< যেরেমিয়া 25 >

1 যিহূদাৰ আটাই লোকৰ বিষয়ে যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিছিল। যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ চতুৰ্থ বছৰত বাবিলৰ নবূখদনেচৰ ৰজাৰ ৰাজত্বৰ প্ৰথম বছৰত এই বাক্য আহিছিল।
ئەو پەیامەی لە ساڵی چوارەمی یەهۆیاقیمی کوڕی یۆشیای پاشای یەهودا، کە دەکاتە ساڵی یەکەمی نەبوخودنەسری پاشای بابل، سەبارەت بە هەموو گەلی یەهودا بۆ یەرمیا هات.
2 যিৰিমিয়া ভাববাদীয়ে যিহূদাৰ সকলো লোকৰ, আৰু যিৰূচালেম-নিবাসী সকলোৰে আগত সেই বাক্য প্ৰচাৰ কৰি ক’লে।
ئەوەی یەرمیای پێغەمبەر سەبارەت بە هەموو گەلی یەهودا و بۆ هەموو دانیشتووانی ئۆرشەلیم ڕایگەیاند:
3 তেওঁ ক’লে, “আমোনৰ পুত্ৰ যিহূদাৰ ৰজা যোচিয়াৰ ৰাজত্ব কালৰ ত্ৰয়োদশ বছৰৰ পৰা আজিলৈকে এই তেইশ বছৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহি আছে আৰু মই প্ৰতি প্ৰভাতে উঠি তোমালোকক তাক কৈ আছোঁ। মই তোমালোকক ক’বলৈ অতি ইচ্ছুক আছিলোঁ, কিন্তু তোমালোকে কাণ দিয়া নাই।
«لە ساڵی سێزدەیەمینی یۆشیای کوڕی ئامۆنی پاشای یەهوداوە هەتا ئەمڕۆ، ئەم بیست و سێ ساڵە، فەرمایشتی یەزدانم بۆ دەهات و منیش بەردەوام قسەم لەگەڵ کردن، بەڵام ئێوە گوێتان نەگرت.
4 যিহোৱাই প্ৰতি প্ৰভাতে উঠি তেওঁৰ সকলো দাস ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠাই আছে, কিন্তু তোমালোকে শুনা নাই, আৰু শুনিবলৈ কাণো পতা নাই।
«یەزدانیش بەردەوام هەموو بەندە پێغەمبەرەکانی خۆی بۆ ناردن، بەڵام ئێوە گوێتان نەگرت و گرنگیتان پێنەدا.
5 এই ভাববাদীসকলে কৈছিল, ‘বিনয় কৰোঁ, তোমালোক প্ৰতিজনে নিজ নিজ কু-পথৰ পৰা আৰু নিজ নিজ দুষ্টতাৰ পৰা ঘূৰা, আৰু যিহোৱাই তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশত যুগে যুগে অনন্ত কাললৈকে বাস কৰা।
پێیان گوتن:”لە ڕەفتارە ناشیرین و کردەوە خراپەکانتان بگەڕێنەوە، بۆ ئەوەی نیشتەجێ بن لەسەر ئەو خاکەی کە یەزدان داویەتییە ئێوە و باوباپیرانتان، لە ئەزەلەوە و بۆ هەتاهەتایە.
6 আৰু ইতৰ দেৱতাবোৰক সেৱাপূজা আৰু সেইবোৰ আগত প্ৰণিপাত কৰিবলৈ সেইবোৰৰ অনুগামি নহ’বা, আৰু তেওঁলোকৰ হাতে কৰা কাৰ্যৰ দ্বাৰাই মোক বেজাৰ নিদিবা; তেতিয়া মই তোমালোকৰ কোনো অপকাৰ নকৰিম।’
شوێنی خوداوەندەکانی دیکە مەکەون بۆ ئەوەی بیانپەرستن و کڕنۆشیان بۆ ببەن. بە دروستکراوەکانی دەستتان پەستم مەکەن و منیش سزاتان نادەم.“»
7 তথাপি, যিহোৱাই কৈছে, “তোমালোকে নিজৰ নিজৰ অপকাৰৰ অৰ্থে তোমালোকৰ হাতে কৰা কাৰ্যৰ দ্বাৰাই মোক বেজাৰ দিবলৈ মোলৈ কাণ দিয়া নাই।”
یەزدان دەفەرموێت: «بەڵام گوێتان لێم نەگرت، بۆ ئەوەی بە دروستکراوەکانی دەستتان پەستم بکەن، بەخۆتان سزاتان بۆ سەر خۆتان هێنا.»
