< যেরেমিয়া 23 >

1 “যি ৰখীয়াবোৰে চৰণীয়া ঠাইৰ জাকৰ মেৰ-ছাগবোৰক নষ্ট আৰু ছিন্ন-ভিন্ন কৰে, সিহঁতৰ সন্তাপ হব” এয়ে যিহোৱাৰ বচন।
vae pastoribus qui disperdunt et dilacerant gregem pascuae meae dicit Dominus
2 এই হেতুকে মোৰ প্ৰজাসকলক চৰাওঁতা মেৰ-ছাগ ৰখীয়াবোৰৰ বিৰুদ্ধে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: “তোমালোকে মোৰ মেৰ-ছাগৰ জাকক গোট গোট কৰিলা, সেইবোৰক খেদাই দিলা, আৰু সেইবোৰৰ বিচাৰ নললা; যিহোৱাই কৈছে, চোৱা! মই তোমালোকৰ কাৰ্যৰ দুষ্টতাৰ ফল তোমালোকক দিম।
ideo haec dicit Dominus Deus Israhel ad pastores qui pascunt populum meum vos dispersistis gregem meum eiecistis eos et non visitastis eos ecce ego visitabo super vos malitiam studiorum vestrorum ait Dominus
3 আৰু যি যি দেশলৈ মই মোৰ জাকক খেদিলোঁ, তাৰ পৰা তেওঁলোকৰ অৱশিষ্ট ভাগ গোটাম, আৰু পুনৰায় তেওঁলোকৰ গঁৰাললৈ তেওঁলোকক আনিম; তাতে তেওঁলোক প্ৰজাৱন্ত হৈ বহুবংশ হব।
et ego congregabo reliquias gregis mei de omnibus terris ad quas eiecero eos illuc et convertam eos ad rura sua et crescent et multiplicabuntur
4 যি মেৰ-ছাগৰ ৰখিয়াসকলে তেওঁলোকক চৰাব, মই তেওঁলোকৰ ওপৰত এনে ৰখীয়াসকলক নিযুক্তি কৰিম; তেতিয়া তেওঁলোকে আৰু ভয় নকৰিব আৰু বিহবল নহব; আৰু তেওঁলোকৰ মাজৰ কোনো নাইকিয়া নহব”, ইয়াকে যিহোৱাই কৈছে।
et suscitabo super eos pastores et pascent eos non formidabunt ultra et non pavebunt et nullus quaeretur ex numero dicit Dominus
5 যিহোৱাই কৈছে, “চোৱা, যি সময়ত মই দায়ুদৰ বংশত এক ধাৰ্মিক গজালি উৎপন্ন কৰিম এনে কাল আহিছে। তেওঁ ৰজা হৈ ৰাজত্ব কৰিব, জ্ঞানেৰে সৈতে কাৰ্য কৰিব, আৰু দেশত বিচাৰ ও ন্যায় সিদ্ধ কৰিব।
ecce dies veniunt ait Dominus et suscitabo David germen iustum et regnabit rex et sapiens erit et faciet iudicium et iustitiam in terra
6 তেওঁৰ কালত যিহূদাই পৰিত্ৰাণ পাব, ইস্ৰায়েলে নিৰাপদে বাস কৰিব। আৰু “যিহোৱাই আমাৰ ধাৰ্মিকতা,” এই নামেৰে তেওঁ প্ৰখ্যাত হব।
in diebus illius salvabitur Iuda et Israhel habitabit confidenter et hoc est nomen quod vocabunt eum Dominus iustus noster
7 এই হেতুকে যিহোৱাই কৈছে, “চোৱা, এনে কোনো দিন আহিছে,” যে, ‘সেই দিনা তেওঁলোকে আৰু নকব, যি জনাই ইস্ৰায়েলৰ সন্তান সকলক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, সেই ‘যিহোৱাৰ জীৱনৰ শপত’;
propter hoc ecce dies veniunt dicit Dominus et non dicent ultra vivit Dominus qui eduxit filios Israhel de terra Aegypti
8 কিন্তু এনেকৈ কব, যে, “যি জনাই ইস্ৰায়েল বংশত জন্মা সন্তান সকলক উত্তৰ দেশৰ পৰা; আৰু যি যি দেশলৈ মই তেওঁলোকক খেদিছিলোঁ, সেই সকল দেশৰ পৰা উলিয়াই চলাই লৈ আহিলে সেই যিহোৱাৰ জীৱনৰ শপত।’ তথাপি তেওঁলোকে নিজৰ দেশত নিবাস কৰিব।
