< যেরেমিয়া 29 >
1 ১ যিৰূচালেমৰ পৰা যিৰিমিয়া ভাববাদীয়ে পঠোৱা পত্ৰখনৰ কথা এইবোৰ - যিবোৰ দেশান্তৰলৈ নিয়া বৃদ্ধসকলৰ অৱশিষ্ট বাগলৈ, আৰু যিৰূচালেমৰ পৰা বাবিললৈ নবূখদনেচৰে বন্দী কৰি নিয়া পুৰোহিত, ভাববাদী, আৰু সকলো প্ৰজালৈ পঠিয়াইছিল।
Dagitoy dagiti sasao a nailanad iti nalukot a pagbasaan nga impatulod ni Jeremias manipud Jerusalem kadagiti nabatbati a panglakayen kadagiti natiliw, kadagiti papadi, kadagiti profeta, ken kadagiti amin a tattao nga impanaw ni Nebucadnezar a kas balud manipud Jerusalem nga impanna idiay Babilonia.
2 ২ আৰু এইয়া হৈছিল যেতিয়া যকনিয়া ৰজা, ৰাজমাও, নপুংসকসকল, যিহূদা আৰু যিৰূচালেমৰ প্ৰধান লোকসকল, আৰু ৰাজমিস্ত্ৰি বাঢ়ৈ আদি শিল্পকাৰীসকলে যিৰূচালেমৰ পৰা প্ৰস্থান কৰিছিল।
Daytoy ket kalpasan a naipanaw manipud Jerusalem ni Jehoiachin nga ari, ti reyna, dagiti nangangato nga opisial, dagiti mangidadaulo iti Juda ken Jerusalem, ken dagiti nalaing a pumapanday.
3 ৩ এই পত্র যিহূদাৰ চিদিকিয়া ৰজাই বাবিললৈ, বাবিলৰ ৰজা নবূখদনেচৰৰ গুৰিলৈ পঠোৱা চাফনৰ পুত্ৰ ইলিয়াচাৰ, আৰু হিল্কিয়াৰ পুত্ৰ গমৰিয়াৰ হাতত পঠিয়াইছিল।
Impatulodna daytoy a nalukot a pagbasaan babaen kenni Elasa a putot ni Sapan, kenni Gemaria a putot ni Hilkia nga imbaon ni Zedekias nga ari ti Juda a mapan kenni Nebucadnezar nga ari ti Babilonia.
4 ৪ পত্রখনত এইদৰে কৈছিল, যে, “মই যিৰূচালেমৰ পৰা বাবিললৈ বন্দী কৰি নিয়া সকলো দেশান্তৰিত লোকক ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে:
Kastoy ti nailanad iti nalukot a pagbasaan, “Kastoy ti kuna ni Yahweh a Mannakabalin-amin a Dios ti Israel kadagiti amin a natiliw ken impaipanawko manipud Jerusalem a naipan a kas balud idiay Babilonia,
5 ৫ তোমালোকে ঘৰ সাজি তাত বাস কৰা, আৰু বাৰী পাতি তাৰ ফল ভোগ কৰা।
'Mangipatakderkayo kadagiti balbalay ket pagnaedanyo dagitoy. Mulaanyo dagiti pagmulaan ket kanenyo ti ibunga dagitoy.
6 ৬ বিবাহ কৰি লৰা-ছোৱালী জন্ম দিয়া, আৰু লৰা-ছোৱালী জন্মিবৰ কাৰণে তোমালোকৰ পুত্রসকললৈ ছোৱালী আনা, আৰু জীয়েৰাসকলক বিয়া দিয়া। এইদৰে যেন তোমালোক সংখ্যাত কম নহৈ বাঢ়ি যোৱা।
Mangasawakayo ket aganakkayo iti lallaki ken babbai. Ket pangasawaenyo dagiti annakyo a lallaki, ken panagsawaenyo dagiti annakyo a babbai. Bay-anyo nga aganakda iti lallaki ken babbai ken umadokayo sadiay a saan ket a bumassit ti bilangyo.
