< যেরেমিয়া 20 >
1 ১ যিহোৱাৰ গৃহৰ প্ৰধান অধ্যক্ষ ইম্মেৰৰ পুতেক পুৰোহিত পচহুৰে যিৰিমিয়াৰ এইবোৰ ভাববাণী প্ৰচাৰ কৰা শুনি,
E Pasur, filho de Imer, o sacerdote, que era o principal supervisor na casa do SENHOR, ouviu a Jeremias enquanto profetizava estas palavras.
2 ২ তেওঁ যিৰিমিয়া ভাববাদীক প্ৰহাৰ কৰি, যিহোৱাৰ গৃহত থকা ওপৰ-দুৱাৰৰ কুন্দাত বন্ধ কৰি ৰাখিলে।
Então Pasur feriu ao profeta Jeremias, e o pôs no tronco que ficava à porta superior de Benjamim, a qual fica na casa do SENHOR.
3 ৩ পাছদিনা পচহুৰে যিৰিমিয়াক কুন্দৰ পৰা মুকলি কৰি উলিয়াই আনিলত, যিৰিমিয়াই তেওঁক ক’লে, “যিহোৱাই তোমাৰ নাম পচহুৰ ৰখা নাই, কিন্তু মাগোৰ-মিছাবীব ৰাখিলে।
E foi no dia seguinte que Pasur tirou a Jeremias do tronco. Disse-lhe então Jeremias: O SENHOR não chama teu nome Pasur, mas sim “Terror por todos os lados”.
4 ৪ কিয়নো যিহোৱাই এই কথা কৈছে: ‘চোৱা!, মই তোমাৰ পক্ষে, আৰু তোমাৰ আটাই বন্ধুৰ পক্ষে তোমাক ত্ৰাসৰ বিষয় কৰিম; কিয়নো তেওঁলোক শত্ৰূবোৰৰ তৰোৱালত পতিত হ’ব, আৰু তুমি তাক নিজ চকুৰে দেখিবলৈ পাবা। আৰু মই গোটেই যিহূদাক বাবিলৰ ৰজাৰ হাতত সমৰ্পণ কৰিম। তেওঁ তেওঁলোকক বন্দী কৰি বাবিললৈ নিব, বা তৰোৱালেৰে আক্রমণ কৰিব।
Porque assim diz o SENHOR: Eis que eu farei de ti um terror a ti mesmo, e a todos os teus amigos; e cairão pelo espada de seus inimigos, e teus olhos o verão; e a todo Judá entregarei na mão do rei da Babilônia, e os levará cativos a Babilônia, e os ferirá à espada.
5 ৫ ইয়াত বাজে মই এই নগৰৰ সকলো সম্পত্তি আৰু তাৰ আটাই পৰিশ্ৰমৰ ফল, আৰু আটাই বহুমুল্য বস্তু, এনে কি, যিহূদাৰ ৰজাসকলৰ সমস্ত ভঁৰালৰ উত্তম দ্ৰব্য তেওঁলোকৰ শত্ৰূবোৰৰ হাতত সমৰ্পণ কৰিম; তেওঁলোকে সেইবোৰ লুট কৰি বাবিললৈ লৈ যাব।
Entregarei também toda a riqueza desta cidade, e todo seu trabalho, e todas suas coisas preciosas; e entregarei todos os tesouros dos reis de Judá nas mãos de seus inimigos, e os saquearão, e os tomarão, e os levarão a Babilônia.
6 ৬ আৰু হে পচহুৰ, তুমি আৰু তোমাৰ গৃহবাসী সকলোৱেই বন্দী-অৱস্থালৈ যাব, আৰু তুমি বাবিললৈ গৈ তাত মৰিবা; আৰু তাত তোমাক, আৰু তুমি যিসকলৰ আগত মিছাকৈ ভাববাণী প্ৰচাৰ কৰিছিলা, তোমাৰ সেই সকলো বন্ধুক পোতা যাব।
E tu, Pasur, e todos os moradores de tua casa ireis ao cativeiro, e entrarás na Babilônia, e ali morrerás; e ali serás sepultado, tu, e todos os teus amigos, aos quais profetizaste falsamente.
7 ৭ হে যিহোৱা, তুমি মোৰ প্ৰবৃত্তি জন্মোৱাতহে মোৰ প্ৰবৃত্তি জন্মিল; তুমি মোতকৈ বলৱান, এই কাৰণে তুমি মোক বলে পাৰিলা। মই ওৰে দিনটো হাঁহিয়াতৰ বিষয় হৈছোঁ, সকলোৱে মোক ঠাট্টা কৰে।
Persuadiste-me, ó SENHOR, e eu fiquei persuadido; mais forte foste que eu, e prevaleceste; sirvo de escárnio o dia todo; cada deles zomba de mim.
8 ৮ কিয়নো মই যিমানবাৰ কথা কওঁ, সিমানবাৰ মই চিঞৰোঁ, ‘মই অত্যাচাৰ আৰু অপহৰণ’ বুলি চিঞৰোঁ। কাৰণে যিহোৱা বাক্য মোৰ পক্ষে ওৰে দিনটো নিন্দা আৰু উপহাসৰ কাৰণ হৈছে।
Pois desde que falo, grito; eu clamo violência e destruição; pois a palavra do SENHOR tem me servido de insulto e zombaria o dia todo.
