< যেরেমিয়া 13 >
1 ১ যিহোৱাই মোক এইদৰে ক’লে, “তুমি গৈ শণ সূতাৰে বোৱা কাপোৰৰ এগছ টঙালি কিনি তোমাৰ কঁকালত বান্ধা, তাক প্রথমে পানীত নিতিয়াবা।”
Waaqayyo akkana naan jedhe: “Dhaqiitii sabbata quncee talbaa irraa hojjetame bitadhuu mudhii keetti hidhadhu; garuu bishaan hin tuqsiisin.”
2 ২ সেয়ে মই যিহোৱাৰ বাক্য অনুসাৰে এগছ টঙালি কিনি মোৰ কঁকালত বান্ধি ল’লোঁ।
Kanaafuu ani akkuma Waaqayyo na ajajetti sabbata bitadhee mudhii kootti nan hidhadhe.
3 ৩ তেতিয়া দ্ধিতীয়বাৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Ergasii dubbiin Waaqayyoo akkana jedhee yeroo lammaffaa gara koo dhufe:
4 ৪ বোলে, “তুমি যি টঙালি কিনিলা, আৰু তোমাৰ কঁকালত আছে, তাক লোৱা, আৰু উঠি ফৰাতলৈ যাত্রা কৰা আৰু শিলৰ ফাটত তাক লুকুৱাই ৰাখা।”
“Sabbata bitattee mudhiitti hidhatte sana fuudhiitii gara Laga Efraaxiis dhaqi; sabbata sanas baqaqaa kattaa keessa dhoksi.”
5 ৫ এইদৰে মই যিহোৱাৰ আজ্ঞা অনুসাৰে গৈ ফৰাতৰ কাষত তাক লুকুৱাই ৰাখিলোঁ।
Kanaafuu ani akkuma Waaqayyo na ajajetti dhaqee sabbata sana Laga Efraaxiis bira nan dhokse.
6 ৬ বহু দিনৰ পাছত যিহোৱাই মোক ক’লে, “তুমি উঠি ফৰাতলৈ যোৱা। মই তাত লুকুৱাই ৰাখিবলৈ তোমাক আজ্ঞা দিয়া টঙালিগছ তাৰ পৰা আনাগৈ।”
Bultii hedduu booddee Waaqayyo, “Amma gara Efraaxiis dhaqiitii sabbata ani akka ati achitti dhoksitu si ajaje sana fudhadhu” naan jedhe.
7 ৭ তেতিয়া মই ফৰাতলৈ গৈ, মই লুকুৱাই থোৱা ঠাইৰ পৰা টঙালিগছ খানি উলিয়ালোঁ। কিন্তু চোৱা! সেই টঙালিগছ নষ্ট হ’ল; কোনো কাৰ্যৰ যোগ্য নাছিল।
Kanaafuu ani gara Efraaxiis dhaqee sabbata sana iddoon itti dhoksee ture sanaa qotee baasee nan fudhadhe; sabbanni sun garuu yeroo sanatti ciccitee guutumaan guutuutti horoomaa baʼee ture.
8 ৮ তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ পুনৰ আহিল, বোলে,
Ergasii dubbiin Waaqayyoo akkana jedhee gara koo dhufe;
9 ৯ “যিহোৱাই কৈছে: ‘এনেদৰেই মই যিহূদাৰ অহংকাৰ আৰু যিৰূচালেমৰ মহা অহংকাৰ নষ্ট কৰিম।
“Waaqayyo akkana jedha; ‘Ani haaluma wal fakkaatuun of tuulummaa Yihuudaatii fi of tuulummaa Yerusaalem guddaa sana nan balleessa.
