< যেরেমিয়া 15 >
1 ১ তেতিয়া যিহোৱাই মোক ক’লে, “যদিও মোচি আৰু চমূৱেল মোৰ আগত থিয় হয়, তথাপি মোৰ মন এই জাতিলৈ সদয় নহ’ব; তুমি মোৰ আগৰ পৰা তেওঁলোকক বিদায় কৰা, তেওঁলোক ওলাই গুচি যাওঁক।
Но Господ ми рече: Даже Моисей и Самуил ако биха застанали пред Мене, Пак душата Ми не би се смилила за тия люде. Изпъди ги от лицето Ми, и нека си излязат.
2 ২ আৰু আমি ক’লৈ ওলাই যাম বুলি যেতিয়া তেওঁলোকে ক’ব, তেতিয়া তুমি তেওঁলোকক ক’বা, যিহোৱাই এই কথা কৈছে: মৃত্যুলৈ নিৰূপিত লোক মৃত্যুলৈ; তৰোৱাললৈ নিৰূপিত লোক তৰোৱাললৈ। আকাললৈ নিৰূপিত লোক আকাললৈ, বন্দী-অৱস্থালৈ নিৰূপিত লোক বন্দী-অৱস্থালৈ ওলাই যাওঁক।’
И когато ти рекат: Къде да излезем? Тогава ще им речеш: Така казва Господ: Които са за смърт, на смърт, И които за нож, под нож; И които са за глад, на глад, И които за плен, в плен.
3 ৩ আৰু যিহোৱাই কৈছে, মই তেওঁলোকক বধ কৰিবলৈ তৰোৱাল, ছিৰিবলৈ কুকুৰ, খাবলৈ আৰু বিনষ্ট কৰিবলৈ আকাশৰ পক্ষী আৰু পৃথিৱীৰ জন্তু, এই চাৰি বিধক মই তেওঁলোকৰ ওপৰত নিযুক্ত কৰিম।
И ще докарам на тях четири вида язви, казва Господ: Ножът да заколи и кучетата да разкъсат, А небесните птици и земните зверове Да изпоядат и да изтребят.
4 ৪ আৰু হিষ্কিয়াৰ পুত্ৰ যিহূদাৰ ৰজা মনচিয়ে যিৰূচালেমত কৰা কাৰ্যৰ কাৰণে, পৃথিৱীৰ আটাই ৰাজ্যৰ মাজত মই তেওঁলোকক ত্ৰাসৰ বিষয় কৰিম।
И ще ги направя да бъдат тласкани по всичките царства на света Поради Манасия, син на Юдовия цар Езекия, По причина на това, което стори в Ерусалим.
5 ৫ কিয়নো হে যিৰূচালেম, কোনে তোমাক দয়া কৰিব, আৰু তোমাৰ বাবে বিলাপ কৰিব? বা তোমাৰ মঙ্গল সুধিবলৈ কোনে এফলীয়া হৈ যাব?
Защото кой ще се умилостиви за тебе, Ерусалиме? Или кой ще те пожали? Или кой ще се обърне да те попита: Как си?
6 ৬ যিহোৱাই কৈছে, তুমি মোক ত্যাগ কৰিলা, তুমি পাছ হুঁহকি গ’লা। এই কাৰণে মই তোমাৰ অহিতে মোৰ হাত মেলি তোমাক নষ্ট কৰিলোঁ; মই ক্ষমা কৰি কৰি আমনি পাইছোঁ।
Ти си Ме отхвърлил, казва Господ, Отишъл си надире; Затова ще простра ръката Си против тебе, та ще те погубя; Дотегна Ми да показвам милост.
7 ৭ মই তেওঁলোকক দেশৰ দুৱাৰবোৰত কুলাৰে জাৰিলোঁ। তেওঁলোকক সন্তানহীন কৰিলোঁ। মোৰ জাতিক বিনষ্ট কৰিলোঁ; তেওঁলোক নিজৰ পথৰ পৰা নুলটিল।
Ще ги отвея с веяло в портите на тая земя, Ще ги обезчадя, ще изтребя людете Си, Защото не се връщат от пътищата си.
