< যেরেমিয়া 22 >
1 ১ যিহোৱাই এইদৰে ক’লে: “তুমি যিহূদাৰ ৰাজগৃহলৈ গৈ সেই ঠাইত এই কথা ঘোষণা কৰা।
Ainsi parle Yahweh: Descends à la maison du roi de Juda, et là tu prononceras ces paroles:
2 ২ কোৱা, ‘হে দায়ুদৰ সিংহাসনত বহোঁতা যিহূদাৰ ৰজা, তুমি, তোমাৰ মন্ত্ৰী আৰু এই দুৱাৰবোৰত সোমোৱা তোমাৰ প্ৰজা, এই আটাইয়ে যিহোৱাৰ বাক্য শুনা।”
Tu diras: Ecoute la parole de Yahweh, ô roi de Juda, qui sièges sur le trône de David, toi, tes serviteurs et ton peuple, qui entrez par ces portes.
3 ৩ যিহোৱাই এইদৰে কৈছে: “তোমালোকে ন্যায় বিচাৰ আৰু ধাৰ্মিকতা সিদ্ধ কৰা আৰু অপহাৰিত জনাক উপদ্ৰৱকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰা; বিদেশী, পিতৃহীন বা বিধৱাক অপকাৰ আৰু অত্যাচাৰ নকৰিবা নাইবা এই ঠাইত নিৰ্দ্দোষীৰ ৰক্তপাত নকৰিবা।
Ainsi parle Yahweh: Faites droit et justice; arrachez l’opprimé aux mains de l’oppresseur; l’étranger, l’orphelin et la veuve, ne les maltraitez pas, ne les violentez pas, et ne versez pas le sang innocent dans ce lieu.
4 ৪ কিয়নো, তোমালোকে যদি এই কথা যত্নেৰে পালন কৰা, তেন্তে দায়ুদৰ সিংহাসনত বহোঁতা ৰজাসকলে ৰথত আৰু ঘোঁৰাত উঠি প্ৰতিজনে মন্ত্ৰী আৰু প্ৰজাৰে সৈতে এই গৃহৰ দুৱাৰবোৰেদি সোমাব!
Si vous accomplissez exactement cette parole, les rois assis sur le trône de David entreront par la porte de cette maison, montés sur des chars et sur des chevaux, eux, leurs serviteurs et leur peuple.
5 ৫ কিন্তু তোমালোকে যদি এইবোৰ বাক্য নুশুনা,” তেন্তে যিহোৱাই কৈছে, “মই মোৰ নামেৰে শপত খাই কৈছোঁ, তেনেহ’লে এই গৃহ উচ্ছন্ন ঠাই হব।
Mais si vous n’écoutez pas ces paroles, je le jure par moi-même, — oracle de Yahweh, cette maison deviendra une ruine.
6 ৬ কিয়নো যিহোৱাই যিহূদাৰ ৰাজগৃহৰ বিষয়ে এই কথা কৈছে: ‘তুমি মোৰ বিবেচনাত গিলিয়দ আৰু লিবানোনৰ ওখ ভাগৰ দৰে হলেও, নিশ্চয়ে মই তোমাক মৰুভূমিত, আৰু নিবাসী নোহোৱা নগৰবোৰৰ দৰে কৰিম।
Car ainsi parle Yahweh, touchant la maison du roi de Juda: Tu es pour moi un Galaad, le sommet du Liban; eh bien! je ferai de toi un désert, des villes inhabitées.
7 ৭ আৰু মই তোমাৰ অহিতে নিজ নিজ অস্ত্ৰেৰে সৈতে বিনাশক লোকসকল যুগুত কৰিম তেওঁ লোকে তোমাৰ উত্তম উত্তম গছবোৰ কাটি জুইত পেলাই দিব।
Je prépare contre toi des destructeurs, chacun avec ses outils; ils couperont tes cèdres de choix, et les jetteront au feu.
