< যেরেমিয়া 25 >

1 যিহূদাৰ আটাই লোকৰ বিষয়ে যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিছিল। যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ চতুৰ্থ বছৰত বাবিলৰ নবূখদনেচৰ ৰজাৰ ৰাজত্বৰ প্ৰথম বছৰত এই বাক্য আহিছিল।
Yehova anayankhula ndi Yeremiya za anthu onse a ku Yuda mʼchaka chachinayi cha ufumu wa Yehoyakimu mwana wa Yosiya mfumu ya ku Yuda, chimene chinali chaka choyamba cha ufumu wa Nebukadinezara mfumu ya ku Babuloni.
2 যিৰিমিয়া ভাববাদীয়ে যিহূদাৰ সকলো লোকৰ, আৰু যিৰূচালেম-নিবাসী সকলোৰে আগত সেই বাক্য প্ৰচাৰ কৰি ক’লে।
Choncho mneneri Yeremiya anawuza anthu onse a ku Yuda pamodzi ndi onse amene amakhala mu Yerusalemu kuti:
3 তেওঁ ক’লে, “আমোনৰ পুত্ৰ যিহূদাৰ ৰজা যোচিয়াৰ ৰাজত্ব কালৰ ত্ৰয়োদশ বছৰৰ পৰা আজিলৈকে এই তেইশ বছৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহি আছে আৰু মই প্ৰতি প্ৰভাতে উঠি তোমালোকক তাক কৈ আছোঁ। মই তোমালোকক ক’বলৈ অতি ইচ্ছুক আছিলোঁ, কিন্তু তোমালোকে কাণ দিয়া নাই।
Kwa zaka 23, kuyambira chaka cha 13 cha ufumu wa Yosiya mwana wa Amoni mfumu ya ku Yuda mpaka lero lino, Yehova wakhala akundipatsa mauthenga ake ndipo ine ndakhala ndikuyankhula ndi inu kawirikawiri, koma inu simunamvere.
4 যিহোৱাই প্ৰতি প্ৰভাতে উঠি তেওঁৰ সকলো দাস ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠাই আছে, কিন্তু তোমালোকে শুনা নাই, আৰু শুনিবলৈ কাণো পতা নাই।
Ndipo ngakhale Yehova kawirikawiri wakhala akukutumizirani atumiki ake onse, aneneri, inuyo simunamvere kapena kutchera khutu.
5 এই ভাববাদীসকলে কৈছিল, ‘বিনয় কৰোঁ, তোমালোক প্ৰতিজনে নিজ নিজ কু-পথৰ পৰা আৰু নিজ নিজ দুষ্টতাৰ পৰা ঘূৰা, আৰু যিহোৱাই তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশত যুগে যুগে অনন্ত কাললৈকে বাস কৰা।
Aneneriwo ankanena kuti, “Ngati aliyense wa inu abwerere, kusiya njira zake zoyipa ndi machitidwe ake oyipa, ndiye kuti mudzakhala mʼdziko limene Yehova anapereka kwa makolo anu kwamuyaya.
6 আৰু ইতৰ দেৱতাবোৰক সেৱাপূজা আৰু সেইবোৰ আগত প্ৰণিপাত কৰিবলৈ সেইবোৰৰ অনুগামি নহ’বা, আৰু তেওঁলোকৰ হাতে কৰা কাৰ্যৰ দ্বাৰাই মোক বেজাৰ নিদিবা; তেতিয়া মই তোমালোকৰ কোনো অপকাৰ নকৰিম।’
Musatsatire milungu ina nʼkuyitumikira ndi kuyipembedza. Musapute mkwiyo wanga ndi mafano amene mwapanga ndi manja anu. Mukatero Ine sindidzakuwonongani.
7 তথাপি, যিহোৱাই কৈছে, “তোমালোকে নিজৰ নিজৰ অপকাৰৰ অৰ্থে তোমালোকৰ হাতে কৰা কাৰ্যৰ দ্বাৰাই মোক বেজাৰ দিবলৈ মোলৈ কাণ দিয়া নাই।”
“Koma inu simunandimvere,” akutero Yehova, “ndipo munaputa mkwiyo wanga ndi mafano amene munapanga ndi manja anu. Choncho munadziwononga nokha.”