7 ৭ আৰু মই তোমালোকক বন্দী কৰি নিয়া নগৰৰ শান্তিলৈ চেষ্টা কৰা আৰু তাৰ বাবে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা; কিয়নো তাৰ শান্তিতে তোমালোকৰো শান্তি হ’ব।
Ti pagsayaatan ti siudad a nangipanak kadakayo a kas balud ti aramidenyo, ken agkararagkayo kaniak para iti daytoy agsipud ta addanto kappia kadakayo no natalna daytoy.'
8 ৮ কাৰণ ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘তোমালোকৰ মাজত থকা তোমালোকৰ ভাববাদী আৰু মঙ্গলতীসকলে তোমালোকক নুভুলাওক, নাইবা তোমালোকৰ সপোনত তোমালোকক দেখুউৱা কথালৈ কাণ নিদিবা।
Ta kastoy ti kuna ni Yahweh a Mannakabalin-amin a Dios ti Israel, 'Saanyo nga itulok nga allilawendakayo dagiti profeta nga adda kadakayo ken dagiti mammoyonyo ken saankayo a mamati kadagiti matagtagainepyo.
9 ৯ কিয়নো তেওঁলোকে মিছাকৈ মোৰ নামেৰে তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰে; যিহোৱাই কৈছে, মই তেওঁলোকক পঠোৱা নাই।
Ta inaallilaw ti ipadpadtoda kadakayo iti naganko. Saanko ida nga imbaon—kastoy ti pakaammo ni Yahweh.'
10 ১০ কিয়নো যিহোৱাই এইদৰে কৈছে: ‘বাবিলত থকা সত্তৰ বছৰ পূৰ হ’ল, মই তোমালোকৰ বিচাৰ ল’ম আৰু এই ঠাইলৈ তোমালোকক ওলোটাই আনি তোমালোকলৈ মোৰ মঙ্গল বাক্য সিদ্ধ কৰিম।
Ta kastoy ti kuna ni Yahweh, 'Inton inturayannakayon ti Babilonia iti pitopulo a tawen, tulongankayo ken ipatungpalko ti nasayaat nga imbagak nga isublikayo iti daytoy a lugar.
11 ১১ কাৰণ যিহোৱাই কৈছে, মই তোমালোকৰ বিষয়ে কৰা সঙ্কল্প ময়েই জানো; তোমালোকৰ শেষ-অৱস্থাত তোমালোকক আশা দিবলৈ সেয়ে মঙ্গলৰ সঙ্কল্প, অমঙ্গলৰ নহয়।
Ta ammok a mismo dagiti planok para kadakayo—kastoy ti pakaammo ni Yahweh—dagiti plano para iti kappia a saan ket a didigra, nga ikkankayo iti nasayaat a masakbayan ken namnama.
12 ১২ আৰু তেতিয়া তোমালোকে মোক মাতিবা আৰু গৈ মোৰ আগত প্ৰাৰ্থনা কৰিবা; তেতিয়া মই তোমালোকৰ কথা শুনিম।
Ket umawagkayonto kaniak, ken agkararagkayto kaniak ket denggenkayto.
13 ১৩ আৰু তোমালোকে সমস্ত মনেৰে মোক বিচাৰিলে মোক বিচাৰি পাবা।
Ta birokendakto ket masarakandakto, agsipud ta binirokdak iti amin a pusoyo.
14 ১৪ আৰু যিহোৱাই কৈছে: ‘মই তোমালোকক মোক পাবলৈ দিম, মই তোমালোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু মই তোমালোকক দেশান্তৰিত কৰা সকলো জাতিৰ পৰা আৰু সকলে ঠাইৰ পৰা তোমালোকক গোটাই আনিম,’ ইয়াক যিহোৱাই কৈছে: ‘আৰু যি ঠাইৰ পৰা মই তোমালোকক বন্দী কৰি নিয়ালোঁ, সেই ঠাইলৈ পুনৰায় আনিম।
Ket masarakandakto—kastoy ti pakaammo ni Yahweh—ket isublik ti sigud a nasayaat a kasasaadyo; ummongenkayto manipud kadagiti amin a nasion ken luglugar a nangiwarawaraak kadakayo—ta isublikayto iti lugar a naggapuanyo manipud iti lugar nga intulokko a pakaipananyo a kas balud.'
