকে উলটি নাহিল। আৰু তেওঁলোকৰ বিশ্বাস-ঘাতকিনী যিহূদাই তাক দেখিলে।
Kaj post kiam ŝi faris ĉion ĉi tion, Mi diris: Revenu al Mi; sed ŝi ne revenis. Kaj tion vidis ŝia perfidema fratino Judujo.
8 আৰু মই দেখিলোঁ, যে, বিপথদগামিনী ইস্ৰায়েলে ব্যভিচাৰ কৰিলে, এই কাৰণে মই পত্নীক ত্যাগ-পত্ৰ দি এৰি দিয়াৰ দৰে, অন্য দেশলৈ পঠিয়াই দিলোঁ। মই তেওঁলোকক কি কৰিলোঁ, বিশ্বাস-ঘাতকিনী বায়েক যিহূদাই সেই সকলো দেখিও ইস্রায়েলৰ দৰেই বেশ্যাকৰ্ম কৰিলে। মই তেওঁলোকলৈ কি কৰিব পাৰোঁ, তালৈ যিহূদাই ভয় নকৰিলে, কিন্তু স্ত্রীসকলে নিজৰ স্বামীক এৰি আন পুৰুষলৈ যোৱাৰ দৰে দেৱ-দেৱীৰ উপাসক হৈ মোৰ পৰা নিজলে বিমূখ কৰিলে।
Mi vidis ĉiujn adultaĵojn de la defalinta Izrael, kaj Mi forpelis ŝin kaj donis al ŝi eksedzigan leteron; tamen ne ektimis ŝia perfidema fratino Judujo, sed ŝi iris kaj ankaŭ malĉastis.
9 তেওঁলোকে বেশ্যাকৰ্ম লঘু জ্ঞান কৰি তেওঁলোকে শিল আৰু কাঠেৰে সজা দেৱ-দেৱীৰ উপাসক হৈ দেশখন অশুচি কৰিলে।
Kaj de la bruo de ŝia malĉastado malpuriĝis la lando, kaj ŝi adultis kun ŝtono kaj kun ligno.
10 ১০ ইস্রায়েলৰ বিশ্বাস-ঘাতকিনী বায়েক যিহূদাই সম্পূৰ্ণ মনেৰে সৈতে নহয়, কেৱল কপটভাৱেৰে মোলৈ উলটিল। এয়েই সত্য হোৱাৰ বাবে মই, যিহোৱাই ইয়াকে ক’লো।”
Kaj malgraŭ ĉio ŝia perfidema fratino Judujo revenis al Mi ne per sia tuta koro, sed nur hipokrite, diras la Eternulo.
11 ১১ তেতিয়া যিহোৱাই মোক ক’লে, “ইস্ৰায়েলৰ লোকসকলে মোৰ পৰা ঘূৰি গ’ল, কিন্তু বিশ্বাস-ঘাতকিনী যিহূদাই বিপদ-ঘামিনী ইস্ৰায়েলতকৈ নিকৃষ্টতৰভাৱে বিপথে গ’ল।
Kaj la Eternulo diris al mi: La defalinta Izrael estas piulino en komparo kun la perfidema Judujo.
12 ১২ গতিকে তুমি গৈ ইস্রায়েলৰ লোকসকলক কোৱাগৈ: ‘তেওঁৰ পৰা উলটি যোৱা হে ইস্রায়েলৰ লোকসকল, যিহোৱাই এই কথা তোমালোকক কৈছে: মই তোমালৈ আৰু ক্ৰোধ-দৃষ্টি নকৰিম। কিয়নো যিহোৱাই কৈছে, মই দয়ালু আৰু মই চিৰকাললৈকে ক্ৰোধ নাৰাখোঁ। গতিকে তোমালোক মোলৈ উলটি আহাঁ।
Iru, kaj proklamu ĉi tiujn vortojn norden, kaj diru: Revenu, defalinta Izrael, diras la Eternulo; Mi ne forturnos de vi Mian vizaĝon, ĉar Mi estas kompatema, diras la Eternulo, Mi ne koleros eterne.
