< যেরেমিয়া 23 >
1 ১ “যি ৰখীয়াবোৰে চৰণীয়া ঠাইৰ জাকৰ মেৰ-ছাগবোৰক নষ্ট আৰু ছিন্ন-ভিন্ন কৰে, সিহঁতৰ সন্তাপ হব” এয়ে যিহোৱাৰ বচন।
Mening yayliⱪimdiki ⱪoylarni ⱨalak ⱪilƣuqi wǝ tarⱪitiwǝtküqi pada baⱪⱪuqilarning ⱨaliƣa way! — dǝydu Pǝrwǝrdigar.
2 ২ এই হেতুকে মোৰ প্ৰজাসকলক চৰাওঁতা মেৰ-ছাগ ৰখীয়াবোৰৰ বিৰুদ্ধে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: “তোমালোকে মোৰ মেৰ-ছাগৰ জাকক গোট গোট কৰিলা, সেইবোৰক খেদাই দিলা, আৰু সেইবোৰৰ বিচাৰ নললা; যিহোৱাই কৈছে, চোৱা! মই তোমালোকৰ কাৰ্যৰ দুষ্টতাৰ ফল তোমালোকক দিম।
Xunga Israilning Hudasi bolƣan Pǝrwǝrdigar Ɵz hǝlⱪini xundaⱪ beⱪiwatⱪan baⱪⱪuqilarƣa mundaⱪ dǝydu: «Silǝr Mening padamni tarⱪitiwǝtkǝnsilǝr, ularni ⱨǝydiwǝtkǝnsilǝr wǝ ularni izdimigǝnsilǝr wǝ ulardin ⱨeq hǝwǝr almiƣansilǝr; mana, Mǝn silǝrning ⱪilmixliringlarning rǝzillikini ɵz bexinglarƣa qüxürimǝn, — dǝydu Pǝrwǝrdigar —
3 ৩ আৰু যি যি দেশলৈ মই মোৰ জাকক খেদিলোঁ, তাৰ পৰা তেওঁলোকৰ অৱশিষ্ট ভাগ গোটাম, আৰু পুনৰায় তেওঁলোকৰ গঁৰাললৈ তেওঁলোকক আনিম; তাতে তেওঁলোক প্ৰজাৱন্ত হৈ বহুবংশ হব।
wǝ padamning ⱪaldisini bolsa, Mǝn ularni ⱨǝydiwǝtkǝn barliⱪ padixaⱨliⱪlardin yiƣimǝn, ularni ɵz yaylaⱪliriƣa ⱪayturimǝn; ular awup kɵpiyidu.
4 ৪ যি মেৰ-ছাগৰ ৰখিয়াসকলে তেওঁলোকক চৰাব, মই তেওঁলোকৰ ওপৰত এনে ৰখীয়াসকলক নিযুক্তি কৰিম; তেতিয়া তেওঁলোকে আৰু ভয় নকৰিব আৰু বিহবল নহব; আৰু তেওঁলোকৰ মাজৰ কোনো নাইকিয়া নহব”, ইয়াকে যিহোৱাই কৈছে।
Mǝn ularning üstigǝ ularni ⱨǝⱪiⱪiy baⱪidiƣan baⱪⱪuqilarni tiklǝymǝn; xuning bilǝn ular ikkinqi ⱪorⱪmaydu yaki parakǝndǝ bolmaydu, ulardin ⱨeqⱪaysisi kǝm bolmaydu, — dǝydu Pǝrwǝrdigar.
5 ৫ যিহোৱাই কৈছে, “চোৱা, যি সময়ত মই দায়ুদৰ বংশত এক ধাৰ্মিক গজালি উৎপন্ন কৰিম এনে কাল আহিছে। তেওঁ ৰজা হৈ ৰাজত্ব কৰিব, জ্ঞানেৰে সৈতে কাৰ্য কৰিব, আৰু দেশত বিচাৰ ও ন্যায় সিদ্ধ কৰিব।
Mana, xu künlǝr keliduki, — dǝydu Pǝrwǝrdigar, — Mǝn Dawut üqün bir «Ⱨǝⱪⱪaniy Xah»ni ɵstürüp tiklǝymǝn; u padixaⱨ bolup danaliⱪ bilǝn ⱨɵküm sürüp, zeminda adalǝt wǝ ⱨǝⱪⱪaniyliⱪ yürgüzidu.
