< যেরেমিয়া 21 >
1 ১ চিদিকিয়া ৰজাই মল্কীয়াৰ পুত্ৰ পচহুৰক, আৰু মাচেয়া পুত্ৰ চফনিয়া পুৰোহিতক যিৰিমিয়াৰ ওচৰলৈ পঠোৱা সময়ত যিহোৱাৰ পৰা যিৰিমিয়াৰ গুৰিলৈ অহা বাক্য আহিল আৰু এইবুলি ক’লে,
Az ige, mely Jirmejáhúhoz lett az Örökkévalótól, midőn küldte hozzá Czidkijáhú király Paschúrt, Malkíja fiát és Czefanját, Máaszéja fiát, a papot, mondván:
2 ২ “মিনতি কৰোঁ, তুমি আমাৰ কাৰণে যিহোৱাৰ আগত সোধা; কিয়নো বাবিলৰ ৰজা নবূখদনেচৰে আমাৰ বিৰুদ্ধে যুদ্ধ কৰিছে; তেওঁ আমাৰ ওচৰৰ পৰা গুচি যাবৰ কাৰণে কিজানি যিহোৱাই নিজৰ সকলো আচৰিত কাৰ্য অনুসাৰে আমালৈ ব্যৱহাৰ কৰিব।”
Kérdezd meg csak értünk az Örökkévalót, mert Nebúkadnecczár, Bábel királya harcol ellenünk, talán cselekszik velünk az Örökkévaló mind az ő csodatettei szerint, hogy elvonuljon tőlünk.
3 ৩ সেই সময়ত যিৰিমিয়াই তেওঁলোকক ক’লে, “তোমালোক চিদিকিয়াক এইদৰে ক’বাগৈ:
És szólt hozzájuk Jirmejáhú: Így szóljatok Czidkijáhúhoz.
4 ৪ ‘ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: “চোৱা, বাবিলৰ ৰজাৰ বিৰুদ্ধে, আৰু গড়ৰ বাহিৰে তোমালোকক অৱৰোধ কৰোঁতা কলদীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰা তোমালোকৰ হাতৰ যুদ্ধাস্ত্ৰৰ মুখ ঘূৰাম আৰু তেওঁলোকক আনি এই নগৰৰ মাজ ঠাইত গোটাম।
Így szól az Örökkévaló, Izrael Istene: íme én visszafordítom a hadi fegyvereket, melyek kezetekben vannak, amelyekkel ti a falon kívül harcoltok Bábel királya ellen és a titeket ostromló kaldeusok ellen és begyűjtöm azokat ebbe a városba.
5 ৫ আৰু মই নিজেও, মেলি থকা হাত আৰু বলৱান বাহুৰে, এনে কি, খং-ৰাগ আৰু মহাকোপেৰে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিম।
És én magam harcolok ellenetek kinyújtott kézzel és erős karral, haraggal és hévvel, és nagy haragvással.
6 ৬ মই এই নগৰ নিবাসী মানুহ, পশু, সকলোকে সংহাৰ কৰিম; সেই সকলোৱে ঘোৰ মহামাৰীত প্ৰাণত্যগ কৰিব।
És megverem e város lakóit, mind az embert mind az állatot, nagy dögvészben halnak meg.
7 ৭ যিহোৱাই আৰু কৈছে, “তাৰ পাছত মই যিহূদাৰ ৰজা চিদিকিয়াক, তেওঁৰ পাত্ৰমন্ত্ৰীসকলক, আৰু প্ৰজাসকলক, এনে কি, মহামাৰী, তৰোৱাল আৰু আকালৰ পৰা এই নগৰত অৱশিষ্ট থকাসকলক বাবিলৰ ৰজা নবূখদনেচৰৰ, তেওঁলোকৰ শত্ৰূ, তেওঁলোকৰ প্ৰাণ বিচৰাবোৰৰ হাতত শোধাই দিম; তেওঁ তৰোৱালৰ ধাৰেৰে তাক বধ কৰিব, তেওঁলোকক কৃপা, ক্ষমা কি দয়া নকৰিব’।”
És azután, úgymond az Örökkévaló, adom Czidkijáhút, Jehúda királyát és szolgáit és a népet és azokat, kik megmaradtak a városban a dögvésztől, a kardtól és az éhségtől, Nebúkadnecczár, Bábel királyának kezébe és ellenségeik kezébe és azok kezébe, kik életükre törnek; megöli őket a kard élével, nem szánakozik rajtuk, nem kímél és nem irgalmaz.
