< ইসাইয়া 9 >
1 ১ যন্ত্রণাত থকা জনীৰ পৰা আন্ধাৰ দূৰ হ’ব, তেওঁ প্রথম অৱস্থাত জবূলূন আৰু নপ্তালী দেশক অপদস্থ কৰিছিল, কিন্তু পৰবর্তী সময়ত সমুদ্ৰলৈ যোৱা পথ, যৰ্দ্দনৰ সিপাৰে, গালীল দেশৰ লোকসকলক গৌৰৱাম্বিত কৰিব।
Bet tumsība nepaliks, kur (tagad) bēdas; pirmajā laikā Viņš kaunā licis Zebulona zemi un Naftalus zemi, bet pastara laikā Viņš cels godā jūrmalu, AizJardāni un pagānu Galileju.
2 ২ আন্ধাৰত ফুৰা সকলে মহাজ্যোতি দেখিলে; মৃত্যু ছাঁয়াৰ দেশত বাস কৰা সকলৰ ওপৰত দীপ্তি প্ৰকাশিত হ’ল।
Tie ļaudis, kas staigā tumsībā, redz lielu gaišumu; kas dzīvo nāves ēnas zemē, pār tiem spīd spožums.
3 ৩ তুমি সেই দেশৰ লোক বহু সংখ্যক কৰিলা, তুমি তেওঁলোকৰ আনন্দ বৃদ্ধি কৰিলা; শস্য দোৱাৰ সময়ত আনন্দ কৰাৰ দৰে, আৰু লুটদ্ৰব্য ভাগ-বাঁটি লোৱাত আনন্দ কৰা দৰে, তেওঁলোকে তোমাৰ সাক্ষাতে আনন্দ কৰে।
To tautu Tu esi vairojis; lielu prieku Tu tai esi devis; tie priecāsies Tavā priekšā, tā kā priecājās pļaujamā laikā, tā kā līksmojās laupījumu dalot.
4 ৪ কাৰণ তুমি মিদিয়নৰ সময়ত কৰা দৰে, তেওঁৰ ভাৰ স্বৰূপ যুৱলি, তেওঁৰ কান্ধৰ কানমাৰি, আৰু তেওঁৰ উপদ্ৰৱকাৰী দণ্ড ভাঙি পেলালা।
Jo viņu nastas jūgu un viņu muguras rīksti un viņu dzinēja dzenuli Tu esi salauzis kā Midijana laikā.
5 ৫ কাৰণ ঘোৰ যুদ্ধত সুসজ্জিত থকা সৈন্যৰ সকলো প্ৰকাৰৰ সাজ, আৰু তেজেৰে লেটিপেটি হোৱা পোচাক, জুইৰ বাবে ইন্ধনৰ দৰে পোৰা যাব।
Jo kurpes, autas uz kara troksni, un drēbes, apgānītas asinīm, taps sadedzinātas un no uguns aprītas.
6 ৬ কাৰণ আমালৈ এটি লৰা জন্মিল, আমালৈ এটি পুত্ৰ দান কৰা হ’ল; আৰু তেওঁৰ কান্ধত শাসন ভাৰ অৰ্পিত হ’ব, আৰু তেওঁ আশ্চৰ্য পৰামৰ্শদাতা, পৰাক্ৰমী ঈশ্বৰ, অন্তকালস্থায়ী পিতৃ, আৰু শান্তিৰাজ নামে প্ৰখ্যাত হ’ব।
Jo viens bērns mums dzimis, viens dēls mums dots, un valdība ir uz Viņa kamieša; un Viņa vārds top saukts: Brīnums, Padoma devējs, Varenais Dievs, Mūžīgais tēvs, Miera lielkungs.
