< যেরেমিয়া 14 >
1 ১ অনাবৃষ্টিৰ বিষয়ে যিৰিমিয়ালৈ অহা এয়েই যিহোৱাৰ বাক্য।
Cuvântul DOMNULUI care a venit la Ieremia referitor la secetă.
2 ২ “যিহূদাক শোক কৰিবলৈ দিয়া; আৰু তাৰ বৰদুৱাৰ কেইখনে বিলাপ কৰ’ক। তেওঁলোকে ক’লা কাপোৰ পিন্ধি মাটিত বহিছে; আৰু যিৰূচালেমৰ চিঞঁৰ ওপৰলৈ উঠিছে।
Iuda jelește și porțile acestuia lâncezesc; ele sunt negre până la pământ; și strigătul Ierusalimului s-a înălțat.
3 ৩ তেওঁলোকৰ বৰ লোকসকলে নিজ নিজ অধীনৰ দাসবোৰক পানীৰ বাবে পঠাইছে। তেওঁলোকে জলাধাৰবোৰৰ ওচৰলৈ গৈ পানী নাপাই শুদা পাত্ৰ লৈ উলটি আহিছে; তেওঁলোকে লাজ পাই মুখ বিবৰ্ণ কৰিছে, আৰু তেওঁলোকৰ মূৰ ঢাকিছে।
Și nobilii lor au trimis pe cei mici ai lor la ape; ei au ajuns la gropi și nu au găsit apă; s-au întors cu vasele lor goale; au fost rușinați și încurcați și și-au acoperit capetele.
4 ৪ দেশত বৃষ্টি নোহোৱাত মাটি টান হ’ল, কাৰণ খেতিয়কসকলে লাজ পাই নিজ নিজ মূৰ ঢাকি ৰাখিছে।
Pentru că pământul este crăpat, pentru că nu a fost ploaie pe pământ, plugarii s-au rușinat, și-au acoperit capetele.
5 ৫ এনে কি, ঘাঁহ নোহোৱাতে হৰিণীয়েও পথাৰত পোৱালি জগাই এৰি থৈ গৈছে।
Da, cerboaica a născut în câmp și și-a părăsit puii, pentru că nu era iarbă.
6 ৬ আৰু বনৰীয়া গাধবোৰে গছশূন্য পৰ্ব্বতত থিয় হৈ শিয়ালৰ দৰে বায়ুৰ কাৰণে হেঁপাই-ফোঁপাই ফুৰিছে। তৃণ নথকাত তেওঁলোকৰ চকু ক্ষীণাই গৈছে।”
Și măgarii sălbatici au stat pe înălțimi, au adulmecat vântul ca dragonii; ochii li s-au sfârșit, pentru că nu era iarbă.
7 ৭ হে যিহোৱা, যদিও আমাৰ অপৰাধবোৰে আমাৰ অহিতে সাক্ষ্য দিছে, তথাপি তুমি নিজ নামলৈ চাই কাৰ্য কৰা। কিয়নো আমাৰ বিপথগমন অনেক; আমি তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ।
DOAMNE, deși nelegiuirile noastre mărturisesc împotriva noastră, fă tu aceasta pentru numele tău, pentru că decăderile noastre sunt multe; noi am păcătuit împotriva ta.
8 ৮ হে ইস্ৰায়েলৰ আশাভুমি, তাৰ সঙ্কটৰ কালৰ ত্ৰাণকৰ্ত্তা, তুমি কিয় দেশত প্ৰবাস কৰা লোকৰ দৰে, আৰু ৰাতি থকা পথিকৰ নিচিনা?
O, speranța lui Israel, salvatorul acestuia în timp de tulburare, de ce să fii tu ca un străin în țară și ca un călător care se abate să găzduiască pentru o noapte?
9 ৯ তুমি কিয় তধা লগা মানুহৰ দৰে, আৰু ত্ৰাণ কৰিবলৈ সমৰ্থ নথকা বীৰৰ নিচিনা? তথাপি হে যিহোৱা, তুমি আমাৰ মাজত আছা! আৰু আমি তোমাৰ নামেৰে প্ৰখ্যাত। আমাক ত্যাগ নকৰিবা।
De ce să fii ca un om înmărmurit, ca un bărbat puternic care nu poate salva? Totuși tu, DOAMNE, ești în mijlocul nostru și noi ne numim după numele tău; nu ne lăsa.
