< যাকোব 4 >
1 ১ আপোনালোকৰ মাজত হাই-কাজিয়া আৰু বিৰোধ নো ক’ৰ পৰা হয়? আপোনালোকৰ অঙ্গ-প্ৰত্যঙ্গত যুদ্ধ কৰা যি যি কু-অভিলাষ, সেইবোৰৰ পৰা নহয় নে?
Zivela ngaphi izimpi lokulwa phakathi kwenu? Kakuveli lapha yini, enkanukweni zenu ezilwayo ezithweni zenu?
2 ২ আপোনালোকৰ যি নাই, তাকে পাব বিচাৰে কিন্তু নাপায়৷ তেতিয়া আপোনালোকে বধ কৰে আৰু হিংসা কৰে, কিন্তু তেতিয়াও আপোনালোকৰ অভিলাষ পুৰণ নহয়; সেয়েহে আপোনালোকে কাজিয়া কৰে, মাৰ-পিত কৰে৷ আপোনালোকে যি বিচাৰে, সেয়া নাপায়, কাৰণ আপোনালোকে ঈশ্বৰৰ ওচৰত নিবিচাৰে৷
Liyafisa, kodwa kalilalutho; liyabulala njalo lilomhawu, kodwa lingeke lazuza; liyalwa futhi lenza impi, kodwa kalilalutho, ngoba kaliceli;
3 ৩ আপোনালোকে বিচাৰে, আৰু বিচাৰিলেও নাপায়, কাৰণ আপোনালোকে অসৎ উদ্দেশ্য ৰাখি বিচাৰে৷ আপোনালোকে কেৱল নিজৰ ভোগ-বিলাস পূৰণ কৰিবৰ কাৰণে বস্তুবোৰ বিচাৰে৷
liyacela njalo kalemukeli, ngoba licela kubi, ukuze likuchithele enkanukweni zenu.
4 ৪ হে ব্যভিচাৰী সকল, জগতৰ সৈতে ৰখা মিত্ৰতাই ঈশ্বৰৰ শত্ৰুতা, ইয়াক আপোনালোকে নাজানে নে? এতেকে যি জনে জগতৰ প্ৰেমিক হবলৈ ইচ্ছা কৰে, তেওঁ নিজকে নিজে ঈশ্বৰৰ শত্ৰু কৰি লয়।
Zifebe lezifebekazi, kalazi yini ukuthi uthando lomhlaba luyibutha kuNkulunkulu? Ngakho loba ngubani othanda ukuba ngumngane womhlaba, wenziwa isitha sikaNkulunkulu.
5 ৫ অথবা ধৰ্মশাস্ত্ৰৰ বচনে অনৰ্থকৰূপে কয় বুলি আপোনালোকে ভাবিছে নে? যি আত্মা তেওঁ আমাত নিবাস কৰাইছিল, সেই আত্মাই ঈৰ্ষালৈ অতিশয় হাবিয়াহ কৰে নে?
Kumbe licabanga yini ukuthi umbhalo utsho ize: Umoya ohlala kithi ufisela kumona?
6 ৬ কিন্তু ঈশ্বৰে আমাক অতিকৈ অনুগ্ৰহ দান কৰে। শাস্ত্ৰে এইদৰে কয়, “ঈশ্বৰ অহংকাৰী লোকৰ বিপক্ষ হয়, কিন্তু নম্ৰ লোক সকলক তেওঁ অনুগ্ৰহ দান কৰে।”
Kodwa uyanika umusa omkhulu; ngakho uthi: UNkulunkulu umelana labazigqajayo, kodwa abathobekileyo uyabapha umusa.
7 ৭ এতেকে আপোনালোক ঈশ্বৰৰ বশীভুত হওক আৰু চয়তানক প্ৰতিৰোধ কৰক; তাতে সি আপোনালোকৰ মাজৰ পৰা পলাই যাব।
Ngakho zehliseleni kuNkulunkulu, melanani lodiyabhola, njalo uzalibalekela.
8 ৮ ঈশ্বৰৰ ওচৰলৈ চাপি আহক; তাতে তেৱোঁ আপোনালোকৰ ওচৰলৈ চাপিব। হে পাপ কৰ্ম কৰোঁতা সকল, আপোনালোকৰ হাত পৰিষ্কাৰ কৰক আৰু হে দুই মনৰ মানুহ, আপোনালোকৰ হৃদয় শুচি কৰক।
Sondelani kuNkulunkulu, laye uzasondela kini; gezani izandla, zoni, njalo lihlanze izinhliziyo, lina banhliziyombili.