8 এই হেতুকে বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: “তোমালোকে মোৰ বাক্য নুশুনা, এইবাবে,
Nʼchifukwa chake Yehova Wamphamvuzonse akuti, “Chifukwa simunamvere mawu anga,
9 চোৱা, মই মানুহ পঠাই উত্তৰ দিশত থকা আটাই গোষ্ঠীক আনিম, ইয়াক যিহোৱা কৈছে: মই মোৰ দাস বাবিলৰ ৰজা নবূখদনেচৰৰ ওচৰলৈ মানুহ পঠাই, এই দেশৰ, ইয়াৰ নিবাসীসকলৰ, আৰু চাৰিওফালে থকা এই আটাইবোৰ জাতিৰ বিৰুদ্ধে তেওঁলোকক আনিম; আৰু মই তেওঁলোকক নিঃশেষে বিনষ্ট কৰিম, আৰু মই এওঁলোকক আচৰিতৰ ও ইচ্ ইচ্ কৰাৰ বিষয় আৰু এওঁলোকৰ ঠাই চিৰকলীয়া ধ্বংসস্থান কৰিম।
ndidzayitana mafuko onse akumpoto, pamodzi ndi mtumiki wanga Nebukadinezara mfumu ya ku Babuloni,” akutero Yehova, “ndipo adzathira nkhondo dziko lino ndi anthu ake pamodzi ndi mitundu yonse ya anthu ozungulira dzikoli. Ndidzawawononga kwathunthu ndi kuwasandutsa chinthu chochititsa mantha ndi chonyozeka, mpaka muyaya.
10 ১০ ইয়াৰ বাহিৰে মই এওঁলোকৰ পৰা উল্লাসৰ ধ্বনি, আনন্দৰ ধ্বনি, দৰা-কন্যাৰ ধ্বনি, জাঁতৰ শব্দ আৰু চাকিৰ পোহৰ নাইকিয়া কৰিম।
Ndidzathetsa mfuwu wachimwemwe ndi wachisangalalo, mawu a mkwati ndi mkwatibwi, phokoso la mphero ndi kuwala kwa nyale.
11 ১১ তেতিয়া এই গোটেই দেশ ধ্বংস আৰু আচৰিতৰ ঠাই হ’ব, আৰু এই জাতিবোৰে সত্তৰ বছৰলৈকে বাবিলৰ ৰজাৰ বন্দী-কাম কৰিব।
Dziko lonse lidzakhala bwinja ndi chipululu, ndipo mitundu ina idzatumikira mfumu ya ku Babuloni kwa 70.
12 ১২ যিহোৱাই আৰু কৈছে: এই সত্তৰ বছৰ পূৰ হ’লে, মই বাবিলৰ ৰজাক, আৰু সেই জাতিক, আৰু কলদীয়াসকলৰ দেশক তেওঁলোকৰ অপৰাধৰ বাবে দণ্ড দিম; আৰু মই তাক চিৰকালৰ বাবে ধ্বংসস্থান কৰিম।
“Koma zaka 70 zikadzatha, ndidzalanga mfumu ya ku Babuloni pamodzi ndi anthu ake, chifukwa cha zolakwa zawo,” akutero Yehova, “ndipo dziko lawo lidzakhala chipululu mpaka muyaya.
13 ১৩ আৰু মই সেই দেশৰ বিৰুদ্ধে কোৱা মোৰ সকলো বাক্য, এনে কি, যিৰিমিয়াই সকলো জাতিৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা, এই পুথিখনিত লিখা সকলোকে সেই দেশলৈ ঘটাম।
Ndidzachita zinthu zonse zimene ndinayankhula zotsutsa dzikolo, zonse zimene zalembedwa mʼbuku lino, ndiponso zonse zimene Yeremiya analosera zotsutsa anthu amenewa.
14 ১৪ কিয়নো অনেক জাতি আৰু মহান ৰজাসকলে তেওঁলোকক বন্দী-কাম কৰোৱাব; আৰু মই তেওঁলোকৰ কৰ্ম আৰু তেওঁলোকৰ হাতৰ কাৰ্য অনুসাৰে তেওঁলোকক প্ৰতিফল দিম।
Iwo eni adzakhala akapolo a anthu a mitundu yochuluka ndi mafumu amphamvu. Ndidzawabwezera molingana ndi zochita zawo ndi ntchito za manja awo.”