8 ৮ মোৰ আগত তেওঁলোকৰ বিধৱাসকল সমুদ্ৰৰ বালিত্কৈয়ো অধিক হৈছে; মই তেওঁলোকৰ মাজৰ ডেকাসকলৰ মাকৰ বিৰুদ্ধে দুপৰবেলাত এজন সংহাৰক আনিলোঁ, তাইলৈ অকস্মাতে দুখ আৰু ত্ৰাস উপস্থিত কৰিলোঁ।
Вдовиците им се умножиха пред Мене повече от морския пясък; На пладне доведох грабител върху тях против майката на младите; Внезапно докарах върху нея мъка и ужаси.
9 ৯ সাত পুত্ৰ প্ৰসৱ কৰা মাতৃয়ে ক্ষীণাই প্ৰাণত্যাগ কৰিলে। দিন থাকোঁতেই তাইৰ বেলি মাৰ গ’ল। তাই লাজ পাই বিবৰ্ণ হ’ল, মই তেওঁলোকৰ অৱশিষ্ট ভাগক শত্ৰূ আগত তৰোৱালত সমৰ্পণ কৰিম এইয়েই যিহোৱাৰ ঘোষণা।
Оная, която роди седем, изнемощя, предаде дух; Нейното слънце залезе, когато беше още ден; Тя биде посрамена и смутена; А останалите от тях ще предам на нож Пред неприятелите им, казва Господ.
10 ১০ হায় হায়, হে মোৰ মাতৃ! সমস্ত পৃথিৱীত বিবাদ আৰু কন্দল কৰাকৈ তুমি মোক প্ৰসৱ কৰিলা। মই কাকো সুতলৈ ধাৰ দিয়া নাই, বা মোকো কোনেও সুতলৈ ধাৰ দিয়া নাই; তথাপি সকলোৱে মোক শাও দিয়ে।
Горко ми, майко моя, За гдето си ме родила човек за каране, И човек за препиране с целия свят! Аз нито съм давал с лихва, нито са ми давали с лихва, Все пак, обаче, всеки от тях ме кълне.
11 ১১ যিহোৱাই ক’লে: “মই নিশ্চয়ে তোমাক মঙ্গলৰ কাৰণে সবল নকৰিম নে? নিশ্চয়ে সঙ্কটৰ কালত আৰু দুৰ্দ্দশাৰ সময়ত মই শত্ৰূ তোমাৰ আগত নিবেদন কৰাম।
Господ ми каза: Непременно ще те укрепя за добро; Непременно ще заставя неприятеля да ти се моли В лошо време и в скръбно време.
12 ১২ কোনো মানুহে জানো লোহাক গুড়ি কৰিব পাৰে? এনে কি, উত্তৰ দেশীয় লোহা, আৰু পিতল ভাঙিব পাৰে?
Има ли желязо, което може да счупи северното желязо и медта?
13 ১৩ মই তোমাৰ সম্পত্তি আৰু তোমাৰ বহুমুল্য বস্তু বিনামূল্যে লুটদ্ৰব্যস্বৰূপে দিম। এনে কি, তোমাৰ পাপ সমূহৰ কাৰণে তোমাৰ সীমাৰ সকলো ফালে তাক কৰিম।
Имотът ти и съкровищата ти ще предам на разграбване без замяна, и по всичките твои предели, И то поради всичките ти грехове.
14 ১৪ তেতিয়া শত্রুৱে সৈতে তুমি নজনা দেশলৈ সেইবোৰ নিয়াম, কিয়নো মোৰ ক্ৰোধাগ্নি জ্বলিছে, সেয়ে তোমালোকৰ ওপৰত জ্বলি থাকিব।
И ще те отведа с неприятелите ти, В страна, която не знаеш; Защото се запали огънят на гнева Ми, И ще гори върху вас.
