< যেরেমিয়া 24 >

1 যিহোৱাই মোক কিবা এটা দেখুৱাইছিল। যিহোৱাৰ মন্দিৰৰ সন্মুখত ৰাখি থোৱা ডিমৰু গুটিৰ দুটা পাচি মোক দেখুৱাইছিল। বাবিলৰ ৰজা নবূখদনেচৰে যিৰূচালেমৰ পৰা কমাৰ, বাঢ়ৈ আদি শিল্পকাৰীয়ে সৈতে যিহোয়াকীমৰ পুত্ৰ যিহূদাৰ ৰজা যকনিয়াক, আৰু যিহূদাৰ প্ৰধান লোকসকলক বাবিললৈ বন্দী কৰি নিয়াৰ পাছত এই দৰ্শন ঘটিছিল।
Ostendit mihi Dominus: et ecce duo calathi pleni ficis, positi ante templum Domini, postquam transtulit Nabuchodonosor rex Babylonis Iechoniam filium Ioakim regem Iuda, et principes eius, et fabrum, et inclusorem, de Ierusalem, et adduxit eos in Babylonem.
2 এটা পাচিত প্ৰথমে পকা ডিমৰু গুটিৰ নিচিনা অতি উত্তম ডিমৰু গুটি আছিল, আৰু আন পাচিত বেয়াৰ বাবে খাব নোৱাৰা অতি বেয়া ডিমৰু গুটি আছিল।
Calathus unus ficus bonas habebat nimis, ut solent ficus esse primi temporis: et calathus unus ficus habebat malas nimis, quæ comedi non poterant eo quod essent malæ.
3 তেতিয়া যিহোৱাই মোক সুধিলে, “হে যিৰিমিয়া, তুমি কি দেখিছা?” তেতিয়া মই ক’লোঁ, “ডিমৰু গুটি; তাৰ মাজত ভাল অতি উত্তম, আৰু বেয়া ইমান বেয়া, যে, বেয়াৰ নিমিত্তে খাব নোৱাৰে।
Et dixit Dominus ad me: Quid tu vides Ieremia? Et dixi: Ficus, ficus bonas, bonas valde: et malas, malas valde: quæ comedi non possunt, eo quod sint malæ.
4 পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল:
Et factum est verbum Domini ad me, dicens:
5 বোলে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: এই ঠাইৰ পৰা কলদীয়াসকলৰ দেশলৈ মই বন্দী কৰি পঠোৱা যিহূদাৰ লোকসকলক মই এই উত্তম ডিমৰু গুটিৰ দৰে মঙ্গলৰ অৰ্থে সুদৃষ্টি কৰিম।
Hæc dicit Dominus Deus Israel: Sicut ficus hæ bonæ: sic cognoscam transmigrationem Iuda, quam emisi de loco isto in Terram Chaldæorum, in bonum.
6 কিয়নো মই তেওঁলোকৰ মঙ্গলৰ অৰ্থে তেওঁলোকৰ ওপৰত মোৰ চকু ৰাখিম, আৰু মই তেওঁলোকক পুনৰায় এই দেশলৈ আনিম আৰু তেওঁলোকক স্থাপন কৰিম, নাভাঙিম; ৰোপণ কৰিম, নুঘালিম।
Et ponam oculos meos super eos ad placandum, et reducam eos in terram hanc: et ædificabo eos, et non destruam: et plantabo eos, et non evellam.
7 আৰু মই যে যিহোৱা, ইয়াক জানিবৰ মন মই তেওঁলোকক দিম; আৰু তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম; কিয়নো তেওঁলোকে সমস্ত মনেৰে মোলৈ উলটি আহিব।
Et dabo eis cor ut sciant me, quia ego sum Dominus: et erunt mihi in populum, et ego ero eis in Deum: quia revertentur ad me in toto corde suo.
8 আৰু যিহূদাৰ ৰজা চিদিকিয়াক, তেওঁৰ প্ৰধান লোকসকলক, আৰু এই দেশত বাকী থকা যিৰূচালেমৰ অৱশিষ্ট ভাগক, আৰু মিচৰ দেশত প্ৰবাস কৰা লোকসকলক, বেয়াৰ বাবে খাব নোৱাৰা সেই বেয়া ডিমৰু গুটিৰ দৰে মই ত্যাগ কৰিম, ইয়াক যিহোৱাই নিশ্চয়কৈ কৈছে।
Et sicut ficus pessimæ, quæ comedi non possunt, eo quod sint malæ: hæc dicit Dominus, sic dabo Sedeciam regem Iuda, et principes eius, et reliquos de Ierusalem, qui remanserunt in urbe hac, et qui habitant in Terra Ægypti.
9 এনে কি, অমঙ্গলৰ অৰ্থে মই তেওঁলোকক পৃথিৱীৰ সকলো ৰাজ্যত ত্ৰাসৰ বিষয় হ’বলৈ, আৰু যি যি ঠাইলৈ তেওঁলোকক খেদিম, সেই সকলো ঠাইত তেওঁলোকক অপমান, দৃষ্টান্ত, বিদ্ৰূপ, আৰু শাওৰ বিষয় হ’বলৈ দিম।
Et dabo eos in vexationem, afflictionemque omnibus regnis terræ: in opprobrium, et in parabolam, et in proverbium, et in maledictionem in universis locis, ad quæ eieci eos.
10 ১০ আৰু মই তেওঁলোকক আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশৰ পৰা তেওঁলোক উচ্ছন্ন নোহোৱালৈকে, তেওঁলোকৰ মাজলৈ তৰোৱাল, আকাল, আৰু মহামাৰী পঠাই থাকিম।
Et mittam in eis gladium, et famem, et pestem: donec consumantur de terra, quam dedi eis, et patribus eorum.

< যেরেমিয়া 24 >