< যেরেমিয়া 27 >
1 ১ যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ আৰম্ভণিত যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল, বোলে,
I Josiass Søns, Kong Jojakim af Judas, første regeringstid kom dette Ord til Jeremias fra HERREN:
2 ২ “যিহোৱাই মোক ক’লে, তুমি যোঁত-জৰী আৰু যুৱলি সাজি তোমাৰ ডিঙিত লগোৱা।
Således sagde HERREN til mig: Gør dig Reb og Ågstænger og læg dem på din Hals
3 ৩ আৰু যিৰূচালেমলৈ যিহূদাৰ চিদিকিয়া ৰজাৰ গুৰিলৈ দূতবোৰৰ হাতত, ইদোমৰ ৰজা, মোৱাবৰ ৰজা, অম্মোনৰ সন্তানসকলৰ ৰজা, তূৰৰ ৰজা, আৰু চীদোনৰ ৰজাৰ ওচৰলৈ সেইবোৰ পঠিয়াই দিয়া।
og send Edoms, Moabs, Ammoniternes, Tyruss og Zidons Konger Bud ved deres Sendemænd, som er kommet til Kong Zedekias af Juda i Jerusalem;
4 ৪ আৰু নিজ নিজ প্ৰভুক ক’বৰ বাবে তেওঁলোকক এই আদেশ দিয়া, ‘ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই কৈছে: “তোমালোকে নিজ নিজ প্ৰভুক এই এই কথা ক’বা,
byd dem at sige til deres Herrer: Så siger Hærskarers HERRE. Israels Gud: Sig til eders Herrer:
5 ৫ ‘ময়েই নিজ মহাশক্তিৰে আৰু মেলা বাহুৰে পৃথিৱীক আৰু পৃথিৱীৰ ওপৰত থকা মানুহ আৰু পশুবোৰক সৃষ্ট কৰিলোঁ, আৰু মোৰ দৃষ্টিত যাক ভাল দেখোঁ, তাকে তাক দিওঁ।
Jeg skabte Jorden og Menneskene og Kvæget på Jorden ved min vældige Styrke og min udrakte Hånd, og jeg giver den, til hvem jeg finder for godt.
6 ৬ এই হেতুকে এতিয়া মই এই সকলো দেশ মোৰ দাস বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত দিলোঁ, আৰু তেওঁৰ বন্দীকাম কৰিবৰ অৰ্থে বনৰ জন্তুবোৰকো মই তেওঁক দিলোঁ।
Og nu giver jeg alle disse Lande i min Tjener Kong Nebukadnezar af Babels Hånd, selv Markens Vildt giver jeg hen til at trælle for ham.
7 ৭ আৰু তেওঁৰ নিজ দেশৰ সময় শেষ নোহোৱালৈকে সকলো জাতিয়ে তেওঁৰ, তেওঁৰ পুতেকৰ আৰু তেওঁৰ নাতিয়েকৰ বন্দী-কাম কৰিব; সেই সময় হ’লে অনেক জাতি আৰু মহান ৰজাসকলে তেওঁক তেওঁলোকৰ বন্দী-কাম কৰোৱাব।
Alle Folk skal trælle for ham, hans Søn og Sønnesøn, indtil også hans Lands Time slår og mange Folkeslag og store Konger gør ham til deres Træl.
8 ৮ যি জাতি আৰু ৰজাই সেই বাবিলৰ ৰজা নবূখদনেচৰৰ বন্দী-কাম নকৰিব, আৰু বাবিলৰ ৰজাৰ যুৱলিত নিজৰ ডিঙি নাৰাখিব, যিহোৱাই কৈছে, মই তেওঁৰ হাতেৰে এই জাতিক সংহাৰ নকৰালৈকে তৰোৱাল আৰু মহামাৰীৰ দ্বাৰাই দণ্ড দিম।
Og det Folk og det Rige, som ikke vil trælle for ham, Kong Nebukadnezar af Babel, og bøje Hals under Babels Konges Åg, det vil jeg hjemsøge med Sværd, Hunger og Pest, lyder det fra HERREN, til det er tilintetgjort ved hans Hånd.