8 ৮ আৰু অনেক জাতিয়ে এই নগৰৰ ওচৰেদি যাওঁতে ইজনে সিজনক কব, “যিহোৱাই এই মহানগৰলৈ কিয় এনে ব্যৱহাৰ কৰিলে?”
De nombreuses nations passeront par cette ville, et elles se diront l’une à l’autre: « Pourquoi Yahweh a-t-il ainsi traité cette grande ville? »
9 ৯ তেতিয়া তেওঁলোকে উত্তৰ কৰিব, “কাৰণ ইয়াৰ লোকসকলে ঈশ্বৰ যিহোৱাৰ নিয়মটি ত্যাগ কৰি ইতৰ দেৱতাবোৰৰ আগত প্ৰণিপাত কৰিছিল, আৰু সেইবোৰক সেৱাপূজা কৰিছিল।”
Et l’on dira: « Parce qu’ils ont abandonné l’alliance de Yahweh, leur Dieu, qu’ils se sont prosternés devant d’autres dieux, et les ont servis. »
10 ১০ তোমালোকে মৃত জনৰ বাবে নাকান্দিবা, আৰু সেইজনৰ বাবে বিলাপ নকৰিবা; কিন্তু দূৰলৈ যোৱা মানুহজনৰ নিমিত্তে বৰকৈ ক্ৰন্দন কৰা, কিয়নো তেওঁ আৰু উলটি নাহিব, বা নিজৰ জন্ম দেশ আৰু নেদেখিব’”।”
Ne pleurez pas celui qui est mort, et ne vous lamentez pas sur lui; pleurez, pleurez celui qui s’en est allé, car il ne reviendra plus, et ne verra pas le pays de sa naissance!
11 ১১ কাৰণ, যিহূদাৰ যোচিয়া ৰজাৰ পুতেক যি চল্লুম তেওঁৰ পিতৃ যোচিয়াৰ পদত ৰজা হৈছিল, আৰু এই ঠাইৰ পৰা গল, তেওঁৰ বিষয়ে যিহোৱাই এইদৰে কৈছে, তেওঁ এই ঠাইলৈ আৰু উলটি নাহিব;
Car ainsi parle Yahweh touchant Sellum, fils de Josias, roi de Juda, qui a régné à la place de Josias, son père, et qui est sorti de ce lieu: Il n’y reviendra plus;
12 ১২ কিন্তু তেওঁলোকে যি ঠাইলৈ তেওঁক বন্দী কৰি নিলে, সেই ঠাইতে মৰিব, এই দেশ আৰু নেদেখিব।”
au lieu où on l’a emmené captif, il mourra, et il ne reverra plus ce pays.
13 ১৩ যি জনে অধৰ্মৰ দ্বাৰাই নিজ গৃহ, আৰু অন্যায়ৰ দ্বাৰাই নিজৰ ওপৰ-কোঁঠালি সাজে, যি জনে বেচ নিদিয়াকৈ নিজৰ ওচৰ-চুবুৰীয়াক বন্দী-কাম কৰোৱায়, আৰু তাৰ শ্ৰমৰ ফল তাক নিদিয়ে।
Malheur à celui qui bâtit sa maison par l’injustice, et ses étages avec l’iniquité, qui fait travailler son prochain pour rien, sans lui donner son salaire!
14 ১৪ যিজনে নিজৰ বাবে এটা ডাঙৰ ঘৰ, আৰু বহল ওপৰ-কোঁঠালি সাজোঁ বুলি কয়, আৰু নিজৰ বাবে খিড়িকি দুৱাৰ কাটে, আৰু ভিতৰ ফালে ওপৰত এৰচ কাঠ লগায়, আৰু সেন্দুৰ বৰণীয়া ৰং দিয়ে, তাৰ সন্তাপ হব।”
Qui dit: « Je me bâtirai une maison vaste, et des chambres spacieuses; » qui y perce beaucoup de fenêtres, la couvre de cèdre, et la peint au vermillon!
