< যাকোব 1 >

1 মই যাকোব, ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ এজন দাস, সিঁচৰিত হৈ থকা বাৰ ফৈদৰ লোক সকলৰ ওচৰলৈ এই সম্ভাষণ।
ঈশ্ৱরস্য প্রভো র্যীশুখ্রীষ্টস্য চ দাসো যাকূব্ ৱিকীর্ণীভূতান্ দ্ৱাদশং ৱংশান্ প্রতি নমস্কৃত্য পত্রং লিখতি|
2 হে মোৰ ভাইসকল, আপোনালোকে যেতিয়া নানা বিধ পৰীক্ষাত পৰে, তেতিয়া সেই বিষয়ক অতি আনন্দৰ বিষয় বুলি মানিব;
হে মম ভ্রাতরঃ, যূযং যদা বহুৱিধপরীক্ষাষু নিপতত তদা তৎ পূর্ণানন্দস্য কারণং মন্যধ্ৱং|
3 কিয়নো আপোনালোকৰ বিশ্বাসৰ পৰীক্ষাই যে সহন ক্ষমতা জন্মায়, সেই বিষয়ে আপোনালোকে জানে।
যতো যুষ্মাকং ৱিশ্ৱাসস্য পরীক্ষিতৎৱেন ধৈর্য্যং সম্পাদ্যত ইতি জানীথ|
4 এই কাৰণে সহনশীলতাক সিদ্ধ কাৰ্য-বিশিষ্ট কৰা হওক, যাতে আপোনালোকে একোতে অসম্পূৰ্ণ নহৈ সিদ্ধ আৰু সম্পূৰ্ণ হয়৷
তচ্চ ধৈর্য্যং সিদ্ধফলং ভৱতু তেন যূযং সিদ্ধাঃ সম্পূর্ণাশ্চ ভৱিষ্যথ কস্যাপি গুণস্যাভাৱশ্চ যুষ্মাকং ন ভৱিষ্যতি|
5 কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্ৱৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ’ব।
যুষ্মাকং কস্যাপি জ্ঞানাভাৱো যদি ভৱেৎ তর্হি য ঈশ্ৱরঃ সরলভাৱেন তিরস্কারঞ্চ ৱিনা সর্ৱ্ৱেভ্যো দদাতি ততঃ স যাচতাং ততস্তস্মৈ দাযিষ্যতে|
6 কিন্তু বিশ্বাসেৰে নিঃসংশয় হৈ যাচনা কৰক; কিয়নো যি জনে সংশয় কৰে, তেওঁ বতাহে বলোৱা আৰু ওপৰলৈ উধুৱা সাগৰৰ ঢৌৰ নিচিনা হয়।
কিন্তু স নিঃসন্দেহঃ সন্ ৱিশ্ৱাসেন যাচতাং যতঃ সন্দিগ্ধো মানৱো ৱাযুনা চালিতস্যোৎপ্লৱমানস্য চ সমুদ্রতরঙ্গস্য সদৃশো ভৱতি|
7 এনে ধৰণৰ মানুহে যে প্ৰভুৰ পৰা কিবা পাব, ইয়াক তেওঁ নাভাবক;
তাদৃশো মানৱঃ প্রভোঃ কিঞ্চিৎ প্রাপ্স্যতীতি ন মন্যতাং|
8 কিয়নো সেই মানুহ, দুই মনৰ; তেওঁ নিজৰ সকলো গতিতে অস্থিৰ।
দ্ৱিমনা লোকঃ সর্ৱ্ৱগতিষু চঞ্চলো ভৱতি|
9 যি ভাই আৰ্থিকভাবে দূৰ্বল বা নম্ৰ; তেওঁ নিজৰ উচ্চপদৰ বাবে গৌৰৱ কৰক;
যো ভ্রাতা নম্রঃ স নিজোন্নত্যা শ্লাঘতাং|
10 ১০ যি জন ধনৱান, তেৱোঁ ঈশ্বৰে শিকোৱা নম্ৰতাত গৌৰৱ কৰক; কিয়নো বনৰীয়া ফুল এটাৰ নিচিনা তেৱোঁ লুপ্ত হৈ যাব।
১০যশ্চ ধনৱান্ স নিজনম্রতযা শ্লাঘতাংযতঃ স তৃণপুষ্পৱৎ ক্ষযং গমিষ্যতি|
11 ১১ কাৰণ সূৰ্য অতি তাপৰ সৈতে উদয় হয় আৰু তৃণ শুকুৱায়, তাতে তাৰ ফুল সৰি পৰে আৰু তাৰ সৌন্দৰ্য্যও নষ্ট হয়৷ এনেদৰে ধনৱান মানুহো এদিন নিজৰ মাজতেই মলিন হৈ যাব।