10 ১০ এই যি দুচৰিত্ৰৰ লোকসকলে মোৰ কথা শুনিবলৈ অমান্তি হৈ নিজ হৃদয়ৰ কঠিনতা অনুসাৰে চলে, আৰু ইতৰ দেৱতাবোৰক সেৱাপূজা আৰু সেইবোৰৰ আগত প্রণিপাত কৰিবৰ অৰ্থে সেইবোৰৰ পাছত যায়, তেওঁলোক কোনো কাৰ্যৰ যোগ্য নোহোৱা এই টঙালি গছৰ নিচিনা হব।
Sabni hamaan dubbii koo dhagaʼuu didee mata jabina garaa isaa duukaa buʼee waaqota biraa tajaajiluu fi waaqeffachuuf isaan faana buʼe kun akkuma sabbata kanaa ni taʼa; guutumaan guutuuttis horoomaa baʼa.
11 ১১ কিয়নো যিহোৱাই কৈছে, মানুহৰ কঁকালত যেনেকৈ টঙালি লাগি থাকে, তেনেকৈ মই গোটেই ইস্ৰায়েল বংশক আৰু গোটেই যিহূদা বংশক মোৰ প্ৰজা, আৰু মোৰ কীৰ্ত্তি, প্ৰশংসা, আৰু ভুষণস্বৰূপ কৰিবৰ অৰ্থে নিজতে লগাই ৰাখিছিলোঁ; কিন্তু তেওঁলোকে মোৰ কথা নুশুনিলে।’
Akkuma sabbanni tokko mudhii namaatti hidhamu sana anis akka isaan saba, maqaa, galataa fi ulfina naa taʼaniif guutummaa mana Israaʼelii fi guutummaa mana Yihuudaa ofitti maxxanseen ture. Isaan garuu na hin dhaggeeffanne’ jedha Waaqayyo.
12 ১২ এই হেতুকে তুমি তেওঁলোকক এই কথা ক’বই লাগিব: যে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: “আটাইবোৰ মোট দ্ৰাক্ষাৰসেৰে পূৰ কৰা যাব।” তেওঁলোকে তোমাক ক’ব, ‘প্ৰত্যেক মোট যে দ্ৰাক্ষাৰসেৰে পূৰ কৰা যাব, তাক জানো আমি ভালকৈ নাজানো?’
“Ati akkana isaaniin jedhi: ‘Waaqayyo Waaqni Israaʼel akkana jedha: qalqalloon daadhii wayinii hundi daadhii wayiniitiin guutamuu qaba.’ Yoo isaan, ‘Nu akka qalqalloon daadhii wayinii hundi daadhii wayiniitiin guutamuu qabu hin beeknuu?’ siin jedhan,
13 ১৩ তেতিয়া তুমি তেওঁলোকক ক’বা, ‘যিহোৱাই এই কথা কৈছে: চোৱা, মই এই দেশ-নিবাসী আটাইকে, এনে কি, দায়ুদৰ সিংহাসনত বহোঁতা ৰজাসকলক, পুৰোহিতসকলক, ভাববাদীসকলক, আৰু যিৰূচালেম নিবাসী সকলোকে দ্ৰাক্ষাৰসেৰে পূৰ কৰি মতোৱাল কৰিম।
ati akkana jedhiin; ‘Waaqayyo akkana jedha: Ani namoota biyya kana keessa jiraatan hunda, mootota teessoo Daawit irra taaʼan, luboota, raajotaa fi warra Yerusaalem keessa jiraatan hunda machiidhaan nan guuta.
14 ১৪ মই পৰস্পৰক, এনে কি, বাপেক-পুতেকহঁতক লগ লগাই খুন্দিয়া-খুন্দি কৰোৱাম; যিহোৱাৰ এইয়েই ঘোষণা যে - মই যে তেওঁলোকক নষ্ট নকৰিবৰ মনেৰে তেওঁলোকক মৰম, দয়া, কি অনুগ্ৰহ কৰিম, এনে নহ’ব।
Ani tokkoo tokkoo isaanii walittin buusa; abbootii fi ilmaanis akkasuma walitti nan buusa, jedha Waaqayyo. Ani isaan nan balleessa malee isaaniif hin naʼu yookaan isaaniif hin araaramu yookaan garaa hin laafuuf.’”