15 ১৫ কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই মোক এইদৰে কৈছে: “তুমি মোৰ ক্ৰোধস্বৰূপ সেই দ্ৰাক্ষাৰসৰ পান-পাত্ৰ মোৰ হাতৰ পৰা লোৱা, আৰু যি যি জাতিৰ ওচৰলৈ মই তোমাক পঠাওঁ, তুমি গৈ সেই সেই জাতিক ইয়াক পান কৰোৱাবা।
Yehova, Mulungu wa Israeli, anandiwuza kuti, “Tenga chikho ichi chodzaza ndi vinyo wa ukali wanga, ndipo ukamwetse anthu a mitundu yonse kumene ndikukutuma.
16 ১৬ তেওঁলোকে পান কৰি ঢলং-পলং কৰিব আৰু মই তেওঁলোকৰ মাজলৈ যি তৰোৱাল পঠিয়াম, তাৰ কাৰণে তেওঁলোক পগলা যেন হ’ব।
Akadzamwa adzayamba kudzandira ndi kuchita misala chifukwa cha nkhondo imene ndikuyitumiza pakati pawo.”
17 ১৭ তেতিয়া মই যিহোৱাৰ হাতৰ পৰা সেই পান-পাত্ৰ লৈ, যিহোৱাই যিবোৰ জাতিৰ ওচৰলৈ মোক পঠিয়ালে, তেওঁলোকক পান কৰোৱালোঁ,
Choncho ine ndinatenga chikhocho mʼdzanja la Yehova ndipo ndinamwetsa mitundu yonse ya anthu kumene Iye ananditumako:
18 ১৮ অৰ্থাৎ আজিৰ দৰেই, তেওঁলোকক ধ্বংসস্থান, আচৰিত, ইচ্ ইচ্, আৰু শাওৰ বিষয় কৰিবলৈ যিৰূচালেমক, যিহূদাৰ নগৰবোৰক তাৰ ৰজাসকলক, আৰু তাৰ প্ৰধান লোকসকলক পান কৰোৱালোঁ।
Anandituma ku Yerusalemu ndi ku mizinda ya Yuda, kwa mafumu ake ndi nduna zake kuti ndikawasandutse ngati bwinja ndi chinthu chochititsa mantha ndi chonyozeka ndiponso chotembereredwa, monga mmene alili lero lino.
19 ১৯ আন জাতি সমূহেও ইয়াক পান কৰিব লগীয়া হৈছিল: আৰু মিচৰৰ ৰজা ফৰৌণক আৰু তেওঁৰ মন্ত্ৰীসকলক, তেওঁৰ প্ৰধান লোকসকলক,
Ananditumanso kwa Farao, mfumu ya ku Igupto, kwa atumiki ake, nduna zake ndi kwa anthu ake onse,
20 ২০ তেওঁৰ সকলো প্ৰজাক, মিশ্ৰিত জাতি সমূহক, উচ দেশৰ সকলো ৰজাক, পলেষ্টীয়াসকলৰ আটাই ৰজাক বিশেষকৈ অস্কিলোন, গাজা, ইক্ৰোণ, আৰু অচ্‌দোদৰ অৱশিষ্ট ভাগক,
ndi kwa anthu ena onse a mitundu yachilendo; mafumu onse a ku Uzi; mafumu onse a Afilisti, a ku Asikeloni, ku Gaza, ku Ekroni ndiponso kwa anthu a ku chigwa chotsala cha Asidodi;
21 ২১ ইদোম, মোৱাব, আৰু অম্মোনৰ সন্তান সকলক, তূৰৰ সকলো ৰজাক;
Edomu, Mowabu ndi Amoni.
22 ২২ চীদোনৰ সকলো ৰজাক, সমুদ্ৰৰ সিপাৰে থকা দ্বীপৰ সকলো ৰজাক,
Ananditumanso kwa mafumu onse a ku Turo ndi ku Sidoni; kwa mafumu a kutsidya la nyanja;
23 ২৩ দদান, তেমা, বুজ, আৰু কুমৰ গুৰিত ডাঢ়ি-চুলি কটা সকলোৱে পান কৰিবলগীয়া হৈছিল।
ku Dedani, ku Tema, ku Buzi ndi kwa onse ometa chamʼmbali.
24 ২৪ আৰবৰ সকলো ৰজাক, মৰুভূমি-নিবাসী মিশ্ৰিত জাতিৰ সকলো ৰজাক,
Ananditumanso kwa mafumu onse a ku Arabiya ndi mafumu onse a anthu achilendo amene amakhala mʼchipululu.