15 ১৫ এৰচ কাঠৰ কথাত জিকিবলৈ চেষ্টা কৰাৰ কাৰণে জানো তুমি ৰাজত্ব কৰি থাকিবা? তোমাৰ পিতৃয়ে জানো ভোজন-পান কৰা আৰু বিচাৰ ও ন্যায় সিদ্ধ কৰা নাছিল? তাতে তেওঁৰ মঙ্গল হৈছিল।
Es-tu roi parce que tu as la passion du cèdre! Ton père n’a-t-il pas mangé et bu? Il faisait droit et justice, alors tout allait bien pour lui;
16 ১৬ তেওঁ দুখী-দৰিদ্ৰৰ বিচাৰ কৰাতে তেওঁৰ মঙ্গল হৈছিল; যিহোৱাই কৈছে, মোক জনাৰ প্ৰমাণ এয়ে নাছিল নে?
il jugeait la cause du malheureux et du pauvre, alors tout allait bien. N’est-ce pas là me connaître, — oracle de Yahweh?
17 ১৭ কিন্তু তোমাৰ চকু আৰু মন; নিজৰ লাভ বিচৰাত বাজে, আৰু নিৰ্দ্দোষীত ৰক্তপাত কৰাত, আৰু আনক উপদ্ৰৱ ও অত্যাচাৰ কৰাত বাজে আন একোতো নালাগে।
Mais tes yeux et ton cœur ne sont tournés qu’à ton intérêt, au sang innocent pour le répandre, à l’oppression et à la violence pour les commettre.
18 ১৮ এই হেতুকে যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ বিষয়ে যিহোৱাই এইদৰে কৈছে: “হায় হায় মোৰ ভাই! বা হায় হায় মোৰ ভগ্নী!” এই বুলি লোকে তেওঁৰ বিষয়ে বিলাপ নকৰিব; আৰু হায় হায় মোৰ প্ৰভু, বা “হায় হায় তেওঁৰ গৌৰৱ, এনে বুলি বিলাপ নকৰিব!”
C’est pourquoi ainsi parle Yahweh touchant Joakim, fils de Josias, roi de Juda: On ne pleurera pas sur lui, en disant: « Hélas! mon frère, hélas, ma sœur! » On ne pleurera pas sur lui, en disant: « Hélas, seigneur! hélas, majesté! »
19 ১৯ লোকে তেওঁক টানি নি যিৰূচালেমৰ দুৱাৰৰ বাহিৰে দূৰত পেলাই দি গাধ পোতাৰ দৰে পুতিব।
Il sera enterré comme on enterre un âne, il sera traîné et jeté hors des portes de Jérusalem.
20 ২০ তুমি লিবানোনত উঠি চিঞৰা; আৰু বাচানত বৰকৈ মাতা, আৰু অবাৰীমৰ পৰা চিঞৰা, কিয়নো তোমাক প্ৰেম কৰোঁতা আটাইবিলাক বিনষ্ট হল।
Monte au Liban et crie; élève ta voix en Basan! Crie du haut d’Abarim, car tous tes amants sont brisés.
21 ২১ তোমাৰ মঙ্গলৰ সময়ত মই তোমাক কৈছিলোঁ; কিন্তু তুমি, “মই নুশুনো” বুলি ক’লা। তুমি যে মোৰ বাক্য পালন নকৰা, এয়ে লৰা কালৰে পৰা তোমাৰ দস্তুৰ।
Je t’ai parlé au temps de ta prospérité; tu as dit: « Je n’écouterai pas! » C’est là ta conduite dès ta jeunesse; tu n’as pas écouté ma voix!
22 ২২ বতাহে তোমাৰ মেৰ-ছাগ ৰখীয়াবোৰক চলাই নিব, তোমাক প্ৰেম কৰা সকলোৱে বন্দী-অৱস্থালৈ যাব। তেতিয়া অৱশ্যে তুমি তোমাৰ দুষ্টতাৰ বাবে লাজ পাবা আৰু বিবৰ্ণ হবা।
Car le vent emmènera paître tes pasteurs, et tes amants iront en captivité; alors tu seras couverte de confusion et de honte pour toute ta méchanceté.