15 ১৫ যিহেতু তোমালোকে কৈছা, যিহোৱাই বাবিলত আমাৰ কাৰণে ভাববাদীসকলক উৎপন্ন কৰিলে,
Agsipud ta kinunayo a nangisaad ni Yahweh kadagiti profeta para kadakami idiay Babilonia,
16 ১৬ এই হেতুকে তোমালোকে জানিবা, যে, দায়ুদৰ সিংহাসনৰ ওপৰত বহোঁতা ৰজাৰ, আৰু তোমালোকৰ সৈতে দেশান্তৰলৈ নোযোৱা তোমালোকৰ ভাই এই নগৰ-নিবাসী সকলো প্ৰজাৰ বিষয়ে যিহোৱাই এইদৰে কৈছে:
kastoy ti kuna ni Yahweh iti ari a nakatugaw iti trono ni David ken kadagiti amin a tattao nga agigian pay laeng iti dayta a siudad, dagiti kakabsatyo a saan a nairaman kadakayo a naipanaw a kas balud—
17 ১৭ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই তেওঁলোকৰ মাজলৈ তৰোৱাল, আকাল, আৰু মহামাৰী পঠিয়াম; আৰু তোমালোক অতি বেয়া হোৱাৰ কাৰণে মই তোমালোকক খাব নোৱাৰা ঘিণলগীয়া ডিমৰু গুটিৰ দৰে কৰিম।
kastoy ti kuna ni Yahweh a Mannakabalin-amin, 'Kitaenyo, umadanin ti panangiyegko kadakuada iti kampilan, nakaro a panagbisin ken saksakit. Ta pagbalinekto ida a kasla nalungsot nga igos a saan a mabalin a kanen.
18 ১৮ মই তৰোৱাল, আকাল, আৰু মহামাৰী লৈ তেওঁলোকৰ পাছে পাছে খেদিম, আৰু পৃথিৱীৰ সকলো ৰাজ্যৰ মাজত তেওঁলোকক ত্ৰাসৰ বিষয় কৰিম; আৰু মই তেওঁলোকক খেদাই দিয়া সকলো জাতিৰ মাজত তেওঁলোকক শাও, আচৰিত, ইচ্ ইচ্ আৰু ধিক্কাৰৰ বিষয় কৰিম।
Ket kamatekto ida babaen iti kampilan, nakaro a panagbisin ken angol ket pagbalinek ida a makapakintayeg iti panagkita dagiti amin a nasion iti rabaw ti daga— maysa a nakabutbuteng, usarendanto ti nagan dagitoy no adda ilunodda, ken maysa a nakababain a banag kadagiti nasion a nangiwarawaraak kadakuada.
19 ১৯ কাৰণ যিহোৱাই কৈছে: ‘মই অতি প্ৰভাতে উঠি তেওঁলোকৰ ওচৰলৈ মোৰ দাস ভাববাদীসকলৰ দ্বাৰাই পঠোৱা মোৰ বাক্যলৈ তোমালোকে কাণ নিদিলা;’ যিহোৱাই কৈছে: ‘তোমালোকে মোৰ বাক্য শুনিবলৈ ইচ্ছা নকৰিলা।’
Daytoy ket gapu ta saanda a dimngeg iti saok— kastoy ti pakaammo ni Yahweh— nga impakaammok kadakuada babaen kadagiti adipenko a profeta. Namin-adu nga imbaonko ida, ngem saankayo a dimngeg— kastoy ti pakaamo ni Yahweh.'