10 ১০ যিহোৱাই এই জাতিৰ বিষয়ে এই কথা কৈছে: “তেওঁলোকে সিমানকৈ ভ্ৰমণ কৰিবলৈ ভাল পায়, তেওঁলোকে নিজ নিজ ভৰি নাৰাখিলে।” এই কাৰণে যিহোৱাই তেওঁলোকক গ্ৰহণ নকৰে। তেওঁ এতিয়া তেওঁলোকৰ অপৰাধ সোঁৱৰণ কৰিব আৰু তেওঁলোকৰ পাপবোৰৰ কাৰণে তেওঁলোকক দণ্ড দিব।
Astfel spune DOMNUL către acest popor: Bine le-a plăcut să rătăcească, nu și‑au oprit picioarele, de aceea DOMNUL nu îi primește; își va aminti acum nelegiuirea lor și va cerceta păcatele lor.
11 ১১ যিহোৱাই মোক আৰু ক’লে, তুমি এই জাতিৰ মঙ্গলৰ অৰ্থে প্ৰাৰ্থনা নকৰিবা।
Atunci DOMNUL mi-a spus: Nu te ruga pentru acest popor pentru binele lor.
12 ১২ তেওঁলোকে লঘোন দিলেও মই তেওঁলোকৰ কাতৰোক্তি নুশুনিম আৰু তেওঁলোকে হোম ও নৈবেদ্য উৎসৰ্গ কৰিলেও তেওঁলোকক গ্ৰহণ নকৰিম; কিন্তু তৰোৱাল, আকাল, আৰু মহামাৰীৰ দ্বাৰাই মই তেওঁলোকক সংহাৰ কৰিম।”
Când vor posti nu le voi asculta strigătul; și când ei aduc ofrandă arsă și un dar, nu le voi primi; ci îi voi mistui cu sabie și cu foamete și cu ciumă.
13 ১৩ তেতিয়া মই ক’লোঁ, “হায় হায়, প্ৰভু যিহোৱা! চোৱা! ভাববাদীসকলে তেওঁলোকক কয়, “তোমালোকে তৰোৱাল নেদেখিবা; বা তোমালোকলৈ আকাৰ নঘটিব, কিন্তু মই এই ঠাইত তোমালোকক প্ৰকৃত শান্তি দিম’।”
Atunci am spus: Ah, Doamne DUMNEZEULE! Iată, profeții le spun: Nu veți vedea sabia, nici nu veți avea foamete; ci vă voi da pace sigură în acest loc.
14 ১৪ তেতিয়া যিহোৱাই মোক ক’লে, ‘সেই ভাববাদীবোৰে মিছাকৈয়ে মোৰ নাম কৰি ভাববাণী প্ৰচাৰ কৰে। মই তেওঁলোকক পঠোৱা, কি কোনো আজ্ঞা দিয়া নাই, নাইবা তেওঁলোকক কোনো কথা কোৱা নাই। তেওঁলোকক তোমালোকৰ আগত মিছা দৰ্শন, মঙ্গল চোৱা কথা, অসাৰ কথা, আৰু নিজ নিজ মনৰ প্ৰবঞ্চনামূলক ভাববাণী প্ৰচাৰ কৰে।
Atunci DOMNUL mi-a spus: Profeții profețesc minciuni în numele meu; nu eu i-am trimis, nici nu le-am poruncit, nici nu le-am vorbit; ei vă profețesc o viziune falsă și ghicire și un lucru de nimic și înșelăciunea inimii lor.
15 ১৫ এই হেতুকে “যি ভাববাদীবোৰক মই পঠোৱা নাই, তথাপি তৰোৱাল আৰু আকাল এই দেশত নহব বুলি কৈ তেওঁলোকে মোৰ নামেৰে ভাববাণী প্ৰচাৰ কৰে: সেই ভাববাদীসকলৰ বিষয়ে যিহোৱাই এই কথা কৈছে, তৰোৱাল আৰু আকালৰ দ্বাৰাই সেই ভাববাদীসকলক সংহাৰ কৰা যাব।
De aceea astfel spune DOMNUL referitor la profeții care profețesc în numele meu și pe care eu nu i-am trimis, totuși ei spun: Nu va fi sabie și foamete în această țară. Prin sabie și foamete vor fi acei profeți mistuiți.
