< যাকোব 4 >

1 আপোনালোকৰ মাজত হাই-কাজিয়া আৰু বিৰোধ নো ক’ৰ পৰা হয়? আপোনালোকৰ অঙ্গ-প্ৰত্যঙ্গত যুদ্ধ কৰা যি যি কু-অভিলাষ, সেইবোৰৰ পৰা নহয় নে?
yuṣmākaṁ madhyē samarā raṇaśca kuta utpadyantē? yuṣmadaṅgaśibirāśritābhyaḥ sukhēcchābhyaḥ kiṁ nōtpadyantē?
2 আপোনালোকৰ যি নাই, তাকে পাব বিচাৰে কিন্তু নাপায়৷ তেতিয়া আপোনালোকে বধ কৰে আৰু হিংসা কৰে, কিন্তু তেতিয়াও আপোনালোকৰ অভিলাষ পুৰণ নহয়; সেয়েহে আপোনালোকে কাজিয়া কৰে, মাৰ-পিত কৰে৷ আপোনালোকে যি বিচাৰে, সেয়া নাপায়, কাৰণ আপোনালোকে ঈশ্বৰৰ ওচৰত নিবিচাৰে৷
yūyaṁ vāñchatha kintu nāpnutha, yūyaṁ narahatyām īrṣyāñca kurutha kintu kr̥tārthā bhavituṁ na śaknutha, yūyaṁ yudhyatha raṇaṁ kurutha ca kintvaprāptāstiṣṭhatha, yatō hētōḥ prārthanāṁ na kurutha|
3 আপোনালোকে বিচাৰে, আৰু বিচাৰিলেও নাপায়, কাৰণ আপোনালোকে অসৎ উদ্দেশ্য ৰাখি বিচাৰে৷ আপোনালোকে কেৱল নিজৰ ভোগ-বিলাস পূৰণ কৰিবৰ কাৰণে বস্তুবোৰ বিচাৰে৷
yūyaṁ prārthayadhvē kintu na labhadhvē yatō hētōḥ svasukhabhōgēṣu vyayārthaṁ ku prārthayadhvē|
4 হে ব্যভিচাৰী সকল, জগতৰ সৈতে ৰখা মিত্ৰতাই ঈশ্বৰৰ শত্ৰুতা, ইয়াক আপোনালোকে নাজানে নে? এতেকে যি জনে জগতৰ প্ৰেমিক হবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে ঈশ্বৰৰ শত্ৰু কৰি লয়।
hē vyabhicāriṇō vyabhicāriṇyaśca, saṁsārasya yat maitryaṁ tad īśvarasya śātravamiti yūyaṁ kiṁ na jānītha? ata ēva yaḥ kaścit saṁsārasya mitraṁ bhavitum abhilaṣati sa ēvēśvarasya śatru rbhavati|
5 অথবা ধৰ্মশাস্ত্ৰৰ বচনে অনৰ্থকৰূপে কয় বুলি আপোনালোকে ভাবিছে নে? যি আত্মা তেওঁ আমাত নিবাস কৰাইছিল, সেই আত্মাই ঈৰ্ষালৈ অতিশয় হাবিয়াহ কৰে নে?
yūyaṁ kiṁ manyadhvē? śāstrasya vākyaṁ kiṁ phalahīnaṁ bhavēt? asmadantarvāsī ya ātmā sa vā kim īrṣyārthaṁ prēma karōti?
6 কিন্তু ঈশ্বৰে আমাক অতিকৈ অনুগ্ৰহ দান কৰে। শাস্ত্ৰে এইদৰে কয়, “ঈশ্বৰ অহংকাৰী লোকৰ বিপক্ষ হয়, কিন্তু নম্ৰ লোক সকলক তেওঁ অনুগ্ৰহ দান কৰে।”
tannahi kintu sa pratulaṁ varaṁ vitarati tasmād uktamāstē yathā, ātmābhimānalōkānāṁ vipakṣō bhavatīśvaraḥ| kintu tēnaiva namrēbhyaḥ prasādād dīyatē varaḥ||
7 এতেকে আপোনালোক ঈশ্বৰৰ বশীভুত হওক আৰু চয়তানক প্ৰতিৰোধ কৰক; তাতে সি আপোনালোকৰ মাজৰ পৰা পলাই যাব।
ataēva yūyam īśvarasya vaśyā bhavata śayatānaṁ saṁrundha tēna sa yuṣmattaḥ palāyiṣyatē|
8 ঈশ্বৰৰ ওচৰলৈ চাপি আহক; তাতে তেৱোঁ আপোনালোকৰ ওচৰলৈ চাপিব। হে পাপ কৰ্ম কৰোঁতা সকল, আপোনালোকৰ হাত পৰিষ্কাৰ কৰক আৰু হে দুই মনৰ মানুহ, আপোনালোকৰ হৃদয় শুচি কৰক।
īśvarasya samīpavarttinō bhavata tēna sa yuṣmākaṁ samīpavarttī bhaviṣyati| hē pāpinaḥ, yūyaṁ svakarān pariṣkurudhvaṁ| hē dvimanōlōkāḥ, yūyaṁ svāntaḥkaraṇāni śucīni kurudhvaṁ|
