< যেরেমিয়া 2 >

1 যিহোৱাই আৰু এটি বাক্য মোক দিলে,
The LORD’s word came to me, saying,
2 যেন, কাণে শুনাকৈ যিৰূচালেমৰ প্রতিজনলৈ এই কথা প্ৰচাৰ কৰা হয়। আৰু তেওঁ কৈছিল যে, মই যেন এই কথা তেওঁলোকক কওঁ: “মই, যিহোৱাৰ, অতি পুৰ্বে তুমি মোক মানি চলা আৰু আমাৰ অংগীকাৰত বিশ্বাস কৰা সেই সকলো কথা মোৰ মনত আছে। বাগ্দান কৰা কালত কন্যাই দৰাক কৰাৰ দৰে মোক আনন্দিত কৰিছিলা; তুমি মোক প্রেম কৰিছিলা, আৰু মৰুভূমিৰ মাজেৰে মোৰ পাছে পাছে তুমি গমন কৰিছিলা;
“Go and proclaim in the ears of Jerusalem, saying, ‘The LORD says, “I remember for you the kindness of your youth, your love as a bride, how you went after me in the wilderness, in a land that was not sown.
3 সেই কালত তুমি ইস্রায়েল মোলৈ নিলগে আছিলা; শস্যৰ প্ৰথমে পকা ফলৰ গৰাকি হোৱাৰ দৰে তোমালোক মোৰ আছিলা। যিসকলে মোৰ লোকসকলক অনিষ্ট কৰিছিল, তেওঁলোকৰ প্রতি দণ্ডাজ্ঞা দিবলৈ আৰু দুৰ্যোগ পঠিয়াবলৈ মই প্রতিজ্ঞা কৰিছিলোঁ। মই, যিহোৱাই কৈছিলোঁ যে, এইবোৰ ঘটিব, ঠিক তেনেদৰেই এইবোৰ অমঙ্গল ঘটিব।”
Israel was holiness to the LORD, the first fruits of his increase. All who devour him will be held guilty. Evil will come on them,”’ says the LORD.”
4 হে যাকোবৰ বংশ, হে ইস্রায়েলৰ আটাই লোকসকল,
Hear the LORD’s word, O house of Jacob, and all the families of the house of Israel!
5 যিহোৱাই কি কৈছে, সেই বাক্য শুনা: “যিহোৱাই তোমালোকৰ পূৰ্বপুৰুষসকলে কি অন্যায় পালে, যে, তেওঁলোক মোৰ পৰা আঁতৰ হৈ গৈ, অসাৰৰ পাছত চলি অসাৰ হল?
The LORD says, “What unrighteousness have your fathers found in me, that they have gone far from me, and have walked after worthless vanity, and have become worthless?
6 তেওঁলোকে নকলে, যে, যি জনাই মিচৰ দেশৰ পৰা আমাক উলিয়াই আনিছিল, যি জনাই মৰুভূমিৰ মাজেদি, বালুকাময় আৰু গুহাময় দেশৰ মাজেদি, খৰাং আৰু মৃত্যুচ্ছায়াস্বৰূপ দেশৰ মাজেদি পথিক নচলা আৰু নিবাসী নথকা দেশৰ মাজেদি আমাক লৈ আহিছিল, সেই যিহোৱা ক’ত?
They didn’t say, ‘Where is the LORD who brought us up out of the land of Egypt, who led us through the wilderness, through a land of deserts and of pits, through a land of drought and of the shadow of death, through a land that no one passed through, and where no man lived?’
7 মই তোমালোকক এখন উদ্যানময় দেশলৈ, তাৰ ফল আৰু উত্তম উত্তম বস্তু ভোজন কৰিবলৈ আনিছিলোঁ, কিন্তু যেতিয়া তোমালোকে সোমালা, তেতিয়া তোমালোকে মোৰ দেশ অশুচি কৰিলা আৰু মোৰ আধিপত্য ঘিণলগীয়া কৰিলা।
I brought you into a plentiful land to eat its fruit and its goodness; but when you entered, you defiled my land, and made my heritage an abomination.