8 এই হেতুকে বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: “তোমালোকে মোৰ বাক্য নুশুনা, এইবাবে,
لەبەر ئەوە یەزدانی سوپاسالار ئەمە دەفەرموێت: «لەبەر ئەوەی ئێوە گوێتان لە قسەی من نەگرت،
9 চোৱা, মই মানুহ পঠাই উত্তৰ দিশত থকা আটাই গোষ্ঠীক আনিম, ইয়াক যিহোৱা কৈছে: মই মোৰ দাস বাবিলৰ ৰজা নবূখদনেচৰৰ ওচৰলৈ মানুহ পঠাই, এই দেশৰ, ইয়াৰ নিবাসীসকলৰ, আৰু চাৰিওফালে থকা এই আটাইবোৰ জাতিৰ বিৰুদ্ধে তেওঁলোকক আনিম; আৰু মই তেওঁলোকক নিঃশেষে বিনষ্ট কৰিম, আৰু মই এওঁলোকক আচৰিতৰ ও ইচ্ ইচ্ কৰাৰ বিষয় আৰু এওঁলোকৰ ঠাই চিৰকলীয়া ধ্বংসস্থান কৰিম।
ئەوەتا دەنێرم و هەموو خێڵەکانی باکوور کۆدەکەمەوە، هەروەها نەبوخودنەسری خزمەتکارم، پاشای بابل، جا دەیانهێنمە سەر ئەم خاکە و سەر دانیشتووانەکەی و سەر هەموو ئەو نەتەوانەی دەوروبەری. بە تەواوی قڕیان دەکەم، دەیانکەمە پەند و تانە و تەشەر و وێرانییەکی هەتاهەتایی.
10 ১০ ইয়াৰ বাহিৰে মই এওঁলোকৰ পৰা উল্লাসৰ ধ্বনি, আনন্দৰ ধ্বনি, দৰা-কন্যাৰ ধ্বনি, জাঁতৰ শব্দ আৰু চাকিৰ পোহৰ নাইকিয়া কৰিম।
دەنگی بەزم و شادی، دەنگی بووک و زاوا، دەنگی دەستاڕ و ڕووناکی چرایان ناهێڵم.
11 ১১ তেতিয়া এই গোটেই দেশ ধ্বংস আৰু আচৰিতৰ ঠাই হ’ব, আৰু এই জাতিবোৰে সত্তৰ বছৰলৈকে বাবিলৰ ৰজাৰ বন্দী-কাম কৰিব।
هەموو ئەم خاکە دەبێتە وێرانەیەکی چۆڵ، ئەم نەتەوانەش حەفتا ساڵ خزمەتی پاشای بابل دەکەن.» ئەوە فەرمایشتی یەزدانە.
12 ১২ যিহোৱাই আৰু কৈছে: এই সত্তৰ বছৰ পূৰ হ’লে, মই বাবিলৰ ৰজাক, আৰু সেই জাতিক, আৰু কলদীয়াসকলৰ দেশক তেওঁলোকৰ অপৰাধৰ বাবে দণ্ড দিম; আৰু মই তাক চিৰকালৰ বাবে ধ্বংসস্থান কৰিম।
یەزدان دەفەرموێت: «کە حەفتا ساڵەکە تەواو بوو، سزای پاشای بابل و ئەو نەتەوەیە دەدەم، لەسەر تاوانەکانیان، سزای خاکی بابلییەکانیش دەدەم و دەیکەمە چۆڵەوانییەکی هەتاهەتایی.
