< যেরেমিয়া 16 >
1 ১ এয়েই যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Bákan náà ni ọ̀rọ̀ Olúwa tọ̀ mí wá wí pé:
2 ২ বোলে, “তুমি বিবাহ নকৰিবা, এই ঠাইত তোমাৰ পো-জী হবলৈ নিদিবা।”
“Ìwọ kò gbọdọ̀ ní ìyàwó, bẹ́ẹ̀ ni ìwọ kò gbọdọ̀ ní ọmọkùnrin tàbí ọmọbìnrin níbí yìí.”
3 ৩ কিয়নো, এই ঠাইত ওপজা পো-জীৰ বিষয়ে আৰু এই দেশত তেওঁলোকক প্ৰসৱ কৰা মাতৃসকলৰ, আৰু তেওঁলোকক জন্ম দিয়া পিতৃসকলৰ বিষয়ে যিহোৱাই এইদৰে কৈছে:
Nítorí èyí ni ohun tí Olúwa wí nípa ọmọkùnrin tàbí ọmọbìnrin tí wọ́n bá bí nílẹ̀ yìí, àti ìyá tí ó bí wọn àti baba wọn.
4 ৪ “তেওঁলোকে কষ্টদায়ক মৃত্যুত প্ৰাণত্যাগ কৰিব। আৰু তেওঁলোকৰ কাৰণে কোনেও বিলাপ নকৰিব। তেওঁলোক মাটিৰ ওপৰত সাৰৰ নিচিনাকৈ পৰি থাকিব। আৰু তেওঁলোকক মৈদাম দিয়া নাযাব; ‘তেওঁলোক তৰোৱাল ও আকালৰ দ্বাৰাই হত হ’ব আৰু তেওঁলোকৰ শৱ আকাশৰ চৰাইৰ আৰু পৃথিৱীৰ জন্তুৰ আহাৰ হ’ব।
“Wọn yóò kú ikú ààrùn, wọn kò ní sin wọ́n tàbí ṣọ̀fọ̀ fún wọn. Wọn ó dàbí ìdọ̀tí lórí ilẹ̀; wọn ó ṣègbé pẹ̀lú idà àti ìyàn. Òkú wọn yóò sì di oúnjẹ fún ẹyẹ ojú ọ̀run àti ẹranko ilẹ̀.”
5 ৫ কিয়নো যিহোৱাই এইদৰে কৈছে: “তুমি শোকৰ কোনো ঘৰত নোসোমাবা। তুমি বুকু ভুকুৱাবলৈ নাযাবা, আৰু তেওঁলোকৰ কাৰণে বিলাপ নকৰিবা। কাৰণ, মই এই জাতিৰ পৰা মোৰ শান্তি, এনে কি, দয়া আৰু অনুগ্ৰহ দূৰ কৰিলোঁ!” যিহোৱাই এইদৰেই কৈছে।
Nítorí báyìí ni Olúwa wí: “Má ṣe wọ ilé tí oúnjẹ ìsìnkú wà, má ṣe lọ síbẹ̀ láti káàánú tàbí ṣọ̀fọ̀, nítorí mo ti mú àlàáfíà, ìfẹ́ àti àánú mi kúrò lórí àwọn ènìyàn wọ̀nyí,” ni Olúwa wí.
6 ৬ “এই দেশত থকা বৰ আৰু সৰু লোক মৰিব। তেওঁলোকক মৈদাম দিয়া নাযাব আৰু তেওঁলোকৰ কাৰণে কোনেও বুকু নুভুকুৱাব। আৰু তেওঁলোকৰ কাৰণে কোনেও নিজ ঘা কাট-কুট নকৰিব, বা মূৰ নুখুৰাব।
“Àti ẹni ńlá àti kékeré ni yóò ṣègbé ní ilẹ̀ yìí, wọn kò ní sin wọ́n tàbí ṣọ̀fọ̀ wọn, bẹ́ẹ̀ ni kò sí ẹni tí yóò fá irun orí wọn nítorí wọn.
7 ৭ লোক সকলে মৃত লোকৰ কাৰণে তেওঁলোকক শান্তনা দিবলৈ শোক কৰোঁতে তেওঁলোকক পিঠা নিবিলাব, নাইবা তেওঁলোকৰ পিতৃ কি মাতৃৰ কাৰণে পান কৰিবলৈ লোক সকলে তেওঁলোকক শান্তনাদায়ক পান-পাত্ৰ নিদিব।
Kò sí ẹni tí yóò fi oúnjẹ tu àwọn tí í ṣọ̀fọ̀ nínú, kódà kì í ṣe fún baba tàbí fún ìyá, kì yóò sí ẹni tí yóò fi ohun mímu tù wọ́n nínú.
8 ৮ তুমি তেওঁলোকৰ লগত ভোজন-পান কৰিবৰ অৰ্থে, তেওঁলোকৰ লগত বহিবলৈ ভোজৰ ঘৰত নোসোমাবা।”
“Ìwọ kò gbọdọ̀ lọ sí ilé tí àjọyọ̀ wà, má ṣe jókòó jẹun tàbí mu ohun mímu.