8 ‘এতিয়া যিহোৱা ক’ত’ বুলি তোমালোকৰ পুৰোহিতসকলে নক’লে, আৰু ব্যৱস্থাত পাৰ্গতলোকে মোক নাজানিলে, আৰু তোমালোককৰ পালকসকলেও মোৰ বিৰুদ্ধে অধৰ্ম-আচৰণ কৰিলে, আৰু ভাববাদীসকলেও বালৰ নামেৰে ভাববাণী প্ৰচাৰ কৰিলে আৰু অনুপকাৰী বস্তুৰ পাছত চলিলে।”
The priests didn’t say, ‘Where is the LORD?’ and those who handle the law didn’t know me. The rulers also transgressed against me, and the prophets prophesied by Baal and followed things that do not profit.
9 এই হেতুকে, যিহোৱাই কৈছে, মই তোমালোকৰ লগত আৰু প্ৰতিবাদ কৰিম, আৰু তোমালোকৰ পো-নাতিসকলৰ সৈতেও প্ৰতিবাদ কৰিম।
“Therefore I will yet contend with you,” says the LORD, “and I will contend with your children’s children.
10 ১০ কিয়নো, তোমালোকে কিত্তীম দ্বীপবোৰলৈ পাৰ হৈ গৈ চোৱা, আৰু কেদৰলৈ মানুহ পঠোৱা, তাত এনেকুৱা কথা কৈছে নে নাই তাক চোৱা ভালকৈ বিবেচনা কৰা, তেওঁলোকৰ দেশৰ কোনো লোকে এনে কাম কৰা নাই, যিবিলাক তোমালোকৰ লোকসকলে কৰিলে!
For pass over to the islands of Kittim, and see. Send to Kedar, and consider diligently, and see if there has been such a thing.
11 ১১ যিবোৰ ঈশ্বৰ নহয়, এনে দেৱতাবোৰক কোনো এক জাতিয়ে জানো সলনি কৰিছিল? কিন্তু মোৰ প্ৰজাসকলে উপকাৰ নকৰা বস্তুৰ লগত নিজৰ গৌৰৱ সলনি কৰিলে।
Has a nation changed its gods, which really are no gods? But my people have changed their glory for that which doesn’t profit.
12 ১২ যিহোৱাই কৈছে, হে আকাশ-মণ্ডল, ইয়াত বিস্ময় মানা, ভয়ত নোম শিয়ৰোৱা, অতিশয় তধা লগা।
“Be astonished, you heavens, at this and be horribly afraid. Be very desolate,” says the LORD.
13 ১৩ কিয়নো মোৰ প্ৰজাসকলে দুটা দোষ কৰিলে; তেওঁলোকে জীৱন্ত জলৰ ভুমুকস্বৰূপ মোক ত্যাগ কৰিলে, আৰু তেওঁলোকে নিজৰ কাৰণে জলাধাৰ, পানী ৰাখিব নোৱাৰা ভগা জলাধাৰ খানিলে।
“For my people have committed two evils: they have forsaken me, the spring of living waters, and cut out cisterns for themselves: broken cisterns that can’t hold water.
14 ১৪ ইস্ৰায়েল জানো বন্দী? বা তেওঁলোক জানো ঘৰ-ওপজা বন্দী?
Is Israel a slave? Is he born into slavery? Why has he become a captive?
15 ১৫ তেন্তে তেওঁলোকে কিয় লুটদ্ৰব্য হৈছে? ডেকা সিংহবোৰে তাৰ ওপৰত গৰ্জ্জিছে, গৰ্জ্জন কৰিছে; সিহঁতে তাৰ দেশ উচ্ছন্ন কৰিলে। তাৰ নগৰবোৰ দগ্ধ হৈ নিবাসীহীন হৈছে।
The young lions have roared at him and raised their voices. They have made his land waste. His cities are burned up, without inhabitant.