15 ১৫ হে যিহোৱা, তুমিয়েই জানি আছা! মোক সোঁৱৰণ কৰা, মোলৈ কৃপা দৃষ্টি কৰা। আৰু মোৰ অৰ্থে মোৰ তাড়ণাকাৰীৰ প্ৰতিকাৰ সাধা। তোমাৰ দীৰ্ঘ সহিষ্ণুতাত মোক বিনষ্ট হব নিদিবা। মই যে তোমাৰ কাৰণে অপমান সহন কৰিলোঁ, তাক তুমি মনত পেলোৱা।
Ти, Господи, познаваш делото ми; спомни си за мене; Посети ме, и отплати за мене на гонителите ми; В дълготърпението Си не ме отнемай, Знай, че заради Тебе претърпях укор.
16 ১৬ মই তোমাৰ বাক্যবোৰ পোৱা মাত্ৰকে অতি আগ্ৰহেৰে গ্ৰহণ কৰিলোঁ, আৰু তোমাৰ বাক্যবোৰ মোৰ পক্ষে মোৰ মনৰ আনন্দ আৰু উল্লাসজনক হল, কিয়নো হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, মই তোমাৰ নামেৰে প্ৰখ্যাত।
Като намерих Твоите думи изядох ги, И Твоето слово ми беше радост и веселие на сърцето; Защото се наричам с Твоето име, Господи Боже на Силите.
17 ১৭ মই আমোদকাৰী সকলৰ সভাত বহি উল্লাস কৰা নাই। তোমাৰ হাতৰ কাৰণে মই অকলেই বহোঁ, কিয়নো তুমি মোক ক্ৰোধেৰে পৰিপূৰ্ণ কৰিলা।
Не седях в събрание на веселящите се, Нито се радвах с тях; Седях сам поради ръката Ти, Защото Ти ме изпълни с негодувание.
18 ১৮ মোৰ বেদনা কিয় চিৰকলীয়া? আৰু মোৰ ঘা কিয় সুস্থ হব নোৱাৰে? সেয়ে ভাল হব নোখোজে? তুমি জানো সচাঁকৈয়ে মোৰ আগত মিছা জুৰি আৰু অস্থায়ী জল স্বৰূপ হবা?
Защо е постоянна болката ми, И раната ми тъй тежка, щото не приема изцеление? Ще ми станеш ли като измамлив поток, Като непостоянни води?
19 ১৯ এই হেতুকে যিহোৱাই এইদৰে কৈছে: তুমি যদি উলটি আহাঁ, তেন্তে মোৰ আগত থিয় হব পৰাকৈ মই তোমাক আকৌ আনিম। আৰু যদি অধম বস্তুৰ মাজৰ পৰা ৰত্ন বাহিৰ কৰি লোৱা, তেন্তে মোৰ মুখস্থৰূপ হ’বা; তেওঁলোক তোমালৈ ঘুৰি আহিব, কিন্তু তুমি তেওঁলোকলৈ নুঘুৰিবা।
Затова, така казва Господ: Ако се върнеш от тоя си ум, тогава пак ще те възстановя, За да стоиш пред мене; И ако отделиш скъпоценното от нищожното, Тогава ще те направя да бъдеш като Моите уста. Те нека се обърнат към тебе, Но ти не се обръщай към тях.
20 ২০ মই এই জাতিৰ আগত তোমাক পিতলৰ দৃঢ় গড়স্বৰূপ কৰিম; তেওঁলোকে তোমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, কিন্তু তোমাক পৰাজয় কৰিব নোৱাৰিব। কিয়নো, যিহোৱাই কৈছে, তোমাৰ ত্ৰাণ আৰু উদ্ধাৰৰ অৰ্থে মই তোমাৰ লগত আছোঁ।
И ще те направя срещу тия люде яко медна стена; Те ще воюват против тебе, но няма да ти надвият, Защото Аз съм с тебе, за да те избавям И да те отървавам, казва Господ.
21 ২১ আৰু দুষ্টবোৰৰ হাতৰ পৰা মই তোমাক উদ্ধাৰ কৰিম, আৰু ভয়ানকবোৰৰ হাতৰ পৰা তোমাক মুক্ত কৰিম।”
Ще те отърва от ръката на нечестивите, И ще те изкупя от ръката на насилниците.