১১যতঃ সতাপেন সূর্য্যেণোদিত্য তৃণং শোষ্যতে তৎপুষ্পঞ্চ ভ্রশ্যতি তেন তস্য রূপস্য সৌন্দর্য্যং নশ্যতি তদ্ৱদ্ ধনিলোকোঽপি স্ৱীযমূঢতযা ম্লাস্যতি|
12 ১২ যি মানুহে পৰীক্ষা সহন কৰে, তেওঁ ধন্য; কিয়নো পৰীক্ষা সাফল্য হ’লে, প্ৰভুক প্ৰেম কৰা সকলক জীৱনৰূপ কিৰীটি দিবলৈ প্ৰভুৱে যি প্ৰতিজ্ঞা কৰিলে, সেয়া তেওঁ পাব।
১২যো জনঃ পরীক্ষাং সহতে স এৱ ধন্যঃ, যতঃ পরীক্ষিতৎৱং প্রাপ্য স প্রভুনা স্ৱপ্রেমকারিভ্যঃ প্রতিজ্ঞাতং জীৱনমুকুটং লপ্স্যতে|
13 ১৩ কিন্তু যেতিয়া পৰীক্ষিত হয়, তেতিয়া কোনোৱে যেন এই বুলি নকওঁক “ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ”; কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত আৰু কোনো লোকৰ পৰীক্ষাও তেওঁ নকৰে।
১৩ঈশ্ৱরো মাং পরীক্ষত ইতি পরীক্ষাসমযে কোঽপি ন ৱদতু যতঃ পাপাযেশ্ৱরস্য পরীক্ষা ন ভৱতি স চ কমপি ন পরীক্ষতে|
14 ১৪ কিন্তু প্ৰত্যেক ব্যক্তি নিজৰ কু-অভিলাষৰ দ্বাৰাই প্ৰলোভিত হয় আৰু ফুচুলনিত পৰি পৰীক্ষিত হয়।
১৪কিন্তু যঃ কশ্চিৎ স্ৱীযমনোৱাঞ্ছযাকৃষ্যতে লোভ্যতে চ তস্যৈৱ পরীক্ষা ভৱতি|
15 ১৫ তাতে সেই কু-অভিলাষে গৰ্ভধাৰণ কৰি পাপ প্ৰসৱ কৰে; পাছত পাপ পূৰ্ণতাপ্ৰাপ্ত হ’লে, তাৰ ফলাফল হয় মৃত্যু৷
১৫তস্মাৎ সা মনোৱাঞ্ছা সগর্ভা ভূৎৱা দুষ্কৃতিং প্রসূতে দুষ্কৃতিশ্চ পরিণামং গৎৱা মৃত্যুং জনযতি|
16 ১৬ হে মোৰ প্ৰিয় ভাইসকল, আপোনালোক ভ্ৰান্ত নহব।
১৬হে মম প্রিযভ্রাতরঃ, যূযং ন ভ্রাম্যত|
17 ১৭ সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে আহে, আৰু আকাশৰ জ্যোতিবোৰ সেই পিতৃৰ পৰাই তললৈ নামি আহে৷ ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়৷
১৭যৎ কিঞ্চিদ্ উত্তমং দানং পূর্ণো ৱরশ্চ তৎ সর্ৱ্ৱম্ ঊর্দ্ধ্ৱাদ্ অর্থতো যস্মিন্ দশান্তরং পরিৱর্ত্তনজাতচ্ছাযা ৱা নাস্তি তস্মাদ্ দীপ্ত্যাকরাৎ পিতুরৱরোহতি|
18 ১৮ ঈশ্বৰে তেওঁৰ নিজ ইচ্ছাৰে সত্য বাক্যৰ দ্বাৰাই আমাক জীৱন দিলে যাতে তেওঁৰ সৃষ্ট বস্তুবোৰৰ মাজত আমি যেন এবিধ প্ৰথম ফল হওঁ।
১৮তস্য সৃষ্টৱস্তূনাং মধ্যে ৱযং যৎ প্রথমফলস্ৱরূপা ভৱামস্তদর্থং স স্ৱেচ্ছাতঃ সত্যমতস্য ৱাক্যেনাস্মান্ জনযামাস|
19 ১৯ হে মোৰ প্ৰিয় ভাইসকল, অাপোনালোকে এই কথা জানিব যে, প্ৰত্যেক ব্যক্তি শুনিবলৈ প্ৰস্তুত থাকিব, ক’বলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওক,