13 ১৩ তোমাৰ সেই দোষ স্বীকাৰ কৰা যে, তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে তুমি অপৰাধ কৰিলা, আৰু পৰজাতিসকলক বিচাৰি ইফালে সিফালে ফুৰি প্ৰত্যেক কেঁচাপতিয়া গছৰ তলত তেওঁলোকৰ সৈতে শয়ন কৰিলা অৰ্থাৎ সেই দেৱ-দেৱীৰ উপাসনা কৰিলা, তোমালোকে মোৰ বাক্য পালন নকৰি মোৰ পৰা আঁতৰি গ’লা।
Nur konfesu vian kulpon, ke vi pekis kontraŭ la Eternulo, via Dio, kaj kuradis al aliaj sub ĉiun verdan arbon, kaj Mian voĉon vi ne aŭskultis, diras la Eternulo.
14 ১৪ যিহোৱাই কৈছে, হে বিপদ-ঘামিনী সন্তান সকল, মোলৈ উলটি আহাঁ; কিয়নো ময়েই তোমালোকৰ স্বামী! তোমালোক উলটি আহিলে, মই এখন নগৰৰ পৰা এজন আৰু এক গোষ্ঠীৰ পৰা দুজনকৈ লৈ চিয়োনলৈ অৰ্থাৎ যিৰূচালেমলৈ তোমালোকক আনিম।
Revenu, defalintaj infanoj, diras la Eternulo, ĉar Mi estas via sinjoro, kaj Mi prenos vin po unu el urbo kaj po du el tribo kaj venigos vin en Cionon.
15 ১৫ তোমালোকে এইদৰে কৰিলে, মই তোমালোকক মোৰ মনৰ দৰে এজন ৰখীয়া দিম; তেওঁলোকে জ্ঞান আৰু বুদ্ধিৰে তোমালোকক চৰাব, কাৰণ তেওঁলোকে মোক সন্তুষ্ট কৰিবলৈ জানে আৰু বুজে।
Kaj Mi donos al vi paŝtistojn laŭ Mia koro, kiuj paŝtos vin kun sciado kaj saĝeco.
16 ১৬ যিহোৱাই কৈছে, সেই দিনত, যেতিয়া তোমালোক বাঢ়ি বহুপ্ৰজা হ’বা, তেতিয়া, “যিহোৱাৰ নিয়ম চন্দুক” এই কথা মানুহে আৰু নকব, আৰু সেয়ে মনত নপৰিব, লোকে তাক সোঁৱৰণ নকৰিব, সেয়ে নোহোৱাত লোকে বেজাৰ নাপাব আৰু তাক পুনৰায় সজা নাযাব।
Kaj kiam vi kreskos kaj multiĝos en la lando en tiu tempo, diras la Eternulo, oni ne plu parolos pri la kesto de interligo de la Eternulo; ĝi ne venos en la koron, oni ne rememoros ĝin, oni ne serĉos ĝin, oni ne faros ĝin denove.
17 ১৭ সেই সময়ত লোকসকলে ক’ব, “যিৰূচালেম যিহোৱাৰ সিংহাসন বুলি প্ৰখ্যাত হব, আৰু সকলো জাতিয়ে তাৰ ওচৰত যিৰূচালেমত যিহোৱাৰ নামেৰে গোট খাব আৰু তেওঁলোকে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে আৰু নচলিব।
En tiu tempo oni nomos Jerusalemon trono de la Eternulo, kaj tie kolektiĝos ĉiuj popoloj en la nomo de la Eternulo, en Jerusalem, kaj ili ne plu sekvos la logojn de sia malbona koro.
18 ১৮ সেই কালত যিহূদা বংশই ইস্ৰায়েল বংশই সৈতে সমভাবে চলিব, আৰু তেওঁলোক একে লগে উত্তৰ দেশৰ পৰা ওলাই, তোমালোকৰ পূৰ্বপুৰুষসকলক আধিপত্যৰ অৰ্থে মই দিয়া দেশলৈ আনিম।
En tiu tempo la domo de Jehuda iros al la domo de Izrael, kaj ili kune iros el la norda lando en la landon, kiun Mi donis kiel heredaĵon al viaj patroj.
19 ১৯ আৰু ময়েই কৈছিলোঁ, তোমালোক ইস্রায়েলৰ লোকসকল, মই তোমালোকক গ্রহণ কৰিবলৈ তোমালোক মোৰ সন্তান হোৱা। কাৰণ মই তোমালোকক এক মনোহৰ দেশ দিম। আন জাতিৰ দেশতকৈ এই দেশ অধিককৈ মনোহৰ! মই ইচ্ছা কৰিছোঁ যেন তোমালোকে মোক ‘পিতৃ’ বুলি সন্বোধন কৰা, আৰু মোৰ পাছত চলাৰ পৰা কেতিয়াও উলটি নাযাবা।
Mi diris: Kiamaniere Mi alkalkulos vin al la filoj, kaj donos al vi la ĉarman landon, la plej belan heredaĵon inter multe da popoloj? Kaj Mi diris: Vi nomos Min patro, kaj vi ne fordeturnos vin de Mi.