sed vivit Dominus qui eduxit et adduxit semen domus Israhel de terra aquilonis et de cunctis terris ad quas eieceram eos illuc et habitabunt in terra sua
9 ভাববাদীবোৰৰ বিষয়। মোৰ অন্তৰত মোৰ হৃদয় ভগ্ন হ’ল, আৰু মোৰ আটাই হাড়বোৰ কঁপিছে; যিহোৱাৰ কাৰণে আৰু তেওঁৰ পবিত্ৰ বাক্যৰ কাৰণে মই মতলীয়া লোকৰ দৰে, এনে কি, দ্ৰাক্ষাৰসে পৰাজয় কৰা মানুহৰ দৰে হলোঁ।
ad prophetas contritum est cor meum in medio mei contremuerunt omnia ossa mea factus sum quasi vir ebrius et quasi homo madidus a vino a facie Domini et a facie verborum sanctorum eius
10 ১০ কিয়নো দেশ ব্যভিচাৰী লোকেৰে পৰিপূৰ্ণ; কাৰণ শাওৰ প্ৰভাৱত দেশে শোক কৰিছে। অৰণ্যত থকা চৰণীয়া ঠাইবোৰ শুকাইছে; তেওঁলোকৰ গতি মন্দ, আৰু তেওঁলোকৰ পৰাক্ৰম ন্যায়সঙ্গত নহয়।
quia adulteris repleta est terra quia a facie maledictionis luxit terra arefacta sunt arva deserti factus est cursus eorum malus et fortitudo eorum dissimilis
11 ১১ কিয়নো ভাববাদী আৰু পুৰোহিত দুয়ো অপৱিত্ৰ; যিহোৱাই কৈছে, মোৰ গৃহতেই মই সিহঁতৰ দুষ্টতা পালোঁ।
propheta namque et sacerdos polluti sunt et in domo mea inveni malum eorum ait Dominus
12 ১২ এই কাৰণে তেওঁলোকৰ পথ তেওঁলোকৰ কাৰণে অন্ধকাৰত থকা পিছল ঠাইৰ নিচিনা হব; তেওঁলোকে খেদা খাই তাৰ পৰা পতিত হব; কিয়নো যিহোৱাই কৈছে, মই তেওঁলোকৰ ওপৰতে অমঙ্গল ঘটাম, এনে কি, তেওঁলোকক দণ্ড দিয়াৰ বছৰ উপস্থিত কৰোৱাম।
idcirco via eorum erit quasi lubricum in tenebris inpellentur enim et corruent in ea adferam enim super eos mala annum visitationis eorum ait Dominus
13 ১৩ মই চমৰিয়াৰ মাজৰ ভাববাদীসকলৰ মাজত অজ্ঞানতাৰ কাৰ্য দেখিলোঁ; তেওঁলোকে বালৰ নামেৰে ভাববাণী প্ৰচাৰ কৰি মোৰ প্ৰজা ইস্রায়েল লোকক ভুলালে।
et in prophetis Samariae vidi fatuitatem prophetabant in Baal et decipiebant populum meum Israhel
14 ১৪ মই যিৰূচালেমৰ ভাববাদীসকলৰ মাজতো নোম শিয়ৰি যোৱা এটা কাৰ্য দেখিলোঁ; তেওঁলোকে পৰস্ত্ৰীগমন কৰে, মিছাত চলে, আৰু তেওঁলোকে কুকৰ্ম কৰাসকলৰ হাত এনেকৈ সবল কৰে, যে, তেওঁলোকৰ কোনেও নিজ দুষ্টতাৰ পৰা উলটি নাহে; তেওঁলোক সকলোৱেই মোৰ আগত চদোমৰ দৰে আৰু তাৰ নিবাসীসকল ঘমোৰাৰ সদৃশ।”
et in prophetis Hierusalem vidi similitudinem adulterium et iter mendacii et confortaverunt manus pessimorum ut non converteretur unusquisque a malitia sua facti sunt mihi omnes Sodoma et habitatores eius quasi Gomorra