১৯অতএৱ হে মম প্রিযভ্রাতরঃ, যুষ্মাকম্ একৈকো জনঃ শ্রৱণে ৎৱরিতঃ কথনে ধীরঃ ক্রোধেঽপি ধীরো ভৱতু|
20 ২০ কিয়নো মানুহৰ ক্ৰোধে ঈশ্বৰে বিচৰা ধাৰ্মিকতা সাধন নকৰে।
২০যতো মানৱস্য ক্রোধ ঈশ্ৱরীযধর্ম্মং ন সাধযতি|
21 ২১ এতেকে আপোনালোকে সকলো অশুচিতা আৰু হিংসাৰ অধিকতা দূৰ কৰি, যি ৰোৱা বাক্য আপোনালোকৰ আত্মাৰ পৰিত্ৰাণ কৰিবৰ বাবে সমৰ্থ, তাক নম্ৰভাৱে গ্ৰহণ কৰক।
২১অতো হেতো র্যূযং সর্ৱ্ৱাম্ অশুচিক্রিযাং দুষ্টতাবাহুল্যঞ্চ নিক্ষিপ্য যুষ্মন্মনসাং পরিত্রাণে সমর্থং রোপিতং ৱাক্যং নম্রভাৱেন গৃহ্লীত|
22 ২২ কেৱল শুনোতা হৈ নিজক নুভুলাব, কিন্তু বাক্য পালন কৰোঁতা হওক।
২২অপরঞ্চ যূযং কেৱলম্ আত্মৱঞ্চযিতারো ৱাক্যস্য শ্রোতারো ন ভৱত কিন্তু ৱাক্যস্য কর্ম্মকারিণো ভৱত|
23 ২৩ কিয়নো কোনোৱে যদি বাক্য পালন কৰোঁতা নহয়, কেৱল মাথোন শুনোতা হয়, তেনেহলে সেই লোক দৰ্পণত নিজৰ স্বাভাৱিক মুখ দেখা পোৱা মানুহৰ নিচিনা হয়;
২৩যতো যঃ কশ্চিদ্ ৱাক্যস্য কর্ম্মকারী ন ভূৎৱা কেৱলং তস্য শ্রোতা ভৱতি স দর্পণে স্ৱীযশারীরিকৱদনং নিরীক্ষমাণস্য মনুজস্য সদৃশঃ|
24 ২৪ কাৰণ তেওঁ নিজকে চাই গুচি যায়, তাতে তেওঁ কেনেকুৱা আছিল, সেই বিষয়ে তেতিয়াই পাহৰি যায়।
২৪আত্মাকারে দৃষ্টে স প্রস্থায কীদৃশ আসীৎ তৎ তৎক্ষণাদ্ ৱিস্মরতি|
25 ২৫ যি কোনোৱে স্বাধীনতা স্বৰূপ সিদ্ধ বিধানৰ বাবে চাপৰি দৃষ্টি কৰি চাই থাকে আৰু শুনি পাহৰি যোৱা নহয়, কিন্তু পালন কৰোঁতা হয়, তেওঁহে নিজ কাৰ্যত ধন্য হ’ব।
২৫কিন্তু যঃ কশ্চিৎ নৎৱা মুক্তেঃ সিদ্ধাং ৱ্যৱস্থাম্ আলোক্য তিষ্ঠতি স ৱিস্মৃতিযুক্তঃ শ্রোতা ন ভূৎৱা কর্ম্মকর্ত্তৈৱ সন্ স্ৱকার্য্যে ধন্যো ভৱিষ্যতি|
26 ২৬ কোনোৱে যদি নিজকে ধাৰ্মিক বুলি মানে, কিন্তু নিজৰ জিভা দমন নকৰি নিজৰ হৃদয়ক ভুলায়, তেনেহলে সেই মানুহৰ ধৰ্ম-কৰ্ম ব্যৰ্থ।
২৬অনাযত্তরসনঃ সন্ যঃ কশ্চিৎ স্ৱমনো ৱঞ্চযিৎৱা স্ৱং ভক্তং মন্যতে তস্য ভক্তি র্মুধা ভৱতি|
27 ২৭ মাউৰা আৰু বিধৱা সকলক তেওঁলোকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু সংসাৰৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্ম-কৰ্ম।
২৭ক্লেশকালে পিতৃহীনানাং ৱিধৱানাঞ্চ যদ্ অৱেক্ষণং সংসারাচ্চ নিষ্কলঙ্কেন যদ্ আত্মরক্ষণং তদেৱ পিতুরীশ্ৱরস্য সাক্ষাৎ শুচি র্নির্ম্মলা চ ভক্তিঃ|

< যাকোব 1 >