< যাকোব 3 >

1 হে মোৰ ভাইসকল, আপোনালোকৰ মাজত অনেক লোকে শিক্ষক হ’বলৈ চেষ্টা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনালোকে জানে যে আমাৰ দৃঢ়ৰূপে অধিক সোধ-বিচাৰ হ’ব।
Malongo bango, baingi kwaa nkati yinu bapaswa kuwa balimu, mtange panga twalowa pokya hukumu ngolo muno.
2 কিয়নো আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ। কোনো লোক এজনে যদি বাক্যত ত্ৰুটি নকৰে, তেওঁহে সিদ্ধ লোক, আনকি নিজ শৰীৰকো সম্পূর্ণৰূপে দমন কৰিবলৈ সেই জন সমৰ্থ।
Kwa mana boti twalowa kosea mu'ndela ganansima. Kati yoyoti ywabile kwaa ywaajikwaa mu'maneno gake, aywoo nga mundu mkamilifu, aweza kudhibiti yega yake yoti pia.
3 ঘোঁৰাবোৰ আমাৰ বশীভূত হ’বলৈ আমি যেতিয়া সিহঁতৰ মুখত লেকাম বান্ধি দিওঁ, তেতিয়া আমি সিহঁতৰ গোটেই শৰীৰটোকে ঘূৰাব পাৰোঁ।
Nambeambe kati twatibela lijamu za farasi mu'mikanwa yabe kabatuheshimu, ni twaweza kuigalambuwa yabe yoti.
4 লক্ষ্য কৰিবা যে, কেনেকৈ অতি ডাঙৰ জাহাজবোৰে প্ৰচণ্ড বায়ুৰ দ্বাৰাই চালিত হ’লেও, সেইবোৰক অতি সৰু বৃত্তাকাৰ হালিৰেহে গুৰিয়ালৰ ইচ্ছা অনুসাৰে ঘূৰুউৱা যায়।
Utange panga kuwa ngalaba, ingawa yabile ngolo lakini isukumilwa kwa usukani nsunu muno yendya popoti apapala nahodha.
5 সেইদৰে জিভাও অতি ক্ষুদ্ৰ অঙ্গ কিন্তু ই মহা-দৰ্পৰ কথা কয়। লক্ষ্য কৰা, যে সৰু জুইৰ ফিৰিঙতি এটিয়ে কিমান ডাঙৰ হাবি পুৰি পেলায়!
Nga nyo nyo, lulimi nga kiungo kisunu sa yega, lakini kwilumba makolo muno. Linga mwitu nkolo walowa yakilwa kwa cheche njene ya mwoto!
6 সেইদৰে জিভাও হৈছে এক অগ্নি স্বৰূপ, আমাৰ অঙ্গ-প্ৰত্যঙ্গবোৰৰ মাজত জিভা অধৰ্মময় জগত স্বৰূপ; সেয়ে গোটেই শৰীৰক কলঙ্কিত কৰি আমাৰ জীৱনৰ লগতে নিজেও নৰকৰ অগ্নিৰে প্ৰজ্বলিত হয়। (Geenna g1067)
Lulimi pia nga mwoto, nga nnema wa ubou, ubekilwe nkati ya iungo ya yega witu, yabile najisi yega yote ni kulibeka nnani ya mwoto ndela ya maisha, ni mwene sonywa mwoto wa kuzima. (Geenna g1067)
7 কিয়নো পশু, পক্ষী, উৰগ আৰু জলজন্তু আদি কৰি সকলোৰে স্বভাৱক মানুহৰ স্বভাৱৰ দ্বাৰাই বশ কৰিব পাৰে আৰু বশ কৰি অহা হৈছে;
Kila aina ya mnyama ywa mwitu, kiyuni, chakikwaba ni kuimbe sa mubahari kisibitiwa ni bandu.
8 কিন্তু জিভাক দমন কৰিবলৈ মানুহৰ মাজত কাৰো সাধ্য নাই; ই অশান্ত দুষ্টতা স্বৰূপ, মৃত্যুজনক বিহেৰে পৰিপূৰ্ণ।
Lakini ntopo mundu hata yumo ywaweza dhibiti lulimi, ni ubou wotulia kwaa, utweli sumu ya kubulaga.