7 ৭ দায়ুদৰ সিংহাসন আৰু তেওঁৰ ৰাজ্যৰ ওপৰত শাসন কৰোঁতে তাক সুস্থিৰ আৰু দৃঢ় কৰিবলৈ, এই সময়ৰ পৰা চিৰকাললৈকে ন্যায় আৰু ধাৰ্মিকতাৰ সৈতে ৰাজ্যত তেওঁৰ শাসন আৰু শান্তি বৃদ্ধি হৈ থাকিব। বাহিনীসকলৰ যিহোৱাৰ আগ্রহে ইয়াক সিদ্ধ কৰিব।
Lai valdība top vairota, un mieram nav gala uz Dāvida goda krēsla un Viņa valstībā, ka Viņš to sataisa un stiprina ar tiesu un taisnību no šī laika mūžīgi. To darīs Tā Kunga Cebaot karstums.
8 ৮ প্ৰভুৱে যাকোবৰ বিৰুদ্ধে এটি বাক্য পঠালে; সেয়ে ইস্ৰায়েলৰ ওপৰত পৰিল,
Tas Kungs vienu vārdu ir sūtījis pie Jēkaba, un tas ir nolaidies pie Israēla.
9 ৯ গর্ব্ব আৰু অহংকাৰী হৃদয়েৰে কথা কোৱা জনক সকলো লোকে জানে, এনেকি ইফ্ৰয়িম আৰু চমৰিয়াৰ লোকসকলেও জানে;
Un visi ļaudis to samanīs, Efraīms un Samarijas iedzīvotāji, kas lielībā un sirds lepnībā saka:
10 ১০ “ইটাবোৰ খহি পৰিল, কিন্তু আমি কটা শিলেৰে পুনৰ নির্মাণ কৰিম; ডিমৰু গছবোৰ কটা হ’ল, কিন্তু আমি তাৰ সলনি এৰচ কাঠ লগাম।”
Ķieģeļi gruvuši, bet ar cirstiem akmeņiem atkal uztaisīsim, meža vīģu koki ir nocirsti, bet viņu vietā stādīsim ciedru kokus.
11 ১১ এই হেতুকে যিহোৱাই তেওঁৰ বিৰুদ্ধে ৰচীন, আৰু তেওঁৰ বিৰোধী সকলক উন্নত কৰিব, আৰু তেওঁৰ শত্রুবোৰক উত্তেজিত কৰিব।
Jo Tas Kungs paaugstina Recina pretiniekus pār viņu un saskubina viņa ienaidniekus,
12 ১২ পূব দিশত অৰাম, আৰু পশ্চিম দিশত পলেষ্টীয়াসকল, তেওঁলোকে মুখ মেলি ইস্ৰায়েলক গ্ৰাস কৰিব। কাৰণ তেওঁলোকৰ ক্রোধ যিহোৱাই ক্ষান্ত নকৰিব; কিন্তু আঘাত কৰিবলৈ তেওঁলোকৰ হাত উদ্যত হৈ থাকিব।
Sīriešus no rītiem un Fīlistus no vakariem, ka tie Israēli ēd pilnā mutē. Ar visu to Viņa dusmība nenovēršas, un Viņa roka vēl ir izstiepta.
13 ১৩ তথাপিও যিহোৱাই যিসকল লোকক প্ৰহাৰ কৰিব সেই লোকসকল তেওঁলৈ নুঘুৰিব, নাইবা তেওঁলোকে বাহিনীসকলৰ যিহোৱাক নিবিচাৰিব।
Bet tie ļaudis negriežas pie Tā, kas tos sit, un nemeklē To Kungu Cebaot.
14 ১৪ এই হেতুকে যিহোৱাই একে দিনাই ইস্ৰায়েলৰ আৰম্ভণীৰ পৰা শেষলৈকে, খাজুৰ পাত আৰু খাগৰি কাটি পেলাব।
Tādēļ Tas Kungs nocirtīs no Israēla galvu un asti, zaru un celmu vienā dienā.
