< যেরেমিয়া 18 >
1 ১ যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল,
Jen estas la vorto, kiu aperis al Jeremia de la Eternulo:
2 ২ বোলে, “তুমি উঠি কুমাৰৰ ঘৰলৈ নামি যোৱা, আৰু তাতেই মই তোমাক মোৰ বাক্য শুনাম।”
Leviĝu kaj iru en la domon de la potisto, kaj tie Mi aŭdigos al vi Miajn vortojn.
3 ৩ তেতিয়া মই কুমাৰৰ ঘৰলৈ নামি গ’লো, আৰু চোৱা! কুমাৰে তাৰ চাকত নিজৰ কাম কৰি আছে।
Kaj mi iris en la domon de la potisto, kaj jen li laboras sur la stablo.
4 ৪ আৰু তেওঁ মাটিৰে তৈয়াৰ কৰা পাত্ৰ তেওঁৰ হাতত বেয়া হোৱা দেখি, তেওঁ তাক লৈ পুনৰায় নিজ ইচ্ছামতে আন এটা পাত্ৰ বনালে।
Kaj kiam difektiĝis en la mano de la potisto la vazo, kiun li estis faranta el argilo, li faris denove alian vazon, kian al li plaĉis fari.
5 ৫ তেতিয়া যিহোৱাৰ পৰা মোলৈ বাক্য আহিল আৰু ক’লে,
Tiam aperis al mi la jena vorto de la Eternulo:
6 ৬ যিহোৱাই কৈছে, “হে ইস্ৰায়েল বংশ, এই কুমাৰৰ দৰে তোমালোকৰ লগত মই জানো ব্যৱহাৰ কৰিব নোৱাৰোঁ?” “হে ইস্ৰায়েল-বংশ, চোৱা! যেনেকৈ কুমাৰৰ হাতত মাটি, তেনেকৈ মোৰ হাতত তোমালোক আছা।
Ĉu Mi ne povas agi kun vi, ho domo de Izrael, kiel tiu potisto? diras la Eternulo; jen kiel la argilo en la mano de la potisto, tiel vi estas en Mia mano, ho domo de Izrael.
7 ৭ যি মুহুৰ্ত্ততে তুমি কোনো এক জাতি আৰু কোনো এক ৰাজ্যৰ বিষয়ে উঘলা, ভঙা আৰু তাক বিনষ্ট কৰা কথা কওঁ,
Unu momenton Mi decidas pri popolo kaj pri regno, ke Mi ĝin elŝiros, disfrapos, kaj pereigos;
8 ৮ মই কোৱা সেই জাতি যদি সেই মুহুৰ্ত্ততে তেওঁলোকৰ দুষ্টতাৰ পৰা ঘূৰে, তেন্তে মই তেওঁলোকলৈ কৰিব খোজা মঙ্গলৰ পৰা মন পালটাম।
sed se tiu popolo pentas sian malbonecon, pro kiu Mi decidis pri ĝi, tiam Mi ankaŭ pentas pri la malfeliĉo, kiun Mi intencis fari al ĝi.
9 ৯ আৰু যি মুহুৰ্ত্ততে কোনো এক জাতি আৰু কোনো এক ৰাজ্যৰ বিষয়ে সজা আৰু ৰোৱা কথা কওঁ,
Alian fojon Mi decidas pri popolo kaj pri regno, ke Mi ĝin fortikigos kaj enradikigos;
10 ১০ সেই মুহুৰ্ত্ততে যদি সেই জাতিয়ে মোৰ বাক্য পালন নকৰি মোৰ সাক্ষাতে কু-আচৰণ কৰে, তেন্তে মই তেওঁলোকলৈ কৰিব খোজা মঙ্গলৰ পৰা মন পালটাম।
sed se ĝi faras malbonon antaŭ Miaj okuloj, ne aŭskultante Mian voĉon, tiam Mi pentas pri la bono, kiun Mi intencis fari al ĝi.