6 ৬ তেওঁৰ কালত যিহূদাই পৰিত্ৰাণ পাব, ইস্ৰায়েলে নিৰাপদে বাস কৰিব। আৰু “যিহোৱাই আমাৰ ধাৰ্মিকতা,” এই নামেৰে তেওঁ প্ৰখ্যাত হব।
Uning künliridǝ Yǝⱨuda ⱪutⱪuzulidu, Israil aman-tinqliⱪta turidu; u xu nami bilǝn atiliduki — «Pǝrwǝrdigar Ⱨǝⱪⱪaniyliⱪimiz».
7 ৭ এই হেতুকে যিহোৱাই কৈছে, “চোৱা, এনে কোনো দিন আহিছে,” যে, ‘সেই দিনা তেওঁলোকে আৰু নকব, যি জনাই ইস্ৰায়েলৰ সন্তান সকলক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, সেই ‘যিহোৱাৰ জীৱনৰ শপত’;
Xunga mana, xu künlǝr keliduki, — dǝydu Pǝrwǝrdigar, — «Israillarni Misir zeminidin ⱪutⱪuzup qiⱪarƣan Pǝrwǝrdigarning ⱨayati bilǝn!» degǝn ⱪǝsǝm ⱪaytidin ixlitilmǝydu,
8 ৮ কিন্তু এনেকৈ কব, যে, “যি জনাই ইস্ৰায়েল বংশত জন্মা সন্তান সকলক উত্তৰ দেশৰ পৰা; আৰু যি যি দেশলৈ মই তেওঁলোকক খেদিছিলোঁ, সেই সকল দেশৰ পৰা উলিয়াই চলাই লৈ আহিলে সেই যিহোৱাৰ জীৱনৰ শপত।’ তথাপি তেওঁলোকে নিজৰ দেশত নিবাস কৰিব।
bǝlki xu künlǝrdǝ «Israillarni ximaldiki zemindin wǝ Ɵzi ularni ⱨǝydigǝn barliⱪ padixaⱨliⱪlardin ⱪutⱪuzup qiⱪarƣan Pǝrwǝrdigarning ⱨayati bilǝn!» dǝp ⱪǝsǝm iqilidu. Andin ular ɵz yurtida turidu.
9 ৯ ভাববাদীবোৰৰ বিষয়। মোৰ অন্তৰত মোৰ হৃদয় ভগ্ন হ’ল, আৰু মোৰ আটাই হাড়বোৰ কঁপিছে; যিহোৱাৰ কাৰণে আৰু তেওঁৰ পবিত্ৰ বাক্যৰ কাৰণে মই মতলীয়া লোকৰ দৰে, এনে কি, দ্ৰাক্ষাৰসে পৰাজয় কৰা মানুহৰ দৰে হলোঁ।
Pǝyƣǝmbǝrlǝr toƣruluⱪ: — Mening kɵnglüm iq-baƣrimda sunuⱪtur; sɵngǝklirimning ⱨǝmmisi titrǝydu; mǝn mǝst bolƣan adǝm, xarab tǝripidin yengilgǝn adǝmgǝ ohxaymǝn; bundaⱪ boluxum Pǝrwǝrdigar wǝ Uning pak-muⱪǝddǝs sɵzliri tüpǝylidindur;
10 ১০ কিয়নো দেশ ব্যভিচাৰী লোকেৰে পৰিপূৰ্ণ; কাৰণ শাওৰ প্ৰভাৱত দেশে শোক কৰিছে। অৰণ্যত থকা চৰণীয়া ঠাইবোৰ শুকাইছে; তেওঁলোকৰ গতি মন্দ, আৰু তেওঁলোকৰ পৰাক্ৰম ন্যায়সঙ্গত নহয়।
qünki zemin bolsa zinahorlarƣa tolƣan; ularning yügürüxliri toƣra yolda ǝmǝs; ularning ⱨoⱪuⱪi ⱨǝⱪⱪaniyliⱪ yolida ǝmǝs. Xunga [Pǝrwǝrdigarning] lǝniti tüpǝylidin zemin ⱪaƣjiraydu; daladiki ot-qɵp solixidu;
11 ১১ কিয়নো ভাববাদী আৰু পুৰোহিত দুয়ো অপৱিত্ৰ; যিহোৱাই কৈছে, মোৰ গৃহতেই মই সিহঁতৰ দুষ্টতা পালোঁ।
qünki ⱨǝm pǝyƣǝmbǝr ⱨǝm kaⱨin ⱨaram boldi; ⱨǝtta Ɵz ɵyümdimu ularning rǝzil ⱪilmixlirini bayⱪidim, — dǝydu Pǝrwǝrdigar.