15 ১৫ এই হেতুকে বাহিনীসকলৰ যিহোৱাই সেই ভাববাদীসকলৰ বিষয়ে এই কথা কৈছে, “চোৱা, মই তেওঁলোকক নাগদানা ভোজন কৰাম, আৰু বিহ গছৰ ৰস পান কৰাম, কিয়নো যিৰূচালেমৰ ভাববাদীসকলৰ পৰা অপৱিত্ৰতা ওলাই গোটেই দেশত ব্যাপিল।”
propterea haec dicit Dominus exercituum ad prophetas ecce ego cibabo eos absinthio et potabo eos felle a prophetis enim Hierusalem est egressa pollutio super omnem terram
16 ১৬ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীবোৰৰ বাক্য নুশুনিবা। তেওঁলোকে তোমালোকক অসাৰতা শিকায়! আৰু যিহোৱাৰ মুখৰ পৰা নোহোৱা নিজ নিজ মনৰ দৰ্শনৰ কথা কয়।’
haec dicit Dominus exercituum nolite audire verba prophetarum qui prophetant vobis et decipiunt vos visionem cordis sui loquuntur non de ore Domini
17 ১৭ মোক হেয়জ্ঞান কৰোঁতাসকলৰ আগত তেওঁলোকে সদায় কৈ থাকে, যে, ‘যিহোৱাই কৈছে, তোমালোকে শান্তি পাবা।’ আৰু তেওঁলোকে নিজ নিজ মনৰ কঠিনতা অনুসাৰে চলোঁতা সকলোৰে আগত কয়, ‘তোমালোকলৈ অমঙ্গল নঘটিব।’
dicunt his qui blasphemant me locutus est Dominus pax erit vobis et omni qui ambulat in pravitate cordis sui dixerunt non veniet super vos malum
18 ১৮ কাৰণ কোনে যিহোৱাৰ সভাত থিয় হৈছে, যে, তেওঁ নিজ চকুৰে চাই তেওঁৰ বাক্য শুনিব? কোনে তেওঁৰ বাক্যত কাণ পাতি তাক শুনিবলৈ পালে?
quis enim adfuit in consilio Domini et vidit et audivit sermonem eius quis consideravit verbum illius et audivit
19 ১৯ সৌৱা, চোৱা, যিহোৱাৰ প্ৰচণ্ড ক্ৰোধৰূপ ধুমুহা! এনে কি, প্ৰবল বা’মাৰলি বতাহ আহিছে। সেয়ে দুষ্টবোৰৰ মূৰত কোবেৰে লাগিব।
ecce turbo dominicae indignationis egredietur et tempestas erumpens super caput impiorum veniet
20 ২০ যিহোৱাই কাৰ্য সমাপ্ত নকৰালৈকে, আৰু তেওঁৰ মনৰ অভিপ্ৰায় সিদ্ধ নকৰালৈকে তেওঁৰ ক্ৰোধ নাথামিব। তোমালোকে শেষকালত তাক সম্পুৰ্ণকৈ বুজিবা।
non revertetur furor Domini usque dum faciat et usque dum conpleat cogitationem cordis sui in novissimis diebus intellegetis consilium eius
21 ২১ মই এই ভাববাদীসকলক পঠোৱা নাই, তথাপি তেওঁলোকে নিজে নিজেই লৰিলে; মই তেওঁলোকক কোৱা নাই, তথপি তেওঁলোকে নিজে নিজেই ভাববাণী প্ৰচাৰ কৰিলে।
non mittebam prophetas et ipsi currebant non loquebar ad eos et ipsi prophetabant
22 ২২ কিন্তু তেওঁলোকে মোৰ সভাত থিয় হোৱা হ’লে, মোৰ প্ৰজাসকলক মোৰ বাক্য শুনোৱালেহেঁতেন, আৰু তেওঁলোকৰ কু-পথ ও কুকৰ্মৰ পৰা তেওঁলোকক ওভটাই আনিলেহেঁতেন।
si stetissent in consilio meo et nota fecissent verba mea populo meo avertissem utique eos a via sua mala et a pessimis cogitationibus suis
23 ২৩ যিহোৱাই কৈছে, মই জানো ওচৰত থকাহে ঈশ্বৰ? দূৰত থকাও ঈশ্বৰ নহওঁ জানো?
