< যাকোব 1 >
1 ১ মই যাকোব, ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ এজন দাস, সিঁচৰিত হৈ থকা বাৰ ফৈদৰ লোক সকলৰ ওচৰলৈ এই সম্ভাষণ।
Яков слуга на Бога и на Господа Исуса Христа, до дванадесет пръснати племена, поздрав.
2 ২ হে মোৰ ভাইসকল, আপোনালোকে যেতিয়া নানা বিধ পৰীক্ষাত পৰে, তেতিয়া সেই বিষয়ক অতি আনন্দৰ বিষয় বুলি মানিব;
Считайте го за голяма радост, братя мои, когато падате в разни изпитни,
3 ৩ কিয়নো আপোনালোকৰ বিশ্বাসৰ পৰীক্ষাই যে সহন ক্ষমতা জন্মায়, সেই বিষয়ে আপোনালোকে জানে।
като знаете, че изпитанието на вашата вяра произвежда твърдост.
4 ৪ এই কাৰণে সহনশীলতাক সিদ্ধ কাৰ্য-বিশিষ্ট কৰা হওক, যাতে আপোনালোকে একোতে অসম্পূৰ্ণ নহৈ সিদ্ধ আৰু সম্পূৰ্ণ হয়৷
А твърдостта нека извърши делото си съвършено, за да бъдете съвършени и цели, без никакъв недостатък.
5 ৫ কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্ৱৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ’ব।
Но ако някому от вас не достига мъдрост, нека иска от Бога, Който дава на всички щедро без да укорява, и ще му се даде.
6 ৬ কিন্তু বিশ্বাসেৰে নিঃসংশয় হৈ যাচনা কৰক; কিয়নো যি জনে সংশয় কৰে, তেওঁ বতাহে বলোৱা আৰু ওপৰলৈ উধুৱা সাগৰৰ ঢৌৰ নিচিনা হয়।
Но да проси с вяра без да се съмнява ни най-малко; защото, който се съмнява прилича на морски вълни, които се тласкат и блъскат от ветровете.
7 ৭ এনে ধৰণৰ মানুহে যে প্ৰভুৰ পৰা কিবা পাব, ইয়াক তেওঁ নাভাবক;
Такъв човек да не мисли, че ще получи нещо от Господа,
8 ৮ কিয়নো সেই মানুহ, দুই মনৰ; তেওঁ নিজৰ সকলো গতিতে অস্থিৰ।
понеже е колеблив и непостоянен във всичките си пътища.
9 ৯ যি ভাই আৰ্থিকভাবে দূৰ্বল বা নম্ৰ; তেওঁ নিজৰ উচ্চপদৰ বাবে গৌৰৱ কৰক;
Братът, който е в по-долно състояние, нека се хвали, когато се въздига,
10 ১০ যি জন ধনৱান, তেৱোঁ ঈশ্বৰে শিকোৱা নম্ৰতাত গৌৰৱ কৰক; কিয়নো বনৰীয়া ফুল এটাৰ নিচিনা তেৱোঁ লুপ্ত হৈ যাব।
а богатият - когато се смирява, понеже ще прецъфти като цвета на тревата.
11 ১১ কাৰণ সূৰ্য অতি তাপৰ সৈতে উদয় হয় আৰু তৃণ শুকুৱায়, তাতে তাৰ ফুল সৰি পৰে আৰু তাৰ সৌন্দৰ্য্যও নষ্ট হয়৷ এনেদৰে ধনৱান মানুহো এদিন নিজৰ মাজতেই মলিন হৈ যাব।
Защото слънцето изгрява с изсушителния вятър, тревата изсъхва, цветът й окапва, и красотата на изгледа й изчезва: така и богатият ще повехне в пътищата си.
12 ১২ যি মানুহে পৰীক্ষা সহন কৰে, তেওঁ ধন্য; কিয়নো পৰীক্ষা সাফল্য হ’লে, প্ৰভুক প্ৰেম কৰা সকলক জীৱনৰূপ কিৰীটি দিবলৈ প্ৰভুৱে যি প্ৰতিজ্ঞা কৰিলে, সেয়া তেওঁ পাব।
Блажен онзи човек, който издържа изпитня; защото като бъде одобрен, ще приеме за венец живота, който Господ е обещал на ония, които Го любят.
13 ১৩ কিন্তু যেতিয়া পৰীক্ষিত হয়, তেতিয়া কোনোৱে যেন এই বুলি নকওঁক “ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ”; কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত আৰু কোনো লোকৰ পৰীক্ষাও তেওঁ নকৰে।
Никой, който се изкушава, да не казва: Бог ме изкушава, защото Бог се не изкушава от зло, и Той никого не изкушава.