12 ১২ এই কাৰণে তেওঁলোকৰ পথ তেওঁলোকৰ কাৰণে অন্ধকাৰত থকা পিছল ঠাইৰ নিচিনা হব; তেওঁলোকে খেদা খাই তাৰ পৰা পতিত হব; কিয়নো যিহোৱাই কৈছে, মই তেওঁলোকৰ ওপৰতে অমঙ্গল ঘটাম, এনে কি, তেওঁলোকক দণ্ড দিয়াৰ বছৰ উপস্থিত কৰোৱাম।
— Xunga ularning yoli ɵzlirigǝ ⱪarangƣuluⱪta mangidiƣan, teyilƣaⱪ yollardǝk bolidu; ular bu yollarda putlixip, yiⱪilidu; qünki ular jazalinidiƣan yilida Mǝn ularning bexiƣa yamanliⱪ qüxürimǝn, — dǝydu Pǝrwǝrdigar.
13 ১৩ মই চমৰিয়াৰ মাজৰ ভাববাদীসকলৰ মাজত অজ্ঞানতাৰ কাৰ্য দেখিলোঁ; তেওঁলোকে বালৰ নামেৰে ভাববাণী প্ৰচাৰ কৰি মোৰ প্ৰজা ইস্রায়েল লোকক ভুলালে।
Mǝn awwal Samariyǝdiki pǝyƣǝmbǝrlǝrdǝ ǝhmǝⱪliⱪni kɵrgǝnmǝn; ular Baalning namida bexarǝt berip, hǝlⱪim Israilni azdurƣan;
14 ১৪ মই যিৰূচালেমৰ ভাববাদীসকলৰ মাজতো নোম শিয়ৰি যোৱা এটা কাৰ্য দেখিলোঁ; তেওঁলোকে পৰস্ত্ৰীগমন কৰে, মিছাত চলে, আৰু তেওঁলোকে কুকৰ্ম কৰাসকলৰ হাত এনেকৈ সবল কৰে, যে, তেওঁলোকৰ কোনেও নিজ দুষ্টতাৰ পৰা উলটি নাহে; তেওঁলোক সকলোৱেই মোৰ আগত চদোমৰ দৰে আৰু তাৰ নিবাসীসকল ঘমোৰাৰ সদৃশ।”
biraⱪ Yerusalemdiki pǝyƣǝmbǝrlǝrdimu yirginqlik bir ixni kɵrdum; ular zinahorluⱪ ⱪilidu, yalƣanliⱪta mangidu, rǝzillik ⱪilƣuqilarning ⱪolini küqǝytiduki, nǝtijidǝ ⱨeqⱪaysisi rǝzillikidin yanmaydu; ularning ⱨǝmmisi Manga Sodomdǝk, [Yerusalemda] turuwatⱪanlar Manga Gomorradǝk boldi.
15 ১৫ এই হেতুকে বাহিনীসকলৰ যিহোৱাই সেই ভাববাদীসকলৰ বিষয়ে এই কথা কৈছে, “চোৱা, মই তেওঁলোকক নাগদানা ভোজন কৰাম, আৰু বিহ গছৰ ৰস পান কৰাম, কিয়নো যিৰূচালেমৰ ভাববাদীসকলৰ পৰা অপৱিত্ৰতা ওলাই গোটেই দেশত ব্যাপিল।”
Xunga samawi ⱪoxunlarning Sǝrdari bolƣan Pǝrwǝrdigar pǝyƣǝmbǝrlǝr toƣruluⱪ mundaⱪ dǝydu: — Mana, Mǝn ularni ǝmǝn bilǝn ozuⱪlandurimǝn, ularƣa ɵt süyini iqküzimǝn; qünki Yerusalemdiki pǝyƣǝmbǝrlǝr ⱨaramliⱪning mǝnbǝsi bolup, ⱨaramliⱪ ulardin pütkül zeminƣa tarⱪilip kǝtti.
