< যেরেমিয়া 19 >
1 ১ যিহোৱাই এই কথা ক’লে, “তুমি গৈ কুমাৰৰ এটা টেকেলি কিনা, আৰু প্ৰজাসকলৰ জনচাৰেক ও পুৰোহিতসকলৰ জনচাৰেক বৃদ্ধ লোকসকল
Hæc dicit Dominus: Vade, et accipe lagunculam figuli testeam a senioribus populi et a senioribus sacerdotum,
2 ২ খোলা-কটি পৰি থকা দুৱাৰৰ সোমোৱা ঠাইৰ ওচৰত থকা হিন্নোমৰ পুতেকৰ উপত্যকালৈ ওলাই যোৱা, আৰু মই তোমাক বাক্য কম, তাত এই বাক্য প্ৰচাৰ কৰিবা;
et egredere ad vallem filii Ennom, quæ est juxta introitum portæ fictilis: et prædicabis ibi verba quæ ego loquar ad te.
3 ৩ আৰু ক’বা, ‘হে যিহূদাৰ ৰজাসকল, হে যিৰূচালেম-নিবাসীসকল! যিহোৱাৰ বাক্য শুনা, ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: চোৱা! মই ঠাইলৈ অমঙ্গল ঘটাম; যেয়ে তাক শুনিব, তাৰেই নোম শিয়ৰি উঠিব।
Et dices: [Audite verbum Domini, reges Juda, et habitatores Jerusalem. Hæc dicit Dominus exercituum, Deus Israël: Ecce ego inducam afflictionem super locum istum, ita ut omnis qui audierit illam, tinniant aures ejus,
4 ৪ তেওঁলোকে মোক ত্যাগ কৰিলে, এই ঠাই বিজাতীয় ঠাই কৰিলে, আৰু তেওঁলোক, তেওঁলোকৰ পূৰ্বপুৰুষসকল আৰু যিহূদাৰ ৰজাসকলে নজনা ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে এই ঠাইত ধূপ জ্বলালে আৰু নিৰ্দ্দোষী লোকসকলৰ তেজেৰে এই ঠাই পৰিপূৰ্ণ কৰিলে।
eo quod dereliquerint me, et alienum fecerint locum istum, et libaverunt in eo diis alienis quos nescierunt, ipsi et patres eorum, et reges Juda: et repleverunt locum istum sanguine innocentum,
5 ৫ তেওঁলোকে বালৰ উদ্দেশ্যে হোম-বলিস্বৰূপে নিজ নিজ পুতেকসকলক জুইত পুৰিবলৈ, বালৰ কাৰণে ওখ ঠাইবোৰ সাজিলে, ইয়াক মই আজ্ঞা কৰা নাছিলোঁ, কোৱা নাছিলোঁ, বা মোৰ মনত উদয়ো হোৱা নাছিল।
et ædificaverunt excelsa Baalim, ad comburendos filios suos igni in holocaustum Baalim: quæ non præcepi, nec locutus sum, nec ascenderunt in cor meum.
6 ৬ এই কাৰণে যিহোৱাই কৈছে, চোৱা, “যি দিনা এই ঠাই তোফৎ, বা হিন্নোমৰ পুতেকৰ উপত্যকা বুলি আৰু প্ৰখ্যাত হ’ব, এনে দিন আহিছে।
Propterea ecce dies veniunt, dicit Dominus, et non vocabitur amplius locus iste Topheth, et vallis filii Ennom, sed vallis occisionis.
7 ৭ আৰু মই এই ঠাইত যিহূদাৰ আৰু যিৰূচালেমৰ মন্ত্ৰণা ব্যৰ্থ কৰিম আৰু শত্ৰূবোৰৰ আগত তৰোৱালৰ দ্বাৰাই, আৰু তেওঁলোকৰ প্ৰাণ লবলৈ বিচাৰি ফুৰাবোৰৰ হাতৰ দ্বাৰাই তেওঁলোকক পতিত কৰোৱাম, আৰু তেওঁলোকৰ শৱ আকাশৰ চৰাইবোৰক আৰু পৃথিৱীত ফুৰা জন্তুবোৰক খাবলৈ দিম।
Et dissipabo consilium Juda et Jerusalem in loco isto, et subvertam eos gladio in conspectu inimicorum suorum, et in manu quærentium animas eorum: et dabo cadavera eorum escam volatilibus cæli et bestiis terræ.