16 ১৬ নোফৰ আৰু তহ্পন্হেচৰ সন্তান সকলেও তোমালোকৰ মূৰৰ তালু টকলা কৰিলে।
The children also of Memphis and Tahpanhes have broken the crown of your head.
17 ১৭ তোমাৰ ঈশ্বৰে তোমাক পথেদি লৈ যোৱা সময়ত তোমাৰ ঈশ্বৰ যিহোৱাক তুমি পৰিত্যাগ কৰাত, তুমি জানো নিজে নিজক ইয়াক ঘটোৱা নাই?
“Haven’t you brought this on yourself, in that you have forsaken the LORD your God, when he led you by the way?
18 ১৮ আৰু এতিয়া চীহোৰৰ জল পান কৰিবলৈ মিচৰৰ বাটত তোমাৰ কি কাম আছে? আৰু ফৰাৎ নদীৰ জল পান কৰিবলৈ অচুৰৰ বাটত তোমাৰ কি কাম আছে?
Now what do you gain by going to Egypt, to drink the waters of the Shihor? Or why do you go on the way to Assyria, to drink the waters of the River?
19 ১৯ তোমাৰ নিজ দুষ্টতাই তোমাক শাস্তি দিব, আৰু তোমাৰ অপথে যোৱাই তোমাক ধমকি দিব। এই হেতুকে তুমি ঈশ্বৰ যিহোৱাক ত্যাগ কৰা আৰু অন্তৰত মোৰ ভয় নৰখা যে বেয়া আৰু তিতা, ইয়াক জ্ঞাত হৈ বুজা, এয়ে প্ৰভু বাহিনীসকলৰ যিহোৱাৰ বচন।
“Your own wickedness will correct you, and your backsliding will rebuke you. Know therefore and see that it is an evil and bitter thing, that you have forsaken the LORD your God, and that my fear is not in you,” says the Lord, GOD of Armies.
20 ২০ কিয়নো বহুকাল হ’ল, তুমি তোমাৰ যুৱলি ভাঙিলা; আৰু যোঁত-জৰী চিঙি ক’লা, “মই পৰাধীন নহম,” কাৰণ তুমি প্ৰত্যেক ওখ পৰ্ব্বতত, আৰু কেঁচাপতীয়া গছৰ তলত মূৰ দোৱাই বেশ্যাকৰ্ম কৰিলা।
“For long ago I broke off your yoke, and burst your bonds. You said, ‘I will not serve;’ for on every high hill and under every green tree you bowed yourself, playing the prostitute.
21 ২১ তথাপি মই তোমাক উত্তম দ্ৰাক্ষালতা বুলি, সকলোভাবে প্ৰকৃত গুটি বুলি ৰুইছিলোঁ; তেন্তে তুমি কেনেকৈ মোৰ গুৰিত বিজাতীয় দ্ৰাক্ষালতাৰ নৰম ডালত পৰিবৰ্ত্তন হলা?
Yet I had planted you a noble vine, a pure and faithful seed. How then have you turned into the degenerate branches of a foreign vine to me?
22 ২২ কিয়নো যদিও খাৰেৰে নিজৰ গা ধোৱা, আৰু অনেক চাবোন লগোৱা, তথাপি মোৰ দৃষ্টিত তোমাৰ অপৰাধ দাগস্বৰূপ হৈ থাকিব, এয়েই সত্য, কিয়নো ইয়াক প্ৰভু যিহোৱাই কৈছে।
For though you wash yourself with lye, and use much soap, yet your iniquity is marked before me,” says the Lord GOD.