14 ১৪ কিন্তু প্ৰত্যেক ব্যক্তি নিজৰ কু-অভিলাষৰ দ্বাৰাই প্ৰলোভিত হয় আৰু ফুচুলনিত পৰি পৰীক্ষিত হয়।
А който се изкушава, се завлича и подлъгва от собствената си страст;
15 ১৫ তাতে সেই কু-অভিলাষে গৰ্ভধাৰণ কৰি পাপ প্ৰসৱ কৰে; পাছত পাপ পূৰ্ণতাপ্ৰাপ্ত হ’লে, তাৰ ফলাফল হয় মৃত্যু৷
и тогава страстта зачева и ражда грях, а грехът, като се развие напълно ражда смърт.
16 ১৬ হে মোৰ প্ৰিয় ভাইসকল, আপোনালোক ভ্ৰান্ত নহব।
Не се заблуждавайте, любезни мои братя;
17 ১৭ সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে আহে, আৰু আকাশৰ জ্যোতিবোৰ সেই পিতৃৰ পৰাই তললৈ নামি আহে৷ ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়৷
Всяко дадено добро и всеки съвършен дар е отгоре, и слиза от Отца на светлините, у Когото няма изменение, или сянка от промяна.
18 ১৮ ঈশ্বৰে তেওঁৰ নিজ ইচ্ছাৰে সত্য বাক্যৰ দ্বাৰাই আমাক জীৱন দিলে যাতে তেওঁৰ সৃষ্ট বস্তুবোৰৰ মাজত আমি যেন এবিধ প্ৰথম ফল হওঁ।
От собствената Си воля ни е родил чрез словото на истината, за да бъдем един вид пръв плод на Неговите създания.
19 ১৯ হে মোৰ প্ৰিয় ভাইসকল, অাপোনালোকে এই কথা জানিব যে, প্ৰত্যেক ব্যক্তি শুনিবলৈ প্ৰস্তুত থাকিব, ক’বলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওক,
Вие знаете това, любезни мои братя. Обаче нека човек бъде бърз да слуша, бавен да говори и бавен да се гневи;
20 ২০ কিয়নো মানুহৰ ক্ৰোধে ঈশ্বৰে বিচৰা ধাৰ্মিকতা সাধন নকৰে।
защото човешкия гняв не върши Божията правда.
21 ২১ এতেকে আপোনালোকে সকলো অশুচিতা আৰু হিংসাৰ অধিকতা দূৰ কৰি, যি ৰোৱা বাক্য আপোনালোকৰ আত্মাৰ পৰিত্ৰাণ কৰিবৰ বাবে সমৰ্থ, তাক নম্ৰভাৱে গ্ৰহণ কৰক।
Затова, като отхвърлите всяка нечистота и преливаща се злоба, приемайте с кротост всаденото слово, което може да спаси душите ви,
22 ২২ কেৱল শুনোতা হৈ নিজক নুভুলাব, কিন্তু বাক্য পালন কৰোঁতা হওক।
Бивайте и изпълнители на словото, а не само слушатели, да лъжете себе си.
23 ২৩ কিয়নো কোনোৱে যদি বাক্য পালন কৰোঁতা নহয়, কেৱল মাথোন শুনোতা হয়, তেনেহলে সেই লোক দৰ্পণত নিজৰ স্বাভাৱিক মুখ দেখা পোৱা মানুহৰ নিচিনা হয়;
Защото ако някой бъде слушател на словото, а не изпълнител, той прилича на човек, който гледа естественото си лице в огледалото;
24 ২৪ কাৰণ তেওঁ নিজকে চাই গুচি যায়, তাতে তেওঁ কেনেকুৱা আছিল, সেই বিষয়ে তেতিয়াই পাহৰি যায়।
понеже се огледва, отива си, и завчас забравя какъв бе.
25 ২৫ যি কোনোৱে স্বাধীনতা স্বৰূপ সিদ্ধ বিধানৰ বাবে চাপৰি দৃষ্টি কৰি চাই থাকে আৰু শুনি পাহৰি যোৱা নহয়, কিন্তু পালন কৰোঁতা হয়, তেওঁহে নিজ কাৰ্যত ধন্য হ’ব।
Но който вникне в съвършения закон на свободата и постоянствува, той, като не е забравлив слушател, но деятелен изпълнител, ще бъде блажен в дейността си.
26 ২৬ কোনোৱে যদি নিজকে ধাৰ্মিক বুলি মানে, কিন্তু নিজৰ জিভা দমন নকৰি নিজৰ হৃদয়ক ভুলায়, তেনেহলে সেই মানুহৰ ধৰ্ম-কৰ্ম ব্যৰ্থ।
Ако някой счита себе си за благочестив, а не обуздава езика си, но мами сърцето си, неговото благочестие е суетно.
27 ২৭ মাউৰা আৰু বিধৱা সকলক তেওঁলোকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু সংসাৰৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্ম-কৰ্ম।
Чисто и непорочно благочестие пред Бога и Отца, ето що е: да пригледва човек сирачетата и вдовиците в неволята им, и да пази себе си неопетнен от света.