16 ১৬ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীবোৰৰ বাক্য নুশুনিবা। তেওঁলোকে তোমালোকক অসাৰতা শিকায়! আৰু যিহোৱাৰ মুখৰ পৰা নোহোৱা নিজ নিজ মনৰ দৰ্শনৰ কথা কয়।’
Samawi ⱪoxunlarning Sǝrdari bolƣan Pǝrwǝrdigar mundaⱪ dǝydu: — Silǝrgǝ bexarǝt beriwatⱪan pǝyƣǝmbǝrlǝrning sɵzlirigǝ ⱪulaⱪ salmanglar; ular silǝrni bimǝnilikkǝ yetǝklǝydu; ularning sɵzliri Pǝrwǝrdigarning aƣzidin qiⱪⱪan ǝmǝs, bǝlki ɵz kɵnglidǝ tǝsǝwwur ⱪilƣan bir kɵrünüxni sɵzlǝwatidu.
17 ১৭ মোক হেয়জ্ঞান কৰোঁতাসকলৰ আগত তেওঁলোকে সদায় কৈ থাকে, যে, ‘যিহোৱাই কৈছে, তোমালোকে শান্তি পাবা।’ আৰু তেওঁলোকে নিজ নিজ মনৰ কঠিনতা অনুসাৰে চলোঁতা সকলোৰে আগত কয়, ‘তোমালোকলৈ অমঙ্গল নঘটিব।’
Ular Pǝrwǝrdigarning sɵzini kɵzigǝ ilmaydiƣanlarƣa: «Silǝr aman-tinqliⱪta turisilǝr» dǝydu wǝ ɵz kɵnglining jaⱨilliⱪida mangidiƣanlarning ⱨǝrbirigǝ: «Ⱨeqⱪandaⱪ yamanliⱪ bexinglarƣa qüxmǝydu» — dǝydu.
18 ১৮ কাৰণ কোনে যিহোৱাৰ সভাত থিয় হৈছে, যে, তেওঁ নিজ চকুৰে চাই তেওঁৰ বাক্য শুনিব? কোনে তেওঁৰ বাক্যত কাণ পাতি তাক শুনিবলৈ পালে?
Biraⱪ ulardin ⱪaysi birsi Pǝrwǝrdigarning kengixidǝ Uning sɵz-kalamini bayⱪap qüxinix wǝ anglax üqün turƣan? Ulardin kim Uning sɵzini ⱪulaⱪ selip angliƣan?
19 ১৯ সৌৱা, চোৱা, যিহোৱাৰ প্ৰচণ্ড ক্ৰোধৰূপ ধুমুহা! এনে কি, প্ৰবল বা’মাৰলি বতাহ আহিছে। সেয়ে দুষ্টবোৰৰ মূৰত কোবেৰে লাগিব।
Mana, Pǝrwǝrdigardin qiⱪⱪan bir boran-qapⱪun! Uningdin ⱪǝⱨr qiⱪti; bǝrⱨǝⱪ, dǝⱨxǝtlik bir ⱪara ⱪuyun qiⱪip kǝldi; u pirⱪirap rǝzillǝrning bexiƣa qüxidu.
20 ২০ যিহোৱাই কাৰ্য সমাপ্ত নকৰালৈকে, আৰু তেওঁৰ মনৰ অভিপ্ৰায় সিদ্ধ নকৰালৈকে তেওঁৰ ক্ৰোধ নাথামিব। তোমালোকে শেষকালত তাক সম্পুৰ্ণকৈ বুজিবা।
Uning kɵnglidiki niyǝtlirini ada ⱪilip toluⱪ ǝmǝl ⱪilƣuqǝ, Pǝrwǝrdigarning ƣǝzipi yanmaydu; ahirⱪi künlǝrdǝ silǝr buni obdan qüxinip yetisilǝr.
21 ২১ মই এই ভাববাদীসকলক পঠোৱা নাই, তথাপি তেওঁলোকে নিজে নিজেই লৰিলে; মই তেওঁলোকক কোৱা নাই, তথপি তেওঁলোকে নিজে নিজেই ভাববাণী প্ৰচাৰ কৰিলে।
Mǝn bu pǝyƣǝmbǝrlǝrni ǝwǝtmigǝnmǝn, lekin ular hǝwǝrni jar ⱪilixⱪa ⱪatriƣan; Mǝn ularƣa sɵz ⱪilmidim, lekin ular bexarǝt bǝrgǝn.