23 ২৩ তুমি কেনেকৈ কব পৰা, যে, মই অশুচি নহওঁ, বালদেৱতাবোৰৰ পাছত চলা নাই? উপত্যকাত কৰা তোমাৰ আচাৰ-ব্যৱহাৰ চোৱা, তুমি কি কৰিলা, তাক জ্ঞাত হোৱা; তুমি তোমাৰ পথত পকোৱা-পকিকৈ ভ্ৰমি ফুৰোঁতা এজনী বেগীউটৰ নিচিনা।
“How can you say, ‘I am not defiled. I have not gone after the Baals’? See your way in the valley. Know what you have done. You are a swift dromedary traversing her ways,
24 ২৪ তুমি নিজ অভিলাষত বায়ু সুঙি ফুৰা অৰণ্যত অভ্যাস হোৱা এজনী বনৰীয়া গাধৰ নিচিনা; তাই কামাতুৰ হোৱা সময়ত কোনে তাইক ওলোটাব পাৰে? তাইলৈ অভিলাষ কৰি বিচৰাবোৰে ভাগৰ নাপাব, তাইৰ নিয়মিত মাহত তাইক পাব।
a wild donkey used to the wilderness, that sniffs the wind in her craving. When she is in heat, who can turn her away? All those who seek her will not weary themselves. In her month, they will find her.
25 ২৫ তুমি তোমাৰ ভৰি পইজাৰ নোহোৱা হবলৈ, আৰু ডিঙিৰ নলী শুকান হবলৈ নিদিবা। কিন্তু তুমি কৈছা, “ইয়াত আশা নাই, সমূলি নাই; কিয়নো মই বিদেশীসকলক প্ৰেম কৰোঁ, তেওঁলোকৰেই পাছত চলিম!”
“Keep your feet from being bare, and your throat from thirst. But you said, ‘It is in vain. No, for I have loved strangers, and I will go after them.’
26 ২৬ চোৰ ধৰা পৰিলে যেনেকৈ সি লাজত পৰে, তেনেকৈ ইস্ৰায়েল বংশই লাজ পাইছে। তেওঁলোক, তেওঁলোকৰ ৰজা, অধ্যক্ষ, পুৰোহিত আৰু ভাববাদীসকলে লাজ পাইছে।
As the thief is ashamed when he is found, so the house of Israel is ashamed— they, their kings, their princes, their priests, and their prophets,
27 ২৭ তেওঁবিলাক প্ৰতিজনে এডোখৰ কাঠক, ‘তুমি মোৰ পিতৃ!’ এইবুলি, আৰু এটা শিলক, তুমি মোক উৎপন্ন কৰিলা ‘তুমি মোৰ মাতৃ!’ এইবুলি কয়; কিয়নো তেওঁলোকে মোৰ ফালে মূৰ নকৰি পিঠিহে দিলে; কিন্তু আপদৰ দিনত তেওঁলোকে কব, তুমি উঠি আমাক উদ্ধাৰ কৰা!
who tell wood, ‘You are my father,’ and a stone, ‘You have given birth to me,’ for they have turned their back to me, and not their face, but in the time of their trouble they will say, ‘Arise, and save us!’
28 ২৮ তুমি নিজৰ কাৰণে যি দেৱতাবোৰ সাজিলা, তোমাৰ সেই দেৱতাবোৰ ক’ত? সেইবোৰেই উঠি, যদি পাৰে, তেন্তে আপদৰ সময়ত তোমাক নিস্তাৰ কৰক; কিয়নো হে যিহূদা, তোমাৰ যিমান নগৰ, সিমান তোমাৰ দেৱতা আছে।
“But where are your gods that you have made for yourselves? Let them arise, if they can save you in the time of your trouble, for you have as many gods as you have towns, O Judah.
29 ২৯ যিহোৱাই কৈছে, তোমালোকে কিয় মোৰ লগত প্ৰতিবাদ কৰিছা? তোমালোক সকলোৱেই মোলৈ বিদ্রোহ আচৰণ কৰিছা?
“Why will you contend with me? You all have transgressed against me,” says the LORD.