9 তাৰ দ্বাৰাই আমি আমাৰ পিতৃ প্ৰভুৰ প্রশংসা কৰোঁ; আৰু তাৰেই ঈশ্বৰৰ সদৃশ্যেৰে হোৱা লোক সকলক অভিশাপ দিওঁ।
Kwa lulimi twatikumtukuza Ngwana ni Tate bitu, nga kwa wowolo twalowa laani bandu babile baumbwile kwa mpwano wa Nnongo.
10 ১০ একে মুখৰ পৰাই আশীৰ্বাদ আৰু অভিশাপৰ কথা ওলায়। হে মোৰ ভাই সকল, এনে হোৱা উচিত নহয়।
Mu'nkanwa chechelo ubaya maneno ga baraka ni laana. Alongo bango makowe aga ganike kwaa pangika.
11 ১১ একেটা ভুমুকৰ বিন্ধাইদি নির্মল আৰু তিতা, একেলগে দুবিধ পানী ওলাই নে?
Je, lose limo lyaweza piya mase gananoga na ganababa?
12 ১২ হে মোৰ ভাইসকল, ডিমৰু গছত জলফাই নাইবা দ্ৰাক্ষালতাত ডিমৰু ফল ধৰিব পাৰে নে? তেনেদৰে লুণীয়া পানীৰ ভুমুকেও সোৱাদ পানী উৎপন্ন কৰিব নোৱাৰে।
Alongo bango, Je nkongo wa tini waweza pambika matunda ga mzeituni, au mzabibu waweza pambika matunda ga mtini? wala kinywanyu ya mase ga mwinyo gapiya mase gangali mwinyo.
13 ১৩ আপোনালোকৰ মাজত জ্ঞানী আৰু সুবুদ্ধি থকা লোক কোন? তেওঁ সদাচৰণৰ দ্বাৰাই জ্ঞানমূলক মৃদুতাত নিজ কাৰ্য দেখুৱাওঁক।
Ni nyai nkati yinu ywabile ni hekima ni malango? Mundu yoo ni alaye maisha ganoite mu'kazi yake kwa nyenyekeya uboka ni hekima.
14 ১৪ কিন্তু আপোনালোকৰ হৃদয়ত যদি তিক্ততাপূৰ্ণ ঈৰ্ষা আৰু বিৰোধ থাকে, তেনেহলে সত্যৰ বিৰুদ্ধে শ্লাঘা নকৰিব আৰু মিছাকৈয়ো নক’ব।
Lakini kati mwabile wivu nkale ni nia ya ubinafsi mumyoyo yinu, kana muipune no baya ubocho nokuukana ukweli.
15 ১৫ এনে জ্ঞান ওপৰৰ পৰা নামি অহা নহয়, কিন্তু সেয়ে পাৰ্থিৱ, ইন্দ্ৰিয়াসক্ত আৰু ভৌতিক।
Ayee hekima kwaa yelo yaiuluke kuoma kunani, lakini badala yake ni ya mudunia, ya roho kwaa, nga ni ya nchela.
16 ১৬ কিয়নো যি ঠাইতে ঈৰ্ষা আৰু বিৰোধ থাকে, তাতেই দ্বন্দ আৰু আটাই কুকৰ্ম থাকে।
kwa mana pandu pabile ni wivu ni ubinafsi ubile, kubile ni vurugu ni kila likowe bou.
17 ১৭ কিন্তু ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে প্ৰথমে শুদ্ধ, পাছত শান্তিযুক্ত, ক্ষান্ত স্বভাৱী, কোমল-স্বভাৱী, দয়া আদি উত্তম ফলেৰে পৰিপূৰ্ণ, নিঃসংশয় আৰু নিৰ্মল।
Lakini hekima yaiboka kunani, kwanza ibile sapi, boka po yatipenda amani, upole ni ukarimu, yabile twilya rehema ni matunda ganoite, bila pendeleya bandu pulani, ni kweli.
18 ১৮ যি সকল লোক মিলনকাৰী, তেওঁলোকৰ দ্বাৰাই ৰোপন কৰা শান্তিত ধাৰ্মিকতাৰ ফল পোৱা যায়।
Na tunda lya haki upandilwa muu'amani kwa balo ambabo babapanga makowe ga amani.

< যাকোব 3 >