9 ৯ কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: “চোৱা, মই তোমালোকৰ চকুৰ আগতে আৰু তোমালোকৰ দিনতে এই ঠাইৰ পৰা উল্লাসৰ ধ্বনি, আনন্দৰ ধ্বনি, আৰু দৰা-কন্যাৰ ধ্বনি লুপ্ত কৰিম।
Báyìí ni Olúwa àwọn ọmọ-ogun, Ọlọ́run àwọn ọmọ Israẹli wí, Ní ojú yín ní ọjọ́ yín ni òpin yóò dé bá ìró ayọ̀ àti ìdùnnú, àti sí ohùn ìyàwó àti ọkọ ìyàwó ní ibí yìí.
10 ১০ আৰু তেতিয়া তুমি এই জাতিৰ আগত এই সকলো কথা প্ৰচাৰ কৰিবা, আৰু তেওঁলোকে তোমাক ক’ব, যে, ‘যিহোৱাই আমাৰ বিৰুদ্ধে এই মহা বিপদৰ কথা কিয় ক’লে? বা আমাৰ অপৰাধ কি? আমি আমাৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে কৰা আমাৰ পাপ কি?’
“Nígbà tí o bá sọ nǹkan wọ̀nyí fún àwọn ènìyàn yìí, tí wọ́n bá sì bi ọ́ wí pé, ‘Èéṣe tí Olúwa ṣe mú búburú yìí bá wa? Kí ni àṣìṣe tí àwa ṣe? Kín ni ẹ̀ṣẹ̀ tí àwa ṣẹ̀ sí Olúwa Ọlọ́run wa?’
11 ১১ তেতিয়া তুমি তেওঁলোকক ক’বা, ‘যিহোৱাই কৈছে, তোমালোকৰ পূৰ্বপুৰুষসকলে মোক ত্যাগ কৰিলে,’ ইতৰ দেৱতাবোৰৰ পাছত চলিলে, সেইবোৰক সেৱাপূজাও কৰিলে আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰিলে। কিন্তু মোক হ’লে ত্যাগ কৰিলে, মোৰ ব্যৱস্থা পালন নকৰিলে।
Nígbà náà ni ìwọ yóò sọ fún wọn wí pé, ‘Nítorí tí àwọn baba yín ti kọ̀ mí sílẹ̀,’ ni Olúwa wí, ‘tí wọ́n sì tẹ̀lé àwọn òrìṣà mìíràn tí wọ́n ń bọ, tí wọ́n ń sìn, wọ́n kọ̀ mí sílẹ̀ wọn kò sì tẹ̀lé òfin mi mọ́.
12 ১২ আৰু তোমালোক হ’লে তোমালোকৰ পূৰ্বপুৰুষসকলতকৈয়ো অধিক কদাচৰণ কৰিছা, কিয়নো চোৱা! তোমালোক প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে চলি মোৰ কথাত কাণ নিদিয়া।
Ṣùgbọ́n ẹ̀yin ti ṣe búburú ju ti àwọn baba yín lọ. Wò ó bí gbogbo yín ṣe ń rìn, olúkúlùkù yín nínú agídí ọkàn búburú rẹ̀, dípò kí ẹ fi gbọ́ tèmi.
13 ১৩ এই হেতুকে তোমালোকৰ পূৰ্বপুৰুষসকলে আৰু তোমালোকেও যি দেশ জনা নাই, এনে এক দেশলৈ মই এই দেশৰ পৰা তোমালোকক দূৰ কৰি দিম; সেই ঠাইত তোমালোকে দিনে-ৰাতিয়ে ইতৰ দেৱতাবোৰক সেৱাপূজা কৰিবা; কিয়নো মই তোমালোকক অনুগ্ৰহ নকৰিম।
Èmi yóò gbé yin kúrò ní ilẹ̀ yìí lọ sí ilẹ̀ tí baba yín tàbí ẹ̀yin kò mọ̀ rí, níbẹ̀ ni ẹ̀yin yóò ti máa sìn ọlọ́run kéékèèké ní ọ̀sán àti òru nítorí èmi kì yóò fi ojúrere wò yín.’
14 ১৪ এই হেতুকে চোৱা! এনে কোনো দিনবোৰ আহিছে “যিহোৱাই কৈছে”, সেই দিনা লোকসকলে আৰু নক’ব, যে, যি জনাই ইস্ৰায়েলৰ সন্তান সকলক মিচৰ দেশৰ পৰা আনিলে, সেই যিহোৱাৰ জীৱনৰ শপত।’
“Nítorí náà, ọjọ́ náà ń bọ̀ wá,” ni Olúwa wí, “tí àwọn ènìyàn kò ní sọ pé, ‘Dájúdájú Olúwa wà láààyè Olúwa ń bẹ, Ẹni tí ó mú Israẹli jáde kúrò ní Ejibiti.’