22 ২২ কিন্তু তেওঁলোকে মোৰ সভাত থিয় হোৱা হ’লে, মোৰ প্ৰজাসকলক মোৰ বাক্য শুনোৱালেহেঁতেন, আৰু তেওঁলোকৰ কু-পথ ও কুকৰ্মৰ পৰা তেওঁলোকক ওভটাই আনিলেহেঁতেন।
Ⱨalbuki, ular Mening kengiximdǝ turƣan bolsa, Mening hǝlⱪimgǝ sɵzlirimni anglatⱪuzƣan bolsa, ǝmdi hǝlⱪimni rǝzil yolidin wǝ ⱪilmixlirining rǝzillikidin yandurƣan bolatti.
23 ২৩ যিহোৱাই কৈছে, মই জানো ওচৰত থকাহে ঈশ্বৰ? দূৰত থকাও ঈশ্বৰ নহওঁ জানো?
Mǝn pǝⱪǝt bir yǝrdila turidiƣan Hudamu? — dǝydu Pǝrwǝrdigar, — Mǝn yiraⱪ-yiraⱪlardiki ⱨǝrjayda turidiƣan Huda ǝmǝsmu?
24 ২৪ যিহোৱাই কৈছে, মই দেখা নোপোৱাকৈ কোনো মানুহ জানো গুপুতে লুকাই থাকিব পাৰে? যিহোৱাই কৈছে, মই জানো স্বৰ্গ আৰু পৃথিৱী ব্যাপি নাথাকোঁ?
Birsi yoxurun jaylarda mɵküwalsa Mǝn uni kɵrǝlmǝmdimǝn? — dǝydu Pǝrwǝrdigar; — asman-zemin Mǝn bilǝn toldurulƣan ǝmǝsmu? — dǝydu Pǝrwǝrdigar.
25 ২৫ ‘মই সপোন দেখিলোঁ! মই সপোন দেখিলোঁ!’ এই বুলি কৈ মোৰ নামেৰে মিছা ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীসকলে কোৱা কথা মই শুনিলোঁ।
Mǝn Mening namimda yalƣan bexarǝtlǝr beridiƣan pǝyƣǝmbǝrlǝrning: «Bir qüx kɵrdüm! Bir qüx kɵrdüm!» degǝnlirini anglidim;
26 ২৬ মিছা ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীসকলৰ, এনে কি, নিজ নিজ মনৰ কপটতা প্ৰকাশ কৰোঁতা ভাববাদীসকলৰ অন্তৰত এয়ে কিমান কাল থাকিব?
bundaⱪ pǝyƣǝmbǝrlǝr yalƣan bexarǝtlǝrni beridu, ular ɵzining kɵnglidiki ezitⱪu tǝsǝwwurliridin pǝyƣǝmbǝrlǝr boluxiwalƣan. Əmdi ular bundaⱪ ixlarni ⱪaqanƣiqǝ kɵngligǝ pükidu?
27 ২৭ তেওঁলোকৰ পূৰ্বপুৰুষসকলে বালত আসক্ত হৈ মোৰ নাম পাহৰা দৰে তেওঁলোকে নিজ নিজ ওচৰ-চুবুৰীয়াৰ আগত কোৱা সপোনৰ দ্বাৰাই মোৰ প্ৰজাসকলক মোৰ নাম পাহৰাবলৈ খুজিছে।
Ular ⱨǝrbiri ⱪaqanƣiqǝ ɵz yeⱪiniƣa eytⱪan qüxliri arⱪiliⱪ (huddi ata-bowilirining Baalƣa qoⱪunup namimni untuƣiniƣa ohxax) hǝlⱪimgǝ namimni untulduruxni pǝmlǝydu?
28 ২৮ সপোন দেখা ভাববাদীয়ে সপোনৰ কথা কওঁক, আৰু মোৰ বাক্য পোৱা জনে মোৰ বাক্য বিশ্বাসেৰে কওঁক; যিহোৱাই কৈছে, ধানৰ মাজত খেৰ কি?
