< যেরেমিয়া 11 >

1 যিৰিমিয়ালৈ যিহোৱাৰ পৰা এই বাক্য আহিল, বোলে,
RAB Yeremya'ya şöyle seslendi:
2 “তোমালোকে এই নিয়মটিৰ বাক্য শুনা, যিহূদাৰ লোকসকলক ও যিৰূচালেম-নিবাসীসকলক কোৱা।
“Bu antlaşmanın koşullarını dinle. Yahuda halkına ve Yeruşalim'de yaşayanlara açıkla.
3 তুমি তেওঁলোকক কোৱা, ‘ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: যি কোনোৱে এই নিয়মটিৰ প্রতি কাণ নিদিয়ে, সেই প্রতিজনেই অভিশপ্ত।
Onlara diyeceksin ki, ‘İsrail'in Tanrısı RAB şöyle diyor: Bu antlaşmanın koşullarına uymayan lanet altındadır!
4 তোমালোকৰ পূৰ্বপুৰুষসকলক আজ্ঞা কৰা এই নিয়মটিৰ বাক্য, যি দিনাখন অগ্নি-কুণ্ডস্বৰূপ মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই আনিছিলো। মই ক’লো, “শুনা, মোৰ বাক্য পালন কৰা আৰু মই তোমালোকক দিয়া সকলো আজ্ঞা অনুসাৰে কাৰ্য কৰা, তেতিয়া তোমালোকে মোৰ প্ৰজা হ’বা আৰু মই তোমালোকৰ ঈশ্বৰ হ’ম।”
Atalarınızı Mısır'dan, demir eritme ocağından çıkardığımda bu antlaşmaya bağlı kalmalarını buyurdum. Onlara dedim ki: Sözümü dinleyin, buyurduğum her şeyi yerine getirin. Böylece siz benim halkım olursunuz, ben de sizin Tanrınız olurum.
5 মোৰ বাক্য শুনা যাতে আজি-কালি তোমালোকে বাস কৰা গাখীৰ, মৌজোল বোৱা এই দেশ তোমালোকৰ পূৰ্বপুৰুষসকলক দিবলৈ যি শপত কৰিছিলোঁ।’ তেতিয়া মই উত্তৰ দি ক’লো, ‘হয়, যিহোৱা!’
İşte o zaman süt ve bal akan ülkeyi –bugün sizin olan ülkeyi– atalarınıza vereceğime ilişkin içtiğim andı yerine getirmiş olacağım.’” “Amin, ya RAB” diye karşılık verdim.
6 আৰু যিহোৱাই মোক ক’লে, ‘যিহূদাৰ নগৰবোৰত, আৰু যিৰূচালেমৰ আলিবোৰত এই সকলো বাক্য ঘোষণা কৰি কোৱা, “তোমালোকে এই নিয়মটিৰ বাক্যলৈ কাণ দিয়া, আৰু ইয়াক পালন কৰা।”
RAB şöyle dedi: “Söyleyeceğim her şeyi Yahuda kentlerinde, Yeruşalim sokaklarında duyur: ‘Bu antlaşmanın koşullarını dinleyin, onlara uyun.
7 কিয়নো ‘মোৰ বাক্যলৈ কাণ দিয়া’ বুলি কৈ, মিচৰ দেশৰ পৰা তোমালোকৰ পূৰ্বপুৰুষসকলক উলিয়াই আনিবৰ দিনা মই অতি যত্নেৰে সাক্ষ্য দিছিলোঁ, আৰু আজিলৈকে প্ৰত্যেকে উঠি সাক্ষ্য দি আছোঁ।
Atalarınızı Mısır'dan çıkardığım günden bu yana sözümü dinlemeleri için onları defalarca uyardım.
8 তথাপি তেওঁলোকে পালন নকৰিলে, বা কাণ নাপাতিলে। কিন্তু তেওঁবিলাক প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে চলিলে; এই হেতুকে এই নিয়মটিৰ যিবোৰ বাক্য পালন কৰিবলৈ মই তেওঁলোকক আজ্ঞা দিছিলোঁ, কিন্তু তেওঁলোকে নকৰিলে, সেই আটাইবোৰ অভিশপ্ত বাক্য মই তেওঁলোকৰ ওপৰত ঘটালোঁ’।”
Ama dinlemediler, kulak asmadılar. Bunun yerine kötü yüreklerinin inadı uyarınca davrandılar. Ben de uymalarını buyurduğum, ama uymadıkları bu antlaşmada açıklanan bütün lanetleri başlarına getirdim.’”
