< ইসাইয়া 8 >
1 ১ যিহোৱাই মোক ক’লে, “তুমি এখন ডাঙৰ ফলি লোৱা আৰু তাত এইদৰে লিখা ‘মহেৰচালল-হচ-বজ’
The LORD said to me, “Take a large tablet, and write on it with a man’s pen, ‘For Maher Shalal Hash Baz’;
2 ২ পুৰোহিত ঊৰিয়া আৰু যিবেৰেখিয়াৰ পুত্ৰ জখৰিয়াক, মোৰ প্রমাণৰ বাবে বিশ্বাসী সাক্ষীস্বৰূপে মাতিম।”
and I will take for myself faithful witnesses to testify: Uriah the priest, and Zechariah the son of Jeberechiah.”
3 ৩ মই ভাববাদিনীৰ ওচৰলৈ গ’লো, আৰু তেওঁ গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেতিয়া যিহোৱাই মোক ক’লে, “তেওঁক ‘মহেৰচালল-হচ-বজ’ বুলি মাতিবা।
I went to the prophetess, and she conceived, and bore a son. Then the LORD said to me, “Call his name ‘Maher Shalal Hash Baz.’
4 ৪ কাৰণ লৰাটিয়ে মোৰ মা, আৰু মোৰ দেউতা, বুলি মাতিবলৈ জনাৰ পূৰ্বেই, দম্মেচকৰ ধন-সম্পত্তি আৰু চমৰিয়াৰ লুটদ্ৰব্য ৰজা অচূৰৰ দ্বাৰাই কঢ়িয়াই নিয়া হ’ব।”
For before the child knows how to say, ‘My father’ and ‘My mother,’ the riches of Damascus and the plunder of Samaria will be carried away by the king of Assyria.”
5 ৫ যিহোৱাই মোক পুনৰ কৈছিল,
The LORD spoke to me yet again, saying,
6 ৬ কাৰণ এই লোকসকল চীলোহৰ শীতল পানী অগ্ৰাহ্য কৰিছে, ৰচীন আৰু ৰমলিয়াৰ পুত্রৰ বিষয়ে আনন্দ কৰিছে।
“Because this people has refused the waters of Shiloah that go softly, and rejoice in Rezin and Remaliah’s son;
7 ৭ এই কাৰণে প্ৰভুৱে নদীৰ প্ৰৱল আৰু প্ৰচুৰ জল সমূহ ৰজা অচূৰীয়া আৰু তেওঁৰ সকলো প্ৰতাপৰ ওপৰলৈ আনিব; সি সকলো সুঁতি পূৰ কৰিব, আৰু পাৰৰ ওপৰেদি বাগৰি যাব।
now therefore, behold, the Lord brings upon them the mighty flood waters of the River: the king of Assyria and all his glory. It will come up over all its channels, and go over all its banks.
8 ৮ আৰু সি বৈ যিহূদা দেশত সোমাব; আৰু ডিঙি নোপোৱালৈকে প্লাবিত হৈ বৈ যাব। হে ইম্মানূৱেল, তাৰ বিস্তাৰিত ডেউকাই তোমাৰ সমগ্র দেশ ঢাকিব।
It will sweep onward into Judah. It will overflow and pass through. It will reach even to the neck. The stretching out of its wings will fill the width of your land, O Immanuel.
9 ৯ হে লোকসকল, তোমালোক ডোখৰ ডোখৰ হ’বা। সকলো দূৰত থকা দেশবোৰ শুনা, যুদ্ধৰ বাবে নিজকে সুসজ্জিত কৰা, আৰু ডোখৰ ডোখৰকৈ ভঙা হ’বা।
Make an uproar, you peoples, and be broken in pieces! Listen, all you from far countries: dress for battle, and be shattered! Dress for battle, and be shattered!
10 ১০ পৰিকল্পনা কৰা, কিন্তু সেয়ে বিফল হ’ব; আদেশ দিয়া, কিন্তু সেয়াও বিফল হ’ব; কাৰণ ঈশ্বৰ আমাৰ লগত আছে।
Take counsel together, and it will be brought to nothing; speak the word, and it will not stand, for God is with us.”
11 ১১ যিহোৱা তেওঁৰ পৰাক্রমী হাত মোৰ ওপৰত ৰাখিছে, আৰু এই লোকসকলৰ পথত গমন নকৰিবলৈ সাৱধান কৰি মোক ক’লে,
For the LORD spoke this to me with a strong hand, and instructed me not to walk in the way of this people, saying,
12 ১২ এই লোকসকলে যি বিষয়ক ষড়যন্ত্র বুলি কয়, তেনে কোনো বিষয়ক ষড়যন্ত্র বুলি নকবা, তেওঁলোকে যি ভয় কৰে, তুমি তালৈ ভয় নকৰিবা, আৰু আতংকিত নহবা।
“Don’t call a conspiracy all that this people call a conspiracy. Don’t fear their threats or be terrorized.