Qüxni kɵrgǝn pǝyƣǝmbǝr, qüxni eytip bǝrsun; Mening sɵzümni angliƣan kixi bu sɵzümni ǝstayidilliⱪ bilǝn sɵzlisun; pahalning buƣday bilǝn selixturƣuqilik nemisi bardu? — dǝydu Pǝrwǝrdigar.
29 ২৯ যিহোৱাই কৈছে, “মোৰ বাক্য অগ্নিস্বৰূপ নহয় নে?” “আৰু শিল টুকুৰা-টুকুৰী কৰা হাতুৰীৰ নিচিনা নহয় নে?
— Mening sɵzüm huddi kɵydürgüqi bir ot wǝ taxni qaⱪidiƣan bazƣan ǝmǝsmu? — dǝydu Pǝrwǝrdigar.
30 ৩০ এই হেতুকে, যিহোৱাই কৈছে, চোৱা, নিজ নিজ ওচৰ-চুবুৰীয়াৰ পৰা মোৰ বাক্য চুৰ কৰা ভাববাদীসকলৰ প্রতি মই বিপক্ষ।”
Xunga mana, Mǝn pǝyƣǝmbǝrlǝrgǝ ⱪarxidurmǝn, — dǝydu Pǝrwǝrdigar, — ularning ⱨǝrbiri ɵz yeⱪinidin «Mening sɵzlirim»ni oƣrilap doramqiliⱪ ⱪilidu.
31 ৩১ যিহোৱাই কৈছে, “চোৱা, যি ভাববাদীবোৰে নিজ নিজ জিভা ব্যৱহাৰ কৰি, তেওঁ কৈছে বুলি কয়, মই সেই ভাববাদীবোৰৰ বিপক্ষ।
Mana, Mǝn pǝyƣǝmbǝrlǝrgǝ ⱪarxidurmǝn, — dǝydu Pǝrwǝrdigar, — ular ɵz tillirini qaynap: «[Pǝrwǝrdigar] dǝydu...» dǝp bexarǝt beridu.
32 ৩২ যিহোৱাই কৈছে, চোৱা, যি ভাববাদীবোৰে নানা মিছা সপোন প্ৰচাৰ কৰে, আৰু সেইবোৰ কৈ তেওঁলোকৰ মিছা কথা আৰু অনৰ্থক অহঙ্কাৰৰ দ্বাৰাই মোৰ প্ৰজাসকলক ভ্ৰান্ত কৰে, সেই ভাববাদীসকলৰ মই বিপক্ষ।” কিয়নো মই তেওঁলোকক পঠোৱা কি আজ্ঞা দিয়া নাছিলোঁ; এই হেতুকে তেওঁলোকে এই প্ৰজাসকলক সমুলি উপকাৰ নকৰিব, ইয়াক যিহোৱাই কৈছে।
Mana, yalƣan qüxlǝrni bexarǝt ⱪilip bularni yǝtküzüp, yalƣanqiliⱪi wǝ baxbaxtaⱪliⱪi bilǝn Mening hǝlⱪimni azdurƣanlarƣa ⱪarxidurmǝn, — dǝydu Pǝrwǝrdigar; — Mǝn ularni ǝwǝtmigǝnmǝn, ularni buyruƣan ǝmǝsmǝn; ular bu hǝlⱪⱪǝ ⱨeqⱪandaⱪ payda yǝtküzmǝydu, — dǝydu Pǝrwǝrdigar.
33 ৩৩ “আৰু যেতিয়া এই জাতিবোৰে, বা ভাববাদীয়ে বা পুৰোহিতে তোমাক সুধিব, ‘যিহোৱাৰ ভাৰ-বাক্য কি?’ তেতিয়া তুমি তেওঁলোকক কবা, ভাৰ-বাক্য কি? যিহোৱাই কৈছে মই তোমালোকক দূৰ কৰি দিম।
Əmdi yaki bu hǝlⱪ, yaki pǝyƣǝmbǝr, yaki kaⱨin sǝndin: «Pǝrwǝrdigarning sanga yükligǝn sɵzi nemǝ?» dǝp sorisa, sǝn ularƣa: «Ⱪaysi yük?! Mǝn silǝrni Ɵzümdin yiraⱪ taxlaymǝn, — dǝydu Pǝrwǝrdigar.