9 ৯ বিলাপ, শোক আৰু ক্ৰন্দন কৰক; আপোনালোকৰ হাঁহি শোক হৈ যাওঁক, আৰু আপোনালোকৰ আনন্দ বিষাদ হৈ যাওঁক।
Danani lilile likhale; ukuhleka kwenu kakuphendulwe ukulila, lentokozo ukudana.
10 ১০ প্ৰভুৰ দৃষ্টিত আপোনালোকে নিজকে নত কৰক, তাতে তেওঁ আপোনালোকক উন্নত কৰিব।
Zithobeni phambi kweNkosi, njalo izaliphakamisa.
11 ১১ হে ভাইসকল, আপোনালোকে ইজনে সিজনৰ বিৰুদ্ধে কথা নক’ব; যি জনে ভাইৰ বিৰুদ্ধে কথা কয় আৰু ভাইৰ সোধ-বিচাৰ কৰে, সেই জনে বিধানৰ বিৰুদ্ধে কথা কয় আৰু ঈশ্বৰৰ বিধানৰ সোধ-বিচাৰ কৰে, তেনেস্থলত সেই জন বিধান পালনকাৰী নহয় কিন্তু বিধানৰ বিচাৰকৰ্তাহে হয়।
Lingahlebani, bazalwane. Lowo ohleba umzalwane, amehlulele umzalwane wakhe, uhleba umlayo, ehlulele umlayo; kodwa uba usehlulela umlayo, kawusumenzi womlayo, kodwa umahluleli.
12 ১২ বিধান দিওঁতা আৰু বিচাৰকৰ্তা এজন মাথোন আছে, তেৱেঁই হৈছে ঈশ্বৰ৷ তেওঁ পৰিত্ৰাণ কৰিবলৈ আৰু বিনষ্ট কৰিবলৈকো সমৰ্থ৷ কিন্তু চুবুৰীয়াৰ সোধ-বিচাৰ কৰা যি তুমি, তুমি নো কোন?
Munye ummisumlayo, olamandla okusindisa lokubhubhisa; wena ungubani owahlulela omunye?
13 ১৩ শুনক, আপোনালোকে কয় যে, আজি বা কাইলৈ আমি অমুক নগৰলৈ গৈ, তাতে এবছৰ থাকি বেহা-বেপাৰ কৰি লাভ কৰিম;
Minani-ke lina elithi: Lamuhla loba kusasa sizakuya emzini othile, sihlale khona umnyaka owodwa sithengiselane sizuze;
14 ১৪ কিন্তু কালিলৈ কি ঘটিব, সেই বিষয়ে আপোনালোকে নাজানে আৰু আপোনালোকৰ জীৱন নো কি? কিয়নো এখন্তেক দেখা পোৱা হৈ পাছত দেখা নোপোৱা যি ভাপ, আপোনালোক সেই ভাপ স্বৰূপ৷
elingakwaziyo okwakusasa. Ngoba iyini impilo yenu? Ngoba iyinkungu ebonakala okwesikhatshana, emva kwalokho ibisinyamalala;
15 ১৫ তাৰ সলনি বৰং এইদৰে আপোনালোকে কোৱা উচিত যে, “যদি প্ৰভুৱে ইচ্ছা কৰে, আমি জীয়াই থাকিম, আৰু এই কৰ্ম বা সেই কৰ্ম কৰিব পাৰিম।”
endaweni yalokho ngabe lithi: Uba iNkosi ivuma, njalo sizaphila, sibe sesisenza lokhu kumbe lokhuyana.
16 ১৬ কিন্তু এতিয়া আপোনালোকে নিজৰ নিজৰ পৰিকল্পনাত অহংকাৰ কৰি আছে; এনে অহংকাৰ অতি মন্দ।
Kodwa khathesi liyazincoma ekuzigqajeni kwenu; konke ukuzincoma okunje kubi.
17 ১৭ এতেকে যিজনে সৎ কৰ্ম কৰিবলৈ জানিও, উচিত ভাবে নকৰে, সেই জনে পাপ কৰে।
Ngakho lowo okwaziyo ukwenza okuhle kodwa engakwenzi, kuyisono kuye.