15 ১৫ মুখ্য আৰু সম্ভ্রান্ত লোকসকল নেতৃত্বত থাকিব; আৰু মিছা শিক্ষা দিওঁতা ভাববাদীসকল শেষত থাকিব।
Vecaji un augstie ir tā galva, bet pravietis, kas melus māca, tā aste.
16 ১৬ নেতৃত দিয়া লোকসকলে তেওঁলোকক বিপথে নিয়ে, আৰু তেওঁলোকৰ দ্বাৰাই চালিত হোৱা লোকসকল বিনষ্ট হ’ব।
Jo šo ļaužu vadoņi ir viltnieki, un kas no tiem top vadīti, tie iet bojā.
17 ১৭ প্ৰভুৱে সেই কাৰণে তেওঁলোকৰ যুবক সকলৰ ওপৰত আনন্দ নকৰিব, আৰু তেওঁলোকৰ পিতৃহীন আৰু বিধবাসকলক দয়া নকৰিব; কিয়নো তেওঁলোকৰ প্ৰত্যেক জনেই অধৰ্মি আৰু কুকৰ্মী, আৰু প্ৰত্যেকেই জ্ঞানহীন কথা কয়। এই সকলোৰ বাবে তেওঁৰ ক্ৰোধ শান্ত নহ’ব; কিন্তু তেওঁৰ হাত দণ্ড দিবলৈ উদ্যত হৈ থাকিব।
Tādēļ Tas Kungs par viņu jaunekļiem nepriecāsies un neapžēlosies par viņu bāriņiem un atraitnēm, jo tie visi ir blēži un ļaundari, un ikviena mute runā blēņas. Ar visu to Viņa dusmība nenovēršas, un Viņa roka vēl ir izstiepta.
18 ১৮ দুষ্টতা জুইৰ দৰে পুৰিব, ই কাঁইটীয়া বননী আৰু কাঁইটীয়া হাবি গ্রাস কৰিব; এনে কি, ই ঘন হাবিও পুৰিব, যাৰ ধোঁৱা স্তম্ভ হৈ ওপৰলৈ উঠিব।
Jo bezdievība deg kā uguns un aprij ērkšķus un dadžus un aizdedzina mežu biezumus un augsti dūmi paceļas gaisā.
19 ১৯ বাহিনীসকলৰ যিহোৱাৰ ক্ৰোধত দেশ দগ্ধ হ’ল; আৰু লোকসকল জুইৰ ইন্ধন স্বৰূপ হ’ল; কোনো লোকে নিজৰ ভায়েকক ক্ষমা নকৰিব।
Jo caur Tā Kunga Cebaot bardzību zeme kvēlo, un ļaudis ir kā uguns barība, un viens otru nežēlo.
20 ২০ তেওঁলোকে সোঁ হাতেৰে মাংস টুকুৰা কৰিব, তথাপিও ভোকত থাকিব; তেওঁলোকে বাঁও হাতেৰে মাংস ভোজন কৰিব, কিন্তু সন্তুষ্ট নহ’ব; তেওঁলোক প্ৰতিজনে নিজৰ বাহুৰ মাংস খাব।
Pa labo roku rij, un tomēr ir izsalkuši, un pa kreiso roku ēd, un tomēr nav paēduši, ikkatrs ēd sava elkoņa miesu,
21 ২১ মনচিয়ে ইফ্ৰয়িমক, আৰু ইফ্ৰয়িমে মনচিক ধ্বংস কৰিব, আৰু দুয়ো একেলগে যিহূদাক আক্ৰমণ কৰিব। এই সকলোৰ কাৰণে যিহোৱাৰ ক্ৰোধ শান্ত নহ’ব; কিন্তু দণ্ড দিবৰ বাবে তেওঁৰ হাত উদ্যত হৈ থাকিব।
Manasus Efraīmu, un Efraīms Manasu, un abi kopā pret Jūdu. Ar visu to Viņa dusmība nenovēršas, un Viņa roka vēl ir izstiepta.