34 ৩৪ যি ভাববাদী, পুৰোহিত, কি প্ৰজাই “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি ক’ব, মই সেই মানুহক আৰু তাৰ বংশক দণ্ড দিম।
«Pǝrwǝrdigarning yükligǝn sɵzi» dǝydiƣan ⱨǝrⱪaysi pǝyƣǝmbǝr, kaⱨin yaki hǝlⱪ bolsa, Mǝn bu kixini ɵyidikilǝr bilǝn tǝng jazalaymǝn.
35 ৩৫ তোমালোক প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক আৰু নিজ নিজ ভাইক এই কথা ক’বা, ‘যিহোৱাই কি উত্তৰ দিলে?’ বা ‘যিহোৱাই কি ক’লে?’
Əmdi silǝrning ⱨǝrbiringlar ɵz yeⱪinidin wǝ ⱨǝrbiringlar ɵz ⱪerindixidin muxundaⱪ: «Pǝrwǝrdigar nemǝ jawab bǝrdi?» wǝ «Pǝrwǝrdigar nemǝ dedi?» dǝp sorixinglar kerǝk.
36 ৩৬ “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি তোমালোকে আৰু উল্লেখ নকৰিবা; কাৰণ প্ৰতিজনৰ বাক্যেই তালৈ ভাৰস্বৰূপ হ’ব, কিয়নো তোমালোকে জীৱন্ত ঈশ্বৰৰ, আমাৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাৰ বাক্য বিপৰীত কৰিছা।
Silǝr «Pǝrwǝrdigarning yükligǝn sɵzi» degǝnni ⱪaytidin aƣzinglarƣa almaysilǝr; qünki ⱨǝrbiringlarning ɵz sɵzi ɵzigǝ yük bolidu; qünki silǝr Hudayimiz, samawi ⱪoxunlarning Sǝrdari bolƣan Pǝrwǝrdigar, tirik Hudaning sɵzlirini burmiliƣansilǝr.
37 ৩৭ তুমি ভাববাদীক এইদৰে ক’বা, ‘যিহোৱাই তোমাক কি উত্তৰ দিলে? বা যিহোৱাই কি কলে?’
Ⱨǝrbiringlar pǝyƣǝmbǝrdin muxundaⱪ: «Pǝrwǝrdigar sanga nemǝ dǝp jawab bǝrdi?» wǝ «Pǝrwǝrdigar nemǝ dedi?» dǝp sorixing kerǝk.
38 ৩৮ কিন্তু “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি যদি তোমালোকে কোৱা, তেন্তে অৱশ্যে যিহোৱাই এইদৰে কব, “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি নকবলৈ কৈ পঠোৱাতো “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি কোৱা বাবে, চোৱা, মই তোমালোকক নিচেইকৈ পাহৰিম,’
Lekin silǝr: «Pǝrwǝrdigarning yükligǝn sɵzi» dǝwǝrgininglar tüpǝylidin, mana Pǝrwǝrdigar mundaⱪ dǝydu: — Qünki silǝr: «Pǝrwǝrdigarning yükligǝn sɵzi» dǝwerisilǝr wǝ Mǝn silǝrgǝ: ««Pǝrwǝrdigarning yükligǝn sɵzi» demǝnglǝr» dǝp hǝwǝr ǝwǝtkǝnmǝn,
39 ৩৯ আৰু মই তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া এই নগৰখন মোৰ দৃষ্টিৰ পৰা দলিয়াই পেলাম, আৰু পাহৰিব নোৱাৰা চিৰকলীয়া দুৰ্ণাম আৰু সৰ্ব্বদায় থকা লাজ তোমালোকলৈ ঘটাম।
xunga mana, Mǝn silǝrni pütünlǝy untuymǝn, Mǝn silǝrni silǝrgǝ wǝ ata-bowiliringlarƣa tǝⱪdim ⱪilƣan xǝⱨǝr bilǝn tǝng yüzümdin yiraⱪ taxlaymǝn;
40 ৪০ আৰু পাহৰিব নোৱাৰা চিৰকলীয়া দুৰ্নাম আৰু সৰ্ব্বদায় থকা লাজ তোমালোকলৈ ঘটাম।”
Mǝn üstünglarƣa mǝnggü rǝswaqiliⱪ wǝ ⱨǝrgiz untulmaydiƣan mǝnggülük xǝrmǝndilikni qüxürimǝn!