< যেরেমিয়া 27 >

1 যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ আৰম্ভণিত যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল, বোলে,
Yahuda Kralı Yoşiya oğlu Sidkiya'nın krallığının başlangıcında RAB Yeremya'ya seslendi:
2 “যিহোৱাই মোক ক’লে, তুমি যোঁত-জৰী আৰু যুৱলি সাজি তোমাৰ ডিঙিত লগোৱা।
RAB bana dedi ki, “Kendine sırımla bağlanmış tahta bir boyunduruk yap, boynuna geçir.
3 আৰু যিৰূচালেমলৈ যিহূদাৰ চিদিকিয়া ৰজাৰ গুৰিলৈ দূতবোৰৰ হাতত, ইদোমৰ ৰজা, মোৱাবৰ ৰজা, অম্মোনৰ সন্তানসকলৰ ৰজা, তূৰৰ ৰজা, আৰু চীদোনৰ ৰজাৰ ওচৰলৈ সেইবোৰ পঠিয়াই দিয়া।
Sonra Yeruşalim'e, Yahuda Kralı Sidkiya'ya gelen ulaklar aracılığıyla Edom, Moav, Ammon, Sur ve Sayda krallarına haber gönder.
4 আৰু নিজ নিজ প্ৰভুক ক’বৰ বাবে তেওঁলোকক এই আদেশ দিয়া, ‘ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই কৈছে: “তোমালোকে নিজ নিজ প্ৰভুক এই এই কথা ক’বা,
Efendilerine şunu bildirmelerini buyur: İsrail'in Tanrısı Her Şeye Egemen RAB diyor ki, ‘Efendilerinize söyleyin:
5 ‘ময়েই নিজ মহাশক্তিৰে আৰু মেলা বাহুৰে পৃথিৱীক আৰু পৃথিৱীৰ ওপৰত থকা মানুহ আৰু পশুবোৰক সৃষ্ট কৰিলোঁ, আৰু মোৰ দৃষ্টিত যাক ভাল দেখোঁ, তাকে তাক দিওঁ।
Yeryüzünü de üstünde yaşayan insanlarla hayvanları da büyük gücümle, kudretli elimle ben yarattım. Onu uygun gördüğüm kişiye veririm.
6 এই হেতুকে এতিয়া মই এই সকলো দেশ মোৰ দাস বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত দিলোঁ, আৰু তেওঁৰ বন্দীকাম কৰিবৰ অৰ্থে বনৰ জন্তুবোৰকো মই তেওঁক দিলোঁ।
Şimdi bütün bu ülkeleri Babil Kralı kulum Nebukadnessar'a vereceğim. Yabanıl hayvanları da kulluk etsinler diye ona vereceğim.
7 আৰু তেওঁৰ নিজ দেশৰ সময় শেষ নোহোৱালৈকে সকলো জাতিয়ে তেওঁৰ, তেওঁৰ পুতেকৰ আৰু তেওঁৰ নাতিয়েকৰ বন্দী-কাম কৰিব; সেই সময় হ’লে অনেক জাতি আৰু মহান ৰজাসকলে তেওঁক তেওঁলোকৰ বন্দী-কাম কৰোৱাব।
Ülkesi için saptanan zaman gelinceye dek bütün uluslar ona, oğluna, torununa kulluk edecek. Sonra birçok ulus, büyük krallar onu köle edecekler.
8 যি জাতি আৰু ৰজাই সেই বাবিলৰ ৰজা নবূখদনেচৰৰ বন্দী-কাম নকৰিব, আৰু বাবিলৰ ৰজাৰ যুৱলিত নিজৰ ডিঙি নাৰাখিব, যিহোৱাই কৈছে, মই তেওঁৰ হাতেৰে এই জাতিক সংহাৰ নকৰালৈকে তৰোৱাল আৰু মহামাৰীৰ দ্বাৰাই দণ্ড দিম।
“‘Hangi ulus ya da krallık Babil Kralı Nebukadnessar'a kulluk edip boyunduruğuna girmezse, o ulusu onun eline teslim edene dek kılıçla, kıtlıkla, salgın hastalıkla cezalandıracağım, diyor RAB.