25 ২৫ যিম্ৰীৰ সকলো ৰজাক, এলমৰ সকলো ৰজাক, মাদিয়াসকলৰ সকলো ৰজাক,
Anandituma kwa mafumu onse a ku Zimuri, Elamu ndi Mediya;
26 ২৬ প্ৰভেদ নৰখাকৈ উত্তৰ দেশৰ ওচৰত কি দূৰত থকা সকলো ৰজাক, পৃথিৱীৰ ওপৰত থকা জগতৰ সকলো ৰাজ্যক পান কৰোৱালোঁ; আৰু তেওঁলোকৰ পাছত চেচক ৰজাই পান কৰিব।”
ndiponso kwa mafumu onse a kumpoto, akufupi ndi kutali omwe, mafumu onse a dziko lapansi. Ndipo potsiriza pake, idzamwenso ndi mfumu Sesaki.
27 ২৭ ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “আৰু তুমি তেওঁলোকক এই কথা ক’বা, তোমালোকে পান কৰি মতলীয়া হৈ বঁতিওৱা, আৰু তোমালোকৰ মাজলৈ মই যি তৰোৱাল পঠিয়াম, তাৰ কাৰণে পতিত হোৱা, আৰু নুঠিবা’।”
“Ndipo uwawuze kuti, ‘Yehova Wamphamvuzonse, Mulungu wa Israeli akuti: Imwani, ledzerani ndipo musanze, mugwe osadzukanso chifukwa cha nkhondo imene ndikutumiza pakati panu.’
28 ২৮ আৰু তেতিয়া যদি তেওঁলোকে পান কৰিবলৈ তোমাৰ হাতৰ পৰা পান-পাত্ৰটি লবলৈ অস্বীকাৰ কৰে, তোতিয়া তেওঁলোকক ক’বা, বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে, তোমালোকে অৱশ্যে পান কৰিবই লাগে।
Koma ngati akana kutenga chikhocho mʼdzanja lako ndi kumwa, uwawuze kuti, ‘Yehova Wamphamvuzonse akuti: Muyenera kumwa ndithu!’”
29 ২৯ কাৰণ, চোৱা, মোৰ নামেৰে প্ৰখ্যাত হোৱা নগৰখনতেই অমঙ্গল আনিবলৈ ধৰিছোঁ, এনে স্থলত, তোমালোকে একেবাৰে দণ্ড নোপোৱাকৈ থাকিবা নে? তোমালোকে দণ্ড নোপোৱাকৈ নাথাকিবা; কিয়নো বাহিনীসকলৰ যিহোৱাই কৈছে, মই পৃথিৱী-নিবাসী সকলোৰে অহিতে তৰোৱাল মাতিম।
Taonani, tsopano ndiyamba kulanga mzinda uno umene umadziwika ndi dzina langa. Kodi inu muganiza kuti simudzalangidwa? Ayi, simudzapulumuka chifukwa ndikutumiza nkhondo pa onse okhala pa dziko lapansi, akutero Yehova Wamphamvuzonse.
30 ৩০ এই হেতুকে তুমি তেওঁলোকৰ বিৰুদ্ধে এই সকলো ভাববাণী প্ৰচাৰ কৰা, আৰু তেওঁলোকক কোৱা, ‘যিহোৱাই উচ্চস্থানৰ পৰা গৰ্জ্জন কৰিব, আৰু তেওঁ নিজৰ পবিত্ৰ নিবাসৰ পৰা উচ্চ-ধ্বনি শুনাব, তেওঁৰ মেৰ-ছাগ চৰোৱা ঠাইৰ বিৰুদ্ধে বৰকৈ গৰ্জ্জিব, আৰু পৃথিৱী-নিবাসী সকলোৰে বিৰুদ্ধে দ্ৰাক্ষাগুটি গচকোঁতাসকলৰ দৰেই উচ্চ-ধ্বনি কৰিব।
“Tsopano iwe nenera mawu owatsutsa ndipo uwawuze kuti, “‘Yehova adzabangula kumwamba; mawu ake adzamveka ngati bingu kuchokera ku malo ake opatulika. Adzabangula mwamphamvu kukalipira dziko lake. Iye adzafuwula ngati anthu oponda mphesa, kukalipira onse amene akukhala pa dziko lapansi.
