< যাকোব 5 >
1 ১ এতেকে চাওক, হে ধনৱন্ত লোক, আপোনালোকৰ বাবে যি যি দূৰ্দশা আহিব ধৰিছে, তাৰ কাৰণে হাহাকাৰ কৰি ক্ৰন্দন কৰক।
Agite nunc divites, plorate ululantes in miseriis vestris, quæ advenient vobis.
2 ২ আপোনালোকৰ ধন-সম্পত্তি গেলি পচি যাব ধৰিছে; আপোনালোকৰ কাপোৰবোৰ পোকে খোৱা হ’ল।
Divitiæ vestræ putrefactæ sunt: et vestimenta vestra a tineis comesta sunt.
3 ৩ আপোনালোকৰ সোণ-ৰূপ ক্ষয়ণীয় হ’ল আৰু সেই ক্ষয়ণীয়তাবোৰে আপোনালোকৰ বিপক্ষে সাক্ষ্য দিব আৰু সেইবোৰে জুইৰ নিচিনা হৈ আপোনালোকৰ মঙহ খাব। আপোনালোকে শেষ কালতহে ধন-সম্পত্তি সাঁচিলে।
Aurum, et argentum vestrum æruginavit: et ærugo eorum in testimonium vobis erit, et manducabit carnes vestras sicut ignis. Thesaurizastis vobis iram in novissimis diebus.
4 ৪ চাওক, আপোনালোকৰ পথাৰৰ শস্য দোৱা বনুৱাবোৰৰ যি বেচ আপোনালোকে প্ৰৱঞ্চনা কৰি ৰাখি নিদিলে, সেই বেচেই আটাহ পাৰিছে; আৰু সেই দাওনী সকলৰ আৰ্ত্তস্বৰ বাহিনীগণৰ প্ৰভুৰ কাণত পৰিছে।
Ecce merces operariorum, qui messuerunt regiones vestras, quæ fraudata est a vobis, clamat: et clamor eorum in aures Domini sabbaoth introivit.
5 ৫ আপোনালোকে পৃথিৱীত সুখভোগ আৰু ইন্দ্ৰিয়-সুখাভিলাষেৰে জীয়াই থাকিলে; হত্যাৰ দিনটো আপোনালোকে নিজ নিজ হৃদয় তৃপ্ত কৰিলে।
Epulati estis super terram, et in luxuriis enutristis corda vestra in die occisionis.
6 ৬ যিজনে আপোনালোকক প্ৰতিৰোধ নকৰে, সেই ধাৰ্মিক লোকজনক আপোনালোকে দোষী কৰি বধ কৰিলে।
Addixistis, et occidistis Iustum, et non resistit vobis.
7 ৭ এতেকে, হে ভাইসকল, প্ৰভুৰ আগমণলৈ ধৈৰ্য ধৰি থাকক। চাওক, খেতিয়কে খেতিৰ বহুমূল্য শস্য পৃথিৱীৰ পৰা পাবৰ বাবে বাট চাই থাকে আৰু যেতিয়ালৈকে প্ৰথম আৰু পাছৰ বৰষুণ নাপাই, তেতিয়ালৈকে ধৈৰ্য ধৰি থাকে।
Patientes igitur estote fratres usque ad adventum Domini. Ecce agricola expectat pretiosum fructum terræ, patienter ferens donec accipiat temporaneum, et serotinum.
8 ৮ তেনেদৰে আপোনালোকেও ধৈৰ্য ধৰক, নিজ নিজ হৃদয় থিৰে ৰাখক; কাৰণ প্ৰভুৰ আগমণ ওচৰ পালেহি।
Patientes igitur estote et vos, et confirmate corda vestra: quoniam adventus Domini appropinquavit.
9 ৯ হে ভাইসকল, আপোনালোকৰ যাতে সোধ-বিচাৰ নহ’ব, তাৰ কাৰণে ইজনে সিজনৰ বিৰুদ্ধে অভিযোগ নকৰিব। চাওক, বিচাৰকৰ্তা দুৱাৰ-মুখতে থিয় হৈ আছে।
Nolite ingemiscere fratres in alterutrum, ut non iudicemini. Ecce iudex ante ianuam assistit.
10 ১০ হে ভাইসকল, যি ভাববাদী সকলে প্ৰভুৰ নামেৰে কথা কৈ গ’ল, তেখেত সকলক ‘ক্লেশ সহন আৰু চিৰসহিষ্ণুতাৰ অৰ্থে’ আৰ্হি বুলি মানিব।
Exemplum accipite, fratres, exitus mali, laboris, et patientiæ, Prophetas: qui locuti sunt in nomine Domini.