9 কিন্তু তোমালোকে হ’লে! তোমালোকে বাবিলৰ ৰজাৰ বন্দী-কাম কৰিবলৈ নাপাবা, ‘এই বুলি তোমালোকক কোৱা তোমালোকৰ ভাববাদী, মঙ্গলতী, স্বপ্নদৰ্শক, গণক, কি মায়াবীৰ কথা নুশুনিবা।’
Size gelince, peygamberlerinizi, falcılarınızı, düş görenlerinizi, medyumlarınızı, büyücülerinizi dinlemeyin! Onlar size, Babil Kralı'na kulluk etmeyeceksiniz diyorlar.
10 ১০ কিয়নো তোমালোকৰ দেশৰ পৰা তোমালোকক দূৰ কৰিবৰ কাৰণে আৰু মই তোমালোকক খেদাই দিলে তোমালোক নষ্ট হবলৈ তোমালোকৰ আগত তেওঁলোকে মিছা ভাববাণী প্ৰচাৰ কৰে।
Size yalan peygamberlik ediyorlar. Bunun sonucu sizi ülkenizden uzaklaştırmak oluyor. Sizi süreceğim, yok olacaksınız.
11 ১১ কিন্তু যি জাতিয়ে বাবিলৰ ৰজাৰ যুৱলিৰ তলত নিজৰ ডিঙি ৰাখিব, আৰু তেওঁৰ বন্দীকাম কৰিব, যিহোৱাই কৈছে, ‘মই সেই জাতিক নিজ দেশত থাকিবলৈ দিম; তেওঁলোকে তাত কৃষিকাৰ্য্য কৰিব, আৰু তাত বাস কৰিব”’।”
Ama Babil Kralı'nın boyunduruğuna girip ona kulluk eden ulusu kendi toprağında bırakacağım, diyor RAB. O ulus toprağını işleyecek, orada yaşayacak.’”
12 ১২ পাছত মই সেই সকলো বাক্য অনুসাৰে যিহূদাৰ ৰজা চিদিকিয়াক ক’লোঁ: “তোমালোকে নিজ নিজ ডিঙি বাবিলৰ ৰজাৰ যুৱলিৰ তলত ৰাখি, তেওঁৰ আৰু তেওঁৰ লোকসকলৰ বন্দী-কাম কৰি জীয়াই থাকা।
Yahuda Kralı Sidkiya'ya bütün bu sözleri ilettim. Dedim ki, “Boyunlarınızı Babil Kralı'nın boyunduruğu altına koyun. Ona ve halkına kulluk edin ki sağ kalasınız.
13 ১৩ যি জাতিয়ে বাবিলৰ ৰজাৰ বন্দী-কাম নকৰিব, সেই জাতিৰ বিষয়ে যিহোৱাই কোৱাৰ দৰে, তুমি আৰু তোমাৰ প্ৰজাসকল তৰোৱাল, আকাল আৰু মহামাৰীত কিয় মৰিবা?
RAB'bin Babil Kralı'na kulluk etmeyen her ulus için dediği gibi, niçin sen ve halkın kılıç, kıtlık, salgın hastalık yüzünden ölesiniz?
14 ১৪ ‘বাবিলৰ ৰজাৰ বন্দী-কাম কৰিব নাপাবা’ বুলি তোমালোকক কোৱা ভাববাদীসকলৰ কথা নুশুনিবা; কিয়নো তেওঁলোকে তোমালোকৰ আগত মিছা ভাববাণী প্ৰচাৰ কৰে।
Size, ‘Babil Kralı'na kulluk etmeyeceksiniz’ diyen peygamberlerin sözlerine kulak asmayın. Onlar size yalan peygamberlik ediyorlar.
15 ১৫ কাৰণ, যিহোৱাই কৈছে, মই তেওঁলোকক পঠোৱা নাই” কিন্তু মই তোমালোকক খেদাই দিলে তোমালোক আৰু তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা ভাববাদীসকল বিনষ্ট হবৰ কাৰণে, তেওঁলোকে মিছাকৈয়ে মোৰ নামেৰে ভাববাণী প্ৰচাৰ কৰে।
‘Onları ben göndermedim’ diyor RAB, ‘Adımla yalan peygamberlik ediyorlar. Bu yüzden sizi de size peygamberlik eden peygamberleri de süreceğim, hepiniz yok olacaksınız.’”