20 ২০ কিন্তু তোমালোকে পত্নীয়ে যেনেকৈ নিজ স্বামীক বিশ্বাস-ঘাতকতা কৰি এৰে, তেনেকৈ তোমালোকেও স্বৰূপেই মোৰ অহিতে বিশ্বা-ঘাতকতা কৰিলা। সেইবাবেই যিহোৱাই কৈছে, আৰু মই ইস্ৰায়েল বংশক এই কথা ক’লো।
Sed kiel virino, kiu perfidis sian amanton, tiel vi perfidis Min, ho domo de Izrael, diras la Eternulo.
21 ২১ “গছশূন্য পৰ্ব্বতত ইস্ৰায়েলৰ সন্তান সকলৰ কান্দোন আৰু কাকুতি-মিনতি শুনা গৈছে; কাৰণ, তেওঁলোক বিপদগামী হৈছিল আৰু তেওঁলোকে নিজৰ ঈশ্বৰ যিহোৱাক পাহৰি গৈছিল বুলি স্বীকাৰ কৰিছে।
Voĉo estas aŭdata sur la altaĵoj, plenda plorado de la filoj de Izrael, ĉar ili malvirtigis sian vojon, forgesis la Eternulon, sian Dion.
22 ২২ যিহোৱাই তেওঁলোকক ক’ব, “হে বিপথগামী ইস্রায়েলৰ সন্তান সকল, মোলৈ উলটি আহাঁ! তেনে কৰিলে মই তোমালোকৰ বিপথগমনস্বৰূপ ৰোগ সুস্থ কৰিম।” তেতিয়া লোকসকলে উত্তৰ দি ক’ব, “চোৱা, আমি তোমাৰ ওচৰলৈ আহিছোঁ; কিয়নো তুমিয়েই আমাৰ ঈশ্বৰ যিহোৱা।
Revenu, defalintaj infanoj; Mi resanigos vian defalon. Jen ni venis al Vi, ĉar Vi estas la Eternulo, nia Dio.
23 ২৩ স্বৰূপেই গিৰিবোৰৰ পৰা আশা কৰা সহায় আৰু পৰ্ব্বতবোৰৰ ওপৰত দেৱ-দেৱীৰ আগত কৰা কঢ়াল মিছা। স্বৰূপেই উপলদ্ধি কৰিছোঁ যে, আমাৰ ঈশ্বৰ যিহোৱাইহে ইস্ৰায়েলৰ পৰিত্ৰাণ!
Vere, mensogo estis en la altaĵoj, en la multo da montoj; nur en la Eternulo, nia Dio, estas la savo de Izrael.
24 ২৪ কিন্তু সেই লজ্জাজনক বাল দেৱতাই, আমাৰ লৰা কালৰে পৰা আমাৰ পিতৃসকলৰ শ্ৰমেৰে অৰ্জ্জা সম্পত্তি, তেওঁলোকৰ গৰু, মেৰ আদি জাক আৰু তেওঁলোকৰ লৰা-ছোৱালী সকলক গ্ৰাস কৰিলে।
La hontindaĵo formanĝis la penadon de niaj patroj de post nia juneco: iliajn ŝafojn, iliajn bovojn, iliajn filojn, kaj iliajn filinojn.
25 ২৫ সেয়ে আমি আমাৰ লাজস্বৰূপ বিছনাত শোওঁ আৰু আমাৰ অপমানে আমাক ঢাকক; কিয়নো আমাৰ পূৰ্বপুৰুষসকলে, আৰু আমিও লৰা কালৰে পৰা আজিলৈকে নিজৰ ঈশ্বৰ যিহোৱাৰ অহিতে পাপ কৰিলোঁ, আৰু নিজৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন নকৰিলোঁ।”
Ni kuŝu en nia abomenindaĵo, kaj nia hontindaĵo nin kovru; ĉar kontraŭ la Eternulo, nia Dio, ni pekis, ni kaj niaj patroj, de nia juneco ĝis la nuna tago, kaj ni ne aŭskultis la voĉon de la Eternulo, nia Dio.

< যেরেমিয়া 3 >