11 ১১ এই হেতুকে এতিয়া তুমি যিহূদাৰ লোকসকলক আৰু যিৰূচালেম-নিবাসীসকলক কোৱাগৈ, যিহোৱাই এইদৰে কৈছে, “চোৱা, মই তোমালোকৰ বিৰুদ্ধে মঙ্গল-চিন্তা কৰিছোঁ। আৰু তোমালোকৰ অহিতে কল্পনা কৰিছোঁ; তোমালোক প্ৰতিজনে নিজ নিজ কু-পথৰ পৰা ওলটা, নিজ নিজ পথ আৰু কাৰ্য শুধৰোৱা।”
Kaj nun diru al la Judoj kaj al la loĝantoj de Jerusalem jene: Tiele diras la Eternulo: Jen Mi preparas por vi malbonon kaj havas intencon kontraŭ vi; revenu do ĉiu de sia malbona vojo, kaj rebonigu vian konduton kaj viajn agojn.
12 ১২ কিন্তু তেওঁলোকে কয়, ‘কি কাম আছে? কিয়নো আমি নিজ নিজ কল্পনা অনুসাৰে চলিম, আৰু প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে কাৰ্য কৰিম’।”
Sed ili diras: Vane, ni sekvos niajn intencojn, kaj ĉiu el ni agos laŭ la obstineco de sia malbona koro.
13 ১৩ এই হেতুকে যিহোৱাই এইদৰে কৈছে: “তোমালোকে এতিয়া জাতি সমূহৰ মাজত সোধা, এনে কথা কোনে শুনিলে? কুমাৰী ইস্ৰায়েলে অতিশয় নোম শিয়ৰি যোৱা কাৰ্য কৰিলে।
Tial tiele diras la Eternulo: Demandu inter la nacioj, ĉu iu aŭdis ion similan; multe da abomenindaĵoj faris la filino de Izrael.
14 ১৪ লিবানোনৰ হিমে জানো দেশৰ মাজত থকা এই পৰ্ব্বতকেইটাক ত্যাগ কৰে? বা দূৰৰ পৰা বৈ অহা শীতল জলৰ জুৰি জানো শুকায়?
Ĉu la neĝo de Lebanon ĉesas liveri akvon al Miaj kampoj? ĉu ĉesigas sian iradon la malvarma akvo, fluanta de malproksime?
15 ১৫ কিয়নো মোৰ প্ৰজাসকলে মোক পাহৰিলে, তেওঁলোকে অসাৰ দেৱতাবোৰৰ উদ্দেশ্যে ধুপ জ্বলালে; আৰু তেওঁলোকৰ দেশ আচৰিতৰ আৰু সদায় ইচ্ ইচ্ কৰাৰ বিষয় কৰিবৰ বাবে,
Sed Mia popolo forgesis Min, incensas al idoloj; per sia konduto ili senordigas la vojojn eternajn, por iri laŭ vojo ne ebenigita,
16 ১৬ নবন্ধা পথ সৰু সৰু বাটত ফুৰাবলৈ সেইবোৰে তেওঁলোকৰ বাটত, প্ৰাচীন পথত উজুটি খুৱালে। যি কোনোৱে সেই দেশেদি যাব, তেওঁ আচৰিত হৈ নিজৰ মূৰ জুকাৰিব।
por fari sian landon dezerto, eterna mokataĵo, tiel, ke ĉiu, kiu trapasas ĝin, miras kaj balancas la kapon.
17 ১৭ মই পূব ফালৰ বতাহৰ দৰে শত্ৰূবোৰৰ আগত তেওঁলোকক চিন্ন-ভিন্ন কৰিম; তেওঁলোকৰ সঙ্কটৰ কালত মই তেওঁলোকক মুখ নেদেখুৱাই পিঠি দেখুৱাম।
Kiel per orienta vento Mi disblovos ilin antaŭ la malamiko; la nukon kaj ne la vizaĝon Mi montros al ili en la tago de ilia pereo.