9 ৯ কিন্তু তোমালোকে হ’লে! তোমালোকে বাবিলৰ ৰজাৰ বন্দী-কাম কৰিবলৈ নাপাবা, ‘এই বুলি তোমালোকক কোৱা তোমালোকৰ ভাববাদী, মঙ্গলতী, স্বপ্নদৰ্শক, গণক, কি মায়াবীৰ কথা নুশুনিবা।’
I skal ikke høre på eders Profeter og Spåmænd, eders Drømmere, Sandsigere og Troldmænd, som siger til eder: "I skal ikke komme til at trælle for Babels Konge;
10 ১০ কিয়নো তোমালোকৰ দেশৰ পৰা তোমালোকক দূৰ কৰিবৰ কাৰণে আৰু মই তোমালোকক খেদাই দিলে তোমালোক নষ্ট হবলৈ তোমালোকৰ আগত তেওঁলোকে মিছা ভাববাণী প্ৰচাৰ কৰে।
thi det er Løgn, de profeterer for eder for at få eder bort fra eders Jord, idet jeg da driver eder bort og I går til Grunde.
11 ১১ কিন্তু যি জাতিয়ে বাবিলৰ ৰজাৰ যুৱলিৰ তলত নিজৰ ডিঙি ৰাখিব, আৰু তেওঁৰ বন্দীকাম কৰিব, যিহোৱাই কৈছে, ‘মই সেই জাতিক নিজ দেশত থাকিবলৈ দিম; তেওঁলোকে তাত কৃষিকাৰ্য্য কৰিব, আৰু তাত বাস কৰিব”’।”
Men det Folk, der bøjer Hals under Babels Konges Åg og træller for ham, vil jeg lade blive på sin Jord, lyder det fra HERREN, så det kan dyrke den og bo der.
12 ১২ পাছত মই সেই সকলো বাক্য অনুসাৰে যিহূদাৰ ৰজা চিদিকিয়াক ক’লোঁ: “তোমালোকে নিজ নিজ ডিঙি বাবিলৰ ৰজাৰ যুৱলিৰ তলত ৰাখি, তেওঁৰ আৰু তেওঁৰ লোকসকলৰ বন্দী-কাম কৰি জীয়াই থাকা।
Og til Kong Zedekias af Juda talte jeg i Overensstemmelse med alle disse Ord: Bøj Hals under Babels Konges Åg og træl for ham og hans Folk, så skal I leve.
13 ১৩ যি জাতিয়ে বাবিলৰ ৰজাৰ বন্দী-কাম নকৰিব, সেই জাতিৰ বিষয়ে যিহোৱাই কোৱাৰ দৰে, তুমি আৰু তোমাৰ প্ৰজাসকল তৰোৱাল, আকাল আৰু মহামাৰীত কিয় মৰিবা?
Hvorfor vil du og dit Folk dø ved Sværd, Hunger og Pest, således som HERREN truede det Folk, der ikke vil trælle for Babels Konge?
14 ১৪ ‘বাবিলৰ ৰজাৰ বন্দী-কাম কৰিব নাপাবা’ বুলি তোমালোকক কোৱা ভাববাদীসকলৰ কথা নুশুনিবা; কিয়নো তেওঁলোকে তোমালোকৰ আগত মিছা ভাববাণী প্ৰচাৰ কৰে।
Hør ikke på Profeternes Ord, når de siger til eder: "I skal ikke komme til at trælle for Babels Konge"; thi Løgn profeterer de eder.
15 ১৫ কাৰণ, যিহোৱাই কৈছে, মই তেওঁলোকক পঠোৱা নাই” কিন্তু মই তোমালোকক খেদাই দিলে তোমালোক আৰু তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা ভাববাদীসকল বিনষ্ট হবৰ কাৰণে, তেওঁলোকে মিছাকৈয়ে মোৰ নামেৰে ভাববাণী প্ৰচাৰ কৰে।
Jeg har ikke sendt dem, lyder det fra HERREN, og de profeterer Løgn i mit Navn, for at jeg skal bortstøde eder, så I går til Grunde sammen med Profeterne, der profeterer for eder.