9 বিলাপ, শোক আৰু ক্ৰন্দন কৰক; আপোনালোকৰ হাঁহি শোক হৈ যাওঁক, আৰু আপোনালোকৰ আনন্দ বিষাদ হৈ যাওঁক।
yūyam udvijadhvaṁ śōcata vilapata ca, yuṣmākaṁ hāsaḥ śōkāya, ānandaśca kātaratāyai parivarttētāṁ|
10 ১০ প্ৰভুৰ দৃষ্টিত আপোনালোকে নিজকে নত কৰক, তাতে তেওঁ আপোনালোকক উন্নত কৰিব।
prabhōḥ samakṣaṁ namrā bhavata tasmāt sa yuṣmān uccīkariṣyati|
11 ১১ হে ভাইসকল, আপোনালোকে ইজনে সিজনৰ বিৰুদ্ধে কথা নক’ব; যি জনে ভাইৰ বিৰুদ্ধে কথা কয় আৰু ভাইৰ সোধ-বিচাৰ কৰে, সেই জনে বিধানৰ বিৰুদ্ধে কথা কয় আৰু ঈশ্বৰৰ বিধানৰ সোধ-বিচাৰ কৰে, তেনেস্থলত সেই জন বিধান পালনকাৰী নহয় কিন্তু বিধানৰ বিচাৰকৰ্তাহে হয়।
hē bhrātaraḥ, yūyaṁ parasparaṁ mā dūṣayata| yaḥ kaścid bhrātaraṁ dūṣayati bhrātu rvicārañca karōti sa vyavasthāṁ dūṣayati vyavasthāyāśca vicāraṁ karōti| tvaṁ yadi vyavasthāyā vicāraṁ karōṣi tarhi vyavasthāpālayitā na bhavasi kintu vicārayitā bhavasi|
12 ১২ বিধান দিওঁতা আৰু বিচাৰকৰ্তা এজন মাথোন আছে, তেৱেঁই হৈছে ঈশ্বৰ৷ তেওঁ পৰিত্ৰাণ কৰিবলৈ আৰু বিনষ্ট কৰিবলৈকো সমৰ্থ৷ কিন্তু চুবুৰীয়াৰ সোধ-বিচাৰ কৰা যি তুমি, তুমি নো কোন?
advitīyō vyavasthāpakō vicārayitā ca sa ēvāstē yō rakṣituṁ nāśayituñca pārayati| kintu kastvaṁ yat parasya vicāraṁ karōṣi?
13 ১৩ শুনক, আপোনালোকে কয় যে, আজি বা কাইলৈ আমি অমুক নগৰলৈ গৈ, তাতে এবছৰ থাকি বেহা-বেপাৰ কৰি লাভ কৰিম;
adya śvō vā vayam amukanagaraṁ gatvā tatra varṣamēkaṁ yāpayantō vāṇijyaṁ kariṣyāmaḥ lābhaṁ prāpsyāmaścēti kathāṁ bhāṣamāṇā yūyam idānīṁ śr̥ṇuta|
14 ১৪ কিন্তু কালিলৈ কি ঘটিব, সেই বিষয়ে আপোনালোকে নাজানে আৰু আপোনালোকৰ জীৱন নো কি? কিয়নো এখন্তেক দেখা পোৱা হৈ পাছত দেখা নোপোৱা যি ভাপ, আপোনালোক সেই ভাপ স্বৰূপ৷
śvaḥ kiṁ ghaṭiṣyatē tad yūyaṁ na jānītha yatō jīvanaṁ vō bhavēt kīdr̥k tattu bāṣpasvarūpakaṁ, kṣaṇamātraṁ bhavēd dr̥śyaṁ lupyatē ca tataḥ paraṁ|
15 ১৫ তাৰ সলনি বৰং এইদৰে আপোনালোকে কোৱা উচিত যে, “যদি প্ৰভুৱে ইচ্ছা কৰে, আমি জীয়াই থাকিম, আৰু এই কৰ্ম বা সেই কৰ্ম কৰিব পাৰিম।”
tadanuktvā yuṣmākam idaṁ kathanīyaṁ prabhōricchātō vayaṁ yadi jīvāmastarhyētat karmma tat karmma vā kariṣyāma iti|
16 ১৬ কিন্তু এতিয়া আপোনালোকে নিজৰ নিজৰ পৰিকল্পনাত অহংকাৰ কৰি আছে; এনে অহংকাৰ অতি মন্দ।
kintvidānīṁ yūyaṁ garvvavākyaiḥ ślāghanaṁ kurudhvē tādr̥śaṁ sarvvaṁ ślāghanaṁ kutsitamēva|
17 ১৭ এতেকে যিজনে সৎ কৰ্ম কৰিবলৈ জানিও, উচিত ভাবে নকৰে, সেই জনে পাপ কৰে।
atō yaḥ kaścit satkarmma karttaṁ viditvā tanna karōti tasya pāpaṁ jāyatē|

< যাকোব 4 >