< যেরেমিয়া 16 >
1 ১ এয়েই যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Ilizwi leNkosi laselifika kimi lisithi:
2 ২ বোলে, “তুমি বিবাহ নকৰিবা, এই ঠাইত তোমাৰ পো-জী হবলৈ নিদিবা।”
Ungazithatheli umfazi, njalo ungabi lamadodana kumbe amadodakazi kulindawo.
3 ৩ কিয়নো, এই ঠাইত ওপজা পো-জীৰ বিষয়ে আৰু এই দেশত তেওঁলোকক প্ৰসৱ কৰা মাতৃসকলৰ, আৰু তেওঁলোকক জন্ম দিয়া পিতৃসকলৰ বিষয়ে যিহোৱাই এইদৰে কৈছে:
Ngoba itsho njalo iNkosi mayelana lamadodana lamayelana lamadodakazi azalelwe kulindawo, lamayelana labonina abawazalayo lamayelana laboyise abawazalele kulelilizwe:
4 ৪ “তেওঁলোকে কষ্টদায়ক মৃত্যুত প্ৰাণত্যাগ কৰিব। আৰু তেওঁলোকৰ কাৰণে কোনেও বিলাপ নকৰিব। তেওঁলোক মাটিৰ ওপৰত সাৰৰ নিচিনাকৈ পৰি থাকিব। আৰু তেওঁলোকক মৈদাম দিয়া নাযাব; ‘তেওঁলোক তৰোৱাল ও আকালৰ দ্বাৰাই হত হ’ব আৰু তেওঁলোকৰ শৱ আকাশৰ চৰাইৰ আৰু পৃথিৱীৰ জন্তুৰ আহাৰ হ’ব।
Bazakufa izimfa zemikhuhlane; kabayikulilelwa, futhi kabayikungcwatshwa; bazakuba ngumquba phezu kobuso bomhlaba; njalo bazaqedwa yinkemba layindlala; lezidumbu zabo zizakuba yikudla kwezinyoni zamazulu lokwenyamazana zomhlaba.
5 ৫ কিয়নো যিহোৱাই এইদৰে কৈছে: “তুমি শোকৰ কোনো ঘৰত নোসোমাবা। তুমি বুকু ভুকুৱাবলৈ নাযাবা, আৰু তেওঁলোকৰ কাৰণে বিলাপ নকৰিবা। কাৰণ, মই এই জাতিৰ পৰা মোৰ শান্তি, এনে কি, দয়া আৰু অনুগ্ৰহ দূৰ কৰিলোঁ!” যিহোৱাই এইদৰেই কৈছে।
Ngoba itsho njalo iNkosi: Ungangeni endlini yesililo, ungayikulila, ungabakhaleli; ngoba ngikususile ukuthula kwami kulababantu, itsho iNkosi, uthandolomusa lezihawu.
6 ৬ “এই দেশত থকা বৰ আৰু সৰু লোক মৰিব। তেওঁলোকক মৈদাম দিয়া নাযাব আৰু তেওঁলোকৰ কাৰণে কোনেও বুকু নুভুকুৱাব। আৰু তেওঁলোকৰ কাৰণে কোনেও নিজ ঘা কাট-কুট নকৰিব, বা মূৰ নুখুৰাব।
Njalo abakhulu labancinyane bazakufa kulelilizwe; kabayikungcwatshwa, kabayikubalilela, kabayikuzisika, kabayikuziphuca ngenxa yabo.
7 ৭ লোক সকলে মৃত লোকৰ কাৰণে তেওঁলোকক শান্তনা দিবলৈ শোক কৰোঁতে তেওঁলোকক পিঠা নিবিলাব, নাইবা তেওঁলোকৰ পিতৃ কি মাতৃৰ কাৰণে পান কৰিবলৈ লোক সকলে তেওঁলোকক শান্তনাদায়ক পান-পাত্ৰ নিদিব।
Futhi kabayikubahlephulela isinkwa esililweni, ukubaduduza ngenxa yofileyo; futhi kakho ozabanathisa inkezo yezinduduzo ngenxa kayise langenxa kanina.
8 ৮ তুমি তেওঁলোকৰ লগত ভোজন-পান কৰিবৰ অৰ্থে, তেওঁলোকৰ লগত বহিবলৈ ভোজৰ ঘৰত নোসোমাবা।”
Njalo ungangeni endlini yedili, ukuhlala labo, ukudla lokunatha.