13 ১৩ আৰু মই সেই দেশৰ বিৰুদ্ধে কোৱা মোৰ সকলো বাক্য, এনে কি, যিৰিমিয়াই সকলো জাতিৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা, এই পুথিখনিত লিখা সকলোকে সেই দেশলৈ ঘটাম।
هەموو ئەوەی لەم پەڕتووکەدا نووسراوە، ئەوەی یەرمیا سەبارەت بە هەموو ئەم نەتەوانە پێشبینیی کرد، هەموو ئاگادارکردنەوەیەکی تێدا هاتووە کە سەبارەت بەو خاکە فەرموومە پەیڕەوی دەکەم،
14 ১৪ কিয়নো অনেক জাতি আৰু মহান ৰজাসকলে তেওঁলোকক বন্দী-কাম কৰোৱাব; আৰু মই তেওঁলোকৰ কৰ্ম আৰু তেওঁলোকৰ হাতৰ কাৰ্য অনুসাৰে তেওঁলোকক প্ৰতিফল দিম।
چونکە ئەوانیش دەبنە کۆیلەی زۆر نەتەوە و پاشای گەورە، بەگوێرەی کردەوە و کارەکانی خۆیان سزایان دەدەمەوە.»
15 ১৫ কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই মোক এইদৰে কৈছে: “তুমি মোৰ ক্ৰোধস্বৰূপ সেই দ্ৰাক্ষাৰসৰ পান-পাত্ৰ মোৰ হাতৰ পৰা লোৱা, আৰু যি যি জাতিৰ ওচৰলৈ মই তোমাক পঠাওঁ, তুমি গৈ সেই সেই জাতিক ইয়াক পান কৰোৱাবা।
یەزدانی پەروەردگاری ئیسرائیل ئاوای بە من فەرموو: «جامی شەرابی ئەم تووڕەییە لە دەستم وەربگرە و دەرخواردی هەموو ئەو نەتەوانەی بدە کە من دەتنێرم بۆ لایان.
16 ১৬ তেওঁলোকে পান কৰি ঢলং-পলং কৰিব আৰু মই তেওঁলোকৰ মাজলৈ যি তৰোৱাল পঠিয়াম, তাৰ কাৰণে তেওঁলোক পগলা যেন হ’ব।
کاتێک دەیخۆنەوە، بەلادادێن و شێت دەبن لەبەر ئەو شمشێرەی کە من دەینێرمە ناویان.»
17 ১৭ তেতিয়া মই যিহোৱাৰ হাতৰ পৰা সেই পান-পাত্ৰ লৈ, যিহোৱাই যিবোৰ জাতিৰ ওচৰলৈ মোক পঠিয়ালে, তেওঁলোকক পান কৰোৱালোঁ,
منیش جامەکەم لە دەستی یەزدان وەرگرت، دەرخواردی هەموو ئەو نەتەوانەم دا کە یەزدان ناردمی بۆیان:
18 ১৮ অৰ্থাৎ আজিৰ দৰেই, তেওঁলোকক ধ্বংসস্থান, আচৰিত, ইচ্ ইচ্, আৰু শাওৰ বিষয় কৰিবলৈ যিৰূচালেমক, যিহূদাৰ নগৰবোৰক তাৰ ৰজাসকলক, আৰু তাৰ প্ৰধান লোকসকলক পান কৰোৱালোঁ।
بۆ ئۆرشەلیم و شارۆچکەکانی یەهودا و پاشا و پیاوە گەورەکانی، تاکو وێران بن و ببنە پەند و مایەی تانە و تەشەر و نەفرەت لێکردن، هەروەک ئێستا؛
19 ১৯ আন জাতি সমূহেও ইয়াক পান কৰিব লগীয়া হৈছিল: আৰু মিচৰৰ ৰজা ফৰৌণক আৰু তেওঁৰ মন্ত্ৰীসকলক, তেওঁৰ প্ৰধান লোকসকলক,
بۆ فیرعەونی پاشای میسر و خزمەتکار و پیاوە گەورەکانی و هەموو گەلەکەی