9 ৯ আৰু যদি মই কওঁ, যে, ‘মই যিহোৱাক আৰু উল্লেখ নকৰোঁ; বা তেওঁৰ নামেৰে আৰু নকওঁ’, তেনেহ’লে মোৰ হাড়বোৰত বন্ধ কৰা জ্বলি থকা জুই যেন মোৰ অন্তৰত লাগে; মই সহি সহি ক্লান্ত হ’লো, সহি আৰু থকিব নোৱাৰোঁ।
Então eu disse: Não me lembrarei dele, nem falarei mais em seu nome; porém [ela] foi em meu coração como um fogo ardente contido em meus ossos; resisti até me cansar, mas não pude.
10 ১০ কিয়নো অনেকে দুৰ্ণাম কৰা মই শুনিলোঁ; চাৰিওফালে ত্ৰাস: ‘তোমালোকে তাৰ বিৰুদ্ধে কথা কোৱা, আৰু আমিও তাৰ বিৰুদ্ধে কথা কম,’ মই উজুটি খাবলৈ বাট চাই থকা মোৰ সকলো বন্ধু কয়, “কিজানি তাক ভুলুৱা যাব, তাতে আমি তাক বলে পাৰিম, আমি তাৰ ওপৰত প্ৰতিকাৰ সাধিম।’
Porque ouço a murmuração de muitos, temor por todos os lados: Anunciai, e anunciaremos. Todos os meus amigos observam meu manquejar, [dizendo]: Talvez se enganará; então prevaleceremos contra ele, e nos vingaremos dele.
11 ১১ কিন্তু যিহোৱা ভয়ানক বীৰৰ নিচিনাকৈ মোৰ সঙ্গত থাকে, সেইবাবে মোৰ তাড়নাকাৰীসকলে উজুটি খাব। আৰু তেওঁলোক কৃতকাৰ্য্য নহ’ব। তেওঁলোকে জ্ঞানেৰে সৈতে ব্যৱহাৰ নকৰাত অতিশয় লাজ পাব; সেই অপমান কেতিয়াও পাহৰা নাযাব, চিৰকাললৈকে থাকিব।
Mas o SENHOR está comigo como temível guerreiro; por isso meus perseguidores tropeçarão, e não prevalecerão; eles serão muito envergonhados, por não terem agido prudentemente; [terão] humilhação perpétua, que jamais será esquecida.
12 ১২ কিন্তু ধাৰ্মিকক পৰীক্ষা কৰোঁতা, মৰ্ম্ম আৰু হৃদয় দেখোঁতা হে বাহিনীসকলৰ যিহোৱা, তেওঁলোকৰ ওপৰত তেওঁলোকে সধা প্ৰতিকাৰ তুমি মোক দেখিবলৈ দিয়া; কিয়নো তোমাৰ আগতহে মোৰ গোচৰ সমৰ্পণ কৰিলোঁ।
Tu, SENHOR dos exércitos, que examinas o justo, que vês os sentimentos e pensamentos, faz-me ver a tua vingança sobre eles; pois a ti revelei a minha causa.
13 ১৩ তোমালোকে যিহোৱাৰ উদ্দেশ্যে গান কৰা! যিহোৱাৰ প্ৰশংসা কৰা! কাৰণ তেওঁ দুৰাচাৰীবোৰৰ হাতৰ পৰা দৰিদ্ৰ লোকৰ প্ৰাণ উদ্ধাৰ কৰিলে।
Cantai ao SENHOR, louvai ao SENHOR; pois ele livra a alma do necessitado da mão dos malfeitores.
14 ১৪ মই যি দিনা জন্মিছিলোঁ, সেই দিন অভিশপ্ত হওঁক। মোৰ মাতৃয়ে যি দিনা মোক প্ৰসৱ কৰিছিল, সেই দিন আশীৰ্ব্বাদহীন হওঁক।
Maldito seja o dia em que nasci! O dia em que minha mãe me teve não seja bendito!
15 ১৫ তোমাৰ পুত্ৰ সন্তান জন্মিল বুলি যি মানুহে মোৰ পিতৃক সম্বাদ দি আনন্দ কৰিছিল, তেৱোঁ অভিশপ্ত হওঁক।
Maldito seja o homem que deu as novas a meu pai, dizendo, Um filho macho te nasceu, trazendo-lhe assim muita alegria.
16 ১৬ সেই মানুহ, যিহোৱাই ক্ষমা নকৰি উৎপাত কৰা নগৰ কেইখনৰ নিচিনা হওঁক। তেওঁ ৰাতিপুৱা চিঞঁৰ আৰু দুপৰ বেলা উচ্চ-ধ্বনি শুনক।
E seja tal homem como as cidades que o SENHOR assolou sem se arrepender; e ouça gritos de manhã, e clamores ao meio dia;
17 ১৭ কাৰণ সি গৰ্ভতে মোক মাৰি নেপেলালে; তাকে কৰা হ’লে, মোৰ মাতৃয়েই মোৰ মৈদাম হ’লহেতেন, আৰু তেওঁৰ গৰ্ভ সদায় ভাৰী হৈ থাকিলহেতেন।
Por ele não ter me matado no ventre, de modo que minha mãe teria sido minha sepultura, e o ventre uma gravidez perpétua.
18 ১৮ মোৰ দিন লাজেৰে অন্ত হবৰ বাবে, পৰিশ্ৰম আৰু শোক দেখিবলৈ মই কিয় গৰ্ভৰ পৰা বাহিৰ হলোঁ?”
Para que saí do ventre? Para ver trabalho e dor, e meus dias serem gastos com vergonha?