9 ৯ কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: “চোৱা, মই তোমালোকৰ চকুৰ আগতে আৰু তোমালোকৰ দিনতে এই ঠাইৰ পৰা উল্লাসৰ ধ্বনি, আনন্দৰ ধ্বনি, আৰু দৰা-কন্যাৰ ধ্বনি লুপ্ত কৰিম।
Ngoba itsho njalo iNkosi yamabandla, uNkulunkulu kaIsrayeli: Khangelani, ngizakwenza ukuthi kuphele kule indawo, emehlweni enu, lensukwini zenu, ilizwi lentokozo, lelizwi lenjabulo, ilizwi lomyeni, lelizwi likamakoti.
10 ১০ আৰু তেতিয়া তুমি এই জাতিৰ আগত এই সকলো কথা প্ৰচাৰ কৰিবা, আৰু তেওঁলোকে তোমাক ক’ব, যে, ‘যিহোৱাই আমাৰ বিৰুদ্ধে এই মহা বিপদৰ কথা কিয় ক’লে? বা আমাৰ অপৰাধ কি? আমি আমাৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে কৰা আমাৰ পাপ কি?’
Njalo kuzakuthi lapho utshela lababantu wonke lamazwi, babesebesithi kuwe: INkosi ikhulumelani konke lokhu okubi okukhulu imelene lathi, njalo buyini ububi bethu, njalo yisiphi isono sethu esisonileyo simelene leNkosi uNkulunkulu wethu?
11 ১১ তেতিয়া তুমি তেওঁলোকক ক’বা, ‘যিহোৱাই কৈছে, তোমালোকৰ পূৰ্বপুৰুষসকলে মোক ত্যাগ কৰিলে,’ ইতৰ দেৱতাবোৰৰ পাছত চলিলে, সেইবোৰক সেৱাপূজাও কৰিলে আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰিলে। কিন্তু মোক হ’লে ত্যাগ কৰিলে, মোৰ ব্যৱস্থা পালন নকৰিলে।
Khona uzakuthi kubo: Ngenxa yokuthi oyihlo bangidelile, itsho iNkosi, balandela abanye onkulunkulu, babasebenzela, babakhonza, bangidela mina, kabagcinanga umlayo wami;
12 ১২ আৰু তোমালোক হ’লে তোমালোকৰ পূৰ্বপুৰুষসকলতকৈয়ো অধিক কদাচৰণ কৰিছা, কিয়নো চোৱা! তোমালোক প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে চলি মোৰ কথাত কাণ নিদিয়া।
lina-ke lenze okubi kulaboyihlo; ngoba khangelani, lilandela, ngulowo lalowo ubulukhuni benhliziyo yakhe embi, ukuthi bangangilaleli.
13 ১৩ এই হেতুকে তোমালোকৰ পূৰ্বপুৰুষসকলে আৰু তোমালোকেও যি দেশ জনা নাই, এনে এক দেশলৈ মই এই দেশৰ পৰা তোমালোকক দূৰ কৰি দিম; সেই ঠাইত তোমালোকে দিনে-ৰাতিয়ে ইতৰ দেৱতাবোৰক সেৱাপূজা কৰিবা; কিয়নো মই তোমালোকক অনুগ্ৰহ নকৰিম।
Ngakho ngizaliphosela ngaphandle kwalelilizwe, liye elizweni elingalaziyo, lina laboyihlo; lapho-ke lizasebenzela abanye onkulunkulu emini lebusuku, ngoba kangiyikulinika umusa.
14 ১৪ এই হেতুকে চোৱা! এনে কোনো দিনবোৰ আহিছে “যিহোৱাই কৈছে”, সেই দিনা লোকসকলে আৰু নক’ব, যে, যি জনাই ইস্ৰায়েলৰ সন্তান সকলক মিচৰ দেশৰ পৰা আনিলে, সেই যিহোৱাৰ জীৱনৰ শপত।’
Ngakho, khangela, insuku ziyeza, itsho iNkosi, lapho kungasayikuthiwa: Kuphila kweNkosi, eyakhuphula abantwana bakoIsrayeli elizweni leGibhithe;
15 ১৫ কিন্তু এনেকৈ কব, যে, যি জনাই ইস্ৰায়েলৰ সন্তান সকলক উত্তৰ দেশৰ পৰা, আৰু যি যি দেশলৈ তেওঁলোকক খেদিছিল, সেই সকলো দেশৰ পৰা আনিলে, সেই যিহোৱাৰ জীৱনৰ শপত। মই তেওঁলোকৰ পূৰ্বপুৰুষসকলক যি দেশ দিছিলোঁ, সেই দেশলৈ পুনৰায় তেওঁলোকক আনিম।
kodwa: Kuphila kweNkosi, eyakhuphula abantwana bakoIsrayeli elizweni lenyakatho lakuwo wonke amazwe eyayibaxotshele kiwo; ngoba ngizababuyisa futhi elizweni lakibo engalinika oyise.