9 পাছে যিহোৱাই মোক ক’লে, “যিহূদাৰ লোকসকলক আৰু যিৰূচালেম-নিবাসীসকলরৰ ভিতৰত চক্ৰান্ত পোৱা গৈছে।
RAB bana dedi ki, “Yahuda halkıyla Yeruşalim'de yaşayanlar bana düzen kuruyorlar.
10 ১০ তেওঁলোকে মোৰ বাক্য শুনিবলৈ অস্বীকাৰ কৰা তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ অপৰাধবোৰলৈ ঘূৰিল, আৰু দেৱপূজা কৰিবলৈ ইতৰ দেৱতাবোৰৰ পাছত গল; ইস্ৰায়েল আৰু যিহূদা বংশই তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ লগত মই স্থাপন কৰা নিয়মটি ভাঙিলে।”
Sözlerimi dinlemek istemeyen atalarının suçlarına döndüler. Başka ilahların ardınca gidip onlara taptılar. İsrail halkıyla Yahuda halkı, atalarıyla yaptığım antlaşmayı bozdu.
11 ১১ এই হেতুকে যিহোৱাই এইদৰে কৈছে: “চোৱা, তেওঁলোকে সাৰিব নোৱাৰা অমঙ্গল মই তেওঁলোকলৈ ঘটাম। তেতিয়া তেওঁলোকে মোৰ আগত কাতৰোক্তি কৰিব, কিন্তু মই তেওঁলোকৰ কথা নুশুনিম।
Bu yüzden RAB, ‘Kaçıp kurtulamayacakları bir yıkım getireceğim başlarına’ diyor, ‘Bana yakarsalar da onları dinlemeyeceğim.
12 ১২ তেতিয়া যিহূদাৰ নগৰবোৰৰ লোকে আৰু যিৰূচালেম নিবাসীসকলে গৈ, তেওঁলোকে ধূপ জ্বলোৱা দেৱতাবোৰৰ আগত কাতৰোক্তি কৰিব, কিন্তু সেইবোৰে তেওঁলোকৰ আপদৰ সময়ত তেওঁলোকক সমূলি ত্ৰাণ কৰিব নোৱাৰিব।
Yahuda kentlerinde oturan halk da Yeruşalim'de yaşayanlar da gidip buhur yaktıkları ilahlara yalvaracaklar. Ama yıkım geldiğinde, bu ilahlar onlara yardım edemez.
13 ১৩ কিয়নো হে যিহূদা, তোমাৰ নগৰ যিমান, তোমাৰ দেৱতা সিমানেই বাঢ়িল। আৰু যিৰূচালেমৰ আলি যিমান, লজ্জাজনক বস্তুৰ উদ্দেশ্যে, এনে কি, বালৰ কাৰণে ধূপ জ্বলাবলৈ তোমালোকে সিমান যজ্ঞ-বোদি স্থাপন কৰিলা।
Kentlerinin sayısı kadar ilahın var, ey Yahuda! O utanılası ilaha, Baal'a buhur yakmak için Yeruşalim sokaklarının sayısı kadar sunak kurdunuz.’
14 ১৪ এই হেতুকে যিৰিমিয়া, তুমি নিজে এই জাতিৰ বাবে প্ৰাৰ্থনা নকৰিবা। তেওঁলোকৰ বাবে নিবেদন কি প্ৰাৰ্থনা উৎসৰ্গ নকৰিবা। কিয়নো তেওঁলোকে নিজৰ আপদৰ কাৰণে মোৰ আগত কাতৰোক্তি কৰা সময়তো মই নুশুনিম।
“Sana gelince, ey Yeremya, bu halk için yalvarma; ne yakar ne de dilekte bulun. Sıkıntılı zamanlarında beni çağırdıklarında onları dinlemeyeceğim.
15 ১৫ মোৰ গৃহত মোৰ প্রিয়াৰ কি কাৰ্য, কিয়নো তাই অনেক লোকে সৈতে ব্যভিচাৰ কৰিলে? আৰু তোমাৰ পৰা পবিত্ৰ মাংস গ’ল; যেতিয়া তুমি দুষ্কৰ্ম কৰা, তেতিয়া তুমি উল্লাস কৰি থাকা।
“Sevgilim kötü düzenler kuruyor, Öyleyse tapınağımda işi ne? Adaklar ve kutsanmış et uğrayacağın felaketi önleyebilir mi? Felaket gelince sevinecek misin?”
16 ১৬ পূৰ্বতে যিহোৱাই তোমাক ‘উত্তম ফলেৰে শোভিত কেঁচাপতীয়া জিতগছ” এই নাম দিলে।’ তেওঁ মহা-কোলাহলৰ শব্দেৰে সৈতে তোমাৰ ওপৰত জুই জ্বলালে, আৰু তাৰ ডালবোৰ ভগ্ন হ’ল।
RAB sana meyvesi ve biçimi güzel, Yaprağı bol zeytin ağacı adını vermişti. Ama güçlü fırtına koptuğunda Ağacı tutuşturacak; Dalları kırılacak.