putasne Deus e vicino ego sum dicit Dominus et non Deus de longe
24 ২৪ যিহোৱাই কৈছে, মই দেখা নোপোৱাকৈ কোনো মানুহ জানো গুপুতে লুকাই থাকিব পাৰে? যিহোৱাই কৈছে, মই জানো স্বৰ্গ আৰু পৃথিৱী ব্যাপি নাথাকোঁ?
si occultabitur vir in absconditis et ego non videbo eum dicit Dominus numquid non caelum et terram ego impleo ait Dominus
25 ২৫ ‘মই সপোন দেখিলোঁ! মই সপোন দেখিলোঁ!’ এই বুলি কৈ মোৰ নামেৰে মিছা ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীসকলে কোৱা কথা মই শুনিলোঁ।
audivi quae dixerunt prophetae prophetantes in nomine meo mendacium atque dicentes somniavi somniavi
26 ২৬ মিছা ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীসকলৰ, এনে কি, নিজ নিজ মনৰ কপটতা প্ৰকাশ কৰোঁতা ভাববাদীসকলৰ অন্তৰত এয়ে কিমান কাল থাকিব?
usquequo istud in corde est prophetarum vaticinantium mendacium et prophetantium seductiones cordis sui
27 ২৭ তেওঁলোকৰ পূৰ্বপুৰুষসকলে বালত আসক্ত হৈ মোৰ নাম পাহৰা দৰে তেওঁলোকে নিজ নিজ ওচৰ-চুবুৰীয়াৰ আগত কোৱা সপোনৰ দ্বাৰাই মোৰ প্ৰজাসকলক মোৰ নাম পাহৰাবলৈ খুজিছে।
qui volunt facere ut obliviscatur populus meus nominis mei propter somnia eorum quae narrant unusquisque ad proximum suum sicut obliti sunt patres eorum nominis mei propter Baal
28 ২৮ সপোন দেখা ভাববাদীয়ে সপোনৰ কথা কওঁক, আৰু মোৰ বাক্য পোৱা জনে মোৰ বাক্য বিশ্বাসেৰে কওঁক; যিহোৱাই কৈছে, ধানৰ মাজত খেৰ কি?
propheta qui habet somnium narret somnium et qui habet sermonem meum loquatur sermonem meum vere quid paleis ad triticum dicit Dominus
29 ২৯ যিহোৱাই কৈছে, “মোৰ বাক্য অগ্নিস্বৰূপ নহয় নে?” “আৰু শিল টুকুৰা-টুকুৰী কৰা হাতুৰীৰ নিচিনা নহয় নে?