20 ২০ এই হেতুকে যিৰূচালেমৰ পৰা বাবিললৈ মই পঠোৱা দেশান্তৰিত হোৱা যি তোমালোক, সকলোৱে যিহোৱাৰ বাক্য শুনা:
Isu a dakayo a mismo, dumngegkayo iti sao ni Yahweh, aminkayo a naipanaw a kas balud manipud Jerusalem a naipan idiay Babilonia,
21 ২১ ‘কোলায়াৰ পুত্ৰ যি আহাবে, আৰু মাচেয়াৰ পুত্ৰ যি চিদিকিয়াই মোৰ নামেৰে তোমালোকৰ আগত মিছা ভাববাণী প্ৰচাৰ কৰিলে, তেওঁলোকৰ বিষয়ে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘চোৱা, মই তেওঁলোকক তোমালোকৰ চকুৰ আগতেই বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত শোধাই দিম।
'Kastoy ti ibagak, siak a ni Yahweh a Mannakabalin-amin a Dios ti Israel maipanggep kenni Ahab a putot ni Kolaiah ken ni Zedekias a putot ni Maaseias, a siuulbod a nagipadto kadakayo babaen iti naganko: Kitaenyo, umadanin ti panangiyawatko kadakuada iti ima ni Nebucadnezar nga ari ti Babilonia. Patayennanto ida iti sangoananyo.
22 ২২ আৰু বাবিলৰ ৰজাই জুইত পোৰা চিদিকিয়া আৰু আহাবৰ দৰে যিহোৱাই তোমাক কৰক বুলি কৈ, বাবিলত থকা যিহূদাৰ সকলো দেশান্তৰিত লোকে তেওঁলোকক দৃষ্টান্তৰ স্থল কৰি শাও দিব।’
Ket addanto lunod nga ibaga dagiti amin a naipanaw iti Juda a kas balud idiay Babilonia maipanggep kadagitoy a tattao. Kastoyto ti lunod nga ibagada: Aramidento koma ni Yahweh kadakayo ti kas iti napasamak kenni Zedekias ken Ahab, a pinuoran ti ari ti Babilonia.
23 ২৩ কিয়নো তেওঁলোকে ইস্ৰায়েলৰ মাজত অজ্ঞানতাৰ কাৰ্য কৰিলে, আৰু নিজ নিজ ওচৰ-চুবুৰীয়াৰ স্ত্রীলৈ গমন কৰিলে, আৰু মই তেওঁলোকক আজ্ঞা নিদিয়া বাক্য মিছাকৈয়ে মোৰ নামেৰে প্ৰচাৰ কৰিলে।’ যিহোৱাই কৈছে: ‘ময়েই জানো, আৰু ময়েই সাক্ষী আছোঁ।’
Mapasamakto daytoy gapu kadagiti nakababain a banag nga inaramidda iti Israel idi nakikamalalada kadagiti assawa dagiti kaarrubada ken nangipakaammoda kadagiti saan a pudno a mensahe babaen iti naganko, banbanag a saanko a pulos nga imbilin kadakuada nga ibagada. Ta siak ti makaammo; siak ti saksi— kastoy ti pakaammo ni Yahweh.'”
24 ২৪ তুমি নিহিলামীয়া চময়িয়াৰ বিষয়ে এই কথা কোৱা:
“Maipanggep kenni Semaias a taga-Nehelam, kastoy ti naibaga:
25 ২৫ ‘ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: যিৰূচালেমত থকা সকলো লোকলৈ, আৰু মাচেয়াৰ পুত্ৰ চফনিয়া পুৰোহিত আদি সকলো পুৰোহিতলৈ তুমি নিজৰ নামেৰে পত্ৰ পঠিয়াই কৈছা,
“Kastoy ti kuna ni Yahweh a Mannakabalin-amin: “Gapu ta nangipatulodka kadagiti surat kadagiti amin a tattao iti Jerusalem iti bukodmo a nagan, kenni Zefanias a putot ni Maaseias a padi, ken kadagiti amin a papadi, a kinunam,
26 ২৬ “যি কোনো মানুহে বলীয়া হৈ নিজকে ভাববাদী পাতে, সেই মানুহক কুন্দাত আৰু শিকলিত বন্ধ কৰিবলৈ, যিহোৱাৰ গৃহত অধ্যক্ষ হবৰ কাৰণে যিহোয়াদা পুৰোহিতৰ সলনি যিহোৱাই তোমাক পুৰোহিত নিযুক্ত কৰিলে।
'Pinagbalinnaka ni Yahweh a padi imbes a ni Jehoiada a padi, tapno sika ti makaammo iti pagsayaatan ti balay ni Yahweh. Sika ti makaammo kadagiti amin a tattao nga aginlalaing ken mamagbalin kadagiti bagbagida a profeta. Rumbeng nga ibalud ken kawaram ida.