16 ১৬ আৰু তেওঁলোকে যি জাতিৰ আগত ভাববাণী প্ৰচাৰ কৰে, আকাল আৰু তৰোৱালৰ কাৰণে যিৰূচালেমৰ আলিত তেওঁলোকক পেলাই দিয়া যাব, আৰু তেওঁলোকক, তেওঁলোকৰ স্ত্রীসকলক, লৰা-ছোৱাৰীসকলক মৈদাম দিওঁতা কোনো নহ’ব, কিয়নো মই তেওঁলোকৰ দুষ্টতাৰ ফল তেওঁলোকৰ ওপৰত ঢালি দিম।
Și poporul către care ei profețesc va fi aruncat pe străzile Ierusalimului din cauza foametei și a sabiei; și nu vor avea pe nimeni să îi îngroape pe ei, pe soțiile lor, pe fiii lor sau pe fiicele lor, pentru că voi vărsa stricăciunea lor asupra lor.
17 ১৭ তুমি তেওঁলোকক এই কথা কোৱা, দিনে-ৰাতিয়ে মোৰ চকুৰ পৰা ধাৰেৰে পানী বৈ থাকক, নাথামক। কিয়নো মোৰ জাতিস্বৰূপা কুমাৰী জীয়াৰী মহা-আঘাতত, আৰু অত্যন্ত কষ্টদায়ক প্ৰহাৰত ভগ্ন হ’ল।
De aceea tu să le spui acest cuvânt: Ochii mei să curgă cu lacrimi noapte și zi și să nu înceteze, pentru că fiica fecioară a poporului meu este zdrobită cu o mare spărtură, cu o lovitură foarte apăsătoare.
18 ১৮ মই যদি ওলাই পথাৰলৈ যাওঁ, তেতিয়া তাত তৰোৱালেৰে হত হোৱা লোক দেখোঁ, আৰু যদি নগৰত সোমাওঁ, আৰু তাতো আকালত পীড়িত হোৱা মানুহ দেখোঁ; কিয়নো ভাববাদী আৰু পুৰোহিত দুয়ো দেশত ভ্ৰমি ফুৰে, একো নাজানে।
Dacă ies la câmp, atunci, iată, pe cei uciși cu sabia! Și dacă intru în cetate, atunci, iată, pe cei care sunt bolnavi de foamete! Da, deopotrivă profetul și preotul vor merge într-o țară pe care nu o cunosc.
19 ১৯ তুমি যিহূদাক নিচেইকৈ অগ্ৰাহ্য কৰিলা নে? তোমাৰ মনে চিয়োনক ঘিণ কৰিলে নে? তুমি আমাক সুস্থ হ’ব নোৱাৰাকৈ কিয় প্ৰহাৰ কৰিলা? আমি শান্তিলৈ বাট চালোঁ, কিন্তু কোনো মঙ্গল নাহিল, আৰু সুস্থ হবৰ সময়লৈ বাট চালোঁ, কিন্তু চোৱা, কেৱল ত্ৰাসহে।
Ai respins tu în întregime pe Iuda? a detestat sufletul tău Sionul? De ce ne-ai lovit și nu este vindecare pentru noi? Am căutat pace și nu este nici[un] bine; și un timp de vindecare și, iată, tulburare!
20 ২০ হে যিহোৱা, আমাৰ দুষ্টতা, আৰু আমাৰ পিতৃসকলৰ অপৰাধ আমি স্বীকাৰ কৰোঁ, কিয়নো আমি তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ।
Recunoaștem, DOAMNE, stricăciunea noastră și nelegiuirea părinților noștri, pentru că noi am păcătuit împotriva ta.
21 ২১ তুমি নিজ নামলৈ চাই আমাক ঘিণ নকৰিবা! নিজ গৌৰৱযুক্ত সিংহাসন অপমানিত নকৰিবা। সোঁৱৰণ কৰা, আমাৰ সৈতে স্থাপন কৰা তোমাৰ নিয়মটি নাভাঙিবা।
Nu ne detesta, pentru numele tău, nu dezonora tronul gloriei tale; amintește-ți, nu rupe legământul tău cu noi.
22 ২২ জাতিবোৰৰ অসাৰ দেৱতাবোৰৰ মাজত বৃষ্টি দিব পৰা এনে কোন আছে? বা আকাশে জানো নিজ জল বৰ্ষাব পাৰে? হে আমাৰ ঈশ্বৰ যিহোৱা, তুমিয়েই জানো এই জনা নোহোৱা? এই হেতুকে আমি তোমালৈ বাট চাই থাকিম; কিয়নো তুমিয়েই এই সকলো কৰিলা।
Sunt printre deșertăciunile neamurilor vreunii care pot să dea ploaie? Sau pot cerurile să dea averse de ploi? Nu ești tu acela, DOAMNE Dumnezeul nostru? De aceea noi te vom aștepta, pentru că tu ai făcut toate acestea.