17 ১৭ কিয়নো বালৰ উদ্দেশ্যে ধূপ জ্বলাই মোক বেজাৰ দিবৰ অৰ্থে যিহূদা আৰু ইস্ৰায়েল বংশই নিজৰ বিৰুদ্ধে যি দুষ্কৰ্ম কৰিছিল, তাৰ কাৰণে তোমাক ৰোপণ কৰা বাহিনীসকলৰ যিহোৱাই তোমাৰ বিৰুদ্ধে অমঙ্গল প্ৰকাশ কৰিলে।
Seni dikmiş olan Her Şeye Egemen RAB, Başına felaket getirmeye karar verdi. Çünkü İsrail ve Yahuda halkları Kötülük yaptı, Baal'a buhur yakarak beni öfkelendirdiler.
18 ১৮ আৰু যিহোৱাই মোক তাৰ বিষয়ে জ্ঞান দিয়াত মই তাক জানিবলৈ পালোঁ। সেই সময়ত তুমি মোক তেওঁলোকৰ কাৰ্য দেখুৱালা।
Benim için kurdukları düzeni RAB bana açıkladı. Haberim vardı, çünkü ne yaptıklarını bana gösterdi.
19 ১৯ কিন্তু মই, বধ কৰিবলৈ নিয়া মৰমৰ মেৰ-ছাগ পোৱালিৰ দৰে আছিলোঁ; আৰু ‘ফলে সৈতে গছডাল কাটোহঁক’, তেওঁৰ নাম সোঁৱৰণ আৰু নহবৰ কাৰণে আমি জাতিবোৰৰ দেশৰ পৰা তাক উচ্ছন্ন কৰোঁহক বুলি কৈ তেওঁলোকে যে মোৰ বিৰুদ্ধে কু-আলচ পাতিছিল, তাক মই জনা নাছিলোঁ।
Kesime götürülen uysal bir kuzu gibiydim. Bana düzen kurduklarını anlamamıştım. Şöyle diyorlardı: “Ağacı da meyvesini de yok edelim, Bir daha adı anılmasın diye Onu yaşayanlar diyarından kesip atalım.”
20 ২০ কিন্তু ধাৰ্মিকতাৰে বিচাৰ কৰোঁতা, অন্তৰ আৰু হৃদয় পৰীক্ষা কৰোঁতা হে বাহিনীসকলৰ যিহোৱা, তেওঁলোকৰ ওপৰত তুমি সাধা প্ৰতিকাৰ মোক দেখিবলৈ দিয়া। কিয়নো মই তোমাৰ আগতেই মোৰ গোচৰ সোধালোঁ।
Adaletle yargılayan, Yüreği ve düşünceyi sınayan, Her Şeye Egemen RAB, Davamı senin eline bırakıyorum. Onlardan alacağın öcü göreyim!
21 ২১ এই হেতুকে অনাথোতৰ লোকসকলৰ বিষয়ে যিহোৱাই এই কথা কৈছে, তেওঁলোকে তোমাৰ প্ৰাণ বিচাৰি কয়, যে, যিহোৱাৰ নামেৰে ভববাণী প্ৰচাৰ নকৰিবা, কৰিলে তুমি আমাৰ হাতত মৰা পৰিবা।’
“Seni öldürmek isteyen Anatot halkı için RAB diyor ki, ‘Onlar, RAB'bin adına peygamberlik etme, yoksa seni öldürürüz diyorlardı.’
22 ২২ এই হেতুকে বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে, চোৱা, মই তেওঁলোকক দণ্ড দিম। ডেকাবোৰ তৰোৱালত আঘাতিত হৈ মৰিব। তেওঁলোকৰ পো-জীসকল আকালত মৃত্যু হ’ব।
Her Şeye Egemen RAB, ‘Onları cezalandıracağım’ diyor, ‘Gençleri kılıçtan geçirilecek, oğullarıyla kızları kıtlıktan ölecek.
23 ২৩ আৰু তেওঁলোকৰ কোনো অৱশিষ্ট নাথাকিব। কিয়নো মই অনাথোতৰ লোকসকললৈ অমঙ্গল ঘটাম, এনে কি, তেওঁলোকক দণ্ড দিয়াৰ বছৰ উপস্থিত কৰিম।”
Sağ kalan olmayacak. Cezalandırılacakları yıl Anatot halkının başına felaket getireceğim.’”

< যেরেমিয়া 11 >