27 ২৭ এই হেতুকে অনাথোতীয়া যি যিৰিমিয়াই তোমালোকৰ আগত নিজকে নিজে ভাববাদী পাতে, সেই যিৰিমিয়াক তুমি কিয় ধমকি দিয়া নাই?
Isu nga ita, apay a saanmo a binabalaw ni Jeremias iti Anatot, a pinagbalinna a profeta ti bagina a maibusor kenka?
28 ২৮ কিয়নো বাবিলত থকা আমালৈ তেওঁ কৈ পঠিয়াইছে, যে, বহুদিন হ’ব, তোমালোকে ঘৰ সাজি তাত বাস কৰা, বাৰী পাতি তাৰ ফল ভোগ কৰা’।”
Ta nangipatulod isuna iti mensahe kadakami idiay Babilonia a kunana, 'Nabayagto daytoy a tiempo. Mangipatakderkayo kadagiti balbalay ket pagnaedanyo dagitoy, ken agmulakayo ket kanenyo dagiti ibunga dagitoy.''”
29 ২৯ চফনিয়া পুৰোহিতে সেই পত্ৰখন যিৰিমিয়া ভাববাদীয়ে শুনাকৈ পাঠ কৰিলে।
Binasa ni Zephaniah a padi daytoy a surat kenni Jeremias a profeta.
30 ৩০ তাতে যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে,
Isu nga immay ti sao ni Yahweh kenni Jeremias a kunana,
31 ৩১ তুমি দেশান্তৰিত হোৱা লোকসকলৰ আগলৈ এই কথা কৈ পঠিওৱা, যিহোৱাই নিহিলামীয়া বিষয়ে এই কথা কৈছে, মই চময়িয়াক নপঠোৱাকৈয়ে তেওঁ তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰিলে, আৰু মিছা কথাত তোমালোকৰ বিশ্বাস জন্মালে।
“Mangipatulodka iti mensahe kadagiti naipanaw a kas balud, ibagam, 'Kastoy ti kuna ni Yahweh maipapan kenni Shemaias a taga-Nehelam: Gapu ta nagipadto ni Shemaias kadakayo nga uray saanko nga imbaon isuna; gapu ta inallukoynakayo a mamati iti inuulbod,
32 ৩২ এই হেতুকে যিহোৱাই এই কথা কৈছে: চোৱা, মই নিহিলামীয়া চময়িয়াক আৰু তাৰ বংশক দণ্ড দিম; এই জাতি সমূহৰ মাজত বসতি কৰিবলৈ তাৰ এটি সন্তানো নাথাকিব, আৰু যিহোৱাই কৈছে, মই মোৰ প্ৰজাসকলৰ যি মঙ্গল কৰিম, তাক তেওঁ ভোগ কৰিবলৈ নাপাব; কাৰণ তেওঁ যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহৰ কথা ক’লে’।”
kastoy ngarud ti kuna ni Yahweh: Dumngegkayo, umadanin ti panangdusak kenni Shemaias a taga-Nehelam ken kadagiti kaputotanna. Awanto ti agtalinaed a kaputotanna. Saannanto a makita ti nasayaat nga aramidekto kadagiti tattaok— kastoy ti pakaammo ni Yahweh—ta inwaragawagna ti panagsukir maibusor kaniak, siak a ni Yahweh.'”