18 ১৮ তেতিয়া তেওঁলোকে ক’লে, ‘আহাঁ, আমি যিৰিমিয়াৰ অহিতে কু-মন্ত্ৰণা কৰোঁহক; কিয়নো পুৰোহিতৰ পৰা ব্যৱস্থা, জ্ঞানীসকলৰ পৰা মন্ত্ৰণা আৰু ভাববাদীৰ পৰা বাক্য লুপ্ত নহ’ব; আহাঁ, আমি জিভাৰে তাক প্ৰহাৰ কৰোঁ, তাৰ কোনো বাক্যত মন নিদিওঁ।
Ili diris: Ni iru kaj interkonsiliĝu kontraŭ Jeremia; ĉar ne malaperis la leĝinstruo ĉe la pastro, nek konsilo ĉe la saĝulo, nek parolo ĉe la profeto; venu, ni batu lin per la lango, kaj ni ne atentu liajn vortojn.
19 ১৯ হে যিহোৱা! মোলৈ মন দিয়া, আৰু মোৰ বিপক্ষবোৰৰ কথা শুনা।
Atentu min, ho Eternulo, kaj aŭskultu la voĉon de miaj kontraŭuloj.
20 ২০ উপকাৰৰ সলনি জানো অপকাৰ কৰা যাব? কিয়নো তেওঁলোকে মোৰ প্ৰাণলৈ গাত খানিলে; মই তেওঁলোকৰ পক্ষে হিত কথা কৈ তেওঁলোকৰ পৰা তোমাৰ ক্ৰোধ থমাবলৈ, তোমাৰ আগত কেনেকৈ থিয় হৈছিলোঁ, তাক সোঁৱৰণ কৰা।
Ĉu oni devas repagi bonon per malbono? ĉar ili fosis foson por mia animo. Memoru, kiel mi staris antaŭ Vi, por paroli bonon pri ili, por forklini de ili Vian koleron.
21 ২১ এই হেতুকে তুমি তেওঁলোকৰ সন্তান সকলক দুৰ্ভিক্ষত সমৰ্পণ কৰা, আৰু তেওঁলোকক তৰোৱালৰ হাতত শোধাই দিয়া; তেওঁলোকৰ স্ত্রীসকল পুত্ৰহীনা আৰু বিধৱা হওঁক, তেওঁলোকৰ পুৰুষবোৰ মহামাৰীত মৰক, আৰু তেওঁলোকৰ ডেকাবোৰ যুদ্ধত তৰোৱালৰ দ্বাৰাই হত হওঁক।
Tial elmetu iliajn filojn al malsato kaj transdonu ilin al glavo; iliaj edzinoj fariĝu seninfanaj kaj vidvinoj, iliaj viroj estu frapitaj de morto, iliaj junuloj estu mortigitaj de glavo en milito.
22 ২২ তুমি তেওঁলোকলৈ অকস্মাতে সৈন্য এদল আনিলে তেওঁলোকৰ ঘৰবোৰৰ পৰা এটি চিঞঁৰ শুনা যাওঁক; কিয়নো তেওঁলোকে মোক ধৰিবলৈ এটা গাত খানিলে, আৰু মোৰ ভৰিলৈ ফান্দ পাতিলে!
Kriado estu aŭdata el iliaj domoj, kiam Vi subite venigos sur ilin amasojn, pro tio, ke ili fosis foson, por kapti min, kaj reton ili metis antaŭ miajn piedojn.
23 ২৩ তথাপি হে যিহোৱা, মোক বধ কৰাবলৈ মোৰ অহিতে কৰা তেওঁলোকৰ সকলো মন্ত্ৰণা তুমি জানি আছা। তুমি তেওঁলোকৰ অপৰাধ ক্ষমা নকৰিবা, নাইবা তেওঁলোকৰ পাপ তোমাৰ দৃষ্টিৰ পৰা মচি নেপেলাবা; কিন্তু তেওঁলোকক তোমাৰ আগত উজুটি খুৱাই পেলোৱা হওঁক, তুমি নিজ ক্ৰোধৰ সময়ত তেওঁলোকলৈ কাৰ্য কৰা।
Vi, ho Eternulo, scias ĉiujn iliajn intencojn kontraŭ mi, por mortigi min; ne pardonu ilian malbonagon, kaj ilian pekon antaŭ Vi ne elviŝu; faligu ilin antaŭ Vi; agu kontraŭ ili en la tempo de Via kolero.