30 ৩০ মই তোমালোকৰ সন্তান সকলক বৃথা প্ৰহাৰ কৰিলোঁ; তেওঁলোকে শাস্তি নুবুজিলে; বৰং তোমালোকৰ নিজৰ তৰোৱালেই বিনাশক সিংহৰ দৰেই তোমালোকৰ ভাববাদীসকলক গ্ৰাস কৰিলে।
“I have struck your children in vain. They received no correction. Your own sword has devoured your prophets, like a destroying lion.
31 ৩১ তেন্তে হে বৰ্ত্তমান কালৰ লোকসকল, তোমালোকে যিহোৱাৰ বাক্য আলোচনা কৰা। ইস্ৰায়েলৰ পক্ষে মই জানো অৰণ্য বা অন্ধকাৰময় দেশস্বৰূপ? তেন্তে মোৰ প্ৰজাসকলে কিয় কয় যে, আমি মুকলি হ’লো, আমি তোমাৰ ওচৰলৈ আৰু নাযাওঁ?’
Generation, consider the LORD’s word. Have I been a wilderness to Israel? Or a land of thick darkness? Why do my people say, ‘We have broken loose. We will come to you no more’?
32 ৩২ যুৱতীয়ে জানো নিজৰ অলঙ্কাৰ বা কন্যাই জানো নিজৰ পিন্ধা সাজ পাহৰিব পাৰে? কিন্তু মোৰ প্ৰজাসকলে অসংখ্য দিন মোক পাহৰি আছে।
“Can a virgin forget her ornaments, or a bride her attire? Yet my people have forgotten me for days without number.
33 ৩৩ তুমি প্ৰেম বিচাৰিবলৈ কেনে সুন্দৰৰূপে নিজ পথ যুগুত কৰিছা। এই কাৰণে দুষ্ট স্ত্রীসকলকো তুমি নিজ পথ শিকালা।
How well you prepare your way to seek love! Therefore you have even taught the wicked women your ways.
34 ৩৪ তোমাৰ বস্ত্ৰৰ আঁচলতে নিৰ্দ্দোষী দৰিদ্ৰ প্ৰাণীবোৰৰ তেজ পোৱা গৈছে; মই বৰকৈ বিচাৰি বিচাৰি যে তাক পালোঁ, এনে নহয়, কিন্তু সেই সকলোৰে ওপৰত তাক পালোঁ।
Also the blood of the souls of the innocent poor is found in your skirts. You didn’t find them breaking in, but it is because of all these things.
35 ৩৫ তথপি তুমি কৈছা, মই নিৰ্দ্দোষী, অৱশ্যে মোৰ পৰা তেওঁৰ ক্ৰোধ ঘূৰিল। চোৱা, মই পাপ কৰা নাই, তুমি এই কথা কোৱাৰ কাৰণে, মই তোমাৰে সৈতে বিচাৰস্থানত সোমাম।
“Yet you said, ‘I am innocent. Surely his anger has turned away from me.’ “Behold, I will judge you, because you say, ‘I have not sinned.’
36 ৩৬ তুমি তোমাৰ পথ সলনি কৰিবৰ মনেৰে কিয় ইমানকৈ ভ্ৰমণ কৰিছা? তুমি অচুৰৰ পৰা যেনেকৈ লাজ পাইছিলা, তেনেকৈ মিচৰৰ পৰাও লাজ পাবা।
Why do you go about so much to change your ways? You will be ashamed of Egypt also, as you were ashamed of Assyria.
37 ৩৭ অৱশ্যে তাৰ ওচৰৰ পৰাও মূৰত হাত দি গুচি যাবা; কিয়নো যিহোৱাই তোমাৰ আশ্ৰয়স্থানবোৰ অগ্ৰাহ্য কৰিলে; সেইবোৰত তোমাৰ কুশল নহব।”
You will also leave that place with your hands on your head; for the LORD has rejected those in whom you trust, and you won’t prosper with them.

< যেরেমিয়া 2 >