15 ১৫ কিন্তু এনেকৈ কব, যে, যি জনাই ইস্ৰায়েলৰ সন্তান সকলক উত্তৰ দেশৰ পৰা, আৰু যি যি দেশলৈ তেওঁলোকক খেদিছিল, সেই সকলো দেশৰ পৰা আনিলে, সেই যিহোৱাৰ জীৱনৰ শপত। মই তেওঁলোকৰ পূৰ্বপুৰুষসকলক যি দেশ দিছিলোঁ, সেই দেশলৈ পুনৰায় তেওঁলোকক আনিম।
Ṣùgbọ́n wọn yóò sọ wí pé, ‘Bí Olúwa ṣe wà nítòótọ́ tí ó mú àwọn ọmọ Israẹli jáde kúrò ní ilẹ̀ àríwá àti ní gbogbo orílẹ̀-èdè tí ó ti lé wọn.’ Bẹ́ẹ̀ ni èmi yóò dá wọn padà sí ilẹ̀ tí mo fún àwọn baba ńlá wọn.
16 ১৬ চোৱা! মই অনেক মাছ-মৰিয়া অনাম, “যিহোৱাই কৈছে”, তেওঁলোকে মাছ ধৰাদি তেওঁলোকক ধৰিব। পাছে মই অনেক ব্যাধ অনাম, তেওঁলোকে চিকাৰীৰ দৰে চিকাৰ কৰি প্ৰত্যেক পৰ্ব্বত, প্ৰত্যেক গিৰি আৰু শিলবোৰৰ খোৰোঙৰ পৰা তেওঁলোকক উলিয়াব।
“Ṣùgbọ́n báyìí, Èmi yóò ránṣẹ́ sí àwọn apẹja púpọ̀,” ni Olúwa wí. “Wọn ó sì dẹ wọ́n lẹ́yìn èyí yìí èmi yóò ránṣẹ́ sí àwọn ọdẹ púpọ̀, wọn yóò dẹ wọ́n lórí gbogbo òkè ńlá àti òkè gíga, àti ní gbogbo pálapàla àpáta.
17 ১৭ কিয়নো তেওঁলোকৰ সকলো পথত মোৰ চকু আছে, তেওঁলোক মোৰ পৰা গুপুতে নাথাকিব বা তেওঁলোকৰ অপৰাধ মোৰ দৃষ্টিত অগোচৰ নহ’ব।
Ojú mi wà ní gbogbo ọ̀nà wọn, wọn kò pamọ́ fún mi bẹ́ẹ̀ ni ẹ̀ṣẹ̀ wọn kò fi ara sin lójú mi.
18 ১৮ মই প্ৰথমে তেওঁলোকৰ অপৰাধ আৰু পাপৰ দুগুন প্ৰতিফল দিম; কিয়নো তেওঁলোকে নিজৰ ঘিণলগীয়া বস্তুৰ শৱেৰে মোৰ দেশ অশুচি কৰিলে, আৰু তেওঁলোকৰ ঘৃণনীয় পদাৰ্থৰে মোৰ আধিপত্য পৰিপূৰ্ণ কৰিলে।
Èmi yóò san ẹ̀san ìwà búburú àti ẹ̀ṣẹ̀ wọn fún wọn ní ìlọ́po méjì, nítorí wọ́n ti ba ilẹ̀ mi jẹ́ pẹ̀lú àwọn ère wọn aláìlẹ́mìí, wọ́n sì fi òkú àti ohun ẹ̀gbin àti ìríra wọn kún ilẹ̀ ìní mi.”
19 ১৯ হে মোৰ বল, হে মোৰ কোঁঠ, আৰু সঙ্কটৰ কালৰ মোৰ আশ্ৰয় হে যিহোৱা, পৃথিৱীৰ অন্তৰ পৰা জাতিবোৰে তোমাৰ ওচৰলৈ আহি ক’ব, “আমাৰ পূৰ্বপুৰুষসকলে মিছা, এনে কি অসাৰ আৰু অনুপকাৰী বস্তুৰ বাহিৰে একো অধিকাৰ কৰা নাই।
Olúwa, alágbára àti okun mi, ẹni ààbò mi ní ọjọ́ ìpọ́njú, àwọn orílẹ̀-èdè yóò wá láti òpin ayé wí pé, “Àwọn baba ńlá wa kò ní ohun kan bí kò ṣe ẹ̀gbin òrìṣà, ìríra tí kò dára fún wọn nínú rẹ̀.
20 ২০ যি ঈশ্বৰ নহয়, মানুহে নিজলৈ জানো এনে দেৱতাবোৰ সাজিব?
Ṣé àwọn ènìyàn lè dá Ọlọ́run fún ara wọn bí? Bẹ́ẹ̀ ni, ṣùgbọ́n àwọn wọ̀nyí kì í ṣe Ọlọ́run.”
21 ২১ এই হেতুকে চোৱা! মই তেওঁলোকক জনাম, মোৰ হাত আৰু মোৰ পৰাক্ৰম তেওঁলোকক একেৰাহে জ্ঞাত কৰাম, তাতে মোৰ নাম যে যিহোৱা, ইয়াকে তেওঁলোকে জানিবলৈ পাব।
“Nítorí náà, Èmi yóò kọ́ wọn ní àkókò yìí, Èmi yóò kọ́ wọn pẹ̀lú agbára àti títóbi mi. Nígbà náà ni wọn ó mọ pé orúkọ mi ní Olúwa.