16 ১৬ চোৱা! মই অনেক মাছ-মৰিয়া অনাম, “যিহোৱাই কৈছে”, তেওঁলোকে মাছ ধৰাদি তেওঁলোকক ধৰিব। পাছে মই অনেক ব্যাধ অনাম, তেওঁলোকে চিকাৰীৰ দৰে চিকাৰ কৰি প্ৰত্যেক পৰ্ব্বত, প্ৰত্যেক গিৰি আৰু শিলবোৰৰ খোৰোঙৰ পৰা তেওঁলোকক উলিয়াব।
Khangela, ngizathumela kubagoli benhlanzi abanengi, itsho iNkosi, babesebebagola; lemva kwalokho ngizathumela kubazingeli abanengi, babazingele bebasusa kuyo yonke intaba, lakulo lonke uqaqa, lasezingoxweni zamadwala.
17 ১৭ কিয়নো তেওঁলোকৰ সকলো পথত মোৰ চকু আছে, তেওঁলোক মোৰ পৰা গুপুতে নাথাকিব বা তেওঁলোকৰ অপৰাধ মোৰ দৃষ্টিত অগোচৰ নহ’ব।
Ngoba amehlo ami aphezu kwazo zonke izindlela zabo; kazifihlakalanga ebusweni bami, lobubi babo kabucatshanga phambi kwamehlo ami.
18 ১৮ মই প্ৰথমে তেওঁলোকৰ অপৰাধ আৰু পাপৰ দুগুন প্ৰতিফল দিম; কিয়নো তেওঁলোকে নিজৰ ঘিণলগীয়া বস্তুৰ শৱেৰে মোৰ দেশ অশুচি কৰিলে, আৰু তেওঁলোকৰ ঘৃণনীয় পদাৰ্থৰে মোৰ আধিপত্য পৰিপূৰ্ণ কৰিলে।
Kuqala-ke ngizaphindisela isiphambeko sabo lesono sabo ngokuphindiweyo, ngoba bengcolise ilizwe lami, bagcwalisa ilifa lami ngezidumbu zamanyala abo lezinengiso zabo.
19 ১৯ হে মোৰ বল, হে মোৰ কোঁঠ, আৰু সঙ্কটৰ কালৰ মোৰ আশ্ৰয় হে যিহোৱা, পৃথিৱীৰ অন্তৰ পৰা জাতিবোৰে তোমাৰ ওচৰলৈ আহি ক’ব, “আমাৰ পূৰ্বপুৰুষসকলে মিছা, এনে কি অসাৰ আৰু অনুপকাৰী বস্তুৰ বাহিৰে একো অধিকাৰ কৰা নাই।
Nkosi, wena mandla ami, lenqaba yami, lesiphephelo sami ngosuku lwembandezelo, abezizwe bazafika kuwe bevela emikhawulweni yomhlaba, bathi: Isibili obaba badlile ilifa lamanga, okuyize, lokungekho inzuzo kukho.
20 ২০ যি ঈশ্বৰ নহয়, মানুহে নিজলৈ জানো এনে দেৱতাবোৰ সাজিব?
Umuntu angazenzela onkulunkulu yini, kanti kabayisibo onkulunkulu?
21 ২১ এই হেতুকে চোৱা! মই তেওঁলোকক জনাম, মোৰ হাত আৰু মোৰ পৰাক্ৰম তেওঁলোকক একেৰাহে জ্ঞাত কৰাম, তাতে মোৰ নাম যে যিহোৱা, ইয়াকে তেওঁলোকে জানিবলৈ পাব।
Ngakho, khangela, ngizabenza bazi okwalesisikhathi, ngizabenza bazi isandla sami lobuqhawe bami; bazakwazi-ke ukuthi ibizo lami linguJehova.