20 ২০ তেওঁৰ সকলো প্ৰজাক, মিশ্ৰিত জাতি সমূহক, উচ দেশৰ সকলো ৰজাক, পলেষ্টীয়াসকলৰ আটাই ৰজাক বিশেষকৈ অস্কিলোন, গাজা, ইক্ৰোণ, আৰু অচ্‌দোদৰ অৱশিষ্ট ভাগক,
و هەموو بێگانەکانی ئەوێ؛ بۆ هەموو پاشاکانی خاکی عوچ؛ بۆ هەموو پاشاکانی خاکی فەلەستییەکان؛ ئەسقەلان و غەزە و عەقرۆن و پاشماوەی ئەشدۆد؛
21 ২১ ইদোম, মোৱাব, আৰু অম্মোনৰ সন্তান সকলক, তূৰৰ সকলো ৰজাক;
بۆ ئەدۆم و مۆئاب و عەمۆنییەکان؛
22 ২২ চীদোনৰ সকলো ৰজাক, সমুদ্ৰৰ সিপাৰে থকা দ্বীপৰ সকলো ৰজাক,
بۆ هەموو پاشاکانی سور و هەموو پاشاکانی سەیدا؛ بۆ پاشاکانی کەنارەکان، ئەوانەی لەوبەری دەریان؛
23 ২৩ দদান, তেমা, বুজ, আৰু কুমৰ গুৰিত ডাঢ়ি-চুলি কটা সকলোৱে পান কৰিবলগীয়া হৈছিল।
بۆ دیدان و تێما و بووز و هەموو قژبڕاوەکان؛
24 ২৪ আৰবৰ সকলো ৰজাক, মৰুভূমি-নিবাসী মিশ্ৰিত জাতিৰ সকলো ৰজাক,
بۆ هەموو پاشاکانی عەرەبستان و سەرکردەی هەموو هۆزەکانی نیشتەجێی بیابان؛
25 ২৫ যিম্ৰীৰ সকলো ৰজাক, এলমৰ সকলো ৰজাক, মাদিয়াসকলৰ সকলো ৰজাক,
بۆ هەموو پاشاکانی زیمری و ئیلام و میدیا؛
26 ২৬ প্ৰভেদ নৰখাকৈ উত্তৰ দেশৰ ওচৰত কি দূৰত থকা সকলো ৰজাক, পৃথিৱীৰ ওপৰত থকা জগতৰ সকলো ৰাজ্যক পান কৰোৱালোঁ; আৰু তেওঁলোকৰ পাছত চেচক ৰজাই পান কৰিব।”
بۆ هەموو پاشاکانی باکوور، نزیک و دووریان، یەک لەدوای یەک؛ بۆ هەموو شانشینەکانی جیهان لەسەر ڕووی زەوی. لەدوای هەموویانەوە، هەروەها پاشای شێشەخ ئەو جامە دەخواتەوە.
27 ২৭ ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “আৰু তুমি তেওঁলোকক এই কথা ক’বা, তোমালোকে পান কৰি মতলীয়া হৈ বঁতিওৱা, আৰু তোমালোকৰ মাজলৈ মই যি তৰোৱাল পঠিয়াম, তাৰ কাৰণে পতিত হোৱা, আৰু নুঠিবা’।”
«پێیان دەڵێیت:”یەزدانی سوپاسالار، خودای ئیسرائیل ئەمە دەفەرموێت: بخۆنەوە و سەرخۆش بن و بڕشێنەوە، بکەون و هەڵمەستنەوە لەبەر ئەو شمشێرەی من دەینێرمە ناوتان.“
28 ২৮ আৰু তেতিয়া যদি তেওঁলোকে পান কৰিবলৈ তোমাৰ হাতৰ পৰা পান-পাত্ৰটি লবলৈ অস্বীকাৰ কৰে, তোতিয়া তেওঁলোকক ক’বা, বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে, তোমালোকে অৱশ্যে পান কৰিবই লাগে।
ئەگەر ڕازی نەبوون جامەکە لە دەستت وەربگرن بۆ ئەوەی بیخۆنەوە، پێیان بڵێ:”یەزدانی سوپاسالار ئەمە دەفەرموێت: دەبێت بیخۆنەوە!