23 ২৩ এৰচ কাঠৰ মাজত নিজৰ বাহ সজা হে লিবানোন-বাসিনী, তেতিয়া যাতনাই, প্ৰসৱকাৰিণীৰ বেদনাৰ দৰে বেদনাই তোমাক আক্ৰমণ কৰিব, তেতিয়া তুমি কিমান বেছিকৈ কৃপাৰ যোগ্য হবা।”
Toi qui habite au Liban, qui places ton nid dans les cèdres, comme tu gémiras quand viendront sur toi les douleurs, des convulsions pareilles à celles d’une femme en travail!
24 ২৪ যিহোৱাই কৈছে, “মোৰ জীৱনৰ শপত”, “যিহূদাৰ ৰজা যিহোয়াকীমৰ পুত্ৰ কনিয়া মোৰ সোঁ হাতত থকা মোহৰৰ দৰে হলেও, মই তোমাক তাৰ পৰা খহাই পেলাম।
Je suis vivant! — oracle de Yahweh: Quand Jéchonias, fils de Joakim, roi de Juda serait un anneau à ma main droite, je l’arracherais de là!
25 ২৫ আৰু মই তোমাক তোমাৰ প্ৰাণ বিচৰাবোৰৰ হাতত, আৰু তুমি ভয় কৰাবোৰৰ হাতত, এনে কি, বাবিলৰ ৰজা নবূখদনেচৰৰ আৰু কলদীয়াসকলৰ হাতত শোধাই দিম।
Je te livrerai aux mains de ceux qui en veulent à ta vie, aux mains de ceux devant qui tu trembles, aux mains de Nabuchodonosor, roi de Babylone, et aux mains des Chaldéens.
26 ২৬ তোমাক আৰু তোমাক জন্মোৱা মাতৃক, তোমালোক নজনা আন দেশত পেলাই দিম। সেই ঠাইতে তোমালোক মৰিবা।
Je te jetterai, toi et ta mère qui t’a mis au monde, dans un autre pays où vous n’êtes pas nés, et là vous mourrez.
27 ২৭ তেওঁলোকৰ মনে যি দেশলৈ আহিবলৈ হাবিয়াহ কৰে, সেই দেশলৈ তেওঁলোক উলটি নাহিব।
Et au pays où ils aspireront à revenir, ils ne reviendront pas.
28 ২৮ এই পুৰুষ কনিয়া ঘৃনিত ভগ্ন পাত্ৰ নে? ইয়াক আৰু ইয়াৰ বংশক কিয় বাহিৰলৈ পেলোৱা হৈছে? তেওঁলোকে নজনা দেশত এওঁলোকক কিয় পেলোৱা হৈছে?
Est-ce donc un vase méprisé et brisé que cet homme, Jéchonias, ou bien un ustensile dont personne ne veut?... Pourquoi les a-t-on chassés, lui et sa race, et les a-t-on jetés dans un pays qu’ils ne connaissaient pas?
29 ২৯ হে পৃথিৱী, হে পৃথিৱী, হে পৃথিৱী! যিহোৱাৰ বাক্য শুনা। যিহোৱাই এইদৰে কৈছে, “তোমালোকে এই মানুহ সন্তানহীন বুলি, ইয়াৰ দিনত উন্নতি কৰিব নোৱাৰা মানুহ বুলি লিখা।
Terre, terre, terre, écoute la parole de Yahweh!
30 ৩০ কিয়নো ইয়াৰ বংশৰ কোনো মানুহ দায়ুদৰ সিংহাসনত বহিবলৈ, আৰু যিহূদাত শাসন কৰিবলৈ, কৃতকাৰ্য্য নহব।”
Ainsi parle Yahweh: Inscrivez cet homme comme stérile, comme un homme qui ne réussit pas dans ses jours! Car nul de sa race ne réussira à s’asseoir sur le trône de David pour régner encore sur Juda!