13 ১৩ তোমালোকে বাহিনীসকলৰ যিহোৱাক পবিত্ৰ বুলি সন্মান কৰিবা; তেওঁক ভয় কৰিবা, তেঁৱেই সেই জন যি জনক তোমালোকে ভয় কৰা উচিত।
The LORD of Armies is who you must respect as holy. He is the one you must fear. He is the one you must dread.
14 ১৪ তেঁৱেই পবিত্ৰ স্থান হ’ব, কিন্তু তেওঁ এটা ক্ষুদ্র পদক্ষেপ দিয়া শিল আৰু উজুটি খোৱা শিল হ’ব, যিৰূচালেম নিবাসী লোকৰ বাবে ইস্রায়েলৰ দুয়োটা বংশ ফান্দ আৰু জালৰ দৰে হ’ব।
He will be a sanctuary, but for both houses of Israel, he will be a stumbling stone and a rock that makes them fall. For the people of Jerusalem, he will be a trap and a snare.
15 ১৫ তেওঁলোকৰ মাজৰ অনেকে তাত উজুটি খাই পৰি ভগ্ন হ’ব, আৰু ফান্দত পৰি ধৰা পৰিব।
Many will stumble over it, fall, be broken, be snared, and be captured.”
16 ১৬ মোৰ সাক্ষ্যৰ কথা বান্ধি ৰাখা, কাৰ্যালয়ৰ নথি পত্রত মোহৰ মাৰি ৰাখা, আৰু ইয়াক মোৰ শিষ্যসকলক দিয়া।
Wrap up the covenant. Seal the law among my disciples.
17 ১৭ যি জনাই যাকোবৰ বংশৰ পৰা নিজৰ মুখ ঢাকি ৰাখিছে, মই সেই যিহোৱালৈ বাট চাম, আৰু তেওঁ লৈ অপেক্ষা কৰিম।
I will wait for the LORD, who hides his face from the house of Jacob, and I will look for him.
18 ১৮ চিয়োন পৰ্বতত থকা বাহিনীসকলৰ যিহোৱাৰ পৰা যিহোৱাই চিন স্বৰূপে ইস্রায়েলৰ অদ্ভুত লক্ষ্যণৰ বাবে দিয়া পুত্রসকল আৰু মোক চোৱা,
Behold, I and the children whom the LORD has given me are for signs and for wonders in Israel from the LORD of Armies, who dwells in Mount Zion.
19 ১৯ তেওঁলোকে তোমালোকক ক’ব, “যি সকলে গুণমন্ত্র জানে তেনে যাদুকৰ আৰু মধ্যস্থতাকাৰীৰ সৈতে আলোচনা কৰা” কিন্তু লোকসকলে নিজৰ ঈশ্বৰক নুসুধিব নে? তেওঁলোকে জীৱিতসকলৰ হৈ মৃতবোৰক সুধিব নে?
When they tell you, “Consult with those who have familiar spirits and with the wizards, who chirp and who mutter,” shouldn’t a people consult with their God? Should they consult the dead on behalf of the living?
20 ২০ সেয়ে তোমালোকে বিধান আৰু সাক্ষ্যলৈ মনোযোগ দিয়া উচিত! যদি তেওঁলোকে এই বিষয়ে নকয়, তেনেহ’লে ইয়াৰ কাৰণে তেওঁলোকলৈ পুৱাৰ পোহৰ নহ’ব।
Turn to the law and to the covenant! If they don’t speak according to this word, surely there is no morning for them.
21 ২১ তেওঁলোক দুখিত ও ক্ষুধিত হৈ দেশৰ মাজেদি যাব। তেওঁলোকৰ যেতিয়া ভোক লাগিব, তেতিয়া তেওঁলোকৰ খং উঠিব; আৰু তেওঁলোকৰ মুখ ওপৰলৈ কৰি নিজৰ ৰজা আৰু নিজৰ ঈশ্বৰক শাও দিব।
They will pass through it, very distressed and hungry. It will happen that when they are hungry, they will worry, and curse their king and their God. They will turn their faces upward,
22 ২২ তেওঁলোকে পৃথিৱীলৈ চাব; আৰু সঙ্কট, আন্ধাৰ, আৰু দুখ যাতনা দেখিব। তেওঁলোকক আন্ধকাৰৰ দেশলৈ নিয়া হ’ব।
then look to the earth and see distress, darkness, and the gloom of anguish. They will be driven into thick darkness.