8 ৮ আৰু তেতিয়া মই এই নগৰ বিস্ময় মনাৰ আৰু ইচ্ ইচ্ কৰাৰ বিষয় কৰিম; যি কোনোৱে তাৰ ওচৰেদি যাব, তেওঁ বিস্ময় মানিব, আৰু তালৈ ঘটা আটাই মহামাৰীৰ উৎপাত দেখি ইচ্ ইচ্ কৰিব।
Et ponam civitatem hanc in stuporem, et in sibilum: omnis qui præterierit per eam obstupescet, et sibilabit super universa plaga ejus.
9 ৯ আৰু নগৰ অৱৰোধ কৰা সময়ত, শত্ৰূবোৰৰ আৰু প্ৰাণ লবলৈ বিচাৰি ফুৰাবোৰৰ দ্বাৰাই ঘটা সঙ্কটৰ কালত, মই তেওঁলোকক নিজ নিজ পো-জীৰ মাংস ভোজন কৰিব আৰু তেওঁলোকে নিজ নিজ বন্ধুৰ মাংস খাব’।”
Et cibabo eos carnibus filiorum suorum et carnibus filiarum suarum: et unusquisque carnem amici sui comedet in obsidione, et in angustia in qua concludent eos inimici eorum, et qui quærunt animas eorum.]
10 ১০ পাছে তোমাৰ লগত যোৱা পুৰুষসকলৰ আগতে তুমি সেই টেকেলিতো ভাঙি পেলাবা,
Et conteres lagunculam in oculis virorum qui ibunt tecum,
11 ১১ আৰু তেওঁলোকক ক’বা, বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে, “কুমাৰৰ যি পাত্ৰ ভাঙিলে পুনৰায় বনাব নোৱাৰে, এনে পাত্ৰ ভঙাৰ দৰে মই এই জাতি আৰু এই নগৰ ভাঙি পেলাম; তাতে তোফতত পুতিবলৈ ঠাই নোহোৱালৈকে তেওঁলোকে তাত মৰা শৱ পুতি থাকিব।
et dices ad eos: [Hæc dicit Dominus exercituum: Sic conteram populum istum, et civitatem istam, sicut conteritur vas figuli, quod non potest ultra instaurari: et in Topheth sepelientur, eo quod non sit alius locus ad sepeliendum.
12 ১২ যিহোৱাই কৈছে, মই এই ঠাইলৈ, আৰু ইয়াৰ নিবাসীসকললৈ এইদৰেই কৰিম, এনে কি, মই এই নগৰ তোফতৰ নিচিনা কৰিম।
Sic faciam loco huic, ait Dominus, et habitatoribus ejus, et ponam civitatem istam sicut Topheth.
13 ১৩ গতিকে যিৰূচালেমৰ আৰু যিহূদাৰ ৰজাসকলৰ অশুচি কৰা ঘৰবোৰ, এনে কি, যি ঘৰবোৰৰ চালত তেওঁলোকে আকাশ-মণ্ডলৰ বাহিনীসকলৰ উদ্দেশ্যে ধূপ জ্বলায়, আৰু ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালে, সেই ঘৰবোৰ তোফতৰ ঠাইৰ নিচিনা হ’ব’।”
Et erunt domus Jerusalem, et domus regum Juda, sicut locus Topheth, immundæ, omnes domus in quarum domatibus sacrificaverunt omni militiæ cæli, et libaverunt libamina diis alienis.]
14 ১৪ পাছে যিহোৱাই যিৰিমিয়াক ভাববাণী প্ৰচাৰ কৰিবৰ অৰ্থে যি তোফতলৈ পঠাইছিল, তাৰ পৰা তেওঁ আহি যিহোৱাৰ গৃহৰ চোতালত থিয় হৈ আটাই লোকসকলক ক’লে:
Venit autem Jeremias de Topheth, quo miserat eum Dominus ad prophetandum, et stetit in atrio domus Domini, et dixit ad omnem populum:
15 ১৫ “ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই এই নগৰ আৰু তাৰ সকলো উপনগৰৰ ওপৰত, তাৰ বিৰুদ্ধে মই কোৱা সকলো অমঙ্গল ঘটাম; কাৰণ, মোৰ বাক্য নুশুনিবৰ বাবে তেওঁলোকে নিজ নিজ ডিঙি ঠৰ কৰিলে’।”
Hæc dicit Dominus exercituum, Deus Israël: Ecce ego inducam super civitatem hanc, et super omnes urbes ejus, universa mala quæ locutus sum adversum eam, quoniam induraverunt cervicem suam ut non audirent sermones meos.