15 ১৫ তোমালোকে শুনা, কাণ দিয়া, অহংকাৰ নকৰিবা, কিয়নো যিহোৱাই কথা কৈছে।
Dhagaʼaa; qalbeeffadhaas; of hin tuulinaa; Waaqayyo dubbateeraatii.
16 ১৬ তোমালোকৰ ঈশ্বৰ যিহোৱাই অন্ধকাৰ নৌ আনোতেই, অন্ধকাৰময় পৰ্ব্বতত তোমাৰ ভৰি উজুটি নৌ খাওঁতেই, আৰু তোমালোকে পোহৰলৈ বাট চোৱাত তেওঁ তাক মৃত্যুচ্ছায়াত পৰিবৰ্ত্তন নৌ কৰোঁতেই, আৰু তাক ঘোৰ অন্ধকাৰ নৌ কৰোঁতেই তেওঁক গৌৰৱাম্বিত কৰা।
Utuu inni dukkana hin fidin, utuu miilli keessan tulluu dukkanaaʼaa jiru irratti hin gufatin Waaqayyo Waaqa keessaniif ulfina kennaa. Isin ifa abdattu; inni garuu ifa sana dimimmisatti deebisee dukkana duudaatti geeddara.
17 ১৭ কিন্তু তোমালোকে যদি তাক নুশুনা, তোমালোকৰ গৰ্ব্বৰ কাৰণে মোৰ মনে নিৰলে ক্ৰন্দন কৰিব। আৰু যিহোৱাৰ জাকক বন্দী কৰি নিয়াৰ বাবে মোৰ চকুৰ পৰা বহু অশ্রু ওলাব, আৰু পানীৰে ধাৰ বব।
Yoo isin dhagaʼuu baattan garuu, sababii of tuulummaa keessaniitiif lubbuun koo dhoksaatti ni boossi; sababii bushaayeen Waaqayyoo boojuun fuudhamaniif iji koo akka malee boossee imimmaan ishee keessaa ni rooba.
18 ১৮ তুমি ৰজা আৰু ৰাজমাক কোৱা, “নিজকে নম্র কৰা আৰু তোমালোক চাপৰত বহা, কিয়নো তোমালোকৰ শিৰোভুষণ, এনে কি, সুন্দৰ মুকুট খহি পৰিল।
Mootichaa fi haadha mootichaatiin, “Teessoo keessan irraa buʼaa; gonfoon keessan ulfina qabeessi sun mataa keessan irraa ni buʼaatii” jedhi.
19 ১৯ দক্ষিণ অঞ্চলৰ নগৰবোৰ বন্ধ হ’ল, সেইবোৰ মেলি দিওঁতা কোনো নাই; গোটেই যিহূদাক দেশান্তৰলৈ নিয়া হ’ল, তাৰ সকলো লোককে নিয়া হ’ল।
Magaalaawwan Negeeb ni cufamu; namni isaan banu tokko iyyuu hin jiru. Yihuudaan hundi ni boojiʼamti; guutumaan guutuuttis biyyaa fudhatamti.
20 ২০ তোমালোকে উত্তৰ দিশৰ পৰা অহা এই লোকসকলক চোৱা। তোমাক দিয়া সেই মেৰৰ জাকটি, তোমাৰ সুন্দৰ জাকটি ক’ত?
Ija keessan ol fudhadhaatii warra gama kaabaatii dhufaa jiran ilaalaa. Bushaayeen imaanaa sitti kennaman, hoolonni ati ittiin boonte sun eessa jiru?