11 ১১ চাওক, যি সকলে সহন কৰে, তেওঁলোকক আমি ধন্য বুলি কওঁ। ইয়োবৰ সহনৰ বিষয়ে আপোনালোকে শুনিছে আৰু প্ৰভুৰ কাৰ্যৰো শেষ দেখিলে যে, প্ৰভু অতি স্নেহৱান আৰু দয়ালু।
Ecce beatificamus eos, qui sustinuerunt. Sufferentiam Iob audistis. Et finem Domini vidistis, quoniam misericors Dominus est, et miserator.
12 ১২ কিন্তু, হে মোৰ ভাইসকল, বিশেষকৈ আপোনালোকে স্বৰ্গৰ, নাইবা পৃথিৱীৰ বা আন কোনো নামৰ শপতেৰে শপত নাখাব; কিন্তু আপোনালোকে যেন সোধ-বিচাৰত নপৰে এই কাৰণে আপোনালোকৰ ‘হয়’ যেন ‘হয়’ হওক আৰু ‘নহয়’ যেন ‘নহয়’ হওক।
Ante omnia autem fratres mei nolite iurare, neque per cælum, neque per terram, neque aliud quodcumque iuramentum. Sit autem sermo vester: Est, est: Non, non: ut non sub iudicio decidatis.
13 ১৩ আপোনালোকৰ মাজত কোনোবাই ক্লেশ ভোগ কৰি আছে নে? তেওঁ প্ৰাৰ্থনাত বাধ্য হওক। কোনোবা হৰ্ষিত হৈছে নে? তেওঁ প্ৰশংসাৰ গীত গান কৰক।
Tristatur aliquis vestrum? Oret. Æquo animo est? Psallat.
14 ১৪ কোনোবা নৰিয়াত পৰি আছে নে? তেওঁ মণ্ডলীৰ পৰিচাৰক সকলক মাতক; পাছত তেওঁলোকে প্ৰভুৰ নামেৰে তেওঁৰ গাত তেল সানি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক;
Infirmatur quis in vobis? Inducat presbyteros Ecclesiæ, et orent super eum, ungentes eum oleo in nomine Domini:
15 ১৫ তাতে বিশ্বাসমূলক প্ৰাৰ্থনাই সেই নৰিয়া জনক সুস্থ কৰিব আৰু প্ৰভুৱে তেওঁক তুলিব; আৰু যদিও তেওঁ পাপ কৰিলে, তথাপি ক্ষমা কৰা যাব।
et oratio fidei salvabit infirmum, et alleviabit eum Dominus: et si in peccatis sit, remittentur ei.
16 ১৬ এতেকে আপোনালোক সুস্থ হ’বৰ বাবে ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিব আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধাৰ্মিক জনৰ নিবেদন কাৰ্য সাধন কৰাত মহা-শক্তি বিশিষ্ট।
Confitemini ergo alterutrum peccata vestra, et orate pro invicem ut salvemini: multum enim valet deprecatio iusti assidua.
17 ১৭ এলিয়া, আমাৰ নিচিনা অনুভূতিশীল লোক হৈয়ো, তেওঁ বৰষুণ নহ’বলৈ দৃঢ় প্ৰাৰ্থনা কৰিলে; তাতে তিনি বছৰ ছয় মাহলৈকে দেশত বৰষুণ নহ’ল।
Elias homo erat similis nobis passibilis: et oratione oravit ut non pluret super terram, et non pluit annos tres, et menses sex.
18 ১৮ পাছত আকৌ প্ৰাৰ্থনা কৰাত, আকাশৰ পৰা বৰষুণ হ’ল আৰু পৃথিৱীয়ে নিজ ফল উৎপন্ন কৰিলে।
Et rursum oravit: et cælum dedit pluviam, et terra dedit fructum suum.
19 ১৯ হে মোৰ ভাইসকল, আপোনালোকৰ মাজৰ কোনো এজন যদি সত্যৰ পৰা ভ্ৰান্ত হয় আৰু তেওঁক যদি কোনোবাই ঘূৰাই আনে,
Fratres mei, si quis ex vobis erraverit a veritate, et converterit quis eum:
20 ২০ তেনেহলে তেওঁ ইয়াকে জানক যে, যিজনে কোনো এজন পাপীক ভ্ৰষ্ট পথৰ পৰা ঘূৰাই আনে, তেওঁ সেই জনৰ প্ৰাণক মৃত্যুৰ পৰা ৰক্ষা কৰিব আৰু তেওঁৰ পাপ সমূহ ঢাকা হ’ব৷
scire debet quoniam qui converti fecerit peccatorem ab errore viæ suæ, salvabit animam eius a morte, et operiet multitudinem peccatorum.