16 ১৬ পাছে মই পুৰোহিতসকলক আৰু এই সকলো প্ৰজাক ক’লোঁ, “যিহোৱাই এই কথা কৈছে: চোৱা, যিহোৱাৰ গৃহৰ বস্তুবোৰ অলপতে পুনৰায় বাবিলৰ পৰা অনা যাব বুলি তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা তোমালোকৰ ভাববাদীসকলৰ কথালৈ কাণ নিদিবা; কিয়নো সিহঁতে তোমালোকৰ আগত মিছা ভাববাণী প্ৰচাৰ কৰে।
Og til Præsterne og alt dette Folk talte jeg således: Så siger HERREN: Hør ikke på eders Profeters Ord, når de profeterer for eder og siger: "Se, HERRENs Huss Kar skal nu snart føres hjem fra Babel." Thi Løgn profeterer de eder.
17 ১৭ তেওঁলোকৰ কথালৈ কাণ নিদিবা, কিন্তু বাবিলৰ ৰজাৰ বন্দী-কাম কৰি জীয়াই থাকা; এই নগৰ কিয় ধ্বংসস্থান হব?
Hør dem ikke, men træl for Babels Konge, så skal I leve. Hvorfor skal denne By lægges øde?
18 ১৮ কিন্তু যদি তেওঁলোক ভাববাদী হয়, আৰু যদি যিহোৱাৰ বাক্য তেওঁলোকৰ লগত আছে, তেন্তে যিহোৱাৰ গৃহত, যিহূদাৰ ৰাজগৃহত আৰু যিৰূচালেমত অৱশিষ্ট থকা বস্তুবোৰ বাবিললৈ নাযাবলৈ বাহিনীসকলৰ যিহোৱাৰ আগত তেওঁলোকে প্ৰাৰ্থনা কৰক।
Er de Profeter og har HERRENs Ord, så lad dem gå i forbøn hos Hærskarers HERRE, at de Kar, der er tilbage i HERRENs Hus og Judas konges Palads, ikke også skal komme til Babel.
19 ১৯ কিয়নো বাবিলৰ ৰজা নবূখদনেচৰে যিহোয়াকীমৰ পুতেক যিহূদাৰ ৰজা যকনিয়ক, আৰু যিহূদাৰ ও যিৰূচালেমৰ প্ৰধান লোকসকলক আৰু যিৰূচালেমৰ পৰা বাহিৰলৈ বন্দী কৰি নিয়া সময়ত,
Thi så siger Hærskarers HERRE om Søjlerne, Havet og Stellene og om de sidste Kar, der er tilbage i denne By,
20 ২০ স্তম্ভ কেইটা, সমুদ্ৰ-পাত্ৰটো, আৰু আধাৰবোৰ আদি কৰি এই নগৰৰ অৱশিষ্ট থকা যি যি বস্তু বাবিলত ৰজা নবূখদনেচৰে নিয়া নাছিল, সেইবোৰৰ বিষয়ে যিহোৱাই এইদৰে কৈছে;
dem, som Kong Nebukadnezar af Babel ikke tog med, da han bortførte Jojakims søn, Kong Jekonja af Juda, fra Jerusalem til Babel med alle de ypperste i Juda og Jerusalem,
21 ২১ এনে কি, যিহোৱাৰ গৃহত, যিহূদাৰ ৰাজগৃহত, আৰু যিৰূচালেমত অৱশিষ্ট থকা সেই বস্তুবোৰৰ বিষয়ে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে,
ja, så siger Hærskarers HERRE, Israels Gud, om de kar, der er tilbage i HERRENs Hus og Judas Konges Palads og i Jerusalem:
22 ২২ সেই সকলোকে বাবিললৈ নিয়া হ’ব, আৰু মই সেইবোৰৰ বিচাৰ নকৰা দিনলৈকে সেইবোৰ সেই ঠাইতে থাকিব, ইয়াকে যিহোৱাই কৈছে; সেই দিন উপস্থিত হ’লে, মই সেইবোৰ আনি এই ঠাইত পুনৰাই স্থাপন কৰিম’।”
De skal føres til Babel, og der skal de blive, til den Dag jeg tager mig af dem og fører dem op og bringer dem tilbage hertil, lyder det fra HERREN.