16 ১৬ পাছে মই পুৰোহিতসকলক আৰু এই সকলো প্ৰজাক ক’লোঁ, “যিহোৱাই এই কথা কৈছে: চোৱা, যিহোৱাৰ গৃহৰ বস্তুবোৰ অলপতে পুনৰায় বাবিলৰ পৰা অনা যাব বুলি তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা তোমালোকৰ ভাববাদীসকলৰ কথালৈ কাণ নিদিবা; কিয়নো সিহঁতে তোমালোকৰ আগত মিছা ভাববাণী প্ৰচাৰ কৰে।
Sonra kâhinlerle halka şöyle dedim: “RAB diyor ki, ‘İşte RAB'bin Tapınağı'nın eşyaları yakında Babil'den geri getirilecek’ diyen peygamberlerinize kulak asmayın. Onlar size yalan peygamberlik ediyorlar.
17 ১৭ তেওঁলোকৰ কথালৈ কাণ নিদিবা, কিন্তু বাবিলৰ ৰজাৰ বন্দী-কাম কৰি জীয়াই থাকা; এই নগৰ কিয় ধ্বংসস্থান হব?
Onları dinlemeyin. Sağ kalmak için Babil Kralı'na kulluk edin. Bu kent neden viraneye çevrilsin?
18 ১৮ কিন্তু যদি তেওঁলোক ভাববাদী হয়, আৰু যদি যিহোৱাৰ বাক্য তেওঁলোকৰ লগত আছে, তেন্তে যিহোৱাৰ গৃহত, যিহূদাৰ ৰাজগৃহত আৰু যিৰূচালেমত অৱশিষ্ট থকা বস্তুবোৰ বাবিললৈ নাযাবলৈ বাহিনীসকলৰ যিহোৱাৰ আগত তেওঁলোকে প্ৰাৰ্থনা কৰক।
Eğer bunlar peygamberse ve RAB'bin sözü onlardaysa, RAB'bin Tapınağı'nda, Yahuda Kralı'nın sarayında ve Yeruşalim'de kalan eşyalar Babil'e götürülmesin diye Her Şeye Egemen RAB'be yalvarsınlar.
19 ১৯ কিয়নো বাবিলৰ ৰজা নবূখদনেচৰে যিহোয়াকীমৰ পুতেক যিহূদাৰ ৰজা যকনিয়ক, আৰু যিহূদাৰ ও যিৰূচালেমৰ প্ৰধান লোকসকলক আৰু যিৰূচালেমৰ পৰা বাহিৰলৈ বন্দী কৰি নিয়া সময়ত,
“Çünkü Babil Kralı Nebukadnessar Yahuda Kralı Yehoyakim oğlu Yehoyakin'i Yahuda ve Yeruşalim soylularıyla birlikte Yeruşalim'den Babil'e sürdüğünde alıp götürmediği sütunlar, havuz, ayaklıklar ve kentte kalan öbür eşyalar için Her Şeye Egemen RAB şöyle diyor.
20 ২০ স্তম্ভ কেইটা, সমুদ্ৰ-পাত্ৰটো, আৰু আধাৰবোৰ আদি কৰি এই নগৰৰ অৱশিষ্ট থকা যি যি বস্তু বাবিলত ৰজা নবূখদনেচৰে নিয়া নাছিল, সেইবোৰৰ বিষয়ে যিহোৱাই এইদৰে কৈছে;
21 ২১ এনে কি, যিহোৱাৰ গৃহত, যিহূদাৰ ৰাজগৃহত, আৰু যিৰূচালেমত অৱশিষ্ট থকা সেই বস্তুবোৰৰ বিষয়ে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে,
Evet, RAB'bin Tapınağı'nda, Yahuda Kralı'nın sarayında ve Yeruşalim'de kalan eşyalar için İsrail'in Tanrısı, Her Şeye Egemen RAB şöyle diyor:
22 ২২ সেই সকলোকে বাবিললৈ নিয়া হ’ব, আৰু মই সেইবোৰৰ বিচাৰ নকৰা দিনলৈকে সেইবোৰ সেই ঠাইতে থাকিব, ইয়াকে যিহোৱাই কৈছে; সেই দিন উপস্থিত হ’লে, মই সেইবোৰ আনি এই ঠাইত পুনৰাই স্থাপন কৰিম’।”
‘Bunlar Babil'e alınıp götürülecek, aldıracağım güne dek de orada kalacaklar’ diyor RAB, ‘O zaman onları alacak, yeniden buraya yerleştireceğim.’”

< যেরেমিয়া 27 >