29 ২৯ কাৰণ, চোৱা, মোৰ নামেৰে প্ৰখ্যাত হোৱা নগৰখনতেই অমঙ্গল আনিবলৈ ধৰিছোঁ, এনে স্থলত, তোমালোকে একেবাৰে দণ্ড নোপোৱাকৈ থাকিবা নে? তোমালোকে দণ্ড নোপোৱাকৈ নাথাকিবা; কিয়নো বাহিনীসকলৰ যিহোৱাই কৈছে, মই পৃথিৱী-নিবাসী সকলোৰে অহিতে তৰোৱাল মাতিম।
ئەوەتا ئەو شارەی ناوی منی هەڵگرتووە، من دەستم پێکردووە بەڵای بەسەردا بهێنم، ئیتر ئایا ئێوە بێ سزا دەبن؟ نەخێر بێ سزا نابن! چونکە من شمشێر دەهێنمە سەر هەموو دانیشتووانی زەوییەکە.“ئەمە فەرمایشتی یەزدانی سوپاسالارە.
30 ৩০ এই হেতুকে তুমি তেওঁলোকৰ বিৰুদ্ধে এই সকলো ভাববাণী প্ৰচাৰ কৰা, আৰু তেওঁলোকক কোৱা, ‘যিহোৱাই উচ্চস্থানৰ পৰা গৰ্জ্জন কৰিব, আৰু তেওঁ নিজৰ পবিত্ৰ নিবাসৰ পৰা উচ্চ-ধ্বনি শুনাব, তেওঁৰ মেৰ-ছাগ চৰোৱা ঠাইৰ বিৰুদ্ধে বৰকৈ গৰ্জ্জিব, আৰু পৃথিৱী-নিবাসী সকলোৰে বিৰুদ্ধে দ্ৰাক্ষাগুটি গচকোঁতাসকলৰ দৰেই উচ্চ-ধ্বনি কৰিব।
«تۆش هەموو ئەو پەیامەی من لە دژی ئەوان ڕابگەیەنە و پێیان بڵێ: «”یەزدان لە ئاسمان دەنەڕێنێت، لە نشینگەی پیرۆزیەوە دەنگ هەڵدەبڕێت و بەهێز بەسەر خاکی خۆیدا دەنەڕێنێت. وەک ئەوانەی ترێ پێپەست دەکەن بە هوتافەوە هاوار دەکات بەسەر هەموو دانیشتووانی زەوی.
31 ৩১ পৃথিৱীৰ সীমালৈকে ধ্বনিয়ে ব্যাপিব; কিয়নো জাতি সমূহে সৈতে যিহোৱাৰ বিবাদ আছে, তেওঁ মৰ্ত্ত্যসকলে সৈতে প্ৰতিবাদ কৰিব; দুষ্টহঁতক হ’লে, তেওঁ তৰোৱালত শোধাই দিব।” এয়ে যিহোৱাৰ বচন।
هاتوهاوار گەیشتە ئەوپەڕی زەوی، چونکە یەزدان سکاڵا لە نەتەوەکان دەکات، دادوەری هەموو ئادەمیزاد دەدات و بەدکارەکان دەداتە بەر شمشێر.“» ئەوە فەرمایشتی یەزدانە.
32 ৩২ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: “চোৱা, এক জাতিৰ পৰা আন জাতিলৈ অমঙ্গল ওলাব, আৰু পৃথিৱীৰ অন্ত ভাগৰ পৰা বৰ ধুমুহা আহিব।
یەزدانی سوپاسالار ئەمە دەفەرموێت: «ئاگاداربن! بەڵا بڵاو دەبێتەوە لە نەتەوەیەکەوە بۆ نەتەوەیەک، گەردەلوولێکی گەورە هەڵدەکات لەوپەڕی زەوییەوە.»