21 ২১ তুমি নিজে নিজৰ বিপক্ষে তোমাৰ বন্ধুসকলক শিক্ষা দিয়াত, যেতিয়া তেওঁ তোমাৰ ওপৰত সেই বন্ধুসকলক মূৰব্বী পাতিব? তেতিয়া তুমি কি কবা? প্ৰসৱকাৰিণীৰ বেদনাৰ দৰে বেদনাই তোমাক নধৰিব নে?
Yommuu Waaqayyo warra ati akka isaan michoota siif taʼaniif leenjifte sana sirratti muudutti ati maal jetta? Akkuma dubartii ciniinsifattu tokkoo dhiphinni si hin qabuu?
22 ২২ তেতিয়া হয়তো তুমি মনতে ক’বা, যে, “মোৰ এনে দশা কিয় ঘটিল?” তেন্তে শুনা, তোমাৰ অপৰাধ অধিক হোৱাত তোমাৰ বস্ত্ৰৰ আঁচল ওপৰলৈ তোলা হ’ল, আৰু তোমাক বলাৎকাৰ কৰা হ’ল।
Yoo ati, “Wanni kun maaliif natti dhufe?” jettee of gaafatte wanni wandaboon kee sirraa mulqamee dhagni kee salphifameef sababii cubbuu kee baayʼee sanaatiif.
23 ২৩ কুচীয়া লোকে জানো নিজৰ ছাল, বা নাহৰফুটুকী বাঘে জানো নিজ গাৰ ফুটুকা-ফুটুকীবোৰ, সলনি কৰিব পাৰে? যদি পাৰে, তেন্তে কুকৰ্মত অভ্যাস থকা যি তোমালোক, তোমালোকেও সৎকৰ্ম কৰা সম্ভৱ।
Namni Itoophiyaa tokko bifa isaa yookaan qeerransi buburrina isaa geeddaruu ni dandaʼaa? Isin warri hammina hojjechuu barattanis waan gaarii hojjechuu hin dandeessan.
24 ২৪ এই হেতুকে মই অৰণ্যৰ বতাহত উৰি যোৱা খেৰৰ নিচিনাকৈ তেওঁলোকক উৰুৱাই দিম।
“Akkuma bubbeen gammoojjii habaqii bittinneessu sana anis isin nan bittinneessa.
25 ২৫ যিহোৱাই কৈছে, এয়ে তোমাৰ নিৰূপিত ভাগ, মই তোমাক জুখি দিয়া অংশ; কিয়নো তুমি মোক পাহৰিলা, আৰু মিছাত বিশ্বাস কৰিলা।
Sababii ati na irraanfattee waaqota sobaa amanatteef, kun ixaa kee, qooda ani siif safaree dha” jedha Waaqayyo.
26 ২৬ সেই কাৰণে মইয়ো তুমি পিন্ধা কাপোৰৰ আঁচল মুখৰ ওপৰলৈকে দাঙিম; আৰু তোমাৰ লাজৰ ঠাই দেখা যাব।
“Akka qaaniin kee mulʼatuuf ani wandaboo kee fuula keetti ol nan soqola.
27 ২৭ চহৰৰ বাহিৰৰ পৰ্ব্বতত মই তোমাৰ ঘিণলগীয়া কাম, এনে কি, তোমাৰ ব্যভিচাৰকৰ্ম, তোমাৰ ঢেকঢেকনি, আৰু বেশ্যাবৃত্তিৰ কুকৰ্ম দেখিলোঁ, হে যিৰূচালেম তুমি সন্তাপৰ পাত্ৰী! তুমি শুচি হবলৈ ইচ্ছা নকৰা। তুমি এনে অৱস্থাত আৰু কিমান কাল থাকিবা?
Ejjummaa fi himimsuun kee, sagaagalummaan kee kan qaanii hin qabne sunis ni mulʼata! Ani hojii kee jibbisiisaa sana gaarran irraa fi bakkee keessatti argeera. Yaa Yerusaalem, siif wayyoo! Ati hamma yoomiitti xurooftee hafta?”