< যাকোব 3 >
1 ১ হে মোৰ ভাইসকল, আপোনালোকৰ মাজত অনেক লোকে শিক্ষক হ’বলৈ চেষ্টা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনালোকে জানে যে আমাৰ দৃঢ়ৰূপে অধিক সোধ-বিচাৰ হ’ব।
Let not many of you be teachers, my brothers, knowing that we will receive heavier judgement.
2 ২ কিয়নো আমি সকলোৱে অনেক বিষয়ত ত্ৰুটি কৰোঁ। কোনো লোক এজনে যদি বাক্যত ত্ৰুটি নকৰে, তেওঁহে সিদ্ধ লোক, আনকি নিজ শৰীৰকো সম্পূর্ণৰূপে দমন কৰিবলৈ সেই জন সমৰ্থ।
For we all stumble in many things. Anyone who doesn’t stumble in word is a perfect person, able to bridle the whole body also.
3 ৩ ঘোঁৰাবোৰ আমাৰ বশীভূত হ’বলৈ আমি যেতিয়া সিহঁতৰ মুখত লেকাম বান্ধি দিওঁ, তেতিয়া আমি সিহঁতৰ গোটেই শৰীৰটোকে ঘূৰাব পাৰোঁ।
Indeed, we put bits into the horses’ mouths so that they may obey us, and we guide their whole body.
4 ৪ লক্ষ্য কৰিবা যে, কেনেকৈ অতি ডাঙৰ জাহাজবোৰে প্ৰচণ্ড বায়ুৰ দ্বাৰাই চালিত হ’লেও, সেইবোৰক অতি সৰু বৃত্তাকাৰ হালিৰেহে গুৰিয়ালৰ ইচ্ছা অনুসাৰে ঘূৰুউৱা যায়।
Behold, the ships also, though they are so big and are driven by fierce winds, are yet guided by a very small rudder, wherever the pilot desires.
5 ৫ সেইদৰে জিভাও অতি ক্ষুদ্ৰ অঙ্গ কিন্তু ই মহা-দৰ্পৰ কথা কয়। লক্ষ্য কৰা, যে সৰু জুইৰ ফিৰিঙতি এটিয়ে কিমান ডাঙৰ হাবি পুৰি পেলায়!
So the tongue is also a little member, and boasts great things. See how a small fire can spread to a large forest!
6 ৬ সেইদৰে জিভাও হৈছে এক অগ্নি স্বৰূপ, আমাৰ অঙ্গ-প্ৰত্যঙ্গবোৰৰ মাজত জিভা অধৰ্মময় জগত স্বৰূপ; সেয়ে গোটেই শৰীৰক কলঙ্কিত কৰি আমাৰ জীৱনৰ লগতে নিজেও নৰকৰ অগ্নিৰে প্ৰজ্বলিত হয়। (Geenna )
And the tongue is a fire. The world of iniquity amongst our members is the tongue, which defiles the whole body, and sets on fire the course of nature, and is set on fire by Gehenna. (Geenna )
7 ৭ কিয়নো পশু, পক্ষী, উৰগ আৰু জলজন্তু আদি কৰি সকলোৰে স্বভাৱক মানুহৰ স্বভাৱৰ দ্বাৰাই বশ কৰিব পাৰে আৰু বশ কৰি অহা হৈছে;
For every kind of animal, bird, creeping thing, and sea creature is tamed, and has been tamed by mankind;
8 ৮ কিন্তু জিভাক দমন কৰিবলৈ মানুহৰ মাজত কাৰো সাধ্য নাই; ই অশান্ত দুষ্টতা স্বৰূপ, মৃত্যুজনক বিহেৰে পৰিপূৰ্ণ।
but nobody can tame the tongue. It is a restless evil, full of deadly poison.
9 ৯ তাৰ দ্বাৰাই আমি আমাৰ পিতৃ প্ৰভুৰ প্রশংসা কৰোঁ; আৰু তাৰেই ঈশ্বৰৰ সদৃশ্যেৰে হোৱা লোক সকলক অভিশাপ দিওঁ।
With it we bless our God and Father, and with it we curse men who are made in the image of God.
10 ১০ একে মুখৰ পৰাই আশীৰ্বাদ আৰু অভিশাপৰ কথা ওলায়। হে মোৰ ভাই সকল, এনে হোৱা উচিত নহয়।
Out of the same mouth comes blessing and cursing. My brothers, these things ought not to be so.
11 ১১ একেটা ভুমুকৰ বিন্ধাইদি নির্মল আৰু তিতা, একেলগে দুবিধ পানী ওলাই নে?
Does a spring send out from the same opening fresh and bitter water?
12 ১২ হে মোৰ ভাইসকল, ডিমৰু গছত জলফাই নাইবা দ্ৰাক্ষালতাত ডিমৰু ফল ধৰিব পাৰে নে? তেনেদৰে লুণীয়া পানীৰ ভুমুকেও সোৱাদ পানী উৎপন্ন কৰিব নোৱাৰে।
Can a fig tree, my brothers, yield olives, or a vine figs? Thus no spring yields both salt water and fresh water.
13 ১৩ আপোনালোকৰ মাজত জ্ঞানী আৰু সুবুদ্ধি থকা লোক কোন? তেওঁ সদাচৰণৰ দ্বাৰাই জ্ঞানমূলক মৃদুতাত নিজ কাৰ্য দেখুৱাওঁক।
Who is wise and understanding amongst you? Let him show by his good conduct that his deeds are done in gentleness of wisdom.
14 ১৪ কিন্তু আপোনালোকৰ হৃদয়ত যদি তিক্ততাপূৰ্ণ ঈৰ্ষা আৰু বিৰোধ থাকে, তেনেহলে সত্যৰ বিৰুদ্ধে শ্লাঘা নকৰিব আৰু মিছাকৈয়ো নক’ব।
But if you have bitter jealousy and selfish ambition in your heart, don’t boast and don’t lie against the truth.
15 ১৫ এনে জ্ঞান ওপৰৰ পৰা নামি অহা নহয়, কিন্তু সেয়ে পাৰ্থিৱ, ইন্দ্ৰিয়াসক্ত আৰু ভৌতিক।
This wisdom is not that which comes down from above, but is earthly, sensual, and demonic.
16 ১৬ কিয়নো যি ঠাইতে ঈৰ্ষা আৰু বিৰোধ থাকে, তাতেই দ্বন্দ আৰু আটাই কুকৰ্ম থাকে।
For where jealousy and selfish ambition are, there is confusion and every evil deed.
17 ১৭ কিন্তু ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে প্ৰথমে শুদ্ধ, পাছত শান্তিযুক্ত, ক্ষান্ত স্বভাৱী, কোমল-স্বভাৱী, দয়া আদি উত্তম ফলেৰে পৰিপূৰ্ণ, নিঃসংশয় আৰু নিৰ্মল।
But the wisdom that is from above is first pure, then peaceful, gentle, reasonable, full of mercy and good fruits, without partiality, and without hypocrisy.
18 ১৮ যি সকল লোক মিলনকাৰী, তেওঁলোকৰ দ্বাৰাই ৰোপন কৰা শান্তিত ধাৰ্মিকতাৰ ফল পোৱা যায়।
Now the fruit of righteousness is sown in peace by those who make peace.