33 ৩৩ সেই দিনা পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ যিহোৱাৰ হত লোক হ’ব; কোনেও তেওঁলোকৰ বাবে বিলাপ নকৰিব, আৰু তেওঁলোকক গোটোৱা কি পোতা নহ’ব, তেওঁলোক মাটিৰ ওপৰত সাৰস্বৰূপ হ’ব।
لەو ڕۆژەدا، ئەوانەی بە دەستی یەزدان دەکوژرێن لەمپەڕی زەوییەوە هەتا ئەوپەڕی زەوی دەبن، شیوەنیان بۆ ناگێڕدرێت و کۆناکرێنەوە و نانێژرێن، بەڵکو دەبنە زبڵ بەسەر ڕووی خاکەکەوە.
34 ৩৪ হে মেৰ-ছাগ ৰখীয়াবোৰ, তোমালোকে হাহাঁকাৰ আৰু কাতৰোক্তি কৰা; আৰু হে মেৰ-ছাগৰ জাকৰ প্ৰধান লোকসকল, তোমালোক ছাইত বাগৰা। কিয়নো তোমালোকৰ হত্যাৰ দিন আহি পৰিল; মই তোমালোকক ছিন্ন-ভিন্ন কৰিম, তাতে তোমালোক মনোহৰ পাত্ৰৰ দৰে পতিত হবা।
ئەی شوانەکان، واوەیلا و هاوار بکەن! ئەی سەرپەرشتیارانی مێگەل، خۆتان بگەوزێنن، چونکە کاتتان هاتووە بۆ سەربڕین، وەک گۆزەیەکی بە نرخ دەکەون و تێکدەشکێنرێن.
35 ৩৫ মেৰ-ছাগ ৰখীয়াবোৰে পলাবলৈ, বা মেৰ-ছাগৰ জাকৰ প্ৰধান লোকসকলে ৰক্ষা পাবলৈ বাট নাপাব।
پەناگا بۆ شوانەکان نامێنێت، دەربازبوونیش بۆ سەرپەرشتیارانی مێگەل.
36 ৩৬ মেৰ-ছাগ ৰখীয়াবোৰৰ কাতৰোক্তি আৰু মেৰ-ছাগৰ জাকৰ প্ৰধান লোকসকলৰ হাহাঁকাৰৰ শব্দ শুনা গৈছে; কিয়নো যিহোৱাই তেওঁলোকৰ চৰণীয়া ঠাই উচ্ছন্ন কৰিছে।
گوێ بگرە لە هاواری شوانەکان و واوەیلای سەرپەرشتیارانی مێگەل، چونکە یەزدان لەوەڕگاکانیان تێکدەدات.
37 ৩৭ আৰু যিহোৱাৰ ক্ৰোধৰ কাৰণে শান্তিপূৰ্ণ মেৰ-ছাগৰ গঁৰালবোৰ নিস্তব্ধ হ’ল।
مێرگەکانی ئاشتی لەناودەچن لەبەر جۆشی تووڕەیی یەزدان.
38 ৩৮ তেওঁ সিংহৰ নিচিনাকৈ নিজৰ গহবৰ এৰি আহিছে; কিয়নো অত্যাচাৰকাৰী তৰোৱালৰ ভয়ানকতা আৰু তেওঁৰ প্ৰচণ্ড ক্ৰোধৰ কাৰণে তেওঁলোকৰ দেশ আচৰিতৰ বিষয় হৈছে, কাৰণ তেওঁৰ খয়াল ক্রোধৰ বাবে।”
ئەو وەک بەچکە شێر لانەی خۆی بەجێدەهێڵێت، چونکە خاکەکە وێران دەبێت لەبەر شمشێری ستەمکار و لەبەر جۆشی تووڕەیی یەزدان.

< যেরেমিয়া 25 >