numquid non verba mea sunt quasi ignis ait Dominus et quasi malleus conterens petram
30 ৩০ এই হেতুকে, যিহোৱাই কৈছে, চোৱা, নিজ নিজ ওচৰ-চুবুৰীয়াৰ পৰা মোৰ বাক্য চুৰ কৰা ভাববাদীসকলৰ প্রতি মই বিপক্ষ।”
propterea ecce ego ad prophetas ait Dominus qui furantur verba mea unusquisque a proximo suo
31 ৩১ যিহোৱাই কৈছে, “চোৱা, যি ভাববাদীবোৰে নিজ নিজ জিভা ব্যৱহাৰ কৰি, তেওঁ কৈছে বুলি কয়, মই সেই ভাববাদীবোৰৰ বিপক্ষ।
ecce ego ad prophetas ait Dominus qui adsumunt linguas suas et aiunt dicit Dominus
32 ৩২ যিহোৱাই কৈছে, চোৱা, যি ভাববাদীবোৰে নানা মিছা সপোন প্ৰচাৰ কৰে, আৰু সেইবোৰ কৈ তেওঁলোকৰ মিছা কথা আৰু অনৰ্থক অহঙ্কাৰৰ দ্বাৰাই মোৰ প্ৰজাসকলক ভ্ৰান্ত কৰে, সেই ভাববাদীসকলৰ মই বিপক্ষ।” কিয়নো মই তেওঁলোকক পঠোৱা কি আজ্ঞা দিয়া নাছিলোঁ; এই হেতুকে তেওঁলোকে এই প্ৰজাসকলক সমুলি উপকাৰ নকৰিব, ইয়াক যিহোৱাই কৈছে।
ecce ego ad prophetas somniantes mendacium ait Dominus qui narraverunt ea et seduxerunt populum meum in mendacio suo et in miraculis suis cum ego non misissem eos nec mandassem eis qui nihil profuerunt populo huic dicit Dominus
33 ৩৩ “আৰু যেতিয়া এই জাতিবোৰে, বা ভাববাদীয়ে বা পুৰোহিতে তোমাক সুধিব, ‘যিহোৱাৰ ভাৰ-বাক্য কি?’ তেতিয়া তুমি তেওঁলোকক কবা, ভাৰ-বাক্য কি? যিহোৱাই কৈছে মই তোমালোকক দূৰ কৰি দিম।
si igitur interrogaverit te populus iste vel propheta aut sacerdos dicens quod est onus Domini dices ad eos ut quid vobis onus proiciam quippe vos dicit Dominus
34 ৩৪ যি ভাববাদী, পুৰোহিত, কি প্ৰজাই “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি ক’ব, মই সেই মানুহক আৰু তাৰ বংশক দণ্ড দিম।
et prophetes et sacerdos et populus qui dicit onus Domini visitabo super virum illum et super domum eius
35 ৩৫ তোমালোক প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক আৰু নিজ নিজ ভাইক এই কথা ক’বা, ‘যিহোৱাই কি উত্তৰ দিলে?’ বা ‘যিহোৱাই কি ক’লে?’
haec dicetis unusquisque ad proximum et ad fratrem suum quid respondit Dominus et quid locutus est Dominus
36 ৩৬ “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি তোমালোকে আৰু উল্লেখ নকৰিবা; কাৰণ প্ৰতিজনৰ বাক্যেই তালৈ ভাৰস্বৰূপ হ’ব, কিয়নো তোমালোকে জীৱন্ত ঈশ্বৰৰ, আমাৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাৰ বাক্য বিপৰীত কৰিছা।
et onus Domini ultra non memorabitur quia onus erit unicuique sermo suus et pervertitis verba Dei viventis Domini exercituum Dei nostri
37 ৩৭ তুমি ভাববাদীক এইদৰে ক’বা, ‘যিহোৱাই তোমাক কি উত্তৰ দিলে? বা যিহোৱাই কি কলে?’
haec dices ad prophetam quid respondit tibi Dominus et quid locutus est Dominus
38 ৩৮ কিন্তু “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি যদি তোমালোকে কোৱা, তেন্তে অৱশ্যে যিহোৱাই এইদৰে কব, “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি নকবলৈ কৈ পঠোৱাতো “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি কোৱা বাবে, চোৱা, মই তোমালোকক নিচেইকৈ পাহৰিম,’
si autem onus Domini dixeritis propter hoc haec dicit Dominus quia dixistis sermonem istum onus Domini et misi ad vos dicens nolite dicere onus Domini
39 ৩৯ আৰু মই তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া এই নগৰখন মোৰ দৃষ্টিৰ পৰা দলিয়াই পেলাম, আৰু পাহৰিব নোৱাৰা চিৰকলীয়া দুৰ্ণাম আৰু সৰ্ব্বদায় থকা লাজ তোমালোকলৈ ঘটাম।
propterea ecce ego tollam vos portans et derelinquam vos et civitatem quam dedi vobis et patribus vestris a facie mea
40 ৪০ আৰু পাহৰিব নোৱাৰা চিৰকলীয়া দুৰ্নাম আৰু সৰ্ব্বদায় থকা লাজ তোমালোকলৈ ঘটাম।”
et dabo vos in obprobrium sempiternum et in ignominiam aeternam quae numquam oblivione delebitur

< যেরেমিয়া 23 >