31 ৩১ পৃথিৱীৰ সীমালৈকে ধ্বনিয়ে ব্যাপিব; কিয়নো জাতি সমূহে সৈতে যিহোৱাৰ বিবাদ আছে, তেওঁ মৰ্ত্ত্যসকলে সৈতে প্ৰতিবাদ কৰিব; দুষ্টহঁতক হ’লে, তেওঁ তৰোৱালত শোধাই দিব।” এয়ে যিহোৱাৰ বচন।
Phokoso lalikulu lidzamveka mpaka kumalekezero a dziko lonse lapansi, chifukwa Yehova adzazenga mlandu anthu a mitundu yonse; adzaweruza mtundu wonse wa anthu ndipo oyipa adzawapha ndi lupanga,’” akutero Yehova.
32 ৩২ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: “চোৱা, এক জাতিৰ পৰা আন জাতিলৈ অমঙ্গল ওলাব, আৰু পৃথিৱীৰ অন্ত ভাগৰ পৰা বৰ ধুমুহা আহিব।
Yehova Wamphamvuzonse akuti, “Taonani! Mavuto akuti akachoka pa mtundu wina akukagwa pa mtundu wina; mphepo ya mkuntho ikuyambira ku malekezero a dziko.”
33 ৩৩ সেই দিনা পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ যিহোৱাৰ হত লোক হ’ব; কোনেও তেওঁলোকৰ বাবে বিলাপ নকৰিব, আৰু তেওঁলোকক গোটোৱা কি পোতা নহ’ব, তেওঁলোক মাটিৰ ওপৰত সাৰস্বৰূপ হ’ব।
Pa tsiku limenelo, onse ophedwa ndi Yehova adzangoti mbwee ponseponse, pa dziko lonse lapansi. Palibe amene adzawalire kapena kusonkhanitsa mitemboyo kuti ikayikidwe mʼmanda, koma idzakhala mbwee ngati ndowe.
34 ৩৪ হে মেৰ-ছাগ ৰখীয়াবোৰ, তোমালোকে হাহাঁকাৰ আৰু কাতৰোক্তি কৰা; আৰু হে মেৰ-ছাগৰ জাকৰ প্ৰধান লোকসকল, তোমালোক ছাইত বাগৰা। কিয়নো তোমালোকৰ হত্যাৰ দিন আহি পৰিল; মই তোমালোকক ছিন্ন-ভিন্ন কৰিম, তাতে তোমালোক মনোহৰ পাত্ৰৰ দৰে পতিত হবা।
Khetsani misozi ndi kufuwula mwamphamvu, abusa inu; gubudukani pa fumbi, inu atsogoleri a nkhosa. Pakuti nthawi yanu yophedwa yafika; mudzagwa ndi kuphwanyika ngati mbiya yabwino kwambiri.
35 ৩৫ মেৰ-ছাগ ৰখীয়াবোৰে পলাবলৈ, বা মেৰ-ছাগৰ জাকৰ প্ৰধান লোকসকলে ৰক্ষা পাবলৈ বাট নাপাব।
Abusa adzasowa kothawira, atsogoleri a nkhosa adzasowa malo opulumukira.
36 ৩৬ মেৰ-ছাগ ৰখীয়াবোৰৰ কাতৰোক্তি আৰু মেৰ-ছাগৰ জাকৰ প্ৰধান লোকসকলৰ হাহাঁকাৰৰ শব্দ শুনা গৈছে; কিয়নো যিহোৱাই তেওঁলোকৰ চৰণীয়া ঠাই উচ্ছন্ন কৰিছে।
Imvani kulira kwa abusa, atsogoleri a nkhosa akulira, chifukwa Yehova akuwononga msipu wawo.
37 ৩৭ আৰু যিহোৱাৰ ক্ৰোধৰ কাৰণে শান্তিপূৰ্ণ মেৰ-ছাগৰ গঁৰালবোৰ নিস্তব্ধ হ’ল।
Makola awo a nkhosa amene anali pamtendere adzasanduka bwinja chifukwa cha mkwiyo woopsa wa Yehova.
38 ৩৮ তেওঁ সিংহৰ নিচিনাকৈ নিজৰ গহবৰ এৰি আহিছে; কিয়নো অত্যাচাৰকাৰী তৰোৱালৰ ভয়ানকতা আৰু তেওঁৰ প্ৰচণ্ড ক্ৰোধৰ কাৰণে তেওঁলোকৰ দেশ আচৰিতৰ বিষয় হৈছে, কাৰণ তেওঁৰ খয়াল ক্রোধৰ বাবে।”
Ngati mkango, Yehova wasiya phanga lake, pakuti dziko lawo lasanduka chipululu chifukwa cha nkhondo ya owazunza ndiponso chifukwa cha mkwiyo woopsa wa Yehova.

< যেরেমিয়া 25 >