8 ৮ তেতিয়া তুমি এই লোকসকলক কোৱা, ‘যিহোৱাই এইদৰে কৈছে, “চোৱা, মই তোমালোকৰ আগত জীৱনৰ পথ আৰু মৃত্যুৰ পথ ৰাখিছোঁ।
E néphez pedig szólj: Így szól az Örökkévaló, íme én elétek teszem az élet útját és a halál útját.
9 ৯ যি মানুহ এই নগৰত থাকিব, তেওঁ তৰোৱাল, আকাল, বা মহামাৰীত মৰা পৰিব; কিন্তু যি মানুহে বাহিৰলৈ গৈ, তোমালোকক অৱৰোধ কৰোঁতা কলদীয়াসকলৰ ফলিয়া হ’বলৈ ওলাই যাব, তেওঁ জীৱ, আৰু তেওঁৰ প্ৰাণ তেওঁলৈ লুটদ্ৰব্য যেন হ’ব।
Aki e városban marad, meg fog halni kard, éhség és dögvész által; de aki kimegy és átpártol a titeket ostromló kaldeusokhoz, az élni fog és lelke lesz neki zsákmányul.
10 ১০ কিয়নো যিহোৱাই কৈছে, মই মঙ্গলৰ বাবে নহয়, কিন্তু অমঙ্গলৰ বাবেহে এই নগৰৰ অহিতে মুখ কৰিছোঁ; ইয়াক বাবিলৰ ৰজাৰ হাতত দিয়া যাব, আৰু তেওঁ ইয়াক অগ্নিৰে দগ্ধ কৰিব’।”
Mert rosszra és nem jóra fordítottam arcomat a város ellen, úgymond az Örökkévaló, Bábel királyának kezébe adatik és tűzben égeti el.
11 ১১ আৰু যিহূদাৰ ৰাজ-বংশৰ বিষয়ে তোমালোকে যিহোৱাৰ বাক্য শুনা।
És Jehúda királya házának: Halljátok az Örökkévaló igéjét.
12 ১২ হে দায়ুদৰ বংশ, যিহোৱাই এইদৰে কৈছে: ‘তোমালোকে প্ৰতি ৰাতিপুৱা বিচাৰ নিস্পত্তি কৰা। আৰু অপহাৰিত জনাক উপদ্ৰৱকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰা। নতুবা তোমালোকৰ দুষ্টতাৰ কাৰণে মোৰ ক্ৰোধ অগ্নি দৰে ওলাই কোনেও নুমাব নোৱাৰাকৈ দগ্ধ কৰিব।
Dávid háza! Így szól az Örökkévaló: tartsatok reggelenként ítéletet és mentsétek meg a kiraboltat a fosztogató kezéből, nehogy mint a tűz törjön ki haragom és égne és nincs ki eloltaná cselekedeteitek rosszasága miatt.
13 ১৩ যিহোৱাই কৈছে, চোৱা, হে উপত্যকাত থকা লোক! হে সমথলৰ পৰ্ব্বত-নিবাসীনী, চোৱা, মই তোমাৰ বিপক্ষ “আমাৰ বিৰুদ্ধে কোন নামি আহিব? ‘আমাৰ বাসস্থানবোৰত কোন সোমাব?” এই বুলি কোৱা যি তোমালোক, মই তোমালোকৰ বিপক্ষ?’
Íme én ellened vagyok, lakója a völgynek, a síkság sziklájának, úgymond az Örökkévaló, kik azt mondjátok ki száll le hozzánk, ki jön be hajlékainkba?
14 ১৪ যিহোৱাই কৈছে, মই তোমালোকৰ কৰ্মফল অনুসাৰে তোমালোকক দণ্ড দিম। “মই যিৰূচালেমৰ কাঠনিত জুই লগাম, তেতিয়া সেয়ে তাৰ চাৰিওফালে থকা সকলোকে গ্ৰাস কৰিব।”
Megbüntetlek benneteket cselekedeteitek gyümölcse szerint, úgymond az Örökkévaló, és tüzet gyújtok erdejében és megemészti mind azt, ami körülötte van.